অঞ্জন দত্তৰ সান্নিধ্য
ৰাজনীতি ,কংগ্রেছ, বিধায়ক,মন্ত্ৰী আদিৰ দৰে শব্দবোৰ বুজি নোপোৱা দিনৰে পৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি,প্ৰাক্তন মন্ত্ৰী শিৱসাগৰৰ সুসন্তান প্ৰয়াত অঞ্জন দত্তদেৱৰ সান্নিধ্য লাভ কৰিছিলোঁ । জন্মসূ্ত্রে আমি নিজেও শিৱসাগৰীয়া হোৱা হেতুকে শৈশৱত তেখেতৰ সৈতে থকা আমাৰ বহুতো ভাল লগা স্মৃতি জড়িত হৈ আছে । এসময়ত তেখেত মুখ্য পৃষ্ঠপোষক হিছাপে থকা বিভিন্ন সাংষ্কৃতিক অনুষ্ঠানৰ মঞ্চত সৃষ্টিশীল নৃত্য পৰিবেশণ কৰিছিলোঁ । মনত আছে ,শৈশৱত অজানিতে তেখেতক "মামা" বুলি সম্বোধন ধৰিছিলোঁ । কাৰণ, তেখেতৰ ব্যৱহাৰ আছিল অতিশয় ঘৰুৱা আপোন মানুহৰ দৰে । হাঁহি-ধেমালিৰে আমাৰ সৈতে কথা পতা মানুহজনৰ প্ৰকৃত পৰিচয় ডাঙৰ হৈ অহাৰ লগে লগে বুজিব পাৰিছিলোঁ । বুজিব পাৰিছিলো আচলতে তেওঁ আছিল ৰাইজে নির্বাচন কৰা ৰাইজৰ প্রতিনিধি । কিন্তু, সর্বসাধাৰণ লোকৰ নিচিনাকৈ সকলোৰে প্রতি কৰা সহজ-সৰল বন্ধুত্বসুলভ ব্যৱহাৰে তেখেতে সকলোকে আপোন কৰিব পাৰিছিল। যাৰবাবে তেখেত সকলোৰে প্রিয়ভাজন হৈ পৰিছিল । আমগুৰি সমষ্টিৰ প্রতিজন ব্যক্তিয়েই যেন তেখেতৰ পৰিচিত ব্যক্তি আছিল ।
মুখত স্বভাৱসুলভ হাঁহিটিৰে শিৱসাগৰ দ'লমুখ চাৰিআলিৰ পদপথত, শিৱদ'ল প্রাংগন নাইবা বর্ডিং খেল-পথাৰত অনুস্থিত বিভিন্ন অনুষ্ঠানত যিমানবাৰ লগ পাইছোঁ সেই একেই আন্তৰিকতাৰে আমাৰ খবৰ সুধিছিল । কাৰোবাক ব্যক্তিগতভৱে সহায় কৰক বা নকৰক মৃতাৱস্থাৰ পৰা অসমৰ পৰিবহন নিগমৰ দৰে অসম চৰকাৰৰ এটি বিভাগক সঞ্জিৱনী সুধা হৈ তেখেতে যে নতুন জীৱনদান কৰিছিল যাৰ ফলস্বৰোপে বহুজনৰ ঘৰত এমুঠি ভাতৰ চৌকা জ্বলিছিল। যাৰ বাবে হয়তো বহুজনৰ হৃদয়ত নিশ্চিতভাৱে তেখেতে এখন সুকীয়া আসন চিৰদিনৰ বাবে ৰাখি থৈ যোৱাত সক্ষম হৈছে । কিন্তু তেখেতৰ সান্নিধ্য লাভ কৰা আমাৰ দৰে নামবিহীন বিভিন্নজনৰ জীৱনতো নিশ্চিতভাৱে আছে তেওঁৰ আপোন ব্যৱহাৰৰ স্মৃতিৰ একোখন সজীৱ ছবি । ****
মানসী বৰা
No comments:
Post a Comment