Sunday, August 14, 2016

১৫/০৮/২০১৬ ত দৈনিক জনমভূমি কাকতত প্রকাশিত

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী

এখন দেশৰ শিক্ষা ব্যৱস্হাৰ ওপৰতে নিৰ্ভৰ কৰে দেশখনৰ ভৱিষ্যত।দেশৰ অন্যতম সম্পদ হৈছে মানৱ সম্পদ । মানৱ সম্পদ গঠণত দেশখনৰ শিক্ষা ব্যৱস্হাই গুৰুত্বপূৰ্ণ ভুমিকা আছে । এজন ছাত্ৰক শিশু অৱস্হাৰ পৰাই উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলেহে ভৱিষ্যতে গৈ সেই ছাত্ৰজন দেশৰ মুল্যবান সম্পদ হবলৈ সক্ষম হ'ব । ইয়াৰ বাবে প্ৰাথমিক স্তৰতে ছাত্রজনে উপযুক্ত শিক্ষা লাভ কৰিব লাগিব । এই ক্ষেত্ৰত নিঃসন্দেহে প্ৰাথমিক শিক্ষাৰ গুৰু্ত্ব অপৰিসীম ।অসমত প্ৰাক প্ৰাথমিক ,নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক এই তিনিটা স্তৰত প্ৰাথমিক শিক্ষা উপলব্ধ ।কিন্তু দুখৰ বিষয় এই যে অসমত প্ৰাথমিক শিক্ষা ব্যৱস্হা অতিশয় হতাশাজনক ।প্ৰতিবছৰে বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক শিক্ষাৰ দেওনা পাৰ কৰি গৈ আছে যদিও সেইসকলৰ ভিতৰত অধিকসংখ্যক ছাত্ৰৰ জ্ঞানৰ নমুনা শূণ্য ।প্ৰাক প্ৰাথমিক স্তৰৰ শিক্ষা আয়ত্ব কৰিব নোৱৰা ছাত্ৰজনক যিকোনো উপায়েৰে নিম্ন প্ৰাথমিক স্তৰলৈ উন্নীত কৰি পৰৱৰ্তী সময়ত একে ব্যৱস্হাৰে উচ্চ প্ৰাথমিকলৈ পঠিয়াই দিয়া হয় ।উচ্চ প্ৰাথমিক স্তৰত পাঠ্যপুথিৰ মানদণ্ড উচ্চতৰ হোৱাত সেইবোৰ আয়ত্ব কৰাতো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্ভৱ হৈ নুঠে আৰু নিসিজা কঁচুলৈ তেওঁলোক পৰ্যবসিত হয় । এতিয়া প্ৰশ্ন হয় এনে ছাত্ৰৰ পৰা ভৱিষ্যতে কি আশা কৰিব পাৰি ?
সঁচা কথা কবলৈ গ'লে ,কিছু পৰিমাণে যান্ত্ৰিকতাৰ মাজত আবদ্ধ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিসমূহতআমাৰ চিনাকি পৰিবেশ প্ৰতিফলিত নহয় । ইয়াৰ ফলস্বৰোপে ছাত্রছাত্রীসকলৰ বাবে বিষয়বোৰ জটিল যেন লগা হয় । ইয়াৰোপৰি বিদ্যালয়ত উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰো যথেষ্ট অভাৱ । নিজা অভিজ্ঞতাৰ পৰা কৈছোপ্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ পাঠদানকাৰ্যত চকু দিবলগা বিদ্যালয়ৰ প্ৰধান শিক্ষকজন প্রায় ব্যস্ত থাকিব লগা হয় মধ্যাহ্ন ভোজনৰ হিছাপ-নিকাচ মিলোৱাত । অলপ ইফাল সিফাল হ'লেই যে সৰ্বনাশ ।
পূৰ্বৰ চেকনিৰ আগত বিদ্যা কথাষাৰৰ অৰ্থহীন কৰি শিক্ষাৰ অধিকাৰ আইনে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শাৰিৰীক মানসিক শাস্তি প্ৰদানত যি নিষেধাজ্ঞা জাৰি কৰিলে সিও বহু পৰিমাণে শিক্ষা আহৰণৰ অন্তৰায় ।গৃহকৰ্ম নকৰি শিক্ষকৰ সমুখত আজিৰ ছাত্ৰই উভত ঘূৰি নাচে ।পঢ়িব নোৱৰা ছাত্ৰই শিক্ষকলৈ ভয় নেখায় আৰু অধ্যয়ণত মনোনিবেশ নকৰে ।মনোনিবেশ নকৰিলেও যে কোনো কথা নাই ।উত্তীৰ্ণটো কৰাবই লাগিব । যিহেতু মূল্যায়ণত ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ কৰাৰ ব্যৱস্হা নাই। এই কথাৰ বহুল প্ৰচাৰে ছাত্ৰ-ছাত্ৰীক ভালদৰে শিক্ষা আহৰণ কৰাত বাধা জন্মাইঁছে । নপঢ়িলেও পাছ কৰিম বুলি স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীৰ মনত এক ভয়ানক মানসিকতা গঢ় লয় উঠা যেন অনুভৱ হয় । সেইবাবে এৰাল চিগা গৰুলৈ পৰিণত হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ।
প্ৰাথমিক শিক্ষা যেন এতিয়া এক প্ৰহসনহে । আজিৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজৰ বিদ্যালয়ৰ বাবে ঘৰে ঘৰে ছাত্ৰ বিচাৰি ফুৰে জানোছা ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ হৈ যায় ।ছাত্র-ছাত্রীয়ে বিদ্যালয়লৈ পিঠি দিলে বিপদ হয় শিক্ষকৰ ।
প্ৰাথমিক বিদ্যালয়সমূহত উপযুক্ত শিক্ষণ শিকণ (TLM)সামগ্ৰীৰো অভাৱ । কাগজে পত্রই সুব্যৱস্হা কৰা বুলি একেবাৰে ওপৰ পৰ্যায়লৈকে নিকা হিছাপ উপলব্ধ 'লেও বাস্তৱত কিন্তু সকলো ফুটুকাৰ ফেন ।প্রাথমিক শিক্ষাক পৰীক্ষাৰ পৰা মুক্ত কৰি এফালে মূল্যায়নৰ কথা কয় আৰু আনফালে সংমণ্ডল সমন্বয়কসকলে প্ৰশ্নকাকত প্ৰস্তুতিৰ বাবে বৈঠক আহ্বান কৰা হয় । শিক্ষকৰ বাবে যেন নুবুজা সাঁথৰ হৈ পৰিছে
প্রাথমিক শিক্ষা ব্যৱস্থা ।অসম সৰ্বশিক্ষা অভিযান মিছনে বিনামূলীয়া শিক্ষাৰ যি ব্যবস্হা কৰিছে তাৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰী লাভাম্বিত হৈছে বুলি নিঃসন্দেহে স্বীকাৰ কৰিব পাৰি যদিও আৰ্থিক ভাৱে সবল অভিভাৱকৰ সন্তানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে ।ইয়াৰ অন্যতম প্রধান কা্ৰণ এই যে অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী তথা প্ৰাথমিক শিক্ষা বিষয়া নাইবা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে পঢ়োৱাই ।তেখেতসকলে নিজৰ সন্তানক চৰকাৰী প্রাথমিক বিদ্যালয়ত পঢ়োওৱাই কোনো আৰ্হি নেদেখুৱাই । ইয়াৰ দ্বাৰা আন অভিভাৱকে অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা নিম্নখাপৰ বুলি নিশ্চয়কৈ ভাবিবলৈ বাধ্য হ'ব । ই কিন্তু নিশ্চিতভাৱে অসমৰ প্রাথমিক শিক্ষা ব্যৱস্হাৰ এটা অন্যতম দূৰ্বলতা ।আন অভিভাৱকে কি ভিত্তিত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়োৱাব ছাত্ৰ-ছাত্ৰীৰ অভাৱত ইতিমধ্যে অসমৰ বহু বিদ্যালয় বন্ধ হৈ গৈছে ।
অসম চৰকাৰৰ শিক্ষা বিভাগে এই সমস্যাসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি ইয়াৰ বিহীত ব্যৱস্থা গ্রহন কৰা উচিত ।সময় থাকোতেই প্রাথমিক শিক্ষা ব্যৱস্থাৰ আঁসোৱাহ আঁতৰাব নোৱাৰিলে ইয়েই পিছত ভয়ংকৰ সমস্যা হৈ থিয় দিব । কিয়নো অপ্রিয় সত্যটো ক'বলৈ গ'লে কেৱল কাগজে পত্ৰই সুন্দৰঅসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্হাৰ বর্তমানৰ স্বৰোপ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীহে বুলিব পাৰি ।*****

মানসী বৰা।

No comments:

Post a Comment