Thursday, June 9, 2016

১০/০৬/২০১৬ তাৰিখে "সাদিন" কাকতত প্রকাশিত

মঞ্চত শিল্পীৰ আচৰন ,সস্তীয়া জনপ্ৰিয়তা ইত্যাদিৰ সন্দৰ্ভত

কিছুদিনৰ পৰা বহুচৰ্চিত বিষয় হিছাপে পৰিগণিত হোৱা নৱপ্ৰজন্মৰ শিল্পীৰ আচৰন সম্পৰ্কত লিখা বিভিন্ন লেখা বিভিন্ন কাকতৰ পৃষ্ঠাত পঢ়িবলৈ পাই আহিছো যদিও প্ৰকৃত সমালোচনাৰ সোৱাদ লাভৰ পৰা বঞ্চিত হৈ অহা যেনহে অনুভৱ হৈ আছিল ।কিন্তু সাদিনৰ পৃষ্ঠাত প্ৰকাশিত মৃণাল কুমাৰ বৰাৰ উক্ত সমালোচনা প্ৰকৃতাৰ্থত এক গঠনমূলক সমালোচনা । যাক নিশ্চিতভাৱে সমাজৰ পৰাসমাজৰ ভৱিষ্যতৰ হকে এক বাৰ্তা বহনকাৰী সমালোচনা বুলিব পাৰি ।
সঁচা কথা,মঞ্চত গীত পৰিবেশণ কৰিব পাৰিলে বুলিলেই তেওঁক শিল্পী বুলিব নোৱাৰি । শিল্পী শব্দৰ নিজস্ব এক সুকীয়া মৰ্য্যদা আছে ।সুন্দৰ গায়কীৰ লগতে সজ আচৰণৰ গৰাকী হোৱাজনকহে প্ৰকৃতপক্ষে শিল্পী বুলিব পাৰি । অন্যথা শিল্পী শব্দৰ মৰ্য্যদা হানিহে হ'ব ।সস্তিয়া জনপ্ৰিয়তা ক্ষণস্থায়ী । আজি আছে,কাইলৈ নেথাকে । নিজৰ সৃষ্টিশীল প্ৰতিভা থাকিলে আৰু সেই সৃষ্টিশীল প্ৰতিভাই জনতাৰ হৃদয় চুব পাৰিলে তেনে সৃষ্টিশীল কৰ্মৰাজি কেতিয়াও হেৰাই যাব নোৱাৰে ।যুগে যুগে সেইয়া অমৰ হৈ ৰ'ব । সেই কথাটিকে হৃদয়ংগম কৰি বৰ্তমানৰ শিল্পীয়ে নিজৰ সৃষ্টিশীল প্ৰতিভা বিকাশত মনোনিবেশ কৰি নিজৰ সংগীত চৰ্চাত আগবাঢ়ি যোৱাৰ লগতে নম্ৰতা,বিনয়ী আদি সজ আচৰণবোৰৰ বিকাশ ঘটাবলৈ চেষ্টা কৰা উচিত আছিল। সঁচা অৰ্থত এইবিলাকহে শিল্পী এজনৰ প্ৰকৃত আভূষণ । তাকে নকৰি আনৰ মহান সৃষ্টিৰাজিক বিকৃত কৰি সহজে উপলব্ধ সস্তিয়া জনপ্ৰিয়তাৰ পিছত এওঁলোক দৌৰিব লাগিছে । বহুসময়ত শিল্পীৰ অৰ্থ বুজি নোপোৱা তেনে গায়কক বৰ্তমানৰ সংবাদ মাধ্যমেও জোখতকৈ অধিক গুৰুত্ব দিয়া যেনহে অনুভৱ হয় । সংস্কৃতিৱান পৰিয়ালত জন্ম গ্ৰহণ কৰি নিজৰ আচৰনেৰে অসংস্কৃতিৱানৰ নমুনা দেখোওৱাৰ পিছত সংবাদ মাধ্যমসমূহেও তেওঁৰ অনুষ্ঠান প্ৰচাৰ কৰাৰ পৰা নিজকে বিৰত ৰাখিব লাগিছিল । কিন্তু বাস্তৱত সেইয়া ন''ল ।আমি কেৱল নৱপ্ৰজন্মৰ শিল্পীসকললৈকে আঙুলিয়ালে ন''ব ।এনে পৰিৱৰ্তনৰ বাবে কেৱল তেওঁলোককে দোষী সজালে ন''ব ।

আচল কথাটো হ'ল পূৰ্বৰ সমাজৰ পৰা বৰ্তমান সমাজখনৰ বহুখিনি পৰিৱৰ্তন হ'ল।পৰিৱৰ্তনৰ সোঁতত আনকি সলনি হ'ল সমাজৰ মানুহৰ ৰুচি-অভিৰুচিও।আমি অপ্ৰীতিকৰ বুলি ভবা কাৰ্যকলাপৰ প্ৰতি নৱপ্ৰজন্মৰ দৰ্শকৰ কোনো প্ৰতিক্ৰিয়া নাই। তেওঁলোক একেবাৰে নিৰ্বিকাৰ । এইখিনিতে প্ৰশ্ন হয় ,আজিৰ সময়চোৱাত প্ৰবীন সুদক্ষ অভিনেতা দিলীপ কুমাৰক চোৱা দৰ্শক অধিক হ'ব নে আমিৰ খান নাইবা ঋত্বিক ৰোচনক চোৱা দৰ্শক অধিক হ'ব ?ঠিক সেইদৰে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী নৱপ্ৰজন্মৰ গীতৰ পচন্দও আজি সলনি হ'ল ।পূৰ্বৰ শৈলীকে এতিয়াও খামুচি নাথাকি আজিৰ যুগৰ দৰ্শকৰ পচন্দৰ ওপৰত ভিত্তি কৰি গায়কে সংগীত পৰিবেশণ কৰিবলৈ ল'লে সেয়ে হয়তো ডি ৱাই মেডলীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হ'ল ।
প্ৰবীন সংগীত শিল্পীসকলৰ গীত শুনাতকৈ আজিৰ প্ৰজন্ম আগ্ৰহী নৱীন সংগীত শিল্পীৰ গীত শুনাত। নৱীন সংগীত শিল্পীয়ে নাচি-বাগি কৰা পৰিবেশণ শৈলীৰ প্ৰতি তেওঁলোক অধিক আকৰ্ষিত ।আনকি নিজেও লগতে নাচিবলৈকে যায় ।
বৰ্তমানৰ এইসকল দৰ্শকৰ ওচৰত টিকি থাকিবলৈকে হয়তো আজিৰ সংগীত শিল্পীসকলে তেওঁলোকৰ গীত আৰু পৰিবেশণ শৈলীক এনেধৰণেৰে গঢ়ি তুলিছে । বৰ্তমানৰ শ্ৰোতাসকলক লৈয়ে সংগীত শিল্পীসকলে সংগীত কৰিছে আৰু শ্রোতাই ও তাত মুগ্ধ হৈ আদৰি লৈছে । শ্ৰোতা-দৰ্শকে আদৰি ন'ললে সংগীত শিল্পী এজনে জানো জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে ?? লাগিলে সেইয়া সস্তীয়া জনপ্ৰিয়তাই হওঁক ।সঁচা অৰ্থত ক'বলৈ গ'লেএই সকলোবিলাকৰ বাবে সংগীত শিল্পীসকলৰ লগতে নিশ্চিতভাৱে আজিৰ সমাজৰ শ্ৰোতা-দৰ্শকো সমানেই জগৰীয়া ।

No comments:

Post a Comment