আপোনাৰ নাক কাটি ...
হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে অসমত
প্রথমবাৰৰ বাবে বিজেপি দলে চৰকাৰ গঠন কৰিলে ।ৰাইজে আশা কৰা ধৰণে অসমৰ ৰাজনীতিলৈ পৰিৱৰ্তন আহিল । বিজেপি দলৰ বিজয়ে নিশ্চিতভাৱে এক অভিলেখ গঢ়িলে । কিন্তু এইখিনিতে উল্লেখ্য যে ,বিজেপি দলৰ এসময়ৰ সক্ৰিয় কর্মী বুলি চর্চিত বহু কৰ্মকৰ্তাই দলীয় টিকট লাভত বিফল হৈ সমাজ সেৱাৰ নামত নিজাকৈ দল গঠন কৰি নিৰ্বাচনত অবৰ্তীন্ন হৈছিল । সেইদৰে কংগ্ৰেছৰ পৰা টিকট নেপালে বুলিয়েই কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থতে ক্ষমতা লাভৰ বাবে কংগ্ৰেছী কৰ্মকৰ্তা নাইবা নেতাই নিৰ্দলীয় ভাৱে নিৰ্বাচনত প্ৰাৰ্থী একোজনক অৱতীৰ্ণ কৰোৱাইছিল নাইবা নিজেই কৰিছিল । অপ্ৰিয় সত্য এইযে, নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত ভোট বিভাজনৰ বাবে কম সংখ্যক ভোটৰ ব্যৱধানত একোটা দলৰ প্ৰাৰ্থী বিজয়ী হয় নাইবা পৰাজয় বৰণ কৰিব লগা হয় ।কেৱল মাত্র দলীয় টিকট নোপোৱাত উফোন্দ পাতি ,নির্বাচন খেলাৰ অজু্াহাততে নিজাকৈ দল গঠন কৰি হ'লেও এসময়ত সক্রিয় কর্মী হিছাপে কাম কৰা দলৰ সৈতে নিৰ্বাচনত নামে প্রতিদ্বন্দীৰ ৰূপত । অৱশ্যে এই কথা স্বীকাৰ্য যে ,নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাতো এক গনতান্ত্রিক অধিকাৰ । সকলোৰে সেই অধিকাৰ আছে । পিছে আগৰে পৰা কোনো দলৰ পক্ষ নলৈ নিৰ্দলীয়ভাৱে যদি সমাজৰ কাম কৰি আন ৰাজনৈতিক দলসমূহৰ সৈতে প্ৰতিদ্বন্দিতা কৰিলেহঁতেন ,তেতিয়া কথাটো সুকিয়া আছিল । জাতি-মাটি সুৰক্ষাৰ বিষয়ক জলাঞ্জলি দি কেৱল ব্যক্তিগত স্বাৰ্থৰ খাতিৰতে ক্ষমতালোভী বদন বৰফুকনে অসমলৈ মান আনি দেশদ্ৰোহীতাৰ পৰিচয় দিছিল । ৰাইজক বিবুদ্ধিত পেলায়,নিজৰ স্বাৰ্থৰ বাবে, একালৰ সংক্রিয়কর্মী হিছাপে কাম কৰা দলৰ বিপক্ষে থিয় দি এইসকলে যে নিজৰ মাজতে একোজন বদনৰ পৰিচয় দিলে । পিছে আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰি এইসকলে পালে কি ? ৰাজনীতিৰ অবিহনে কি সমাজ সেৱা কৰিব নোৱাৰি নেকি ?সমাজ সেৱা কৰিবলৈ হ'লে ৰাজনীতিয়েই একমাত্র পথ নেকি ?****
No comments:
Post a Comment