পাৰস্পৰিক সহযোগিতা
অসমত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিলে।সূদীৰ্ঘ পোন্ধৰ বছৰৰ অন্তত অসমৰ ৰাজনীতিলৈ পৰিৱৰ্তন আহিল । বিজেপি চৰকাৰখনক লৈ অসমৰ ৰাইজ যথেষ্ট আশাবাদী কংগ্ৰেছ চৰকাৰৰ দিনত যিখিনি হৈ নুঠিল সেইখিনি বিজেপি চৰকাৰখনৰ পৰা পাব বুলি আশা কৰিয়েই অসমৰ ৰাইজে এইবাৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে ।পূৰ্বৰ ৰাজনৈতিক দলৰ নেতাসকলৰ দৰে ৰাইজৰ আশাত চেঁচা পানী ঢালি এইবাৰৰ ৰাজনৈতিক নেতাসকলে যেন কলংকিতইতিহাসৰ পুণৰাবৃত্তি নকৰে । আমি আশা ৰাখিছোঁ, অসমৰ ৰাজনৈতিক নেতাসকলে দূগুণ উৎসাহেৰে কাম কৰি ৰাইজে আশা কৰা ধৰণৰে অসমলৈ পৰিৱৰ্তন আনিব, বিজেপি চৰকাৰখনৰ ছত্র-ছাঁয়াতে অসমে উন্নতিৰ জখলাত আৰোহন কৰিব ।
অসমৰ জনগণেও বিজেপি চৰকাৰখনক কাম-কাজ আগুৱাই নিয়াত পূর্ণ সহযোগিতা আগবঢ়াব লাগিব । চৰকাৰৰ কাম-কাজত অসমৰ জনগণে দৃষ্টি ৰাখিব লাগিব।জনগণ সক্ৰিয় হ'লেহে চৰকাৰৰ কাম-কাজ সক্ৰিয় হৈ থাকিব । এইখিনিতে এটি অপ্রিয় সত্য এইযে, বহুসময়ত দেখিবলৈ পোৱা যায় ৰাজনৈতিক নেতাৰ সৈতে এলেকৰ পেলেক সম্বন্ধ বা মিতিৰ উলিয়াই এচাম সুবিধাবাদী চৰকাৰী কৰ্মচাৰীয়ে কামত ফাঁকি দিয়ে ,যথা সময়ত কাৰ্য্যালয়ত গৈ উপস্থিত নোহোৱাৰ লগতে মন গ'ল বুলিয়েই কাৰ্য্যালয়লৈ নহাকৈ থাকে নাইবা আহিলেও সোনকালে গুছি যায় । কাৰ্য্যালয়ৰ মুৰব্বীয়ে তেখেতসকলৰ তেনে কাৰ্যৰ বিৰোধিতা কৰিবলৈ গ'লে অমুক মন্ত্ৰী মোৰ তমূক হয়, তমূক বিধায়কজন মোৰ অমূক হয় ইত্যাদিধৰণৰ সস্তিয়া কথাৰে ওলোটাই মুৰব্বীজনকহে ভাবুকি প্ৰদান কৰে ।এইবোৰ আচলতে একেবাৰে নীতিবহিভূত কথা ।এনে কাৰ্যৰ দ্বাৰা কৰ্মচাৰীজনৰ লগতে উক্ত ৰাজনৈতিক নেতাজনো দূৰ্নামত পৰে ।এনেবোৰ কার্যৰ বাবে বহু আশাৰে জয়যুক্ত কৰা ৰাজনৈতিক নেতাজনক ৰাইজে বিপথে পৰিচালিত হোৱা বুলি ভাবিবলৈ বাধ্য হয় আৰু যাৰ বাবে নেতাজনৰ ব্যক্তিত্বত চেকা লাগে । অসমৰ উন্নতিৰ বাবে অসম চৰকাৰৰ সকলো কর্মচাৰীয়ে নিজৰ কর্ম-সংস্কৃতি বজাই চলিব লাগিব। অসমৰ ৰাইজে ইতিমধ্য নিশ্চয় জানিব পাৰিছে যে,বর্তমান অসমৰ মাননীয় মুখ্যমন্ত্রীজনে নিজেই অতিৰিক্ত সময় কাম কৰাৰ আর্হি দেখুবাই সকলোকে তাৰ আহ্বানো জনাইছে ।
এখন গণতান্ত্রিক দেশ তথা ৰাজ্যৰ উন্নতিৰ বাবে সমাজত বাস কৰা প্রতিজন ব্যক্তিৰে কিছুমান দায়বদ্ধতা আছে আৰু সকলোৱে সেইবোৰ মানি চলাটো
দৰকাৰ । জনতাই নির্বাচন কৰা প্রতিনিধিজন কাৰোবাৰ বাবে কেতিযাওঁ ব্যক্তিগত সুখ নাইবা ভোগ-বিলাস আহৰণ কৰাৰ মাধ্যম হ'ব নোৱাৰে । ৰাজনৈতিক নেতাজনক দেশৰ কল্যাণ সাধনৰ বাবে জনতাই নির্বাচন কৰা জনতাৰ প্রতিনিধি । তেখেতৰ দ্বাৰা সমাধান হোৱা সকলো কামতেই দেশ তথা ৰাজ্যৰ কল্যাণবিষয়টোক প্রথমে অগ্রাধিকাৰ দিব লাগিব।ৰাজনৈতিক নেতাসকলে সুকলমে নিজৰ দায়িত্ব পালন কৰাত সকলো ৰাইজে সহায়-সহযোগিতা কৰিব লাগিব । পাৰস্পৰিক সহযোগিতাৰ অবিহনে ৰাজনৈতিক নেতাসকল দায়িত্ব পালনত ব্যর্থহে হ'ব যিটো দেশৰ কাৰণে কোনো পধ্যেই শোভদায়ক নহব ।
মানসী বৰা ।
No comments:
Post a Comment