Friday, November 18, 2016

১৯/১১/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত....

আমাৰ আশা জগাই তোলা ভাল খবৰবোৰ

অলপতে নেটফ্লিক্সত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ অন্তর্গত চাৰিটা সাধুকথাৰ আধাৰত নির্মিত কথানদী চাবলৈ পালোঁ ।অসমীয়া চিনেমাৰ দুর্দিনত কথানদীয়ে নিশ্চয় আশাৰ বতৰা আনিলে । দুই এটি আঁসোৱাহ থাকিলেও ছবিখনত অভিনেতা-অভিনেত্রীসকলৰ অভিনয় আৰু কাৰিকৰী দিশ যথেষ্ট শক্তিশালী ।নেটফ্লিক্সত আগতে কেতিয়াও অসমীয়া ছবি চোৱাৰ সৌভাগ্য ঘটা নাছিল।কিন্তু এইবাৰ অসমীয়া ছবি এখন চাবলৈ পাই নিজে অসমীয়া হিছাপে যথেষ্ট সুখ আৰু গৌৰৱ অনুভৱ কৰিছোঁ ।

১৯৩১ চনত মুক্তি পোৱা ভাৰতৰ প্রথমখন সবাক ছবি আলম আৰাৰ প্রায় চাৰি বছৰ পিছতেই অর্থাৎ ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই নির্মান কৰা প্রথমখন অসমীয়া ছবি জয়মতীয়ে মুক্তি লাভ কৰিছিল । জয়মতীৰ কাহিনী লক্ষীনাথ বেজবৰুৱাৰ জয়মতী নাটকৰ আর্হিতে নির্মিত হৈছিল । সেইবছৰতেই অসমৰ সন্তান প্রমথেশ বৰুৱাই বাংলা ভাষাত দেৱদাস ছবিখন নির্মাণ কৰাৰ লগতে নিজেও দেৱদাসৰ ভুমিকাত অভিনয় কৰিছিল । ১৯৩৬ চনত উক্ত ছবিখনকে পুণৰ তেওঁ হিন্দীত নির্মাণ কৰিছিল । দেৱদাস ছবিৰ কাহিনী শৰৎচন্দ্র চেতার্জীৰ বাংলা উপন্যাসৰ আর্হিত নির্মিত ছবি।এইখিনিতে মন কৰিব লগীয়া কথাটো হ'ল ভাৰতীয় ছবি জগতৰ ইতিহাসৰ সৈতে প্ৰায় সমানেই খোজ দিছিল অসমীয়া ছবি আৰু অসমৰ সন্তানে ।
ড০ ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাৰে কল্পনা লাজমীয়ে নিৰ্মাণ কৰা(এক পল,দমন)বলিউডৰ ছবিত অসমীয়া সংষ্কৃতি সুন্দৰভাৱে দেখিবলৈ পোৱা যায়। আমি যিমানদূৰ জানো মণিৰত্নমৰ ছাহৰুখ খান আৰু মণীষা কৈৰালা অভিনীত"দিল চে" (১৯৯৮)ছবিখনৰ পটভুমি অসম আছিল । ইয়াৰ শ্বুটিং অসম আৰু অৰুণাচল প্ৰদেশৰ মনোমোহা ঠাইত সমাপন হৈছিল ।অলপতে নির্মিত বিশাল ভৰদ্বাজৰ ৰেংগুন(২০১৬)ছবিখনৰ শ্বুটিং অৰুণাচল প্রদেশৰ উপৰিও অসমৰ ধেমাজী জিলাত সম্পন্ন কৰা হয় । বলিউডৰ ছবি নির্মাতাৰ অসমত শ্বুটিং লোৱাৰ আগ্রহ সঁচাই অসমৰ বাবে সুখবৰ বুলিব পাৰি।
শেহতীয়াকৈ অসমৰ সুসন্তান বিশ্বজিৎ বৰাই নির্মাণ কৰা"এইচা য়ে জাহাঁছবিৰ শ্বুটিং অসমৰ গোলাঘাটত সম্পন্ন কৰা হয় ।উল্লেখ্য যে,এই ছবিখনেই ভাৰতৰ প্রথমখন কার্বন নিউট্রেল ছবি ।য'ত বিহুকে সামৰি অসমৰ বিভিন্ন দিশ দাঙি ধৰিবলৈ প্রয়াস কৰা হৈছে।ছবিখনত অসমীয়া শব্দৰো প্রয়োগ দেখা গৈছে ।এনেকৈয়ে যদি ভাৰতীয় ছবিত বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে সমৃদ্ধ অসমৰ ৰহনীয়া সংষ্কৃতি প্রকাশিত হয় তেন্তে তাৰ মাজেদিয়েই ৰাষ্ট্রীয় পর্য্যায়ত অসমৰ পৰিচয় প্রকাশিত হ'ব যেন মনে ধৰে।
সেইদৰে সংগীততো অসমৰ সন্তানে কৰা ভাল কামৰ বাবেই বলিউড ছবিৰ হিন্দী গীতত অসমীয়া শব্দৰ প্রয়োগ শুনিবলৈ পোৱা যায় ।যেনে:-জব উই মেট ছবিখনত"আলিকাটি জালি দিম বৰ পিৰা পাৰি দিম"আৰু খাট্টা মিঠা ছবিখনত"ব বগাকৈ ব বগলী ব বহলাই ব বহিছে ইত্যাদি ।
ইয়াৰোপৰিএমটিভি ক'ক ষ্টুডিঅ'ত অসমৰ সংগীত শিল্পীয়ে সুনাম অর্জন কৰা অসমৰ ৰাইজেপ্রত্য়ক্ষ কৰিছেই ।আকৌ এইবছৰ অৰ্থাৎ ২০১৬ বর্ষৰ শ্রেষ্ঠ ছাউণ্ড ইঞ্জিনীয়াৰৰ বঁটা অসমৰ সুসন্তান দেৱজিৎ চাংমাইয়ে লাভ কৰিবলৈ সক্ষম হৈছে ।বর্তমান অসমৰ কিছুমান সমস্যা আৰু পৰিবেশ-পৰিস্থিতিয়ে মনলৈ হতাশা আনিলেও এই ভাল খবৰবোৰে নতুন আশা সঞ্চাৰিত কৰি মনত দুগুণে প্ৰেৰণা যোগায় ।অসমৰ সন্তানৰ কৃতিত্ব অসম আৰু অসমীয়াৰ বাবে নিশ্চিতভাৱেভাল খবৰ হোৱাৰ লগতে গৌৰৱৰ কথা।ৰাষ্ট্রীয়-আন্ত:ৰাষ্ট্রীয় পর্য্যায়ত অসমীয়া সংস্কৃতি আৰু অসমৰ সন্তানৰ জনপ্রিয়তাৰ বিষয়ক লৈ আমিও যথেষ্ট আশাবাদী ।***

মানসী বৰা ।

No comments:

Post a Comment