জুবিন গাৰ্গৰ লেখাৰ সন্দর্ভত
অসমৰ সংগীত জগতৰ খ্যাতনামা শিল্পী অসমৰ সু-সন্তান জুবিন গাৰ্গৰ "গুজৰি গুমৰি আহিলে বান" শীৰ্ষক লেখাটি পঢ়ি দুৱাষাৰ নিলিখি নোৱাৰিলোঁ । লেখাটিত জুবিন গার্গৰ আবেগ মিশ্রিত ব্যাখ্যাই আমাৰ মন বিচলিত কৰি তোলাৰ দৰে দৈনিক জনমভুমিৰ প্রতিজন পাঠকৰ মনতো হয়তো ক্রিয়া নকৰাকৈ থকা নাই । কেন্দ্রৰ চৰম অৱমাননাত হতাশ হৈ লেখাটিৰ দ্বাৰা জুবিন গার্গে সমগ্র অসমবাসীৰ ওচৰত দৈনিক জনমভুমি কাকতৰ জৰিয়তে বানপানীৰ সাহার্যৰ বাবে আহ্বান জনাইছে । অসমৰ শিল্পী সমাজক একত্ৰিত কৰি কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনৰ বেনাৰত জুবিন গাৰ্গে প্রতিবছৰে অসমৰ বানপানীৰ কৱলত পৰা লোকসকলৰ বাবে বাটে-পথে দান-বৰঙণি তুলি তুলি সাহার্য কৰি অহা অসমৰ ৰাইজে স্বচক্ষে প্রত্যক্ষ কৰি আহিছে । জুবিন গার্গে লেখাটিত উল্লেখ কৰা মতে প্রায় পছিশটা বছৰে বানাক্রান্ত সকলৰ বাবে এইদৰে সাহাৰ্য কৰি আহিছে । এতিয়া কথা হ'ল, বোপা ককা দিনৰ পৰা অসমৰ জলন্ত সমস্যা হিছাপে পৰিগণিত অহা অসমৰ বানপানীৰ সমস্যাৰ আজিলৈকে কিয় কোনো স্থায়ী সমাধান ন'হল ?সমগ্র উত্তৰ পূর্বাঞ্চলৰ বাবে ভাৰত চৰকাৰে গ্রহন কৰা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ দৰে এক আঁচনি অসমতেই আমাৰ চকুৰ সমুখতে যে বর্তমান এলাগী হ'ল । ভাৰত চৰকাৰে অসমৰ ব্রহ্মপুত্র আৰু বৰাকৰ দ্বাৰা সৃষ্টি হোৱা বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে গঠণ কৰিছিল ব্ৰহ্মপুত্ৰ বোৰ্ড ।১৯৮০ চনৰ চেপ্তেম্বৰ মাহৰ ১ তাৰিখে লোকসভাৰ সদনত ব্ৰহ্মপুত্ৰ বোৰ্ড এক্ট ১৯৮০ গৃহীত হয় । ব্ৰহ্মপুত্ৰ বোৰ্ড এক্ট ১৯৮০ ৰ অধীনত সমগ্র উত্তৰ পূর্বাঞ্চলৰ বাবেই গঠন কৰা হয় ব্ৰহ্মপুত্ৰ বোৰ্ড ।অসমৰ গুৱাহাটীত ইয়াৰ মুখ্য কার্য্যালয় স্থাপন কৰি ১৯৮২ চনৰ ১১ জানুৱাৰীৰ পৰা এই বোর্ডৰ কাম-কাজ আৰম্ভ কৰা হ'ল । সেই সময়চোৱাত অসমত ৰাষ্ট্রপতি শাসণ আছিল । তেতিয়া ভাৰতৰ ৰাষ্ট্রপতি আছিল নীলম সঞ্জীৱা ৰেড্ডী । ব্ৰহ্মপুত্ৰ বোর্ডৰ কাম-কাজ পৰিচালণাৰ বাবে অধীক্ষক,উপ অধীক্ষক আদিৰ উপৰিও পৰিচালক ,উপ-পৰিচালক আদিকে ধৰি কেন্দ্রীয় চৰকাৰৰ দ্বাৰা মুঠ ২১ জন সদস্য নিয়োগ কৰা হয়। ব্রহ্মপুত্র বৰাকৰ লগতে সমগ্র উত্তৰ পূর্বাঞ্চলক ব্রহ্মপু্ত্র বোর্ডে সাঙুৰি লয়। 20১৫ চনৰ ৮ ফেব্রুৱাৰীত বর্তমানৰ কেন্দ্রীয় চৰকাৰৰ জলসম্পদ মন্ত্রী শ্রীমতী উমা ভাৰতীয়ে ব্রহ্মপুত্র বোর্ডৰ বিষয়াসকলৰ লগতে অসমৰ জলসম্পদ বিভাগৰ সৈতে এখন বৈঠকত অংশগ্রহন কৰি বানপানী গৰাখহনীয়াৰ কৱলৰ পৰা মাজুলীক সুৰক্ষা প্রদানৰ আশ্বাস দিয়ে । শেহতীয়াকৈ নেব্রাই অর্থাৎ নর্থ-ইষ্ট ব্রহ্মপুত্র ৰিভাৰ ৰিজুভিনেচন অথৰিটিয়ে শ্রীমতী উমা ভাৰতীৰ ওচৰত ব্রহ্মপুত্র বোর্ডৰ পুণৰ গঠনৰ পোষকতা কৰে । মন্ত্রীগৰাকীয়েও আগন্তুক লোকসভাৰ বৈঠকত এই সম্পর্কে প্রস্তাৱ আগবঢ়াব বুলি আশ্বাস প্রদান কৰে আৰু সেইমৰ্মে তেখেতে লোকসভা সদনৰ বৈঠকত এই সম্পর্কে অৱগত কৰোৱাই ।তাৰ পিছতো সৌ সেইদিনা ৩৪ বছৰীয়া এই দীর্ঘকালিন সময়চোৱাৰ অন্তত উক্ত বোর্ডখন বগা হাতীত পৰিণত হোৱাৰ বাতৰি সংবাদ মাধ্যমযোগে প্ৰকাশিত হয় ।সঁচা কথা ক'বলৈ গ'লে এইয়া অতিশয় দূর্ভাগ্যজনক ।অসমৰ যন্ত্রণা কিয় দেশৰ যন্ত্রণা ন'হ'ল ? জয় আই অসম কোৱা অসমৰ সন্তানেওতো কয় ভাৰত মাতা কি জয় তেন্তে অসমৰ প্রতি কেন্দ্রৰ মাহী আইৰ দৃষ্টি কিয় ?
অসমৰ সু-সন্তান জুবিন গাৰ্গে অসমৰ বানত আক্ৰান্তসকলৰ বাবে যিখিনি সহায়-সহযোগিতা আগবঢ়াই আহিছে সেইয়া সঁচাই এক মহান আদৰ্শ। আৰু ইয়াক মইহে নেলাগে অসমৰ সকলোৰে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য । জুবিন গার্গৰ এই পদক্ষেপৰ সন্দর্ভত মুখেৰে বিৰূপ মন্তব্য দি খুত উলিওৱাসকলেও হয়তো বুকুত হাত থৈ এইয়া প্রকৃতার্থত মহৎ কার্য নহয় বুলি ক'ব নোৱাৰে ।লেখাটি পঢ়ি জুবিন গার্গে দিয়া বেংক একাউন্টৰ জৰিয়তে এনে মহৎ কার্যৰ বাবে সাধ্যানুসৰি সামান্য কিবা এটা হ'লেও অনুদান আগবঢ়াবলৈ পাই আমিও যথেষ্ট মানসিক সুখ অনুভৱ কৰিছোঁ । জুবিন গার্গৰ এনে প্রচেষ্টাৰ বাবে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । সমূহ অসমবাসীৰ লগতে কর্মসূত্রে অসমৰ বাহিৰত থকা দৈনিক জনমভূমিৰ পাঠক অসমৰ সতি-সন্তানসকললৈও আমাৰ বিনম্র অনুৰোধ জুবিন গার্গৰ এনে মহান যাত্রাত কায়িকভাৱে সহযাত্রী ন'হলেও অন্তত: সামান্যতম হ'লেও আর্থিক সাহার্য প্রদানেৰে আপোনালোকে সহযোগিতা আগবঢ়াওক ।জুবিন গার্গে কোৱাৰ দৰে বানত ককবকাই থকাসকল আমাৰে ভাই-ভনী ।সংকটকালত তেওঁলোকৰ যন্ত্রণা অন্তৰেৰে এবাৰ হ'লেও অনুধাৱণ কৰক ।
মানসী বৰা
No comments:
Post a Comment