Tuesday, August 30, 2016

৩১/০৮/২০১৬ ৰ জনসাধাৰণত কাকতত প্রকাশিত

অলিম্পিক আৰু অসম

সংগীত-নৃত্য আৰু আতচবাজীৰ চমকেৰে ৰিঅঅলিম্পিকৰ অন্ত পৰিল । তাৰ লগে লগে অন্ত পৰিল সমগ্র বিশ্বতে দর্শকৰ উৎকণ্ঠা । ভাৰত চৰকাৰে অলিম্পিকত সুন্দৰ পৰিবেশনশৈলী প্রদর্শণেৰে অংশগ্রহন কৰা খেলুৱৈসকলৰ লগতে দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৰ বাবে যথোচিত সন্মানৰ ঘোষনা কৰিছে । অসমৰ উদীয়মান বক্সাৰ শিৱ থাপাৰ বাবে আছে অর্জুন বঁটা । ইয়াৰ পূর্বে অসমৰ ভোগেশ্বৰ বৰুৱা,মনালিচা বৰুৱা মেহতা আৰু জয়ন্ত তালুকদাৰে এই বঁটা লাভ কৰিছিল ।
ভাৰতৰ হৈ অলিম্পিকত অংশগ্রহন কৰা অসমৰ প্রথমজন খেলুৱৈ আছিল দীপাংকৰ ভট্টাচার্য।তিনিবাৰকৈ ইণ্ডিয়ান নেচনেল বেডমিন্টন চেম্পিয়নৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হোৱা দীপাংকৰ ভট্টাচার্যই ক্রমে ১৯৯২ চনৰ বার্চিলোনা অলিম্পিক আৰু ১৯৯৬ চনৰ আটলান্টা অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰিছিল । অসমৰ বাবে এক গৌৱৰময় ইতিহাস বহন কৰা দীপাংকৰ ভট্টাচার্যক প্রকাশ পাডুকনৰ দৰে খেলুৱৈৱেও ভুয়সী প্রশংসা কৰিছিল । দীপাংকৰ ভট্টাচার্যৰ দৰে অসমৰ খেলজগতত ইতিহাস ৰচা খেলুৱৈ বর্তমান মোম্বাইত অইল ইণ্ডিয়া ক'ৰপোৰেচনৰ পৰিচালকৰ দায়িত্বত থকাৰ লগতে মোম্বাইতে নিজৰ প্রশিক্ষণকেন্দ্ৰ খুলি ব্যস্ত আছে ।২০০৪ ত খেলজগতৰ পৰা অব্যাহতি লোৱা দীপাংকৰ ভট্টাচার্য ইণ্ডিয়ান কলেজিয়েট এথলেটিক প্রগ্রেমৰো মেন্টৰ ।

সেইদৰে ২০০১ চনত অল ইংলেণ্ড অপেন বেডমিন্টন চেম্পিয়নচিপ বিজয়ী দক্ষিণ ভাৰতৰ পুলেলা গোপীচান্দৰ নিচিনা খেলুৱৈও বর্তমান ভাৰতৰ ক্রীড়াজগতখনৰ সৈতে জড়িত হৈ আছে আৰু হাইদৰাবাদত নিজা প্রশিক্ষণ কেন্দ্ৰ খুলি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ নৱপ্রজন্মৰ খেলুৱৈক প্রশিক্ষণ দি আহিছে । চাইনা নেহবাল,শ্রীকান্ত কিদাম্বী তথা এইবাৰ ৰিঅঅলিম্পিকত ভাৰতলৈ ৰূপৰ পদক কঢ়িয়াই অনা পি ভি সিন্ধুৰ দৰে প্ৰতিভাৱান খেলুৱৈ গোপীচন্দৰে প্রশিক্ষার্থী । ভাৰতৰ চিফ নেচনেল ক'চ হিছাপে দায়িত্ব পালন কৰা গোপীচন্দে ভাৰত চৰকাৰ পৰা ক্রমে অর্জুন বঁটা আৰু দোর্ণাচার্য বঁটাৰ লগতে পদ্মভূষণ সন্মানও লাভ কৰিছে ।
দিপাংকৰ ভট্টাচাৰ্যৰ সৈতে পুলেলা গোপীচান্দৰ নাম উনুকিওৱাৰ কাৰণ মাথো এটাই -পুলেলা গোপীচান্দৰ পিছত হাইদৰাবাদৰ পৰা কিন্তু অলিম্পিকলৈ যোৱা ধাৰাবাহিকতা অটুত আছে ।তাৰ বিপৰীতে দীপাংকৰৰ পিছত অসমৰ পৰা ভাৰতক প্রতিনিধিত্ব কৰা বেডমিন্টন খেলুৱৈৰ বাৰুকৈয়ে অভাৱ ঘটিছে । দীপাংকৰৰ প্রতিভাই পৰৱর্তী সময়ত অসমৰ প্রজন্মক প্রেৰণা যোগাব নোৱৰাটো দুখৰ বিষয় ।
২০০৬ চনত শিৱসাগৰৰ সুসন্তান বিজিত গগৈয়ে মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অর্জন কৰাৰ পৰৱর্তী সময়ত শিৱসাগৰত শৰীৰচর্চাৰ এক পৰিবেশে গা-কৰি উঠে। বিজিত গগৈ হৈ পৰিল বহুতৰ বাবে প্রেৰণা । ২০১২ চনত মিষ্টাৰ ইণ্ডিয়াৰ এই সন্মান পুণৰবাৰ শিৱসাগৰৰে সন্তান দিপক গগৈয়ে লাভ কৰিবলৈ সক্ষম হয়। শৰীৰচর্চাৰ সেই পৰিবেশ শিৱসাগৰৰ লগতে সমগ্র অসমত অব্যাহত আছে । ২০০৯ চনত ভাৰতক প্রতিনিধিত্ব কৰি মহাদেৱ ডেকাই লাভ কৰিছিলি মিষ্টাৰ ইউনিভার্ছ খিতাপ ।
অনুপ্রেৰনাই প্রজন্মক আগবাঢ়ি যোৱাত সহায় কৰে । সময়ৰ সোঁতত দীপাংকৰ ভট্টাচার্যৰ দৰে অসমৰ প্রতিভাৱান খেলুৱৈ অসমৰ বাবে প্রেৰণা নহৈ কেৱল এক ইতিহাস হৈ ৰোৱাটো অতি দূর্ভাগ্যজনক । তেওঁৰ পথ অনুসৰন কৰা আন সুদক্ষ তথা সম্ভাৱনাময় বেডমিন্টন খেলুৱৈ অসমত ওলোৱা নাই । এইয়া সঁচাই হতাশাজনক ।অসমৰ পৰা ভাৰতক প্রতিনিধিত্ব কৰিব পৰাকৈ ভৰিষ্যতে সুদক্ষ তথা প্রতিভাৱান খেলুৱৈ অলিম্পিকৰ বাবে সাজু হ'ব পৰাতহে কিন্তু অসমৰ ক্রীড়াজগতৰ সার্থকতা আৰু প্রকৃতার্থত তাতেই অসমবাসীৰো গৌৰৱ ।****

মানসী বৰা।

No comments:

Post a Comment