আপোন মানুহৰ আপোনতা
"অচিন হৈও চিনাকি তুমি ,বুকুৰ কুটুম অসমৰ ভাই ,মুখত সুৱদি সুৰীয়া মাত আই অসমী
য'তেই নেপাওঁ তোমাক, পৰ হৈও আপোন তুমি ।"-প্ৰবাসত অসমীয়া মানুহ পালে মনটো ভাল লাগি যায় । এনে লাগে যেন ঘৰৰ মানুহকহে লগ পালো । স্বামীৰ চাকৰি সূত্রে আমি কিছুদিন বেংগালুৰুত আছিলো । বেংগালুৰুৰ কেইবাটাও শ্বপিং মলত বিভিন্ন সময়ত বজাৰ সমাৰ কৰিবলৈ যাওঁতে তাত কাম কৰা অসমীয়া ল'ৰা কেইবাজনকো লগ পাইছিলো । অসমৰ পৰা বেংগালুৰুলৈ কর্মসংস্থাপন বিচাৰি আহি তেওঁলোকে তেনেদৰেই কামত নিজকে নিয়োজিত কৰি ৰাখিছিল । স্বামীৰ সৈতে আমাৰ কথোপকথন শুনি আমাকঅসমীয়া বুলি চিনিব পাৰিছিল আৰু ওচৰ চাপি আহি সেয়ে আমাৰ সৈতে পৰিচয় হৈছিলহি । কথা-বতৰা পাতি গম পালোঁ আমাৰ উজনিৰ ফালৰ ল'ৰা । সামগ্রী ক্রয় কৰা কামত আমাক যথেষ্টখিনি সহায়ও কৰিছিল ।ল'ৰাকেইজনৰ ব্যৱহাৰ দেখি মুগ্ধ হ'লো ।
আকৌ এবাৰ বজাৰ কৰিবলৈ স্বামীয়ে মোক আৰু এখন দোকানলৈ লৈ গৈছিল ।এখন কাপোৰৰ দোকান । দোকানখনত সোমোৱাৰ লগে লগে দেখিলেই মৰমলগা সৰু ল'ৰা এটাই বৰ আদৰ সাদৰ কৰিছিল । বেংগালুৰুত থকা কালতে ল'ৰাজনৰ সৈতে স্বামীৰ পৰিচয় ঘটিছিল । স্বামীক দাদা বুলি মাতে বাবে আমাৰ সৈতে "নবৌ" বুলি সম্বোধন ধৰি নমস্কাৰ দি পৰিচয় হৈছিল ।সকলো সামগ্রীতে নুন্যতম মুল্যত বিক্রী কৰা উক্ত দোকানখন কিন্তু ল'ৰাজনৰ নিজৰ দোকান নাছিল ।সেই দোকানৰ তেওঁ মাথো কর্মচাৰীহে আছিল । জন্মসূত্রে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ উক্ত ল'ৰাজনৰ অমায়িকতা দেখি ভাল লাগিল । কাম কৰি খোৱাৰ লক্ষণ আছে । নিজে অসমীয়া বাবেই হয়তো আমাৰ নিচিনাকৈ ল'ৰাজনৰো মনত আমাৰ প্রতি আপোন ভাৱ জাগি উঠিছিল ।
ইয়াৰোপৰি বেংগালুৰুতে গামচ ডেলিকেচি আৰু অসমী নামৰ দুখন অসমীয়া ৰেষ্টুৰাট খাবলৈও গৈছিলোঁ য'ত কর্মৰত কেইবাজনো অসমীয়া কর্মচাৰীক লগ পাইছিলোঁ ।বাহিৰত কাম কৰি থাকি উপার্জন কৰা অসমীয়া ল'ৰাবিলাকৰ সেই আপোন আপোন ব্যৱহাৰ দেখি ভাল লাগিল ।এইকথা স্বীকার্য যে, বস্তুবাদী পৃথিৱীত মানু্হৰ বাবে মানুহৰে ভাবিবলৈ সময় নোহোৱা হ'ল । সকলো যেন নিজৰ মাজতে বিভূল । কিন্তু পার্থিৱ ভোগ-বিলাসত ব্যস্ত আজিৰ মানু্হৰ মাজত যে এতিয়াও পৰোপকাৰী মানুহ আছে সেই কথা প্রকাশ নকৰিলে যে কৃতঘ্নতাৰ দোষে চুব ।
যোৱা বছৰৰ ঘটনা । বিদেশ ভ্রমণ বুলি শুনিবলৈ ভালেই লাগিছিল যদিও নিজৰ ঘৰখনৰ লগতে আপোন মানুহখিনিক বহুদিনৰ বাবে এৰি থৈ নিজ দেশৰ পৰা আহিব লগা হোৱাত মনত অজান বিষাদ এটাই হেঁচা মাৰি ধৰিছিল । স্বদেশৰ মোহত অসমীয়া প্ৰিয় সাহিত্যিকৰ কেইখনমান কিতাপকে বেগত ভৰাই লৈছিলোঁ । পিছে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বুলি বেংগালুৰুৰ বিমান বন্দৰত আমাৰ চাৰিটা ডাঙৰ ডাঙৰ বস্তু-বাহনিৰ বেগৰ ওজন কৰাওতে বিপাঙত পৰিলোঁ । প্ৰতিটো বেগতে অতিৰিক্ত চাৰি-পাঁচ কিলো ওজন ওলাল । আন্তৰ্জাতিক বিমানত ভাৰতীয় হিচাপত আমি তাৰবাবে অতিৰিক্ত প্ৰায় ত্রিছহেজাৰ টকা পৰিশোধ কৰিব লাগিব বুলি জনালে । সেই বোজা শকত পকাবন্ধা কিতাপখিনিৰ পৰাইযে হৈছিল আমাৰ বুজিবলৈ বাকী নাছিল । কিন্তু কৰা যায় কি ? যথেষ্ট বিপাঙত পৰিলো । এৰিবও নোৱাৰো ধৰিবও নোৱাৰোঁ । ইফালে বিদেশত নেপাম বুলি জানিয়েই কিমান যে আশাৰে কিতাপখিনি আনিছিলোঁ ! স্বামীৰ সৈতে কি কৰিম কি নকৰিম বুলি কথাবোৰ গুণাগথা কৰি থাকোতেই হ্ঠাতে কোমল বয়সৰ ল'ৰা এজন আমাৰ কাষ চাপি আহিল । আহিয়েই স্বামীক সুধিলে :আপোনালোক বাৰু অসমৰ নেকি ? অচিনাকি পৰিবেশত অচিন মাত কথাৰ মাজত অসমীয়া মাতষাৰ শুনি মনটো ভাল লাগি গ'ল । হয়, বুলি উত্তৰটো দিয়াৰ লগে লগে ল'ৰাজনেও উৎসাহেৰে ক'লে তেওঁৰো ঘৰ বোলে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত ,বৰ্তমান বেংগালুৰুৰ বিমানবন্দৰত কর্মৰত বাবে বেংগালুৰুতে থাকে ।অসমীয়াত কথা পতা শুনিয়েই হয়তো তেওঁ আহি আমাৰ সৈতে চিনাকি হৈছিলহি। প্ৰবাসত অসমৰ ল'ৰাজনক পাই আমাৰো বৰ আপোন আপোন লাগিল । আমাৰ সমস্যাটোৰ বিষয়ে তেওঁক জনালোঁ । অলপো পলম নকৰি ল'ৰাজনে তেওঁৰ ওচৰতে কিতাপখিনি থৈ যাব পাৰিম বুলি কৈ পেলালে আৰু আমাৰ যেতিয়াই সুবিধা হয় তেতিয়াই কিতাপখিনি লৈ ল'ব পাৰিম বুলিও জনালে ।এদিনৰ চিনাকি ল'ৰাজনৰ কথা শুনি বুজাব নোৱাৰাকৈ মনটো ভাল লাগি গৈছিল । পৰোপকাৰী মানুহ যে এতিয়াও পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱা নাই তাৰেই যেন এক উৎকৃষ্ট আর্হি দাঙি ধৰিলে অসমৰ তিনিচুকীয়াৰ সেই ল'ৰাজনে ।
ভাল লগা কথাটো হ'ল যে কোৱা মতেই ল'ৰাজনে কাম কৰিও দেখুৱালে । আমেৰিকাত চাকৰি সুত্রে থকা স্বামীৰ সহপাঠী অসমৰ বন্ধু এজন এইবাৰ অসমৰ ঘৰৰ পৰা উভটি অহাৰ সময়ত বেংগালুৰুৰ বিমান বন্দৰত লগ কৰি তেওঁৰ হাততে কিতাপখিনি ল'ৰাজনে দিও পঠিয়ালে । হেপাহৰ কিতাপখিনি কাষতে পাই মনটো ভাল লাগি গ'ল । কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাই।
কিন্তু এটা কথা সত্য যে একেখন ঠাইত থাকিও পিৰালি চুকৰ মানুহঘৰৰ মাজত আন্তৰিকতাৰ অভাৱ ঘটিব পাৰে কিন্তু স্বভূমিৰ পৰা আঁতৰি বেলেগ ঠাইত থাকিব লগা হ'লে একেখন ঠাইৰে মানুহ বুলি স্বয়ংক্রিয় ভাৱে এক আন্তৰিক সম্পর্ক গঢ় লৈ উঠিব
পাৰে ।অচিন হৈও হৃদয়ৰ অতিকে চিনাকি আপোন যেন লগা হ'ব পাৰে । সঁচা অর্থত সেইয়াই আপোন মানুহৰ আপোনতা ।*****
মানসী বৰা ।
No comments:
Post a Comment