শিশু দিৱসৰ চিন্তা
আজি যদি কোনো এজনক প্রশ্ন কৰা হয় তেওঁৰ বাবে জীৱনৰ আটাইতকৈ সুখৰ সময়
কোনখিনি ?তেন্তে তেওঁ বিনাদ্বিধাই স্বীকাৰ কৰিব সোণালী শৈশৱৰ দিনবোৰৰ কথা ।
জন্মতে কোনো ডাঙৰহৈ নাহে ।শিশু হিচাপে আমি সকলোৱে জীৱনৰ এটি সময় পাৰ কৰোঁ ।তাৰ লগতে পাৰ কৰোঁ খেল-ধেমালি ,ৰং-আনন্দ নাইবা ক্ষন্তেকীয়া ঠেহ-পেচেৰে, এটি চিন্তামুক্ত জীৱন ।
শৰীৰৰ আকাৰ বাঢ়ি লাহে-লাহে শিশু এটি এদিন ডাঙৰ হয় ।দৈহিক পৰিৱর্তণৰ সৈতে তাৰ চিন্তা-ধাৰাৰো পৰিৱর্তণ ঘটে ।শৰীৰৰ আকাৰ বাঢ়ি যোৱাৰ লগে লগে যদিও নুশুওৱা হয় শিশুসুলভ ঠেহ-পেচবোৰ তথাপি প্রতিজন ব্যক্তিৰে মাজত লুকাই থাকে এটি শিশুসুলভ মন । ডাঙৰ হোৱাৰ লগে লগে বাধ্যত পৰি সকলো ক্ষেত্রতে ডাঙৰৰ অভিনয় কৰিব লগা হয়, সেইয়া সঁচা কথা । কাৰোবাৰ ভিতৰৰ মনটোত কি সোমাই আছে সেইয়াটো কোনেও জুমি চাব নোৱাৰে ।নাইবা বাহিৰৰ পৰাও অনুমান লগাব নোৱাৰে ।আনহে নেলাগে আমিচোন নিজৰ মনটোৰ কথাকে বিভিন্ন সময়ত বুজি নেপাওঁ । মনটোৱে বিচৰা বহুবোৰ কাম বাস্তৱত আমি কৰিবও নোৱাৰো। মাথো বাধ্য হৈ সময়ৰ লগত খোজ মিলাই আমি চলিব ধৰো,নিতে কৰি যাওঁ সময়ৰ কাম ।সময়ক ধৰি ৰখাৰ সামৰ্থ কাৰো নাই ।
কিন্তু তথাপি মাজে মাজে আমাৰ মনটোত কিছুমান গোপন হেঁপাহে ভুমুকি মাৰে, অজানিতে ।যেনে:-বেলুন-পুতলাবোৰ দেখিলে এতিয়াওঁ ভাল লগা ,আনে নেদেখাকৈ হাতেৰে সেইবোৰ এনেই এবাৰ চুই চাবলৈ মন যোৱা, ৰঙা-নীলা মর্টন,টফিবোৰ খাবলৈ মন নগলেও চাই ভাল পোৱা ,আপোনজনে মৰম-আবদাৰ কৰিলে মনত সুখ অনুভৱ কৰা ,গা-অসুখ হ'লে নিজৰ আইজনীক কাষতে থকাটো বিচৰা, আলোচনীৰ অকণিৰ পৃষ্ঠা নাইবা মৌ-মেল পঢ়ি এতিয়াওঁ আনন্দ পোৱা ,আই- পিতাইৰ মৰমৰ ওপৰত এতিয়াওঁ অধিকাৰ সাব্যস্ত কৰিব খোজা এই সকলোবোৰ হেপাহতে লুকাই আছে আমাৰ শিশুসুলভ মনটি ,একালত হেৰাই যোৱা সেই নিস্পাপ শিশুটি ।
এই কথা স্বীকার্য যে সময়ৰ সোঁতত বর্তমান যুগৰ শিশু আৰু আগৰ শিশুসকলৰ মাজত যথেষ্ট পার্থক্য আহিল।আগৰ শিশুসকলৰ মাজৰ সৰলতাখিনি, বর্তমান যুগৰ শিশুসকলৰ মাজত যেন কিছু অভাৱ ।আজিৰ শিশুসকলৰ জীৱনত টেলিভিচন ,ইন্টাৰনেট আদিৰ মাত্রাধিক প্রভাৱে শিশুৰ মাজত থাকিব লগা সৰলতাখিনি যেন মষিমূৰ কৰি পেলাইছে ।প্রকৃতার্থত, শিশুসকলৰ সৰলতাইহে বহন কৰে শিশুৰ স্বভাৱসুলভ বৈশিষ্ট্য । শিশুৰ সৰলতাতেই নিহিতহৈ আছে শিশু দিৱসৰ প্রকৃত মাদকতা ।।*****
মানসী বৰা ।
No comments:
Post a Comment