Thursday, May 26, 2016

২৭/০৫/২০১৬ ত জনসাধাৰন কাকতত প্রকাশিত

চিন্তাধাৰাৰ নমুনা

সময়ৰ লগে লগে যেন মানুহৰ মাজত থকা মৰম-চেনেহবোৰ কমি আহিব ধৰিছে ।পৰস্পৰ ঈৰ্ষা,খিয়লা-খিয়লি ঠগ-প্ৰবঞ্চনা আদিবোৰহে যেন ক্ৰমাৎ বাঢ়িব ধৰিছে ।
বৰ্তমান সময়ত সম্বন্ধবোৰৰ মাজত ভালপোৱা বৰ্তি থকাটো যেন জটিল।আন নেলাগে পাৰিবাৰিক সম্পৰ্কবোৰো পলকতে শেষ হৈ যায় । ভাঙি চূড়মাৰ হৈ যায় একালৰ সুদৃঢ় বান্ধোন । কিন্তু কিয় ?সম্পৰ্কবোৰ ইমানেই থুনুকা নে ?
সন্তানে পিতৃ-মাতৃৰ সৈতে সম্বন্ধ চিঙে ,ভাতৃয়ে ভাতৃৰে নাইবা ভগ্নিৰে সৈতেআকৌ বন্ধুৱে চিঙে বন্ধুৰে সম্পৰ্ক । সৰু সৰু কথাবোৰে যে পলকতে জটিল ৰোপ পৰিগ্ৰহ কৰে ,সৰু সৰু তৰ্ক-বিতৰ্কবোৰে ডাঙৰ যুদ্ধৰ সৃষ্টি কৰে ।
কথাবোৰ যেন আগৰ দৰে সহজ হৈ থকা নাই । সময়ৰ পৰিৱৰ্তনৰ সোঁতত আজি পিতৃ-মাতৃৰ দৰে একোটা সম্বন্ধক সন্তানে আপদ যেন পাই যাৰ বাবে পিতৃ-মাতৃ হয়গৈ বৃদ্ধাশ্ৰমৰ আশ্ৰিতা । মাটি-বাৰীলৈ ভাই-ককাইৰ মাজত কাজিয়া ,মাৰ-পিত আনকি হত্যাকাণ্ড পৰ্যন্ত সংঘটিত হৈছেগৈ । পৰিয়ালৰ মাজৰ প্ৰেম-ভালপোৱাবোৰৰ পৰিভাষা যেন সলনি হ'ল ।এখন ঘৰ ভাঙি দুই তিনিখন হয় ।মিলি-জুলি খোৱা মাঘৰ বিহুৰ উৰুকাৰ ভোজটো ঘৰতে খোৱা হ'ল । পৰস্পৰ খোৱা-কামোৰাবোৰ বাঢ়িল । পথাৰৰ সীমা ঠেকোৱালৈ অৰিয়াঅৰি ,হতাহতি । আগতে এটা সময়ত এখন গাঁৱৰ মানুহ মিলি-জুলি এটা পৰিয়াল যেন হৈ আছিল ।দিনটো ঘৰৰ পৰা ওলাই গ'লে কোনোবাখন ঘৰত যদি চাহ কোনোবাখন ঘৰত ভাত খাবলৈ টনা-আজোৰা চলিছিল । এতিয়া সকলো গাই গুটিয়া পেটে ভঁৰাল হ'ল ।সময়ৰ সোঁতত মানুহৰ চিন্তাধাৰাৰ বহু পৰিৱৰ্তন হ'ল ।আজি আমি নিজৰ সংস্কৃতি এৰি গ্ৰহণ কৰিছো আনৰ সংস্কৃতিক ।বাৰ্থডেৰ কেক কটাৰ পৰা ভেলেন্টাইন ডেউদ্ যাপন কৰালৈকে পাশ্চাত্য অনুকৰণ কৰিছো ঠিকেই পিছে পাশ্চাত্যৰ কৰ্মসংস্কৃতিক হ'লে অনুকৰণ কৰা নাই । বাৰীৰ চুকত মাটি কুৰি শাক-পাচলি কৰিবলৈ বেয়া পাওঁ কিন্তু ঘন্টাৰ পিছত ঘন্টা বহি চছিয়েল নেটৱৰ্কিং চাইটত আপলোড কৰা চেলফিত কিমান লাইক কমেন্ট পালোঁ তাক চাবলৈ ভাল পাওঁ । বিনাস্বাৰ্থত সহায় কৰোতা মানুহ নোহোৱা হৈছে । সময়ৰ লগে লগে আমি বেছিভাগ মানুহেই যেন মতলবী হৈ পৰিছো ।ৰাজনীতিবিদ ,সমাজকৰ্মীৰপৰা শিল্পীজনলৈকে বুলি বহুজনৰে মন যেন ব্যৱসায়ী হ'ল ।আচৰণবোৰও হ'ল বেপেৰুৱা ।বৰ্তমান সময়ৰ সোঁতত পৰোপকাৰী মানুহৰ সংখ্যা হ'লগৈ এপাচি শাকত এটা জালুক ।
সভ্য সমাজৰ ব্যক্তি হ'লেও অসভ্য আচৰণবোৰ যেন সীমা চেৰাই প্ৰকাশিত হৈছে । পুৱা বাতৰি-কাকতৰ শিৰোনামত মানুহৰ নিকৃষ্ট তথা বিকৃত আচৰণবোৰে বেছিকৈ ঠাই পাব লাগিছে।কথাবোৰ ভাবিলে হতাশ হওঁ।এইবোৰেই নেকি একবিংশ শতিকাৰ আধুনিক মানুহৰ চিন্তাধাৰাৰ নমুনা ?

মানসী বৰা । 

No comments:

Post a Comment