Tuesday, August 16, 2016

১৭/০৮/২০১৬ ত জনসাধাৰণত প্রকাশিত...

স্বাধীনতা দিৱসৰ অনুভৱ

শৈশৱৰ সোণসেৰীয়া দিনবোৰলৈ মনত পৰিলে ভাল-বেয়া বহুবোৰ কথাই মনলৈ আহে ।মনলৈ আহে সেই সময়চোৱাত বিভিন্ন উদযাপনৰ দিন পালনৰ স্মৃতি । গান্ধী জয়ন্তী,শিশু দিৱস,শিক্ষক দিৱস ,গণতন্ত্র দিৱস আদিৰ লগতে মনত পৰে স্বাধীনতা দিৱসৰ কথা । স্বাধীনতা শব্দটিৰ আভিধানিক অর্থ বুজি নোপোৱা দিনৰে পৰা সেই দিনটোত গৃহবন্দী জীৱন কটোৱাৰ কথা মনত আছে। মনত আছে বিদ্যালয়ৰ পতাকা উত্তোলনৰ কার্যসূচীত উপস্থিত থকাৰ ক্ষেত্রত ঘৰত বাধা প্রদান কৰাৰ কথা ।তাৰ মানে স্বাধীনতা মানে বন্দীত্ব নেকি?
শৈশৱৰ ফুল কোমলীয়া বয়সতে আমাৰ সুকোমল হিয়াখনিত গুজি দিয়া হ'ল বিভীষিকাময় পৰিবেশেৰে স্বাধীনতা দিৱসৰ এক আচহুৱা ছবি । বুকুত কেৱল ভয় আৰু কূটাঘাটৰ আশংকা।তাৰ মানে স্বাধীনতা মানে ভয় নেকি বুজন হোৱাৰ পিছতো নকমিল কিন্তু বুকুৰ সেই অজান আশংকা । কুমাৰে সুনিপুন হাতেৰে বিভিন্ন আকৃতিৰ মৃন্ময়ী অৱয়ব নির্মান কৰাৰ দৰে শৈশৱকালিন সময়ৰ পৰাই নিজৰ ঘৰখনত ভৱিষ্যত জীৱনৰ বাবে এটি শিশুক সাজু কৰি তোলা হয় । ঘৰুৱা তথা সামাজিক পৰিবেশৰ ছত্রছাঁয়াতে সেই শিশুটিৰ মানসিকতাও গঢ় লৈ উঠে । আমাৰ জীৱনো ইয়াৰ ব্যতিক্রম নহয় ।যি ঘৰুৱা তথা সামাজিক পৰিবেশত ডাঙৰ হ'লোসেই পৰিবেশতে শৈশৱৰ ফুলকুমলীয়া বয়সৰ পৰা বুকুৰ মাজত অজানিতে যে ৰোপন কৰিলোঁ স্বাধীনতা দিৱসৰ এখন ভয়ার্ত ছবি । সেই ভয়ার্ত ছবিখন অধিক স্পষ্ট হৈ উঠিল ধেমাজীৰ সেই অভিশপ্ত দিনটোত। ধেমাজীৰ স্বাধীনতা দিৱসৰ সেই হৃদয়বিদাৰক ঘটনা বাৰু কোন সতে পাহৰিব পাৰি তেন্তে স্বাধীনতা দিৰস মানে কি বোমা আতংক ?
স্বাধীন মনৰে স্বাধীনতা দিৰসত ঘৰৰ পৰা ওলাই যোৱাৰ সেই সৎ সাহসকণ আমি যে কাহানিবাতে হেৰুৱাই পেলালোঁ।মুকলি আকাশৰ বুকুত উন্মোক্ত ডেউকা কোবাই উৰি ফুৰা মুক্তমনৰ চৰাইজাকৰ বুকুত অহৰহ জানো বিৰাজ কৰে চিকাৰীৰ গুলীত মৃত্যুক আঁকোৱালী লোৱাৰ আতংক ?
অজান ভয়-আশংকা বুকুত বান্ধি জীয়াই থাকি জীৱনত শান্তি লভিব নোৱাৰি ভোগ কৰিব নোৱাৰি মানৱী জীৱনৰ সুখ ।মুক্ত মনেৰে উৰি ফুৰা চৰাই জাকৰ দৰে স্বাধীনতা দিৱসটোত স্বাধীন মনে ঘূৰাৰ পৰিবেশ এটি আমি নিজেই সৃষ্টি কৰিব পাৰিব লাগিব । য'ত নেথাকিব বিভীষিকা ,'ত নেথাকিব বোমাৰ আতংক । আমাৰ নতুন প্রজন্ম সৎ সাহসী হবলৈ হ'লে সিহঁতৰ মাজত সুস্থ-সুন্দৰ মানসিকতা গঢ় লৈ উঠিব লাগিব । মুক্ত বতাহৰ লহৰত সগৌৰৱেৰে যিদৰে উৰি থাকে ত্রিৰংগা ,ঠিক সেইদৰে স্বাধীনতা দিৱসত গৃহবন্দীহৈ নেথাকি আমি গাঁৱে-ভূঞে ,চহৰে -নগৰে সকলোৱে স্বতন্ত্র মনৰে স্বাধীনতা দিৱসৰ কার্যসূচীত অংশগ্রহন কৰিবলৈ ওলাই আহিব লাগিব ।সঁচা অর্থত তাতেইহে স্বাধীনতা দিৱসৰ সার্থকতা ।****

মানসী বৰা ।

No comments:

Post a Comment