আমেৰিকাৰ বাছ পৰিবহন
আমেৰিকা যুক্তৰাষ্টত জিপিএছৰ বিশেষ প্ৰাধান্য দেখিবলৈ পোৱা যায় । ব্যক্তিগত বাহনেই হওঁক নাইবা বাছেৰেই হওঁক আমেৰিকাত পৰিবহনৰ ক্ষেত্ৰত জিপিএছৰ গুৰুত্ব অপৰিসীম । জিপিএছৰ সম্পূৰ্ণ অৰ্থ গ্লবেল পজিচনিং চিষ্টেম । ষ্টাৰ্ট দিয়াৰ আগেয়ে গাড়ীৰ জিপিএছত গন্তব্য স্থানৰ ঠিকনা শুদ্ধকৈ ভৰাই দিলে গাড়ী চলাই ঠিকনা উলিওৱাতো সহজ হৈ পৰে কিয়নো,জিপিএছে কথাৰে নিৰ্দেশ দি যায়।ইন্টাৰনেটৰ জড়িয়তে স্মাৰ্ট ফোনৰ গুগুল মানচিত্ৰৰ দ্বাৰাও ৰাস্তাঘাট চিনি পোৱাটো অতি সহজ ।কিমান সময়ত বাছ আছে,গন্তব্য স্থানলৈ কিমান সময় লাগিব আদি গুগুল মেপৰ দ্বাৰা জানিব পাৰি । বিজ্ঞান আৰু প্ৰযুক্তিয়ে আধুনিক জীৱন যাত্ৰা একেবাৰে সহজ কৰি তুলিলে ।
স্বদেশত বিভিন্ন সময়ত বাছত উঠিছো যদিও আমেৰিকাৰ বাছ পৰিবহনত কিছু সুকীয়া অভিজ্ঞতা লাভ কৰিলো।বাছ পৰিবহনৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল বেছিসংখ্যক বাছচালকেই মহিলা চালক । আস্থানত বাছ ৰখাৰ লগে লগে বাছৰ দৰ্জা খোল খাই যায় ।আমাৰ দেশত থকা দৰে চিটি বাছবোৰত হেণ্ডিমেন নাইবা কনডাক্টৰৰ ব্যৱস্থা নাই ।বাছত উঠিয়েই বাছৰ ভাড়া দিবলৈ এটা মেচিন থাকে ।বাছৰ ভাড়া দিয়াৰ পিছতেই আপোনা-আপুনি দৰ্জাখন বন্ধ হৈ যায় ।ভাড়া দিয়া কাৰ্য সমাধা হোৱাৰ লগে লগে উচ্চাৰিত হয় :-ফেয়াৰ ডিডাক্টেড।আমেৰিকান ডলাৰৰ ওপৰিও কাৰ্ড নাইবা বাছ পাচ ও ব্যৱহাৰ কৰিব পাৰি ।প্ৰথমৰ কাষৰীয়াকৈ থকা তিনিজনীয়া আসন আৰু প্ৰথম দুজনীয়া আসন শাৰিৰীক ভাৱে অক্ষম লোকৰ বাবে বিশেষভাৱে সংৰক্ষিত ।শাৰিৰীক ভাৱে অক্ষম লোকে হুইল চেয়াৰখনেৰে উঠিবৰ বাবে বাছৰ দৰ্জামুখত ৰেম্পৰ ব্যৱস্থা আছে। তেনে লোক গাড়ীত উঠিলে চালকে নিজৰ আসনৰ পৰা উঠি আহি বিশেষ পদ্ধতিৰে হুইল চেয়াৰখন বান্ধি দিয়ে । নিৰ্দিষ্ট ঠাইত বাছ ৰখাবৰ বাবে সংকেত দিবলৈ বাছৰ আসনৰ কাষত খিৰিকীৰ দা়ঁতিৰে যোৱা হালধীয়া ৰঙৰ ওৱাইৰডাল টানি দিব লাগে । লগে লগে উচ্চাৰিত হয় :- ষ্টপ ৰিকোৱেষ্টেড ।
জিপিএছে বাছখন কোনটো ৰাস্তাত আহিছে যাত্ৰীসকলক জনাই থাকে ।গতিকে কোনো অসুবিধা নেথাকে ।আমেৰিকাৰ বাছ পৰিবহন ব্যৱস্থা সঁচাই এক সুশৃংখলিত পৰিবহন ব্যৱস্থা বুলিব পাৰি।
No comments:
Post a Comment