Wednesday, October 19, 2016

২০/১০/২০১৬ তাৰিখে "আমাৰ অসম" কাকতত প্রকাশিত

তামোলৰ পিক ,স্বচ্ছতা আৰু কিছু চিন্তা

ৰাইজে নখ জোকাৰিলে নৈ বয় । এজনে অকলে কৰিব নোৱৰা কাম এটা বহুজনে এক গোটহৈ কৰিলে সেই কাম সহজ সাধ্য হৈ উঠে ।প্রতিবছৰে বাৰিষা বানপানীৰ সময়ত ৰাইজৰ পৰা অনুদান লৈ অসমত বিভিন্ন গোট নাইবা সংগঠনে পীড়িত সকলক সাহর্য প্রদান কৰি অহা আমি আটায়ে প্রত্য়ক্ষ কৰি আহিছোঁ । কিছুদিনপূর্বে অসমৰ বিভিন্ন জিলাৰ বিভিন্নজনে হোৱাটচএপফে'চবুকৰ জৰিয়তে চিনাকি হৈ এটি সামাজিক গোট খুলি একত্রিত হৈ বৃক্ষৰোপনৰ কার্যসূচী ৰূপায়ন কৰা সম্পর্কে ফে'চবুকতে দেখিবলৈ পাইছিলোঁ ।এনেকৈ একগোট হৈ মহান উদ্দেশ্য সাধনৰ কাৰণে লোৱা পদক্ষপ সঁচাই অতি প্রশংসনীয় ।
এইখিনিতে আন এটি কথা সংযোগ কৰিব খুজিছো ।আমেৰিকা যুক্তৰাষ্ট্রৰ পৰিস্কাৰ পৰিচন্নতাই আমাক আকর্ষণ কৰে । ইয়াৰ বাসিন্দাসকল ইয়াৰ প্রতি সচেতন । ইয়াত কর্মৰত কৰ্মচাৰীসকলক নিয়মিতভাৱে অফিচৰ কামৰ পৰা অব্যাহতি দি সাৰ্বজনীন সেৱা কমিউনিটি চার্ভিচ কৰিবলৈ দিয়া হয় ।কমিউনিটি চার্ভিচ হ'ল কোনো এটা অঞ্চললৈ গৈ হাতে-কামে কৰা চাফাই অভিযান ।এনেধৰণৰ চাফাই অভিযানে নিশ্চিতভাৱে মানুহৰ মাজত পৰিস্কাৰ-পৰিচন্নতাৰ এক মানসিকতা গঢ় লৈ উঠাত সহায় কৰে। এই কার্যই ঠাই এখনৰ একোজন বাসিন্দা হিচাপে ঠাইখনৰ প্ৰতি থকা দায়বদ্ধতাকো সুনিশ্চিত কৰে।আমাৰ অসমত আকৌ আমি মানুহবোৰে কিবা কিবি খাই পেকেট কাগজবোৰ ডাষ্টবিনত পেলোৱাৰ পৰিৱর্তে য'তে ত'তে পেলাই দিওঁ ।আনকি তামোল ,জর্দাপানপান-মচলা আদিবোৰ খাইও য'তে-'তে পিকাই ঠাইবোৰ লেতেৰা কৰোঁ ।এই বদ অভ্যাসৰ পৰিণামতে অতি সন্মানৰ তথা আদৰৰ বস্তু তামোল-পানৰ ব্যৱহাৰ আজিকালি আমাৰ বিবাহ-বাহৰ বিলাকতো নিসিদ্ধ হৈ পৰিছে । আমি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত পাশ্চাত্যৰ অন্ধ অনুকৰণক সমালোচনা কৰি আহিছোঁ ।কিন্তু কমিউনিটি চার্ভিচৰ দৰে ইতিবাচক দিশৰ অনুকৰণ সঁচাই গ্রহনযোগ্য । আমেৰিকা যুক্তৰাষ্ট্রৰ এনে আর্হি আমাৰ অসমতো গ্রহন কৰিব পাৰে ।বিশেষকৈ অসমৰ অফিচ-কাছাৰীৰ চুকে-কোণে দৃষ্টিকটুভাৱে লাগি থকা তামোলৰ পিকৰ দাগবোৰকে এদিনৰ বাবে কর্মচাৰীসকলক পৰিস্কাৰ কৰিবলৈ দিলে নিশ্চিতভাৱে পৰিস্কাৰ পৰিচন্নতা বজাই ৰখাৰ প্রতি তেখেতসকল সজাগ হ'ব । নিজে লেতেৰা নকৰাৰ লগতে আনে কৰাৰ ক্ষেত্রতো বাধা প্রদান কৰিব । স্বাভাৱিকতে ইয়াৰ দ্বাৰা সকলোৰে মাজত চাফ-চিকুণতাৰ প্ৰতি সচেতনতা বৃদ্ধি পাব । তামোলৰ পিকবোৰ নোহোৱা হ'লেই বহুপৰিমাণে অসমত স্বচ্ছ অভিযানো সফল হ'ব যেন লাগে। ****

No comments:

Post a Comment