মুখাৰ আঁৰত
অসমৰ অন্যতম সাংস্কৃতিক সম্পদ হ'ল ,মুখা ভাওনা । নিপুন শিল্পীৰ যাদুকৰী হাতৰ স্পৰ্শত মুখা শিল্পই প্ৰাণ পাই উঠে আৰু সেই মুখাৰ আশ্ৰয়তে একোজন ভাৱৰীয়াই একোটা চৰিত্ৰ জীৱন্ত কৰি তোলে ।
মুখা ,ইংৰাজীত যাক কোৱা হয় মাস্ক ।অভদ্ৰ লোকে ভদ্ৰতাৰ মুখা পিন্ধিলে কোনোবা সময়ত সাধুকথাৰ নীলা শিয়ালটোৰ দৰে পিন্ধি থকা সেই ভদ্ৰতাৰ মুখাখন খহি পৰা বহুসময়ত প্রতক্ষ্যও কৰিছো । বৰ্তমান সমাজত এই মুখাৰ প্ৰয়োজন বেছিকৈ হয় চেলিব্ৰেটিসকলৰ(খ্যাতিসম্পন্ন ব্যক্তি)।জনপ্ৰিয়তা যিমানেই বাঢ়ে সিমানেই যেন বাঢ়ি যায় মুখাৰ আশ্ৰয়ত লুকোৱাৰ প্ৰৱণতা ।এই চেলিব্ৰেটিসকল হ'ব পাৰে গ্লেমাৰ জগতৰ মডেল ,অভিনেতা-অভিনেত্ৰী, সংগীতশিল্পী,সাহিত্যিক ,ৰাজনীতিবিদ নতুবা বুদ্ধিজীৱি ।বাহিৰত থকা সময়ত দুখ হওঁক কিম্বা সুখ হওঁক চিন্তা হওঁক কিম্বা হতাশা হওঁক সকলো সময়তে মুখত লৈ থাকিব লগা হয় এখন কৃত্রিম মুখ। যি বিচাৰে বা ভাবে তাক হেজাৰ চেষ্টা কৰি হলেও জনসমাজত লুকোৱাই ৰাখিব লগা হয় ।কিয়নো ৰাইজৰ দৃষ্টি সকলো সময়তে এওঁলোকৰ ওপৰত থাকে ।কেমেৰাৰ সমুখতে হওঁক নাইবা সাংবাদিকৰ সমুখতে হওঁক এওঁলোকে নিজক ঢাকি এক নাটকীয় আচৰণ ব্যক্ত কৰে । সহজতে এওঁলোক সাংবাদিকৰ প্ৰশ্নৰ মুখামুখী হ'ব লগাত পৰে নাইবা বন্ধু তথা সচেতন মহলৰ চৰ্চাৰ বিষয় হৈ পৰে । সেয়ে লোকচক্ষুৰ আঁৰত থাকিবলৈ নিজকে এওঁলোকে কৃত্রিমতাৰে সজাই আশ্ৰয় লয় মুখাৰ ।ক'ব খুজিও বহুবোৰ কথা বাধ্য পৰি এওঁলোকে ক'ব নোৱাৰে নাইবা বাধ্যত পৰি এওঁলোকে ক'ব নোখোজা বহুবোৰ কথা কেতিয়াবা ক'ব লগা হয় । কি কথাৰ পৰা কি পৰিণাম হ'ব পাৰে সেই কথাৰ হয়তো বহুসময়ত এওঁলোকে অনুধাৱন কৰিব নোৱাৰে । কেতিয়াবা জনপ্ৰিয়তাৰ বাবে লঘু আচৰণ দেখুৱাব পাৰে, লাগিলে সি চাৰিত্রিক দিশতে হানি নঘটাওক কিয় । কেতিয়াবা নিজৰ জনপ্ৰিয়তাক সময় সাপেক্ষে অস্ত্ৰ হিছাপেও প্ৰয়োগ কৰিব পাৰে ।জনসমাজত জনপ্রিয় হিছাপে এওঁলোকৰ কিছুমান কার্যকলাপৰ বহুসময়ত ইতিবাচক প্রভাৱও দেখিবলৈ পোৱা যায় ।এই মুখাৰ আশ্ৰয়ত থকা চেলিব্ৰেটি সকলে এটা কথা সদায় মনত ৰাখিব লাগে যে বহুসময়ত সমাজত বাস কৰা বহুজনে তেওঁলোকক অনুকৰণ কৰে । তেওঁলোকৰ ধৰণ-কৰণ নাইবা কাৰ্যকলাপে বহুজনৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।সেয়ে তেওঁলোকৰ দ্বাৰা সমাজলৈ প্ৰেৰণ কৰা বাৰ্তাত সদায় সমাজ তথা দেশৰ কল্যাণৰ বিষয়টি প্ৰথমে অগ্ৰাধিকাৰ দিব লাগে ।**
মানসী বৰা ।
No comments:
Post a Comment