দিপাৱলীৰ চিন্তা
শাৰদীয় সুৱাসভৰা অন্যতম উৎসৱ হ'ল দিপাৱলী বা দেৱালী । অমাৱস্যাৰ এন্ধাৰত পোহৰৰ বিজয় সুনিশ্চিত কৰি দেৱালীৰ সন্ধ্যা চৌদিশে বন্তি প্রজ্জ্বলন কৰা হয় ।সেয়ে পোহৰৰ উৎসৱ হিছাপে পৰিচিত দেৱালীৰ এক সুকীয়া সৌন্দৰ্য আছে ।
গ্রাম্যঞ্চলত বাদদি নগৰাঞ্চলত দেৱালীৰ দিনা অন্য এক ৰূপেই দেখিবলৈ পোৱা যায় ।সেইদিনা বিভিন্ন আর্হিৰ ডেক'ৰেটিভ লাইটৰ বাহাৰত সুউচ্চ অট্টালিকাবোৰ জিলিকি উঠে ।চাৰিওফালে চকু চাট মাৰি ধৰাকৈ ৰমক-জমক সাজ-সজ্জা ।এই জাক-জমকতা আকৌ চেৰাই যায় যেতিয়া ব'ম ফটকা আদি বিভিন্ন আতচবাজিৰ কাণ তালমৰা বিয়াগুম শব্দই অসুস্থজনৰ বুকুৰ বিষ তোলে ।বিশেষকৈ হৃদৰোগী ,বৃদ্ধ আৰু শিশুসকল অধিক ভোক্তভোগী । শেষ নিশালৈকে যেতিয়া সেই শব্দবোৰৰ অন্ত নপৰে সেইসকলৰ বাবে দেৱালী যেন পোহৰৰ উৎসৱ নহৈ, হৈ পৰে এক অভিশাপ।পোহৰ নেদেখি চকুৰ সমুখত সেইসকলে যেন অন্ধকাৰ দেখিবলৈ লয় ।
ইয়াৰোপৰি,এই ধুনীয়া পৃথিৰীখনত কেৱল আমি অহংকাৰী মানুহবোৰেই বাস নকৰোঁ। আমাৰ লগতে বিভিন্ন চৰাই-চিৰিকটি,জীৱ-জন্তু,গছ-গছনি য়েও বাস কৰে। সিহঁতৰ শান্তি-ভংগ কৰাৰ অধিকাৰ আমাৰ নাই ।কাৰণ ধুনীয়া পৃথিৱীখন সিহঁতৰো ।এই বোমা-ফটকাবোৰ বাৰু আমি কমকৈ ব্যৱহাৰ কৰিব নোৱাৰিনে ?দেৱালীক কেৱল পোহৰৰ উৎসৱ কৰি ৰাখিব নোৱাৰোনে?আজিকালি দেৱালীক আমি মানুহবোৰে যেন ব'ম,ফটকাৰ উৎসৱ কৰি পেলাইছোঁ । দেৱালীৰ পৱিত্রতা কিন্তু তেল শলিতাৰে জ্বলোৱা বন্তিগছিতহে সীমাবদ্ধ ।সেই বন্তিগছিতে জড়িত হৈ আছে জগতৰ মংগল কামনা আৰু বন্তিৰ শিখাৰে চৌদিশ আলোকিত হোৱাতেই আছে দেৱালী উৎসৱৰ প্রকৃত মাদকতা।সমগ্র পৃথিৱীৰ সুখ-শান্তিৰ বাবে নিৰৱে শিখা কঁপাই জ্বলি থকা মাটি চাকিটিৰ দৰে আমি বাৰু শান্তিপূর্ণ দেৱালী কামনা কৰিব নোৱাৰোনে ?****
No comments:
Post a Comment