ছাত্রৰ মনোযোগ আৰু যোগ-প্রাণায়াম
ছাত্র এজনে শিক্ষণীয় বিষয়ক আয়ত্ব কৰিবলৈ যোৱাৰ আগতে আটাইতকৈ বেছি প্রয়োজনীয় বুলি ভবা বস্তুটোৱেই হ'ল ছাত্রজনৰ মনোযোগ ।
এইখিনিতে বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ৰ এটি ঘটনা মনলৈ আহিছে ।এদিন পাঠদান কৰি থাকোতে দুজনমান ছাত্রৰ অমনোযোগী আচৰণ প্রত্যক্ষ কৰি দুই-তিনিবাৰ মান মনোযোগ দিবলৈ কৈ থাকিব লগাত পৰিছিলোঁ ।হঠাতে সেই সময়তে তাৰ মাজৰে ছাত্র এজনে ঘপহকৈ থিয় হৈ মোক প্রশ্ন কৰিছিল এইদৰে :- বাইদেউ মনোযোগ মানে কি আৰু কেনেকৈনো মনোযোগ দিব লাগে ? কণমান ছাত্রৰ সেই প্রশ্নত কিছুসময়ৰ বাবে থমকি ৰৈছিলোঁ। মনৰ মাজতে সেই কণমান ছাত্রই তাৰ বয়স অনুসাৰে বুজিব পৰাকৈ উত্তৰটি সাজু কৰিছিলোঁ আৰু পিছ মুহূৰ্ততে মই সেই উত্তৰ এইবুলি দিছিলোঁ যে,আন কোনো ধৰণৰ কথা মনলৈ নানি কেৱল মই শ্রেণীত এই সময়ত যি বিষয় আলোচনা কৰিছো তাকে বুজিবলৈ চেষ্টা কৰি থকাকে মনোযোগ বুলি কোৱা হয় । সময়ৰ কাম গুৰুত্ব সহকাৰে কৰাকে মনোযোগেৰে কৰা বোলে। যেনে -পঢ়াৰ সময়ত কেৱল পঢ়াৰ কথা,খেলাৰ সময়ত খেলাৰ কথা ,ছবি অঁকাৰ সময়ত কেৱল ছবি অঁকা ইত্যাদি ।ছাত্রজনে মোৰ কথাখিনি কিমান দূৰ বুজিব পৰিছিল মই নাজানিলোঁ ,কিন্তু মোক তেওঁ যি প্রশ্ন সুধিছিল সেই প্রশ্নই অলপ সময়ৰ বাবে হ'লেও মোক ভবাই তুলিছিল ।
অতীজৰে পৰা মানুহৰ মনত এটা ধাৰণা শিপাই আছে যে চেকনিৰ আগতহে বিদ্যা । হয় , এটা কথা স্বীকাৰ্য যে একালত শ্ৰেণীকোঠাত চেকনিৰ ভয় দেখুৱাই ছাত্ৰক শিক্ষণীয় বিষয়ৰ প্ৰতি মনোনিবেশ কৰোৱাবলৈ চেষ্টা কৰা হৈছিল । চেকনিৰ কোব খোৱাৰ ভয়ত জোৰ-জবৰদস্তিকৈ হ'লেও শ্রেণীত পঢ়োৱা কথাবোৰত মনোযোগ দিবলৈ চেষ্টা কৰাৰ কথা আজিও মনত আছে । অৱশ্যে চেকনিৰ ভয়তে সেইসময়ত মনোযোগ দিয়াত সফলো হৈছিলোঁ । বর্তমান শিক্ষাৰ অধিকাৰ আইন ২০০৯ ই শিশুৰ ওপৰত শাৰীৰিক-মানসিক কোনো ধৰণৰ শাস্তি বিহাত নিষেধ জাৰি কৰাত সেই দিনবোৰ আজিৰ সময়ৰ বাবে এক অতীত মাথোন । আমাৰ অনুভৱ এই যে, ছাত্র এজনক যিকোনো বিষয় আয়ত্ব কৰোৱাবলৈ চেষ্টা কৰাৰ আগতে অতি বেছি গুৰুত্ব দিব লগা বিষয়টো হ'ল শ্রেণীকক্ষত ছাত্রজনৰ মনোযোগ কি দৰে আনিব পাৰি। কিয়নো, ছাত্রই শিক্ষণীয় বিষয়ত মনোযোগ দিব পাৰিলেই শিক্ষণ-শিকণ কার্যকলাপসমূ্হৰ ফলাফল আশাব্যঞ্জক হোৱাটো নিশ্চিত ।
ছাত্র-ছাত্রীৰ মনোযোগ তথা একাগ্রতা বৃদ্ধি কৰিবলৈ যোগাভ্যাস তথা প্রাণায়াম অতিশয় উত্তম। প্রাথমিক পর্য্যায়ৰ পৰাই বিদ্যালয়সমূহত যদি যোগ-প্রাণায়মৰ প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয় তেন্তে নিশ্চিতভাৱে তাৰ ইতিবাচক প্রভাৱ দেখিবলৈ পোৱা যাব । সচেতনতাৰে লাহে লাহে উশাহ লোৱা আৰু সেইদৰে লাহে লাহে নিশ্বাস এৰা ইত্যাদিধৰণৰ ক্রিয়াকলাপে ছাত্র-ছাত্রীসকলৰ মনৰ একাগ্রতা বৃদ্ধি কৰাৰ লগতে ধৈর্য্য,বিনয়ী, নম্রতা, অমায়িকতা আদিৰ দৰে মানৱীয় গুণসমূহৰো বিকাশ সাধন কৰিব ।*****
No comments:
Post a Comment