Thursday, September 1, 2016

০২/০৯/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

জ্যোতি সংগীত 

জনপ্ৰিয় পৰিচালক অনুৰাগ বসুৰ নির্দেশনাৰে নির্মিত "ষ্টৰিজ বাই ৰবীন্দ্রনাথ টেগ'ৰ নামৰ ধাৰাবাহিকখন অলপতে 'নেটফ্লিক্সৰযোগেদি চোৱাৰ সুবিধা পালোঁ। বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ কেইটামান মননশীল গল্পৰ কাহিনীক হিন্দীৰ ৰূপান্তৰ কৰি নির্মাণ কৰা উক্ত ধাৰাবাহিকখনৰ প্রতিটো কাহিনীয়ে হৃদয়স্পর্শী ।
চোখেৰ বালি,অতিথিমানভঞ্জনচাৰুলতা,ডিটেক্টিভ,কাবুলীৱালা,ব্রকেন নেষ্ট,সমাপ্তি আদি অনুপম গল্পৰ কাহিনীক অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। অভিনেতাঅভিনেত্ৰীসকলৰ সবল তথা নিখুত অভিনয়ে দর্শকক আকর্ষণ কৰিবলৈ সফল হৈছে বুলি বিনদ্বিধাই স্বীকাৰ কৰিব পাৰি ।
ধাৰাবাহিকখনৰ আটাইতকৈ ভাল লগা কথাটি হ'ল ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ "সখী আজি যৌৱন বন বন জুৰি শীৰ্ষক গীতটিৰ সুৰেৰে উক্ত ধাৰাবাহিকখনৰ আৰম্ভণি কৰা হৈছে ।বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ নিজেই এজন প্রসিদ্ধ গীতিকাৰ ।তেনেস্থলত তেখেতৰ গীতেৰে আৰম্ভণি কৰাৰ পৰিৱর্তে জ্যোতিসংগীত লোৱা হ'ল মনতে এক কৌতূহল জাগিলনিশ্চয় সংগীত ব্যৱস্থাপনাত অসমৰ কোনোবা অসমীয়া আছে ।ঠিকেই ,মই ভবাটোৱেই ।সংগীতত অসমৰ অনুৰাগ শইকীয়া । মনটো আৰু অলপ বেছিকৈ ভাল লাগি গ'ল । অসমৰ ল'ৰাৰ ভাল কাম দেখি ।অসমৰ জ্যোতিসংগীতক সর্বভাৰতীয় পর্য্যায়লৈ লৈ যোৱা কার্যত নিজে অসমীয়া হিচাপে যথেষ্ট সুখ অনুভৱ কৰিছোঁ । কিন্তু এইখিনিতে দুখ লগা কথাটো হ'ল ধাৰাবাহিকখনত ৰূপকোঁৱৰৰ নামৰ কোনো উল্লেখ নেদেখিলোঁ।সেয়ে,চিৰপৰিচিত সুৰটো শুনাৰ লগে লগে মনত এক আক্ষেপ জাগিল ধাৰাবাহিকখনত জ্যোতিপ্রসাদ আগৰৱালাৰ নামটোৰ উল্লেখ নকৰি শিল্পীজনকে একপ্রকাৰ উপেক্ষা কৰা হোৱা নাইনে ?****




No comments:

Post a Comment