এখন সংবাদপত্রৰ মৃত্যু
যদিও জোনাকীৰ পাতত নতুন ধাৰাৰে অসমীয়া ভাষা-সাহিত্য বিকশিত হৈ উঠিছিল, আমাৰ একালৰ নিষ্প্ৰাণ অসমীয়া ভাষাটিয়ে কিন্তু প্রাণ পাই উঠিছিল অৰুনোদইৰ পাততহে ।মুমুর্ষ অৱস্থাত থকা অসমীয়া ভাষাটি পুণৰোজ্জীৱিত কৰাৰ ক্ষেত্রত অৰুনোদইৰ যি বৰঙণি আছে তাক আমি কেতিয়াওঁ অস্বীকাৰ কৰিব নোৱাৰোঁ ।আমি অসমীয়াসকল সেই বাবে বেপ্তিচ মিচনেৰীসকলৰ ওচৰত চিৰঋণী ।অৰুনোদই-জোনাকীৰ পাছত অসমত বিভিন্ন সময়ত বিভিন্ন কাকত-আলোচনীৰ জন্ম হ'ল আৰু সময়ত সেইবিলাকৰ মৃত্যুও ঘটিল ।অসমীয়া সাহিত্যৰ বুৰঞ্জীত তাৰে কিছুমানৰ তথ্য আছে যদিও বহু কিছুমানৰ হয়তো সময়ৰ সোঁতত তথ্য হেৰাই গ'ল ।
যেতিয়া এখন সংবাদপত্রক জন্ম দিয়া হয় তেতিয়া এটি শিশুৰ দৰে তাৰ লালন পালন কৰা হয় । নিজ সন্তানৰ দৰে কোনো ত্রুটি নৰখাকৈ তাৰ যতন লোৱা হয় ।লাহে লাহে দিন যোৱাৰ লগে লগে সংবাদপত্রখনৰ লগত জড়িত পৰিয়ালটিৰো তাৰ প্রতি দায়িত্ব বাঢ়ি যায় আৰু তাৰ লগে লগে বাঢ়ি যায় আন্তৰিক দুৰ্বলতা ।
যেতিয়া সংবাদপত্ৰ এখনৰ হঠাতে মৃত্যু হয়, তাৰ সৈতে জড়িত পৰিয়ালটিয়ে হৃদয়ত যিদৰে মর্মান্তিক আঘাট পায়,তাৰ পাঠকজনেও কিন্তু এবুকু বেদনা অনুভৱ কৰে ।এখন সংবাদপত্ৰৰ মৃত্যু হ'লে কেৱল সেই সংবাদপত্রখনৰে মৃত্যু নহয় ; এখন সংবাদপত্ৰৰ মৃত্যু হ'লে তাৰ সৈতে জড়িত বিভিন্নজনৰ সপোনৰো মৃত্যু ঘটে ।
বর্তমান সময়ত বৈদ্যুতিন মাধ্যমৰ বহুল প্রসাৰনৰ বাবে কোনো ঘটনা সংঘটিত হোৱাৰ লগে লগে দ্রুতবেগত দৃশ্য-শ্রব্য ব্যৱস্থাৰে অধিক আকর্ষণীয় ৰূপত সেই সংবাদ জনসাধাৰণে চাব পৰা হ'ল। ইন্টাৰনেটৰ জৰিয়তে চ'চিয়েল মিডিয়াৰ বহুল প্রসাৰণৰ বাবে জনসমাজত যিকোনো বার্তা সহজে প্ৰচাৰিত হ'বলৈ ল'লে । আজি আমি ঘৰৰ ভিতৰত থাকিয়েই সমগ্র পৃথিৱীৰ খবৰ নিমিষতে পাব পৰা হ'লো । সেয়ে সংবাদপত্রৰ তুলনাত এইবিলাক জনসমাজত অধিক জনপ্রিয় হৈও পৰিল,যাৰ ফলস্বৰূপে ক্রমান্বে যেন হ্রাস পাবলৈ লাগিল সংবাদপত্রৰ চাহিদা ।
এখন সংবাদপত্র জীয়াই থাকিবলৈ হ'লে তলত উল্লেখ কৰা বিষয় দুটাৰ ওপৰত গুৰুত্ব আৰূপ কৰাটো অতি প্রয়োজন:-
ক) প্রকৃতার্থত ,এখন সংবাদপত্রৰ মূল চালিকা শক্তি হৈছে ইয়াৰ বিশ্বাসযোগ্যতা । বর্তমান সময়ত শিক্ষিত হাৰ বৃদ্ধিয়ে জনসাধাৰণৰ বৌদ্ধিক উত্তৰণ ঘটাইছে । পূর্বৰ তুলনাত আজিৰ জনসাধাৰনে সঁচা-মিছা ,ভুল -শুদ্ধ প্রায়বোৰ বিচাৰ কৰিব পৰা হ'ল । সেয়ে ,এখন সংবাদপত্র ৰাইজৰ বিশ্বাসভাজন হৈ থাকিব পাৰিলেহে সি আজিৰ দিনত টিকি থকাটো সম্ভৱ হ'ব ।
খ) বৰ্তমান সকলোতেই প্রতিযোগিতা । এই প্ৰতিযোগিতাৰ যুগত এখন সংবাদপত্রই কেৱল তাৰ বিক্রীৰ ওপৰতে নির্ভৰ কৰি থাকিলে নহ'ব । তাৰ লগতে ডিজিটেল মিডিয়া আৰু চ'চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ কৰি এখন সংবাদপত্রই বিকল্প আয়ৰ দ্বাৰা নিজৰ স্থিতি সবল কৰাত গুৰুত্ব আৰূপ কৰিব লাগিব ।
আমি সকলোৱে জানো,সুস্থ জনমত গঠনেৰে এখন সংবাদপত্রই সমাজলৈ বৰঙণি যোগাব পাৰে, সহস্ৰজনৰ সবল কণ্ঠহৈ পৰিৱর্তনৰ ঢৌ তুলিব পাৰে । সংবাদপত্র এখন বন্ধ হৈ যোৱাতো কিন্তু সৰু কথা নহয় । আমাৰ অসমীয়া ভাষাটিৰ বাবেও ই অতি পৰিতাপৰ বিষয় । যিহেতু এখন সংবাদপত্র কেৱল সংবাদ প্রৱাহৰে মাধ্যম নহয় ,ই আমাৰ ভাষা-সাহিত্য চর্চাৰো মাধ্যম ।।****
মানসী বৰা
No comments:
Post a Comment