বিতর্ক এৰি নৱপ্রজন্মৰ প্রেৰণা হওক নীলিম কুমাৰ
প্রাক্ শংকৰীযুগৰ কবি মাধৱ কন্দলী, যাক শংকৰদেৱ গুৰুজনাই অপ্রমাদী কবি বুলি অভিহিত কৰি গৈছে তেওঁৰ পৰা আৰম্ভ কৰি শংকৰী, শংকৰোত্তৰ, অৰুনোদই, ৰোমান্টিক, আধুনিক আদি যুগলৈকে কবিতাৰ দিশত বহুখিনি পৰিৱর্তন আহিল আৰু পৰিৱর্তন আগলৈকো হৈ থাকিব । পৰিৱর্তনক ধৰি ৰখাৰ সামর্থ কাৰো নাই । সাহিত্যৰ বুৰঞ্জী অধ্যয়নে এই কথা স্পষ্ট কৰে যে একোটা সাহিত্যৰ যুগত নির্দিষ্ট কোনো কোনোজনেহে প্রতিনিধিত্ব কৰিবলৈ সক্ষম হয় ।অৱশ্য যুগসন্ধিৰ কবি দেৱকান্ত বৰুৱাৰ ক্ষেত্রত সেইয়া কিছু ব্যতিক্রম ।ৰোমান্টিক যুগৰ শেষ আৰু আধুনিকযুগৰ প্রথমজন কবি হিচাপে যিহেতু তেওঁ প্রসিদ্ধ। সাহিত্যৰ বুৰঞ্জীয়েই কয় , একো একোজন কবিক সময়ে স্বীকৃতি দিয়ে ।আজি পথিতযশা কবি নীলিম কুমাৰে কবিতা-অকবিতা নাইবা কবি-অকবিক লৈ যি বিতর্কৰ সৃষ্টি কৰিছে সেইয়া একেবাৰে অর্থহীন তথা ভিত্তিহীন ।
তেখেতে কবিতাৰ ক্ষেত্ৰত যি চেঞ্চৰ বোৰ্ডৰ বিষয় উত্থাপন কৰিছে সেই বিষয়টোৱে কবিতাৰ জগতখনৰ সৈতে জড়িতসকলক (সেইসকল লাগিলে নীলিম কুমাৰৰ ভাষাত কবিয়েই হওঁক নতুবা অকবিয়েই হওঁক)ব্যথিত কৰি তুলিছে ।শাস্ত্রীয় নৃত্য বা সংগীত পৰিবেশণত কিবা ত্রুতি ৰৈ গ'লে তাক দর্শোৱাবলৈ যথেষ্ট থল আছে ,কিয়নো সেইবিলাকৰ পৰিবেশণ শৈলী নির্দিষ্ট নীতি-নিয়মৰ মাজত বান্ধ খাই আছে । কিন্তু কবিতাৰ ক্ষেত্ৰত তেনে কোনো ধৰাবন্ধা নীতি-নিয়ম নাই । বিভিন্নজন বিভিন্নধৰণে কবিতাৰ সংজ্ঞা আগবঢ়াইছে যদিও তাৰ কোনো এটাৰে কোনোটোৰ সৈতে সামঞ্জস্য় নাই ।
আজি যাৰে মন গৈছে কবিতাৰ চর্চা কৰিছে ।সাহিত্য কলাৰ অন্যতম অংগ কবিতাৰ চর্চা পূর্বৰ তুলনাত যথেষ্ট বৃদ্ধিও পাইছে, যি অসমীয়া ভাষা- সাহিত্যৰ বাবে শুভদায়ক। আলোচনী,সংবাদ-পত্রই সেইবিলাকৰ মাজত যিবোৰ প্রকাশৰ উপযোগী ভাবিছে তাক প্রকাশ কৰিছে। সহজ ভাষাৰে ক'বলৈ গ'লে,কবিতা এটা পাঠকে পাঠ কৰাৰ লগে লগে যদি সি পাঠকৰ হৃদয় স্পৰ্শ কৰিব পাৰে নাইবা সমাজত চেতনা সঞ্চাৰ কৰি সমাজৰ পৰিৱর্তন আনিব পাৰে ,তেতিয়াই সেই কবিতাক ভাল কবিতাৰ শাৰীলৈ উন্নীত কৰিব পাৰি । যি কবিতাই পাঠকৰ হৃদয়ত ঠাই ল'ব নোৱাৰে আৰু সমাজৰ বাবেও কোনো বার্তাবহনকাৰী নহয় , সেই কবিতাক লৈ মোৰ বোধেৰে চিন্তিত হোৱাৰ মুঠেই প্রয়োজন নাই কিয়নো তেনে কবিতা আৰু কবিসকল , কবি নীলিম কুমাৰৰ ভাষাত অকবিতা আৰু অকবি হিছাপে সময়ৰ সোঁতত এদিন হেৰাই যোৱাটো খাটাং। তাকে লৈ ইমান হৈ ছৈ কৰাটোও মোৰ বোধেৰে একেবাৰে যুক্তিহীন আৰু নিৰর্থক ।
মন্তব্য দিবলৈ মই কোনো কবি নাইবা অকবি নহয় ,এগৰাকী কাব্যপ্রেমীহে।শেষত, কবি নীলিম কুমাৰক উদ্দেশ্যি কওঁ,এজন প্রতিষ্ঠিত কবি হিছাপে আপুনি নিৰন্তৰ কাব্যচর্চা অব্যাহত ৰখা নৱপ্রজন্মৰ কবিসকলক আগবাঢ়ি যাবলৈ উৎসাহ-উদ্দীপনা আৰু সৎ দিহা-পৰামর্শ দিয়া এজন ভাল পথ-প্রদর্শক হোৱাটো আমি কামনা কৰোঁ ,বিতর্ক এৰি নৱ প্রজন্মৰ কবিৰ বাবে আপুনি প্রেৰণা হোৱাটো আশা কৰোঁ।****
No comments:
Post a Comment