Friday, August 19, 2016

২০/০৮/২০১৬ ত দৈনিক জনমভূমি কাকতত প্রকাশিত

ভাষাৰ প্রতি দায়বদ্ধতা

আমি থকা আবাসী এলেকাত কলকাতাৰ পৰিয়াল এটি থাকে।পৰিয়ালটিৰ মাতৃভাষা বাংলা। কথা পাতি গম পাইছিলোঁ বিদেশত থাকিও তেওঁলোকৰ বাংলা প্রীতি । আমেৰিকাত থকা বাংলাভাষীসকলে নিজৰ সন্তানক ইংৰাজীৰ ভাষা শিকাইছে ,কিন্তু তাৰ সমানে সমানে সিহঁতক নিজৰ মাতৃভাষাটো নিশিকোৱাৰ বাবে আমাৰ আগত বাৰুকৈয়ে তেওঁলোকে আক্ষেপ প্রকাশ কৰিছিল । তেওঁলোকৰ কথা শুনি মনতে ভাবিছিলোঁ আমাৰ অসমৰ এচাম অভিভাৱকে দেখুন অসমতেই নিজৰ সন্তানক অসমীয়া মাধ্যমত পঢ়োৱালৈ বেয়া পায় আৰু নিজৰ সন্তানে অসমীয়া নাজানে বুলি কৈ গৌৰৱ কৰে । নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাই। আৰু আনহে নেলাগে অসমীয়া মাধ্যমত শিক্ষকতা কৰা কিছুমান অভিভাৱকৰ মাজতো আনকি নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাৰ প্রৱণতা দেখা যায়।
এই কথা স্বীকার্য যে বর্তমান প্রতিযোগিতাৰ যুগত সর্বভাৰতীয় পর্য্যায়ৰ প্রতিযোগিতাত অৱতীর্ণ হ'বলৈ হ'লে ইংৰাজী ভাষাৰ প্রচুৰ দক্ষতা থাকিবই
লাগিব ।কিন্তু এই কথাও সত্য যে মাতৃভাষা মাধ্যমত শিক্ষা আহৰন কৰা ছাত্র-ছাত্রীয়েও ইংৰাজী ভাষা ভালকৈ আয়ত্ব কৰি সর্বভাৰতীয় পর্য্যায়ত সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমীয়া মানুহখিনিৰ মনতে অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাক লৈ
এনে কিছুমান ধাৰণা শিপাব লাগিছে যে তাক গুৰিৰ পৰা উভালি অনাটো বর্তমান সময়ত জটিল হৈ পৰিছে । সেয়ে অসমৰ শিক্ষা ব্যৱস্থাত কিছু পৰিমানে নতুনত্ব অনাটো জৰুৰীহৈ পৰিছে । অসমীয়া মাধ্যমৰ বিদ্যালয়ত ক্রমান্বয়ে ছাত্র -ছাত্রীৰ পৰিমান হ্রাস হ'বলৈ লোৱাৰ অন্যতম এক কাৰণ অসমত প্রচলিত হৈ থকা শিক্ষা পদ্ধতি যেন ও মনে ধৰে । অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিব পাৰিলেহে কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূ্হ ভৱিষ্যতে বর্তী থাকিব । আৰু তাৰ লগতে আমাৰ অসমীয়া ভাষাটোও জীয়াই থাকিব ।
কিন্তু শেহতীয়াকৈ সংবাদ মাধ্যমযোগে জানিব পাৰিছোঁ যে অসম চৰকাৰে ছেবাৰ অধীনৰ ৫০ খন বিদ্যালয়ক চিবিএচ চিৰ সৈতে চামিল কৰিব বিচৰাৰ এক সিদ্ধান্তৰ কথা সদৰি কৰিছে । অসম চৰকাৰখনৰ এই সিদ্ধান্তই কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয় তথা অসমীয়া ভাষাটোলৈ অধিক সংকটহে নমাই আনিব । কিয়নো ,চিবি এচ চি বোর্ডত অসমীয়া মাধ্যমৰ বিদ্যালয় চামিল হ'লে আমাৰ অসমীয়া ভাষাটি একেবাৰে এলাগী হৈ পৰিব।ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁঅসমত থকা চিবিএচচি অধীনৰ কেন্দ্রীয় বিদ্যালয়ত শিক্ষা আহৰণ কৰা অসমীয়া সন্তানসকলেই অসমীয়া ভালকৈ পঢ়িব নোৱাৰে ,নাইবা ভাষাটো আয়ত্ব কৰাৰ প্রতিও তেওঁলোক সিমান আগ্রহী নহয় । তেনেস্থলত অসম চৰকাৰৰ এনে পদক্ষেপৰ বাবে সর্বভাৰতীয় পর্য্যায়ত ভৱিষ্যতে অসমৰ সন্তানে সুনাম অর্জন কৰিব পাৰক বা নোৱাৰক কিন্তু অসমীয়া ভাষাটিলৈযে অমানিশা নামি আহিব সেইয়া খাটাং। এনে কৰাৰ ফলত এটা সময়ত অসমীয়া ভাষাটো মানুহৰ কেৱল মুখে মুখেহে চলিবগৈ । অসমীয়া লিখিব নাইবা পঢ়িবলৈ আমাৰ ভৱিষ্যত প্রজন্মই হয়তো নাজানিব । লিখিত অৱস্থাত নেথাকিলে কেৱল মৌখিক ৰূপত চলি থকা ভাষা এটা এদিন যে নি়:শেষ হৈ যাব সেই কথা এশ শতাংশই নিশ্চিত। এনে এটা সিদ্ধান্ত লোৱাৰ বিপৰীতে অসম চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নতি সাধনৰ বাবেহে চেষ্টা কৰা উচিত ।তাৰ বাবে অসমৰ জেষ্ঠ শিক্ষা-বিষয়া তথা অসমৰ গণ্য-মান্য শিক্ষাবিদসকলৰ সৈতে আলোচনা কৰি অসমৰ শিক্ষা ব্যৱস্থাত থকা আসোঁৱাহসমূহ আঁতৰাই ইয়াৰ সংস্কাৰ সাধনৰ চেষ্টা কৰাতোহে যুক্তিসংগত হ'ব । অসমীয়া ভাষাৰ সংকট দূৰ কৰি ইয়াৰ প্রসাৰণৰ বাবে অসমৰ চৰকাৰেই বিশেষ পদক্ষেপ গ্রহণ কৰিব লাগিব ।হঠাতে গ্রহন কৰা কোনো নীতিৰ পৰিণাম কোনো কাৰণতে যাতে অসমীয়া ভাষাৰ বাবে ভাবুকিদায়ক নহয় সেই দিশৰ প্রতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব। অসমৰ জাতীয় সংগঠনবোৰৰ লগতে এইক্ষেত্রত সমূহ অসমবাসী ৰাইজ ও সজাগ হ'ব লাগিব । অসমীয়া ভাষাক সুৰক্ষাৰ ক্ষেত্রত নিশ্চিতভাৱে আমি অসমীয়া মানুহখিনিয়েই দায়বদ্ধ হ'ব লাগিব ।

মানসী বৰা ।

No comments:

Post a Comment