Wednesday, August 31, 2016

০১/০৯/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

ছাত্রৰ মনোযোগ আৰু যোগ-প্রাণায়াম

ছাত্র এজনে শিক্ষণীয় বিষয়ক আয়ত্ব কৰিবলৈ যোৱাৰ আগতে আটাইতকৈ বেছি প্রয়োজনীয় বুলি ভবা বস্তুটোৱেই হ'ল ছাত্রজনৰ মনোযোগ ।
এইখিনিতে বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ৰ এটি ঘটনা মনলৈ আহিছে ।এদিন পাঠদান কৰি থাকোতে দুজনমান ছাত্রৰ অমনোযোগী আচৰণ প্রত্যক্ষ কৰি দুই-তিনিবাৰ মান মনোযোগ দিবলৈ কৈ থাকিব লগাত পৰিছিলোঁ ।হঠাতে সেই সময়তে তাৰ মাজৰে ছাত্র এজনে ঘপহকৈ থিয় হৈ মোক প্রশ্ন কৰিছিল এইদৰে :- বাইদেউ মনোযোগ মানে কি আৰু কেনেকৈনো মনোযোগ দিব লাগে কণমান ছাত্রৰ সেই প্রশ্নত কিছুসময়ৰ বাবে থমকি ৰৈছিলোঁ। মনৰ মাজতে সেই কণমান ছাত্রই তাৰ বয়স অনুসাৰে বুজিব পৰাকৈ উত্তৰটি সাজু কৰিছিলোঁ আৰু পিছ মুহূৰ্ততে মই সেই উত্তৰ এইবুলি দিছিলোঁ যে,আন কোনো ধৰণৰ কথা মনলৈ নানি কেৱল মই শ্রেণীত এই সময়ত যি বিষয় আলোচনা কৰিছো তাকে বুজিবলৈ চেষ্টা কৰি থকাকে মনোযোগ বুলি কোৱা হয় । সময়ৰ কাম গুৰুত্ব সহকাৰে কৰাকে মনোযোগেৰে কৰা বোলে। যেনে -পঢ়াৰ সময়ত কেৱল পঢ়াৰ কথা,খেলাৰ সময়ত খেলাৰ কথা ,ছবি অঁকাৰ সময়ত কেৱল ছবি অঁকা ইত্যাদি ।ছাত্রজনে মোৰ কথাখিনি কিমান দূৰ বুজিব পৰিছিল মই নাজানিলোঁ ,কিন্তু মোক তেওঁ যি প্রশ্ন সুধিছিল সেই প্রশ্নই অলপ সময়ৰ বাবে হ'লেও মোক ভবাই তুলিছিল ।
অতীজৰে পৰা মানুহৰ মনত এটা ধাৰণা শিপাই আছে যে চেকনিৰ আগতহে বিদ্যা । হয় এটা কথা স্বীকাৰ্য যে একালত শ্ৰেণীকোঠাত চেকনিৰ ভয় দেখুৱাই ছাত্ৰক শিক্ষণীয় বিষয়ৰ প্ৰতি মনোনিবেশ কৰোৱাবলৈ চেষ্টা কৰা হৈছিল । চেকনিৰ কোব খোৱাৰ ভয়ত জোৰ-জবৰদস্তিকৈ হ'লেও শ্রেণীত পঢ়োৱা কথাবোৰত মনোযোগ দিবলৈ চেষ্টা কৰাৰ কথা আজিও মনত আছে । অৱশ্যে চেকনিৰ ভয়তে সেইসময়ত মনোযোগ দিয়াত সফলো হৈছিলোঁ । বর্তমান শিক্ষাৰ অধিকাৰ আইন ২০০৯ ই শিশুৰ ওপৰত শাৰীৰিক-মানসিক কোনো ধৰণৰ শাস্তি বিহাত নিষেধ জাৰি কৰাত সেই দিনবোৰ আজিৰ সময়ৰ বাবে এক অতীত মাথোন । আমাৰ অনুভৱ এই যেছাত্র এজনক যিকোনো বিষয় আয়ত্ব কৰোৱাবলৈ চেষ্টা কৰাৰ আগতে অতি বেছি গুৰুত্ব দিব লগা বিষয়টো হ'ল শ্রেণীকক্ষত ছাত্রজনৰ মনোযোগ কি দৰে আনিব পাৰি। কিয়নোছাত্রই শিক্ষণীয় বিষয়ত মনোযোগ দিব পাৰিলেই শিক্ষণ-শিকণ কার্যকলাপসমূ্হৰ ফলাফল আশাব্যঞ্জক হোৱাটো নিশ্চিত ।
ছাত্র-ছাত্রীৰ মনোযোগ তথা একাগ্রতা বৃদ্ধি কৰিবলৈ যোগাভ্যাস তথা প্রাণায়াম অতিশয় উত্তম। প্রাথমিক পর্য্যায়ৰ পৰাই বিদ্যালয়সমূহত যদি যোগ-প্রাণায়মৰ প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয় তেন্তে নিশ্চিতভাৱে তাৰ ইতিবাচক প্রভাৱ দেখিবলৈ পোৱা যাব । সচেতনতাৰে লাহে লাহে উশাহ লোৱা আৰু সেইদৰে লাহে লাহে নিশ্বাস এৰা ইত্যাদিধৰণৰ ক্রিয়াকলাপে ছাত্র-ছাত্রীসকলৰ মনৰ একাগ্রতা বৃদ্ধি কৰাৰ লগতে ধৈর্য্য,বিনয়ীনম্রতাঅমায়িকতা আদিৰ দৰে মানৱীয় গুণসমূহৰো বিকাশ সাধন কৰিব ।*****

Tuesday, August 30, 2016

৩১/০৮/২০১৬ ৰ জনসাধাৰণত কাকতত প্রকাশিত

অলিম্পিক আৰু অসম

সংগীত-নৃত্য আৰু আতচবাজীৰ চমকেৰে ৰিঅঅলিম্পিকৰ অন্ত পৰিল । তাৰ লগে লগে অন্ত পৰিল সমগ্র বিশ্বতে দর্শকৰ উৎকণ্ঠা । ভাৰত চৰকাৰে অলিম্পিকত সুন্দৰ পৰিবেশনশৈলী প্রদর্শণেৰে অংশগ্রহন কৰা খেলুৱৈসকলৰ লগতে দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৰ বাবে যথোচিত সন্মানৰ ঘোষনা কৰিছে । অসমৰ উদীয়মান বক্সাৰ শিৱ থাপাৰ বাবে আছে অর্জুন বঁটা । ইয়াৰ পূর্বে অসমৰ ভোগেশ্বৰ বৰুৱা,মনালিচা বৰুৱা মেহতা আৰু জয়ন্ত তালুকদাৰে এই বঁটা লাভ কৰিছিল ।
ভাৰতৰ হৈ অলিম্পিকত অংশগ্রহন কৰা অসমৰ প্রথমজন খেলুৱৈ আছিল দীপাংকৰ ভট্টাচার্য।তিনিবাৰকৈ ইণ্ডিয়ান নেচনেল বেডমিন্টন চেম্পিয়নৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হোৱা দীপাংকৰ ভট্টাচার্যই ক্রমে ১৯৯২ চনৰ বার্চিলোনা অলিম্পিক আৰু ১৯৯৬ চনৰ আটলান্টা অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰিছিল । অসমৰ বাবে এক গৌৱৰময় ইতিহাস বহন কৰা দীপাংকৰ ভট্টাচার্যক প্রকাশ পাডুকনৰ দৰে খেলুৱৈৱেও ভুয়সী প্রশংসা কৰিছিল । দীপাংকৰ ভট্টাচার্যৰ দৰে অসমৰ খেলজগতত ইতিহাস ৰচা খেলুৱৈ বর্তমান মোম্বাইত অইল ইণ্ডিয়া ক'ৰপোৰেচনৰ পৰিচালকৰ দায়িত্বত থকাৰ লগতে মোম্বাইতে নিজৰ প্রশিক্ষণকেন্দ্ৰ খুলি ব্যস্ত আছে ।২০০৪ ত খেলজগতৰ পৰা অব্যাহতি লোৱা দীপাংকৰ ভট্টাচার্য ইণ্ডিয়ান কলেজিয়েট এথলেটিক প্রগ্রেমৰো মেন্টৰ ।

সেইদৰে ২০০১ চনত অল ইংলেণ্ড অপেন বেডমিন্টন চেম্পিয়নচিপ বিজয়ী দক্ষিণ ভাৰতৰ পুলেলা গোপীচান্দৰ নিচিনা খেলুৱৈও বর্তমান ভাৰতৰ ক্রীড়াজগতখনৰ সৈতে জড়িত হৈ আছে আৰু হাইদৰাবাদত নিজা প্রশিক্ষণ কেন্দ্ৰ খুলি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ নৱপ্রজন্মৰ খেলুৱৈক প্রশিক্ষণ দি আহিছে । চাইনা নেহবাল,শ্রীকান্ত কিদাম্বী তথা এইবাৰ ৰিঅঅলিম্পিকত ভাৰতলৈ ৰূপৰ পদক কঢ়িয়াই অনা পি ভি সিন্ধুৰ দৰে প্ৰতিভাৱান খেলুৱৈ গোপীচন্দৰে প্রশিক্ষার্থী । ভাৰতৰ চিফ নেচনেল ক'চ হিছাপে দায়িত্ব পালন কৰা গোপীচন্দে ভাৰত চৰকাৰ পৰা ক্রমে অর্জুন বঁটা আৰু দোর্ণাচার্য বঁটাৰ লগতে পদ্মভূষণ সন্মানও লাভ কৰিছে ।
দিপাংকৰ ভট্টাচাৰ্যৰ সৈতে পুলেলা গোপীচান্দৰ নাম উনুকিওৱাৰ কাৰণ মাথো এটাই -পুলেলা গোপীচান্দৰ পিছত হাইদৰাবাদৰ পৰা কিন্তু অলিম্পিকলৈ যোৱা ধাৰাবাহিকতা অটুত আছে ।তাৰ বিপৰীতে দীপাংকৰৰ পিছত অসমৰ পৰা ভাৰতক প্রতিনিধিত্ব কৰা বেডমিন্টন খেলুৱৈৰ বাৰুকৈয়ে অভাৱ ঘটিছে । দীপাংকৰৰ প্রতিভাই পৰৱর্তী সময়ত অসমৰ প্রজন্মক প্রেৰণা যোগাব নোৱৰাটো দুখৰ বিষয় ।
২০০৬ চনত শিৱসাগৰৰ সুসন্তান বিজিত গগৈয়ে মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অর্জন কৰাৰ পৰৱর্তী সময়ত শিৱসাগৰত শৰীৰচর্চাৰ এক পৰিবেশে গা-কৰি উঠে। বিজিত গগৈ হৈ পৰিল বহুতৰ বাবে প্রেৰণা । ২০১২ চনত মিষ্টাৰ ইণ্ডিয়াৰ এই সন্মান পুণৰবাৰ শিৱসাগৰৰে সন্তান দিপক গগৈয়ে লাভ কৰিবলৈ সক্ষম হয়। শৰীৰচর্চাৰ সেই পৰিবেশ শিৱসাগৰৰ লগতে সমগ্র অসমত অব্যাহত আছে । ২০০৯ চনত ভাৰতক প্রতিনিধিত্ব কৰি মহাদেৱ ডেকাই লাভ কৰিছিলি মিষ্টাৰ ইউনিভার্ছ খিতাপ ।
অনুপ্রেৰনাই প্রজন্মক আগবাঢ়ি যোৱাত সহায় কৰে । সময়ৰ সোঁতত দীপাংকৰ ভট্টাচার্যৰ দৰে অসমৰ প্রতিভাৱান খেলুৱৈ অসমৰ বাবে প্রেৰণা নহৈ কেৱল এক ইতিহাস হৈ ৰোৱাটো অতি দূর্ভাগ্যজনক । তেওঁৰ পথ অনুসৰন কৰা আন সুদক্ষ তথা সম্ভাৱনাময় বেডমিন্টন খেলুৱৈ অসমত ওলোৱা নাই । এইয়া সঁচাই হতাশাজনক ।অসমৰ পৰা ভাৰতক প্রতিনিধিত্ব কৰিব পৰাকৈ ভৰিষ্যতে সুদক্ষ তথা প্রতিভাৱান খেলুৱৈ অলিম্পিকৰ বাবে সাজু হ'ব পৰাতহে কিন্তু অসমৰ ক্রীড়াজগতৰ সার্থকতা আৰু প্রকৃতার্থত তাতেই অসমবাসীৰো গৌৰৱ ।****

মানসী বৰা।

Sunday, August 21, 2016

২২/০৮/২০১৬ ৰ দৈনিক জনমভূমি কাকতত প্রকাশিত

জুবিন গাৰ্গৰ লেখাৰ সন্দর্ভত

অসমৰ সংগীত জগতৰ খ্যাতনামা শিল্পী অসমৰ সু-সন্তান জুবিন গাৰ্গৰ "গুজৰি গুমৰি আহিলে বানশীৰ্ষক লেখাটি পঢ়ি দুৱাষাৰ নিলিখি নোৱাৰিলোঁ । লেখাটিত জুবিন গার্গৰ আবেগ মিশ্রিত ব্যাখ্যাই আমাৰ মন বিচলিত কৰি তোলাৰ দৰে দৈনিক জনমভুমিৰ প্রতিজন পাঠকৰ মনতো হয়তো ক্রিয়া নকৰাকৈ থকা নাই । কেন্দ্রৰ চৰম অৱমাননাত হতাশ হৈ লেখাটিৰ দ্বাৰা জুবিন গার্গে সমগ্র অসমবাসীৰ ওচৰত দৈনিক জনমভুমি কাকতৰ জৰিয়তে বানপানীৰ সাহার্যৰ বাবে আহ্বান জনাইছে । অসমৰ শিল্পী সমাজক একত্ৰিত কৰি কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনৰ বেনাৰত জুবিন গাৰ্গে প্রতিবছৰে অসমৰ বানপানীৰ কৱলত পৰা লোকসকলৰ বাবে বাটে-পথে দান-বৰঙণি তুলি তুলি সাহার্য কৰি অহা অসমৰ ৰাইজে স্বচক্ষে প্রত্যক্ষ কৰি আহিছে । জুবিন গার্গে লেখাটিত উল্লেখ কৰা মতে প্রায় পছিশটা বছৰে বানাক্রান্ত সকলৰ বাবে এইদৰে সাহাৰ্য কৰি আহিছে । এতিয়া কথা হ'বোপা ককা দিনৰ পৰা অসমৰ জলন্ত সমস্যা হিছাপে পৰিগণিত অহা অসমৰ বানপানীৰ সমস্যাৰ আজিলৈকে কিয় কোনো স্থায়ী সমাধান ন'হল ?সমগ্র উত্তৰ পূর্বাঞ্চলৰ বাবে ভাৰত চৰকাৰে গ্রহন কৰা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ দৰে এক আঁচনি অসমতেই আমাৰ চকুৰ সমুখতে যে বর্তমান এলাগী হ'ল । ভাৰত চৰকাৰে অসমৰ ব্রহ্মপুত্র আৰু বৰাকৰ দ্বাৰা সৃষ্টি হোৱা বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে গঠণ কৰিছিল ব্ৰহ্মপুত্ৰ বোৰ্ড ।১৯৮০ চনৰ চেপ্তেম্বৰ মাহৰ ১ তাৰিখে লোকসভাৰ সদনত ব্ৰহ্মপুত্ৰ বোৰ্ড এক্ট ১৯৮০ গৃহীত হয় । ব্ৰহ্মপুত্ৰ বোৰ্ড এক্ট ১৯৮০ ৰ অধীনত সমগ্র উত্তৰ পূর্বাঞ্চলৰ বাবেই গঠন কৰা হয় ব্ৰহ্মপুত্ৰ বোৰ্ড ।অসমৰ গুৱাহাটীত ইয়াৰ মুখ্য কার্য্যালয় স্থাপন কৰি ১৯৮২ চনৰ ১১ জানুৱাৰীৰ পৰা এই বোর্ডৰ কাম-কাজ আৰম্ভ কৰা হ'ল । সেই সময়চোৱাত অসম ৰাষ্ট্রপতি শাসণ আছিল । তেতিয়া ভাৰতৰ ৰাষ্ট্রপতি আছিল নীলম সঞ্জীৱা ৰেড্ডী । ব্ৰহ্মপুত্ৰ বোর্ডৰ কাম-কাজ পৰিচালণাৰ বাবে অধীক্ষক,উপ অধীক্ষক আদিৰ উপৰিও পৰিচালক ,উপ-পৰিচালক আদিকে ধৰি কেন্দ্রীয় চৰকাৰৰ দ্বাৰা মুঠ ২১ জন সদস্য নিয়োগ কৰা হয়। ব্রহ্মপুত্র বৰাকৰ লগতে সমগ্র উত্তৰ পূর্বাঞ্চলক ব্রহ্মপু্ত্র বোর্ডে সাঙুৰি লয়। 20১৫ চনৰ ৮ ফেব্রুৱাৰীত বর্তমানৰ কেন্দ্রীয় চৰকাৰৰ জলসম্পদ মন্ত্রী শ্রীমতী উমা ভাৰতীয়ে ব্রহ্মপুত্র বোর্ডৰ বিষয়াসকলৰ লগতে অসমৰ জলসম্পদ বিভাগৰ সৈতে এখন বৈঠকত অংশগ্রহন কৰি বানপানী গৰাখহনীয়াৰ কৱলৰ পৰা মাজুলীক সুৰক্ষা প্রদানৰ আশ্বাস দিয়ে । শেহতীয়াকৈ নেব্রাই অর্থাৎ নর্থ-ইষ্ট ব্রহ্মপুত্র ৰিভাৰ ৰিজুভিনেচন অথৰিটিয়ে শ্রীমতী উমা ভাৰতীৰ ওচৰত ব্রহ্মপুত্র বোর্ডৰ পুণৰ গঠনৰ পোষকতা কৰে । মন্ত্রীগৰাকীয়েও আগন্তুক লোকসভাৰ বৈঠকত এই সম্পর্কে প্রস্তাৱ আগবঢ়াব বুলি আশ্বাস প্রদান কৰে আৰু সেইমৰ্মে তেখেতে লোকসভা সদনৰ বৈঠকত এই সম্পর্কে অৱগত কৰোৱাই ।তাৰ পিছতো সৌ সেইদিনা ৩৪ বছৰীয়া এই দীর্ঘকালিন সময়চোৱাৰ অন্তত উক্ত বোর্ডখন বগা হাতীত পৰিণত হোৱাৰ বাতৰি সংবাদ মাধ্যমযোগে প্ৰকাশিত হয় ।সঁচা কথা ক'বলৈ গ'লে এইয়া অতিশয় দূর্ভাগ্যজনক ।অসমৰ যন্ত্রণা কিয় দেশৰ যন্ত্রণা ন''ল জয় আই অসম কোৱা অসমৰ সন্তানেওতো কয় ভাৰত মাতা কি জয় তেন্তে অসমৰ প্রতি কেন্দ্রৰ মাহী আইৰ দৃষ্টি কিয় ?
অসমৰ সু-সন্তান জুবিন গাৰ্গে অসমৰ বানত আক্ৰান্তসকলৰ বাবে যিখিনি সহায়-সহযোগিতা আগবঢ়াই আহিছে সেইয়া সঁচাই এক মহান আদৰ্শ। আৰু ইয়াক মইহে নেলাগে অসমৰ সকলোৰে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য । জুবিন গার্গৰ এই পদক্ষেপৰ সন্দর্ভত মুখেৰে বিৰূপ মন্তব্য দি খুত উলিওৱাসকলেও হয়তো বুকুত হাত থৈ এইয়া প্রকৃতার্থত মহৎ কার্য নহয় বুলি 'ব নোৱাৰে ।লেখাটি পঢ়ি জুবিন গার্গে দিয়া বেংক একাউন্টৰ জৰিয়তে এনে মহৎ কার্যৰ বাবে সাধ্যানুসৰি সামান্য কিবা এটা হ'লেও অনুদান আগবঢ়াবলৈ পা আমিও যথেষ্ট মানসিক সুখ অনুভৱ কৰিছোঁ । জুবিন গার্গৰ এনে প্রচেষ্টাৰ বাবে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । সমূহ অসমবাসীৰ লগতে কর্মসূত্রে অসমৰ বাহিৰত থকা দৈনিক জনমভূমিৰ পাঠক অসমৰ সতি-সন্তানসকললৈও আমাৰ বিনম্র অনুৰোধ জুবিন গার্গৰ এনে মহান যাত্রাত কায়িকভাৱে সহযাত্রী ন'হলেও অন্ততসামান্যতম হ'লেও আর্থিক সাহার্য প্রদানেৰে আপোনালোকে সহযোগিতা আগবঢ়াওক ।জুবিন গার্গে কোৱাৰ দৰে বানত ককবকাই থকাসকল আমাৰে ভাই-ভনী ।সংকটকালত তেওঁলোকৰ যন্ত্রণা অন্তৰেৰে এবাৰ হ'লেও অনুধাৱণ কৰক ।

মানসী বৰা

Friday, August 19, 2016

২০/০৮/২০১৬ ত দৈনিক জনমভূমি কাকতত প্রকাশিত

ভাষাৰ প্রতি দায়বদ্ধতা

আমি থকা আবাসী এলেকাত কলকাতাৰ পৰিয়াল এটি থাকে।পৰিয়ালটিৰ মাতৃভাষা বাংলা। কথা পাতি গম পাইছিলোঁ বিদেশত থাকিও তেওঁলোকৰ বাংলা প্রীতি । আমেৰিকাত থকা বাংলাভাষীসকলে নিজৰ সন্তানক ইংৰাজীৰ ভাষা শিকাইছে ,কিন্তু তাৰ সমানে সমানে সিহঁতক নিজৰ মাতৃভাষাটো নিশিকোৱাৰ বাবে আমাৰ আগত বাৰুকৈয়ে তেওঁলোকে আক্ষেপ প্রকাশ কৰিছিল । তেওঁলোকৰ কথা শুনি মনতে ভাবিছিলোঁ আমাৰ অসমৰ এচাম অভিভাৱকে দেখুন অসমতেই নিজৰ সন্তানক অসমীয়া মাধ্যমত পঢ়োৱালৈ বেয়া পায় আৰু নিজৰ সন্তানে অসমীয়া নাজানে বুলি কৈ গৌৰৱ কৰে । নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাই। আৰু আনহে নেলাগে অসমীয়া মাধ্যমত শিক্ষকতা কৰা কিছুমান অভিভাৱকৰ মাজতো আনকি নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাৰ প্রৱণতা দেখা যায়।
এই কথা স্বীকার্য যে বর্তমান প্রতিযোগিতাৰ যুগত সর্বভাৰতীয় পর্য্যায়ৰ প্রতিযোগিতাত অৱতীর্ণ হ'বলৈ হ'লে ইংৰাজী ভাষাৰ প্রচুৰ দক্ষতা থাকিবই
লাগিব ।কিন্তু এই কথাও সত্য যে মাতৃভাষা মাধ্যমত শিক্ষা আহৰন কৰা ছাত্র-ছাত্রীয়েও ইংৰাজী ভাষা ভালকৈ আয়ত্ব কৰি সর্বভাৰতীয় পর্য্যায়ত সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমীয়া মানুহখিনিৰ মনতে অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাক লৈ
এনে কিছুমান ধাৰণা শিপাব লাগিছে যে তাক গুৰিৰ পৰা উভালি অনাটো বর্তমান সময়ত জটিল হৈ পৰিছে । সেয়ে অসমৰ শিক্ষা ব্যৱস্থাত কিছু পৰিমানে নতুনত্ব অনাটো জৰুৰীহৈ পৰিছে । অসমীয়া মাধ্যমৰ বিদ্যালয়ত ক্রমান্বয়ে ছাত্র -ছাত্রীৰ পৰিমান হ্রাস হ'বলৈ লোৱাৰ অন্যতম এক কাৰণ অসমত প্রচলিত হৈ থকা শিক্ষা পদ্ধতি যেন ও মনে ধৰে । অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিব পাৰিলেহে কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূ্হ ভৱিষ্যতে বর্তী থাকিব । আৰু তাৰ লগতে আমাৰ অসমীয়া ভাষাটোও জীয়াই থাকিব ।
কিন্তু শেহতীয়াকৈ সংবাদ মাধ্যমযোগে জানিব পাৰিছোঁ যে অসম চৰকাৰে ছেবাৰ অধীনৰ ৫০ খন বিদ্যালয়ক চিবিএচ চিৰ সৈতে চামিল কৰিব বিচৰাৰ এক সিদ্ধান্তৰ কথা সদৰি কৰিছে । অসম চৰকাৰখনৰ এই সিদ্ধান্তই কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয় তথা অসমীয়া ভাষাটোলৈ অধিক সংকটহে নমাই আনিব । কিয়নো ,চিবি এচ চি বোর্ডত অসমীয়া মাধ্যমৰ বিদ্যালয় চামিল হ'লে আমাৰ অসমীয়া ভাষাটি একেবাৰে এলাগী হৈ পৰিব।ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁঅসমত থকা চিবিএচচি অধীনৰ কেন্দ্রীয় বিদ্যালয়ত শিক্ষা আহৰণ কৰা অসমীয়া সন্তানসকলেই অসমীয়া ভালকৈ পঢ়িব নোৱাৰে ,নাইবা ভাষাটো আয়ত্ব কৰাৰ প্রতিও তেওঁলোক সিমান আগ্রহী নহয় । তেনেস্থলত অসম চৰকাৰৰ এনে পদক্ষেপৰ বাবে সর্বভাৰতীয় পর্য্যায়ত ভৱিষ্যতে অসমৰ সন্তানে সুনাম অর্জন কৰিব পাৰক বা নোৱাৰক কিন্তু অসমীয়া ভাষাটিলৈযে অমানিশা নামি আহিব সেইয়া খাটাং। এনে কৰাৰ ফলত এটা সময়ত অসমীয়া ভাষাটো মানুহৰ কেৱল মুখে মুখেহে চলিবগৈ । অসমীয়া লিখিব নাইবা পঢ়িবলৈ আমাৰ ভৱিষ্যত প্রজন্মই হয়তো নাজানিব । লিখিত অৱস্থাত নেথাকিলে কেৱল মৌখিক ৰূপত চলি থকা ভাষা এটা এদিন যে নি়:শেষ হৈ যাব সেই কথা এশ শতাংশই নিশ্চিত। এনে এটা সিদ্ধান্ত লোৱাৰ বিপৰীতে অসম চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নতি সাধনৰ বাবেহে চেষ্টা কৰা উচিত ।তাৰ বাবে অসমৰ জেষ্ঠ শিক্ষা-বিষয়া তথা অসমৰ গণ্য-মান্য শিক্ষাবিদসকলৰ সৈতে আলোচনা কৰি অসমৰ শিক্ষা ব্যৱস্থাত থকা আসোঁৱাহসমূহ আঁতৰাই ইয়াৰ সংস্কাৰ সাধনৰ চেষ্টা কৰাতোহে যুক্তিসংগত হ'ব । অসমীয়া ভাষাৰ সংকট দূৰ কৰি ইয়াৰ প্রসাৰণৰ বাবে অসমৰ চৰকাৰেই বিশেষ পদক্ষেপ গ্রহণ কৰিব লাগিব ।হঠাতে গ্রহন কৰা কোনো নীতিৰ পৰিণাম কোনো কাৰণতে যাতে অসমীয়া ভাষাৰ বাবে ভাবুকিদায়ক নহয় সেই দিশৰ প্রতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব। অসমৰ জাতীয় সংগঠনবোৰৰ লগতে এইক্ষেত্রত সমূহ অসমবাসী ৰাইজ ও সজাগ হ'ব লাগিব । অসমীয়া ভাষাক সুৰক্ষাৰ ক্ষেত্রত নিশ্চিতভাৱে আমি অসমীয়া মানুহখিনিয়েই দায়বদ্ধ হ'ব লাগিব ।

মানসী বৰা ।

Tuesday, August 16, 2016

১৭/০৮/২০১৬ ত জনসাধাৰণত প্রকাশিত...

স্বাধীনতা দিৱসৰ অনুভৱ

শৈশৱৰ সোণসেৰীয়া দিনবোৰলৈ মনত পৰিলে ভাল-বেয়া বহুবোৰ কথাই মনলৈ আহে ।মনলৈ আহে সেই সময়চোৱাত বিভিন্ন উদযাপনৰ দিন পালনৰ স্মৃতি । গান্ধী জয়ন্তী,শিশু দিৱস,শিক্ষক দিৱস ,গণতন্ত্র দিৱস আদিৰ লগতে মনত পৰে স্বাধীনতা দিৱসৰ কথা । স্বাধীনতা শব্দটিৰ আভিধানিক অর্থ বুজি নোপোৱা দিনৰে পৰা সেই দিনটোত গৃহবন্দী জীৱন কটোৱাৰ কথা মনত আছে। মনত আছে বিদ্যালয়ৰ পতাকা উত্তোলনৰ কার্যসূচীত উপস্থিত থকাৰ ক্ষেত্রত ঘৰত বাধা প্রদান কৰাৰ কথা ।তাৰ মানে স্বাধীনতা মানে বন্দীত্ব নেকি?
শৈশৱৰ ফুল কোমলীয়া বয়সতে আমাৰ সুকোমল হিয়াখনিত গুজি দিয়া হ'ল বিভীষিকাময় পৰিবেশেৰে স্বাধীনতা দিৱসৰ এক আচহুৱা ছবি । বুকুত কেৱল ভয় আৰু কূটাঘাটৰ আশংকা।তাৰ মানে স্বাধীনতা মানে ভয় নেকি বুজন হোৱাৰ পিছতো নকমিল কিন্তু বুকুৰ সেই অজান আশংকা । কুমাৰে সুনিপুন হাতেৰে বিভিন্ন আকৃতিৰ মৃন্ময়ী অৱয়ব নির্মান কৰাৰ দৰে শৈশৱকালিন সময়ৰ পৰাই নিজৰ ঘৰখনত ভৱিষ্যত জীৱনৰ বাবে এটি শিশুক সাজু কৰি তোলা হয় । ঘৰুৱা তথা সামাজিক পৰিবেশৰ ছত্রছাঁয়াতে সেই শিশুটিৰ মানসিকতাও গঢ় লৈ উঠে । আমাৰ জীৱনো ইয়াৰ ব্যতিক্রম নহয় ।যি ঘৰুৱা তথা সামাজিক পৰিবেশত ডাঙৰ হ'লোসেই পৰিবেশতে শৈশৱৰ ফুলকুমলীয়া বয়সৰ পৰা বুকুৰ মাজত অজানিতে যে ৰোপন কৰিলোঁ স্বাধীনতা দিৱসৰ এখন ভয়ার্ত ছবি । সেই ভয়ার্ত ছবিখন অধিক স্পষ্ট হৈ উঠিল ধেমাজীৰ সেই অভিশপ্ত দিনটোত। ধেমাজীৰ স্বাধীনতা দিৱসৰ সেই হৃদয়বিদাৰক ঘটনা বাৰু কোন সতে পাহৰিব পাৰি তেন্তে স্বাধীনতা দিৰস মানে কি বোমা আতংক ?
স্বাধীন মনৰে স্বাধীনতা দিৰসত ঘৰৰ পৰা ওলাই যোৱাৰ সেই সৎ সাহসকণ আমি যে কাহানিবাতে হেৰুৱাই পেলালোঁ।মুকলি আকাশৰ বুকুত উন্মোক্ত ডেউকা কোবাই উৰি ফুৰা মুক্তমনৰ চৰাইজাকৰ বুকুত অহৰহ জানো বিৰাজ কৰে চিকাৰীৰ গুলীত মৃত্যুক আঁকোৱালী লোৱাৰ আতংক ?
অজান ভয়-আশংকা বুকুত বান্ধি জীয়াই থাকি জীৱনত শান্তি লভিব নোৱাৰি ভোগ কৰিব নোৱাৰি মানৱী জীৱনৰ সুখ ।মুক্ত মনেৰে উৰি ফুৰা চৰাই জাকৰ দৰে স্বাধীনতা দিৱসটোত স্বাধীন মনে ঘূৰাৰ পৰিবেশ এটি আমি নিজেই সৃষ্টি কৰিব পাৰিব লাগিব । য'ত নেথাকিব বিভীষিকা ,'ত নেথাকিব বোমাৰ আতংক । আমাৰ নতুন প্রজন্ম সৎ সাহসী হবলৈ হ'লে সিহঁতৰ মাজত সুস্থ-সুন্দৰ মানসিকতা গঢ় লৈ উঠিব লাগিব । মুক্ত বতাহৰ লহৰত সগৌৰৱেৰে যিদৰে উৰি থাকে ত্রিৰংগা ,ঠিক সেইদৰে স্বাধীনতা দিৱসত গৃহবন্দীহৈ নেথাকি আমি গাঁৱে-ভূঞে ,চহৰে -নগৰে সকলোৱে স্বতন্ত্র মনৰে স্বাধীনতা দিৱসৰ কার্যসূচীত অংশগ্রহন কৰিবলৈ ওলাই আহিব লাগিব ।সঁচা অর্থত তাতেইহে স্বাধীনতা দিৱসৰ সার্থকতা ।****

মানসী বৰা ।

Sunday, August 14, 2016

১৫/০৮/২০১৬ ত দৈনিক জনমভূমি কাকতত প্রকাশিত

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী

এখন দেশৰ শিক্ষা ব্যৱস্হাৰ ওপৰতে নিৰ্ভৰ কৰে দেশখনৰ ভৱিষ্যত।দেশৰ অন্যতম সম্পদ হৈছে মানৱ সম্পদ । মানৱ সম্পদ গঠণত দেশখনৰ শিক্ষা ব্যৱস্হাই গুৰুত্বপূৰ্ণ ভুমিকা আছে । এজন ছাত্ৰক শিশু অৱস্হাৰ পৰাই উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলেহে ভৱিষ্যতে গৈ সেই ছাত্ৰজন দেশৰ মুল্যবান সম্পদ হবলৈ সক্ষম হ'ব । ইয়াৰ বাবে প্ৰাথমিক স্তৰতে ছাত্রজনে উপযুক্ত শিক্ষা লাভ কৰিব লাগিব । এই ক্ষেত্ৰত নিঃসন্দেহে প্ৰাথমিক শিক্ষাৰ গুৰু্ত্ব অপৰিসীম ।অসমত প্ৰাক প্ৰাথমিক ,নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক এই তিনিটা স্তৰত প্ৰাথমিক শিক্ষা উপলব্ধ ।কিন্তু দুখৰ বিষয় এই যে অসমত প্ৰাথমিক শিক্ষা ব্যৱস্হা অতিশয় হতাশাজনক ।প্ৰতিবছৰে বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক শিক্ষাৰ দেওনা পাৰ কৰি গৈ আছে যদিও সেইসকলৰ ভিতৰত অধিকসংখ্যক ছাত্ৰৰ জ্ঞানৰ নমুনা শূণ্য ।প্ৰাক প্ৰাথমিক স্তৰৰ শিক্ষা আয়ত্ব কৰিব নোৱৰা ছাত্ৰজনক যিকোনো উপায়েৰে নিম্ন প্ৰাথমিক স্তৰলৈ উন্নীত কৰি পৰৱৰ্তী সময়ত একে ব্যৱস্হাৰে উচ্চ প্ৰাথমিকলৈ পঠিয়াই দিয়া হয় ।উচ্চ প্ৰাথমিক স্তৰত পাঠ্যপুথিৰ মানদণ্ড উচ্চতৰ হোৱাত সেইবোৰ আয়ত্ব কৰাতো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্ভৱ হৈ নুঠে আৰু নিসিজা কঁচুলৈ তেওঁলোক পৰ্যবসিত হয় । এতিয়া প্ৰশ্ন হয় এনে ছাত্ৰৰ পৰা ভৱিষ্যতে কি আশা কৰিব পাৰি ?
সঁচা কথা কবলৈ গ'লে ,কিছু পৰিমাণে যান্ত্ৰিকতাৰ মাজত আবদ্ধ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিসমূহতআমাৰ চিনাকি পৰিবেশ প্ৰতিফলিত নহয় । ইয়াৰ ফলস্বৰোপে ছাত্রছাত্রীসকলৰ বাবে বিষয়বোৰ জটিল যেন লগা হয় । ইয়াৰোপৰি বিদ্যালয়ত উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰো যথেষ্ট অভাৱ । নিজা অভিজ্ঞতাৰ পৰা কৈছোপ্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ পাঠদানকাৰ্যত চকু দিবলগা বিদ্যালয়ৰ প্ৰধান শিক্ষকজন প্রায় ব্যস্ত থাকিব লগা হয় মধ্যাহ্ন ভোজনৰ হিছাপ-নিকাচ মিলোৱাত । অলপ ইফাল সিফাল হ'লেই যে সৰ্বনাশ ।
পূৰ্বৰ চেকনিৰ আগত বিদ্যা কথাষাৰৰ অৰ্থহীন কৰি শিক্ষাৰ অধিকাৰ আইনে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শাৰিৰীক মানসিক শাস্তি প্ৰদানত যি নিষেধাজ্ঞা জাৰি কৰিলে সিও বহু পৰিমাণে শিক্ষা আহৰণৰ অন্তৰায় ।গৃহকৰ্ম নকৰি শিক্ষকৰ সমুখত আজিৰ ছাত্ৰই উভত ঘূৰি নাচে ।পঢ়িব নোৱৰা ছাত্ৰই শিক্ষকলৈ ভয় নেখায় আৰু অধ্যয়ণত মনোনিবেশ নকৰে ।মনোনিবেশ নকৰিলেও যে কোনো কথা নাই ।উত্তীৰ্ণটো কৰাবই লাগিব । যিহেতু মূল্যায়ণত ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ কৰাৰ ব্যৱস্হা নাই। এই কথাৰ বহুল প্ৰচাৰে ছাত্ৰ-ছাত্ৰীক ভালদৰে শিক্ষা আহৰণ কৰাত বাধা জন্মাইঁছে । নপঢ়িলেও পাছ কৰিম বুলি স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীৰ মনত এক ভয়ানক মানসিকতা গঢ় লয় উঠা যেন অনুভৱ হয় । সেইবাবে এৰাল চিগা গৰুলৈ পৰিণত হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ।
প্ৰাথমিক শিক্ষা যেন এতিয়া এক প্ৰহসনহে । আজিৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজৰ বিদ্যালয়ৰ বাবে ঘৰে ঘৰে ছাত্ৰ বিচাৰি ফুৰে জানোছা ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ হৈ যায় ।ছাত্র-ছাত্রীয়ে বিদ্যালয়লৈ পিঠি দিলে বিপদ হয় শিক্ষকৰ ।
প্ৰাথমিক বিদ্যালয়সমূহত উপযুক্ত শিক্ষণ শিকণ (TLM)সামগ্ৰীৰো অভাৱ । কাগজে পত্রই সুব্যৱস্হা কৰা বুলি একেবাৰে ওপৰ পৰ্যায়লৈকে নিকা হিছাপ উপলব্ধ 'লেও বাস্তৱত কিন্তু সকলো ফুটুকাৰ ফেন ।প্রাথমিক শিক্ষাক পৰীক্ষাৰ পৰা মুক্ত কৰি এফালে মূল্যায়নৰ কথা কয় আৰু আনফালে সংমণ্ডল সমন্বয়কসকলে প্ৰশ্নকাকত প্ৰস্তুতিৰ বাবে বৈঠক আহ্বান কৰা হয় । শিক্ষকৰ বাবে যেন নুবুজা সাঁথৰ হৈ পৰিছে
প্রাথমিক শিক্ষা ব্যৱস্থা ।অসম সৰ্বশিক্ষা অভিযান মিছনে বিনামূলীয়া শিক্ষাৰ যি ব্যবস্হা কৰিছে তাৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰী লাভাম্বিত হৈছে বুলি নিঃসন্দেহে স্বীকাৰ কৰিব পাৰি যদিও আৰ্থিক ভাৱে সবল অভিভাৱকৰ সন্তানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে ।ইয়াৰ অন্যতম প্রধান কা্ৰণ এই যে অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী তথা প্ৰাথমিক শিক্ষা বিষয়া নাইবা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে পঢ়োৱাই ।তেখেতসকলে নিজৰ সন্তানক চৰকাৰী প্রাথমিক বিদ্যালয়ত পঢ়োওৱাই কোনো আৰ্হি নেদেখুৱাই । ইয়াৰ দ্বাৰা আন অভিভাৱকে অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা নিম্নখাপৰ বুলি নিশ্চয়কৈ ভাবিবলৈ বাধ্য হ'ব । ই কিন্তু নিশ্চিতভাৱে অসমৰ প্রাথমিক শিক্ষা ব্যৱস্হাৰ এটা অন্যতম দূৰ্বলতা ।আন অভিভাৱকে কি ভিত্তিত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়োৱাব ছাত্ৰ-ছাত্ৰীৰ অভাৱত ইতিমধ্যে অসমৰ বহু বিদ্যালয় বন্ধ হৈ গৈছে ।
অসম চৰকাৰৰ শিক্ষা বিভাগে এই সমস্যাসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি ইয়াৰ বিহীত ব্যৱস্থা গ্রহন কৰা উচিত ।সময় থাকোতেই প্রাথমিক শিক্ষা ব্যৱস্থাৰ আঁসোৱাহ আঁতৰাব নোৱাৰিলে ইয়েই পিছত ভয়ংকৰ সমস্যা হৈ থিয় দিব । কিয়নো অপ্রিয় সত্যটো ক'বলৈ গ'লে কেৱল কাগজে পত্ৰই সুন্দৰঅসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্হাৰ বর্তমানৰ স্বৰোপ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীহে বুলিব পাৰি ।*****

মানসী বৰা।

Saturday, August 6, 2016

০৭/০৮/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

ভাষাৰ বিকৃতকৰণ

ভাষা এটাই বিৱর্তনৰ মাজেদি আহিহে একোটা ৰূপ পৰিগ্রহ কৰে ।বর্তমান অসমীয়াসকলৰ বিশেষকৈ নতুন প্রজন্মৰ মাজত অসমীয়া ভাষাটোৱে আহি যিটো ৰূপ লৈছেবিৱর্তনৰ পথত অসমীয়া ভাষাই সেই ৰূপ নল'লেই ৰক্ষা । মোবাইল ফোনত চর্ট মেচেজিং চার্ভিচ ,হোৱাটচএপ আদি ব্যৱহাৰ ক'ৰোতে ,কম পইচাৰ লগতে কম সময় ব্যয় কৰিবলৈ যাওঁতে যিমান পাৰি চুটিকৈ কম শব্দ প্রয়োগ কৰি লিখিব লগা হয় । সময়ৰ লগে লগে এনে কৰাটো অভ্যাসত এনেভাৱে পৰিণত হ'বলৈ ধৰিল যে বর্তমান অনুভৱ কৰোঁ তেনে কৰিবলৈ যাওঁতেই যেন আমি অসমীয়াই মৌখিকভাৱেও অসমীয়া কথোপকথনত বিভক্তিৰ ব্যৱহাৰ কৰিবলৈ এৰি দিছোঁ । বিভিন্ন সময়ত অসমীয়া ব্যক্তিগত চেনেলবিলাকতে অসমীয়া ভাষাত বাতৰিৰ ব্যাখ্যা শুনি হতবাক হওঁ। শব্দৰ উচ্চাৰণ নজনাটো কোনো ডাঙৰ কথা নহয়
কিন্তু নজনা কথাটো যে শুদ্ধকৈ শিকিলৈ ক'ব লাগে সেই সজাগতা নথকাটোহে দুখৰ বিষয়। কিছুমান অসমীয়া নতুন প্রজন্মৰ শিল্পী সকলৰ সাক্ষাৎকাৰৰ অনুষ্ঠানো বহুসময়ত উপভোগ কৰিছোঁ। কিন্তু কিছুমান অসমীয়া শিল্পীৰ কথা শুনি বিৰক্তি অনুভৱ কৰোঁ । অসমীয়াত নকৈ যেন আন ভাষাতহে কথা কৈছে তেনেকুৱা এক অনুভৱ হয়। শিল্প সাধনাৰে অসমত জনপ্রিয়তা অর্জন কৰাটো ভাল কথা কিন্তু তাৰ লগে লগে অসমীয়া হিচাপে নিজৰ মাতৃভাষাটো ভালকৈ ক'ব পৰাটো গৌৰৱৰহে কথা ।অসমীয়া ভাষাৰ কথোপকথনত ষ্টাইল কিম্বা ঢং যিহতেই নহওঁক লাগিলে চনাইবা তৰ ব্যৱহাৰ কৰাৰ যেন তুমুল প্ৰতিযোগিতেহে চলিছে ।
অসমীয়া ভাষাত ব্যৱহৃত সেয়েসেইকাৰণে,গতিকে আদি শব্দ ক'বলৈ এলাহ কৰি ইংৰাজী চ' (so)ৰ আশ্রয় লোৱাবর্তমান প্রায়ে দেখিবলৈ পোৱা যায় । সেইদৰে আকৌ অর্থহীনভাৱে তেতিয়া শব্দটোৰ ঠাইত তশব্দৰ প্রয়োগও লক্ষ্যণীয়। এনেকৈ অসংযতভাৱে কৰা মন্তব্য নাইবা কথা-বতৰা আমাৰ অসমবাসী ৰাইজে নিশ্চয় শুনি আহিছে । উঠি অহা চামে এইবিলাককে অনুকৰণ কৰিবলৈ ল'ব সেয়ে এইক্ষেত্রত নিতান্তই সজাগতা অৱলম্বণ কৰা উচিত ।শিল্পী-সাহিত্যিকসকলৰ লগতে অসমৰ সাধাৰণ ৰাইজেও বিষয়টোত বিশেষভাৱে গুৰুত্ব আৰূপ কৰিব লাগে ।কথা কওঁতে নিজেও সজাগ হোৱাৰ লগতে কাৰোবাৰ এনেধৰণৰ কথোপকথন শুনিলে বিনম্রতাৰে শুদ্ধ ৰূপটো যাতে শিকাই দিয়ে সকলোৰে প্রতি তাৰ সাদৰ অনুৰোধ জনাইছোঁ । *****

Thursday, August 4, 2016

০৫/০৮/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

বিতর্ক এৰি নৱপ্রজন্মৰ প্রেৰণা হওক নীলিম কুমাৰ

প্রাক্ শংকৰীযুগৰ কবি মাধৱ কন্দলীযাক শংকৰদেৱ গুৰুজনাই অপ্রমাদী কবি বুলি অভিহিত কৰি গৈছে তেওঁৰ পৰা আৰম্ভ কৰি শংকৰী,   শংকৰোত্তৰ,  অৰুনোদই,   ৰোমান্টিক,   আধুনিক আদি যুগলৈকে কবিতাৰ দিশত বহুখিনি পৰিৱর্তন আহিল আৰু পৰিৱর্তন আগলৈকো হৈ থাকিব । পৰিৱর্তনক ধৰি ৰখাৰ সামর্থ কাৰো নাই । সাহিত্যৰ বুৰঞ্জী অধ্যয়নে এই কথা স্পষ্ট কৰে যে একোটা সাহিত্যৰ যুগত নির্দিষ্ট কোনো কোনোজনেহে প্রতিনিধিত্ব কৰিবলৈ সক্ষম হয় ।অৱশ্য যুগসন্ধিৰ কবি দেৱকান্ত বৰুৱাৰ ক্ষেত্রত সেইয়া কিছু ব্যতিক্রম ।ৰোমান্টিক যুগৰ শেষ আৰু আধুনিকযুগৰ প্রথমজন কবি হিচাপে যিহেতু তেওঁ প্রসিদ্ধ। সাহিত্যৰ বুৰঞ্জীয়েই কয় একো একোজন কবিক সময়ে স্বীকৃতি দিয়ে ।আজি পথিতযশা কবি নীলিম কুমাৰে কবিতা-অকবিতা নাইবা কবি-অকবিক লৈ যি বিতর্কৰ সৃষ্টি কৰিছে সেইয়া একেবাৰে অর্থহীন তথা ভিত্তিহীন ।
তেখেতে কবিতাৰ ক্ষেত্ৰত যি চেঞ্চৰ বোৰ্ডৰ বিষয় উত্থাপন কৰিছে সেই বিষয়টোৱে কবিতাৰ জগতখনৰ সৈতে জড়িতসকলক (সেইসকল লাগিলে নীলিম কুমাৰৰ ভাষাত কবিয়েই হওঁক নতুবা অকবিয়েই হওঁক)ব্যথিত কৰি তুলিছে ।শাস্ত্রীয় নৃত্য বা সংগীত পৰিবেশণত কিবা ত্রুতি ৰৈ গ'লে তাক দর্শোৱাবলৈ যথেষ্ট থল আছে ,কিয়নো সেইবিলাকৰ পৰিবেশণ শৈলী নির্দিষ্ট নীতি-নিয়মৰ মাজত বান্ধ খাই আছে । কিন্তু কবিতাৰ ক্ষেত্ৰত তেনে কোনো ধৰাবন্ধা নীতি-নিয়ম নাই । বিভিন্নজন বিভিন্নধৰণে কবিতাৰ সংজ্ঞা আগবঢ়াইছে যদিও তাৰ কোনো এটাৰে কোনোটোৰ সৈতে সামঞ্জস্য় নাই ।
আজি যাৰে মন গৈছে কবিতাৰ চর্চা কৰিছে ।সাহিত্য কলাৰ অন্যতম অংগ কবিতাৰ চর্চা পূর্বৰ তুলনাত যথেষ্ট বৃদ্ধিও পাইছেযি অসমীয়া ভাষাসাহিত্যৰ বাবে শুভদায়ক। আলোচনী,সংবাদ-পত্রই সেইবিলাকৰ মাজত যিবোৰ প্রকাশৰ উপযোগী ভাবিছে তাক প্রকাশ কৰিছে। সহজ ভাষাৰে ক'বলৈ গ'লে,কবিতা এটা পাঠকে পাঠ কৰাৰ লগে লগে যদি সি পাঠকৰ হৃদয় স্পৰ্শ কৰিব পাৰে নাইবা সমাজত চেতনা সঞ্চাৰ কৰি সমাজৰ পৰিৱর্তন আনিব পাৰে ,তেতিয়াই সেই কবিতাক ভাল কবিতাৰ শাৰীলৈ উন্নীত কৰিব পাৰি । যি কবিতাই পাঠকৰ হৃদয়ত ঠাই ল'ব নোৱাৰে আৰু সমাজৰ বাবেও কোনো বার্তাবহনকাৰী নহয় সেই কবিতাক লৈ মোৰ বোধেৰে চিন্তিত হোৱাৰ মুঠেই প্রয়োজন নাই কিয়নো তেনে কবিতা আৰু কবিসকল কবি নীলিম কুমাৰৰ ভাষাত অকবিতা আৰু অকবি হিছাপে সময়ৰ সোঁতত এদিন হেৰাই যোৱাটো খাটাং। তাকে লৈ ইমান হৈ ছৈ কৰাটোও মোৰ বোধেৰে একেবাৰে যুক্তিহীন আৰু নিৰর্থক ।
মন্তব্য দিবলৈ মই কোনো কবি নাইবা অকবি নহয় ,এগৰাকী কাব্যপ্রেমীহে।শেষতকবি নীলিম কুমাৰক উদ্দেশ্যি কওঁ,এজন প্রতিষ্ঠিত কবি হিছাপে আপুনি নিৰন্তৰ কাব্যচর্চা অব্যাহত ৰখা নৱপ্রজন্মৰ কবিসকলক আগবাঢ়ি যাবলৈ উৎসাহ-উদ্দীপনা আৰু সৎ দিহা-পৰামর্শ দিয়া এজন ভাল পথ-প্রদর্শক হোৱাটো আমি কামনা কৰোঁ ,বিতর্ক এৰি নৱ প্রজন্মৰ কবিৰ বাবে আপুনি প্রেৰণা হোৱাটো আশা কৰোঁ।****

Tuesday, August 2, 2016

০৩/০৮/২০১৬ তাৰিখে জনসাধাৰণ কাকতত প্রকাশিত

ভার্চুৱেল পৃথিৱী আৰু আমি

টুইটাৰ,ইয়াহু,জিমেইল,হোৱাটচএপ,ফে'চবুকৰ আদিৰ দৰে চ'ছিয়েল নেটৱৰ্কিং চাইটসমূহৰ বৰ্তমান জনসমাজত অত্যাধিক জনপ্ৰিয় হৈ পৰিছে । বিদেশত থকা আত্মীয়,দূৰ-দূৰণিত থকা সহপাঠী বন্ধু-বান্ধৱী নাইবা অপৰিচিত ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ়ি অতি সহজ আৰু কম খৰচতে সু-সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত এনে চ'ছিয়েল নেটৱৰ্কিং চাইটসমূহে বিশেষ ভুমিকা পালন কৰি আহিছে । জনপ্রিয়তাৰ শীর্ষত থকা ফে'চবুকৰ দৰে চ'ছিয়লে নেটৱর্কিং চাইটে সমাজত বাস কৰা প্রতিজন মানুহকে নিজৰ মনৰ ভাৱ প্রকাশ কৰিবলৈ এখন মঞ্চও দিছে । সেইদৰে যাৰ যিদৰে মন গৈছে নিজৰ অনুভৱবোৰ এই মঞ্চত প্রকাশ কৰিও আহিছে । বিভিন্নজনে ইয়াতে নিৰৱে সাহিত্যৰ চর্চা কৰিছেবিভিন্নজনে আকৌ সেই সাহিত্যৰ সোৱাদ লৈছে ।কোনোবাই সমাজৰ সমস্যাৰ যদি আলোচনা কৰিছে আন কোনোবাই সেই সমস্যা সমাধানৰ উপায় আগবঢ়াইছে । কথাৰ মূৰত বঁটা পায় কথাৰ মূৰত গতা খায় "-প্ৰবচনশাৰীৰ বাবে এই মঞ্চতে কোনোবাই কিছুমানৰ কথা নাইবা মন্তব্যকলৈ বিতর্কৰো সৃষ্টি কৰে।
এক অপ্রিয় সত্য এই যেবহুসময়ত কিছুমান ব্যক্তিয়ে ইনবক্সত হোৱাই নোহোৱাই অনর্থক কিছুমান প্রশ্ন সুধি বিৰক্তি দিয়ে অথচ সেই প্রশ্নোত্তৰবোৰ ব্যক্তিজনৰ বাবে কোনো প্রয়োজনীয়ই নহয় । ব্যক্তিগতভাৱে আমিও বহুবাৰ এনে সমস্যাৰ সন্মুখীন হৈছো। কেতিয়াবা তেওঁলোকৰ বার্তাসমূ্হ খুলি নেচালে নাইবা চোৱাৰ পিছত উত্তৰ দিয়াত পলম হ'লে পুণৰ আকৌ দেখিও কিয় উত্তৰ দিয়া নাই ,কিয় চোৱা নাই ইত্যাদি ধৰণেৰে অনর্থক প্রশ্ন কিছুমানৰ অৱতাৰণা কৰে । বন্ধুত্বসুলভ সুসম্পর্ক
গঢ়লৈ উঠাৰ পৰিবর্তে যে এক তিক্ততাৰ সম্পর্কইহে ব্যতিবস্ত কৰি তোলে ।
এতিয়া প্রশ্ন হ'ল ,এনে কৰাটো উচিত নেএনে কৰাৰ যুক্তি কিবা আছে নে বর্তমান সময়ত নিজৰ পিতৃ-মাতৃবাই-ভনী নতুবা ভাই-ককাই আদিৰ দৰে পাৰিবাৰিক সম্পর্কবোৰ বজাই ৰাখিবলৈ আজিৰ মানুহৰ বাবে জটিল হৈ পৰিছে তেনেস্থলত মোৰ বোধেৰে ফে'চবুক,টুইটাৰ আদিৰ দৰে ভার্চুৱেল পৃথিৱীখনৰ পৰা সেই আশা কৰা ভুল।ভার্চুৱেল পৃথিৱীখনত নিজৰ ধুনীয়া ফটো ভাগবতৰা কৰি খন্তেকৰ বাবে সুখ বুটলিব পাৰিলেও সিয়েই আমাৰ জীৱনৰ বাবে সুখৰ পৰিভাষা হ'ব নোৱাৰে কিছুসময়ৰ বাবে ই আমাৰ নিসংগতা দূৱ কৰিব পাৰিলেও আমাৰ সংগী হ'ব নোৱাৰে ।ভার্চুৱেল পৃথিৱীখন খন্তেক সময়ৰ বাবে আমাৰ জীৱনৰ অংগ হ'ব পাৰে কিন্তু সিয়েই আমাৰ জীৱন হ'ব নোৱাৰে ।বিজ্ঞান আৰু প্ৰযুক্তিৰ অনবদ্য অৱদানএক কথাত উত্তম চিন্তাৰ ফচল এই নেটৱৰ্কিং চাইটক মানুহে কিদৰে ব্যৱহাৰকৰে সেইটোহে বর্তমান ডাঙৰ কথা । ভাল কামৰ ফল সদায় ভাল হয় । উত্তম চিন্তাধাৰাৰে ইয়াৰ সদ প্ৰয়োগ কৰিলে সমাজৰ উপকাৰ হ'ব । তাকে নকৰি যদি নিকৃষ্ট তথা অযথা চিন্তাৰে এনে বহুমূলীযা অৱদানৰ অপপ্ৰয়োগ কৰে তেন্তে সমাজত ই এক ভয়ংকৰ ব্যাধিৰহে সৃষ্টি কৰিব ।********