যুৱক-যুৱতীৰ আত্মহনন আৰু অভিভাৱকৰ দায়িত্ব
বর্তমান সময়ত যুৱসমাজত যুৱউশৃংখলতাৰ লগতে বৃদ্ধি পাব লাগিছে আত্মহননৰ প্ৰৱনতা ।যুৱপ্ৰজন্মৰ মাজত দেখা দিয়া এই আত্মহনন প্রৱনতাই সমগ্র সমাজখনকে প্রভাৱিত কৰে ।শেহতীয়া এটি ভাৰতীয় সমীক্ষা অনুসৰি, প্রায় ১৫-২৯ বছৰ বয়সৰ প্ৰজন্মৰ মাজত এই আত্মহননৰ প্রৱণতা অধিক মাত্রাত দেখিবলৈ পোৱা যায় ।সমগ্র বিশ্বতেআত্মহননৰ ক্রমবর্ধিত প্রৱনতাৰ বাবে ১৯৬০ চনতে গঠন কৰা হৈছিল ইন্টাৰ্নেচনেল এচ'চিয়েচন ফৰ চুইচাইড প্ৰিভেনচন । প্রতি বছৰে এই অনুষ্ঠানে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে লগ হৈ ১০ চেপ্তেম্বৰ দিনটো ৱর্ল্ড চুইচাইড প্রিভেনচন ডে' হিচাপে লৈ আত্মহননৰ ভয়াবহ প্রৱনতা ৰোধৰ বাবে পদক্ষেপ গ্রহন কৰি আহিছে ।২০০৪ চনত নেচনেল ইনষ্টিটিউট অৱ মেন্টেল হেলথে দিয়া তথ্য অনুসৰি আমেৰিকাত যুৱসমাজৰ আত্মহননৰ প্রধান কাৰণ হ'লহতাশাৰ লগতে অন্যান্য মানসিক দূর্বলতা।
বর্তমানৰ যুগটো হ'ল প্রতিযোগিতাৰ যুগ ।প্ৰতিযোগিতাৰ দৌৰত ভাল দৰে দৌৰিব নোৱাৰিলে নাইবা ভবা মতে কেৰিয়াৰ গঢ়াত সফলতা লাভ কৰিব নোৱাৰিলে যুৱসমাজৰ মনলৈ আহি পৰে তীব্ৰ হতাশা আৰু ফলস্বৰোপে অৱলম্বন কৰে আত্মহননৰ ভয়ংকৰ পথ। সমাজৰ শৃংখলিত বান্ধোন চিঙি পিছমূহূর্ততে অনুসুচনাত দগ্ধ হৈও যুৱসমাজৰ বহুজনে বাছি লয় আত্মহননৰ পথ ।প্রকৃততে মানুহৰ মনটোৱেই মানুহৰ আচৰন তথা ক্রিয়া-কলাপসমূহ নিয়ন্ত্রণ কৰে। ঘৰুৱা পৰিৱেশৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশটোৱেও আমাৰ মনৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে । যুৱসমাজৰ মাজত দেখা দিয়া আত্মহননৰ প্রৱণতা প্রকৃতার্থত এক মানসিক ব্যাধি ।অসুস্থ মন এটাত সদায় অসুস্থ চিন্তাই বাহৰ পাতে । অসুস্থ তথা অশান্ত মনেৰে লোৱা সিদ্ধান্ত কেতিয়াওঁ উচিত সিদ্ধান্ত হব নোৱাৰে ।সুস্থ পৰিবেশৰ মাজতহে সন্তানৰ সুস্থ মানসিকতা গঢ় লয় উঠে । নিজৰ সন্তানক এটি সুস্থ পৰিৱেশ দিয়াটো আমাৰপ্রত্যেকজন অভিভাৱকৰে দায়িত্ব । অভিভাৱকসকলে তলত উল্লেখিত উপায়সমূহ অৱলম্বন কৰিলে যুৱপ্ৰজন্মৰ মাজত দেখা দিয়া এই আত্মহননৰ প্রৱণতা বহু পৰিমাণে হ্রাস হ'ব বুলি আশা কৰিব পাৰি ।
ক/ সন্তাটিক সৰুৰে পৰাই যোগাভ্যাস আৰু প্রাণায়ামৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰি নিয়মিতভাৱে তাৰ চর্চা কৰাব লাগে। ইয়াৰ ফলত সন্তাটিৰ মনত ইতিবাচক চিন্তাৰ প্রৱাহ ঘটিব।
খ/শিশু অৱস্থাতে খেলজগতৰ সৈতে পৰিচয় কৰোৱাই সন্তানটিক খেলিবলৈ উৎসাহিত কৰিব লাগে। খেল খেলোতে কেতিয়াবা জিকিব আৰু কেতিয়াবা হাৰিব ।হৰা অভিজ্ঞতাৰ জৰিয়তে সন্তানটিয়ে জীৱনত জটিল সময়বোৰ সহজভাৱে ল'বলৈ শিকিব ।
গ/ সৰুৰে পৰাই সন্তানক নীতিশিক্ষাৰ পাঠ শিকাব লাগে।ই সন্তানটিৰ মানৱীয় গুণসমূহৰ বিকাশত সহায় কৰিব।
ঘ/ পিতৃ-মাতৃয়ে সন্তানৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ কৰি প্রয়োজন সাপেক্ষহে শাসন কৰিব লাগে। অতিমাত্রা শাসনও বহুসময়ত বিপদজনক।
ঙ/কেতিয়াওঁ সন্তানটোক নিসংগতা অনুভৱ কৰিবলৈ নিদিব ।নিসংগতাই মনলৈ হতাশা আনিব পাৰে।
চ/পিতৃ-মাতৃয়ে বিচৰা বিষয়টো সন্তানক পঢ়িবলৈ বাধ্য নকৰি .সন্তানে নিজে ভাল পোৱা বিষয়টোহে পঢ়িবলৈ সুবিধা কৰি দিব ।
ছ/কম নম্বৰ পালে বুলিয়েই সন্তানক ইতিকিং নাইবা অবজ্ঞা নকৰি সদায় সাহস যোগাব। প্রেৰণাদায়ক কথাৰে সন্তানক উৎসাহিত কৰিব । কেতিয়াও নিজৰ সন্তানটিক আনৰ সৈতে তুলনা নকৰিব ।
জ/সন্তানটিক হতাশগ্রস্ত যেন দেখিলে পলম নকৰি মানসিক চিকিৎসকৰ সৈতে পৰামর্শ কৰিব । কেতিয়াও মানসিক চিকিৎসকৰ ওচৰলৈ যোৱাটো লাজৰ কথা বুলি গণ্য নকৰিব।
শেষত কওঁ, সাৱধানতাই সকলো সমস্যা ৰোধ কৰিব পাৰে।আত্মহননৰ এই ভয়াবহ সমস্যা সমাধানৰ বাবে আমাৰ সমাজখনে সচেতনতা অৱলম্বন কৰা উচিত। আমাৰ উঠি অহা যুৱসমাজে সদায় এইষাৰ কথাকে সোঁৱৰি আগবাঢ়ি যোৱা উচিত :-
জীৱনত কৰা সকলোবোৰ ভুলেই তুচ্ছ,কেৱল জীৱনটোহে মূল্যৱান।।***
মানসী বৰা ।
No comments:
Post a Comment