অসমৰ পৰিচয়
আমি থকা আবাসী এলেকাত বহুতো ভাৰতীয়ই বাস কৰে । ভাৰতৰ বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলক দেখিলে ঘপহকৈ কেতিয়াবা ভাৰতত আছো যেনেই লাগি যায় । ইয়ালৈ অহাৰ আগেয়ে শুনিছিলো ,আমেৰিকাত বহুতো অসমীয়া আছে । সঁচা কথা, আমেৰিকা যুক্তৰাষ্ট্রৰ অন্তৰ্গত বিভিন্ন ৰাষ্ট্রৰ বিভিন্ন ঠাইত অসমীয়া পৰিয়ালে বাস কৰি আছে ।অথচ দুখৰ বিষয় এই যে আমি থকা ঠাইখনত এতিয়ালৈকে এটাও অসমীয়া পৰিয়াল পোৱা নাই ।অসমীয়া মানুহ লগ পাইছানে ,? তাতটো বহুত অসমীয়া মানুহ আছে ? এনেকৈয়ে অসমৰ পৰা বহুজনে কেতিয়াবা প্রশ্নও কৰে ।নিজৰ আপোন ভাষাটোত মনৰ ভাৱ ভাগবাটোৱাৰা কৰিবলৈ নোপোৱাৰ দুখ এটা বুকুৰ কোনোবা কোণতে সোমাই আছে যদিও নিজকে ইয়াৰ পৰিবেশৰ লগত মিলাই চলি আছোঁ ।ৰসাল কথাটো হ'ল, ইয়াৰে বাংলা পৰিয়াল এটাৰ ঘৰত এদিন বাংলা ভাষাত লিখা দুটামান কবিতাৰ শাৰী পঢ়োতেই মই প্রশংসাৰ পাত্রী হৈ পৰিছিলোঁ । কাৰণ মই অসমীয়া হৈ বাংলা পঢ়িব পাৰিছিলোঁ ।কথাপাতি গম পালোঁ তেওঁলোকে অসমীয়া আৰু বাংলা লিপিৰ সাদৃশ্যৰ কথা নেজানিছিল । অথচ অসমীয়া সাহিত্যত স্নাতকোত্তৰ কৰাৰ সময়ত আমি বাংলা সাহিত্যও অধ্যয়ণ কৰিব লগা হৈছিলোঁ ।
ইয়াত লগ পোৱা ভাৰতীয়খিনিৰ সমুখত আমি নিজৰ পৰিচয়টি যেতিয়া অসমীয়া বুলি দিওঁ কোনোজনে আমাক পশ্চিমবংগৰ নেকি বুলিহে প্রশ্ন কৰে । মানে তেখেতসকলৰ বাবে অসম চিনাকি নহলেও পশ্চিমবংগখন চিনাকি ।কিছুমানক আকৌ পশ্চিমবংগৰ নহয় বুলিলে কয় : একেই আৰু ।আমাৰ দৃষ্টিত ইয়াত লগ পোৱা উত্তৰপ্রদেশ,গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, তামিলনাডু ,কর্ণাটক,অন্ধ্ৰপ্রদেশ, বিহাৰ আদি ৰাজ্যৰ বাসিন্দাসকল তেনেই চিনাকি যদিও তেওঁলোকৰ কিছুমানৰ দৃষ্টিত আমাৰ অসমখন আজিও অচিনাকি ।ভাবিলে দুখ লাগে যেতিয়া নিজকে অসমৰ নাইবা অসমীয়া বুলিলে কোনোজনে অসমৰ নামটিকে শুনা নাই বুলি কয় । অৱশ্যে ভাৰতীয়খিনিৰে কোনো কোনোজনে অসমক চিনি নেপালেও কোনোজনে আকৌ অসম চাহৰ বাবে বিখ্যাত বুলিও জানে। জানে কামাখ্যা মন্দিৰৰ কথা । তেতিয়া যে মনতো আনন্দৰে ভৰি পৰে ।
No comments:
Post a Comment