Saturday, July 9, 2016

১০/০৭/২০১৬ ৰ দৈনিক জনমভূমি কাকতৰ অৱকাশত প্রকাশিত

সপোনপুৰী

থিয় পাহাৰটো বগাই গৈ আছো ।গৈ গৈ একেবাৰ শিখৰ পাওঁ পাওঁ ।হঠাতে ভৰিৰ খোপনি কেনেবাকৈ ৰাখিব নোৱাৰি পিছল খাই তললৈ খহি যাবলৈ লওঁতেই তৎক্ষণাত শিল এটাতে হাতেৰে খামুচি ধৰিলো আৰু এক প্ৰকাৰ জিকাৰ খাই উঠি পিছ মহূৰ্ততে অনুভৱ কৰিলো মইচোন বিচনাত।বুকুখন যেন তেতিয়াও এক অজান ভয়ত কপি আছিল ।তেতিয়া হয়তো পিছ নিশা । ঘৰৰ সকলো সদস্য টোপনিত লালকাল দি আছিল । সপোন দেখিছিলো বুলি মনটো পতিয়ন নিয়াই দুনাই শুবলৈ যত্ন কৰিলোঁ ।
নাজানো কিয় ,মই প্ৰায়ে টোপনিত এই অদ্ভূত সপোনটোৰ লগতে আৰু বহুত কিবা কিবি সপোন দেখো । বেছিকৈ সপোন দেখি থাকো বাবে এটা সময়ত স্বপ্নফল বুলি সৰু কলেৱৰৰ এখন কিতাপও কিনি আনিছিলো ।কেতিয়াবা সপোন দেখি টোপনিতে মুখেৰে কথাও ওলাই যায় আৰু পিছ মুহূৰ্তত নিজেই সাৰ পাই যাওঁ ।টেলিভিচনৰ চনী চেনেলত সম্প্ৰচাৰ কৰা জনপ্ৰিয় ক্ৰাইম পেট্ৰল শীৰ্ষক ধাৰাবাহিকখন নিয়মিত ভাবে চোৱাটো মোৰ এক প্ৰকাৰ নিচা হৈছিল। আৰু গোটেই দিনটোৱেই এটাৰ পিছত এটা খণ্ড সম্প্ৰচাৰ কৰি থকা উক্ত ধাৰাবাহিকখন চোৱাৰ বাবে সপোনতে তাৰ অপৰাধজনক কাহিনীৰ নিচিনা কাহিনীৰ মাজত মই নিজকে পাওঁ । দেখো কোনোবাই বন্দী কৰি থৈছে ,আকৌ মোক মাৰিবলৈ খেদি আহিছে আৰু মই পলাইছো কিন্তু দৌৰিব পৰা নাই । সপোনতে আবুল তাবুল গাই এটা সময়ত মই সাৰ পাই যাওঁ । সপোনতে এক সংগ্ৰামত যুঁজদি আহো ।কেতিয়াবা ক'লা ক'লা সাপ কিছুমানে খেদি ফুৰা দেখো আৰু ভয়ত দৌৰি ফুৰো কিন্তু ভৰি আগলৈ নোযোৱা হয় । কেতিয়াবা দেখো বহুত ধুনীয়া ধুনীয়া কৈ সজাই থোৱা সুস্বাদু খাদ্য সম্ভাৰ আছে । মুখৰ আগতে থকা সেই খাদ্যবোৰ খাবলৈও লওঁ ,কিন্তু খাবলৈ নৌ পাওঁতেই সাৰ পাই যাওঁ ।সাৰ পাই তেতিয়া অজানিতে মনটো বেয়া লাগি যায় । ধেৎ তেৰিকা মূৰ্গীৰ ফ্ৰাই অকণমানো খাবলৈ নেপালো ।
কেতিয়াবা দেখো পৰীক্ষা হলত বহি আছো ।সকলোৱে লিখি আছে কিন্তু উত্তৰবোৰ পাৰো যদিও মই লিখিব পৰা নাই । পৰীক্ষা বহী দিবৰ হয় কিন্তু মোৰ এটা প্ৰশ্নৰ উত্তৰকে কৰি শেষ নহয় ।হাতখন বিষাই আৰু লাগি লাগি ধৰে ।মই ঘামি-জামি সাৰ পাই যাওঁ ।কেতিয়াবা সপোনত ধুনীয়া ধুনীয়া নতুন কাপোৰ কিনা দেখো । কেতিয়াবা আপোন মানুহ মৰা দেখো ,আকৌ ইতিমধ্যে মৃত্যু হোৱা আপোন মানুহ কিছুমানৰৰ লগত কথা পাতি থকা দেখো।কেতিয়াবা সমুখৰ দাঁতটো সৰি সোলী হোৱা দেখো আৰু মনৰ দুখত সপোনতে কান্দো ।সাঁতুৰিব নাজানো কিন্তু একেবাৰে নিজ বাহুবলে নদীত সাঁতুৰি থকা দেখো ।গাড়ী চলাব নাজানো কিন্তু ধুনীয়াকৈ গাড়ী চলাই ঘূৰি ফুৰা দেখো । বাইক চলাব নেজানো কিন্তু লগত কাৰোবাক উঠাইলৈ ঘূৰি ফুৰা দেখো ।এবাৰ মনত আছে স্কুলত পঢ়ি থকা দিনত মই পৰীক্ষাত বেয়া কৰা দেখি সপোনতে চিঞঁৰি চিঞঁৰি কান্দিছিলো ।ওচৰতে শুই থকা বাইদেউৱে সাৰ পাই মই সেইয়াযে কেৱল সপোন দেখিছো ,সঁচা নহয় তাক বুজালতহে মোৰ কান্দোন বন্ধ হৈছিল ।টোপনিত প্ৰায় সকলোৱে হয়তো মোৰ দৰে সপোন দেখে। সপোন দেখি থকা সময় চোৱাত কাহিনীবোৰ সঁচা সঁচা যেন লাগি যায় ।কলেজত পঢ়ি থাকোতে লগৰবোৰে কোৱা শুনিছিলো :বুদ্ধ পূৰ্ণিমাৰ নিশা গাৰুৰ তলত গোলাপ ফুল ভৰাই শোলে,যাৰ লগত বিয়া হ'ব লগা আছে সপোনত তেওঁকে দেখা পায়। পিছত কোনোবা এজনী ছোৱালীয়ে তেনেকৈ শুই চাইছিল যদিও সপোনত বোলে ধূতি পিন্ধা বৃদ্ধ এজনকহে দেখা পাইছিল । চুলি মেলি নাইবা বকুত হাত দি শোলে হেনো বেয়া সপোন দেখি ।সৰুতে কোনোবাই কৈছিল :কেনেবাকৈ বেয়া সপোন দেখিলে জুইৰ আগত বাহিমুখতে ভাল সপোন বুলি সপোনটো কৈ দিলে সেই সপোন নিস্ফল হয় ।
সপোনৰ বিষয়ে আমোদজনক কাহিনী এটি আছে ।এবাৰ নিশা ঘপহকৈ সাৰ পাই শুনিলো জ্যোতিসংগীত। লুইতৰে পানী যাবি অবৈ ….।এই নিশাখন জ্যোতিসংগীত ক'ত গাইছে,'ৰপৰা মাত আহিছে বুলি ভাবোতেই গম পালো সেই সুকণ্ঠী গায়িকাগৰাকী আমাৰ চেনেহৰ মাতৃদেৱীৰ বাদে আন কোনো নহয় ।টোপনি ভাগি যাব বুলি মুখেৰে নেমাতিলো।ভাবিলো অকণমান গাই নোগোৱা হ'ব।নাই,তেখেতৰ গান শেষেই নহয় ।এইবাৰ পিছৰ শাৰীটো গোৱাত লাগিল।সন্ধিয়া লুইতৰ পানী সোণোৱালী....।সম্পূৰ্ণ গাই শেষ কৰাৰ পিছত মনে মনে ৰোৱা দেখি গাত ধৰি জোকাৰি সুধিলো :কি হ'ল মা ?গলখেকাৰি এটা মাৰি মায়ে ক'লে মিতিঙত গান এটা গালো । তেওঁ কি্ন্তু সাৰ নেপালে ।সপোনপুৰীতে থাকিল।আৰু আমি আটাইবোৰে নিশাখন হাঁহি ৰখাব নোৱাৰা হ'লো ।

মানসী বৰা 

No comments:

Post a Comment