বয়সৰ আঁচোৰ আৰু প্রযুক্তিৰ ব্যৱহাৰ
ডেকাতেজৰ শক্তি আৰু উৎসাহ উদ্দীপনাৰ কোনো সীমা নথকাৰ দৰে বয়স বাঢ়ি অহাৰ লগে লগে যেন ক্ৰমান্বে দৈহিক শক্তিৰ লগতে তুতি আহে মানসিকস্পৃহা তথা মগজুৰ কার্যক্ষমতা । বয়সৰ আঁচোৰত ওচৰ যেন লগা বাটবোৰ হঠাতে দূৰ যেন লগা হয় ,নতুন কথাবোৰ শিকাত এলাহৰ লগতে ক্রমহ্রাসমান স্মৃতি শক্তিয়ে হেঙাৰ হৈ থিয় দিয়া হয় আৰু তাৰ লগে লগে যেন জটিল হ'বলৈ লয় সহজ হ'ব লগা কথাবোৰো।
এটা সময়ত সেই দুখন হাতেৰে অফিচ কাছাৰীত হাতে লিখি কিমানটা ফাইল যুগুত কৰি হৈছিল তাৰ হয়তো কোনো হিচাপ নাছিল কিন্তু অফিচৰ কোঠাত কম্পিউটাৰ ইন্টাৰনেটৰ প্রৱেশ যেন হঠাতে এচামৰ বাবে মূৰৰ কামোৰনি হৈ পৰিল । টাইপ ৰাইটাৰত একে কেইটা আঙুলিৰ তীব্র বেগ কম্পিউটাৰৰ কিবোর্ডত যেন আহি স্থবিৰ হৈ পৰিল ।নিশিকিলেই নোহোৱা এইবোৰ কামে অলপ চাপ দিয়েনে বাৰু ? দৰমহাৰ টকা কেইটা নাইবা জমা পইচা কেইটা বেংকৰ পৰা উলিয়াবলৈ ওইথড্রোৱেল ফর্মত চহী কৰা সেই দিনবোৰ পলকতে অতীত হৈ পৰিল ।
অপ্রিয় সত্যটো হ'ল,বিজ্ঞান আৰু প্রযুক্তিয়ে জটিল কামবোৰ সহজ কৰি তুলিবলৈ অন্যান্য সুবিধাবোৰৰ লগতে আনি দিয়া এটিএম.ৰ সুবিধা পশ্চাশ ষাঠি দশকৰ এচাম মানুহৰ বাবে গলগ্রহ হ'ল । বয়সৰ আঁচোৰত শিকিলেও যে স্মৃতিশক্তিৰ দূর্বলতাৰ বাবে বাৰে বাৰে পাহৰি যোৱা হয় এটিএম ৰ পৰা টকা উলিওৱাৰ বিধি । টাচ স্ক্রীণৰ স্মার্টমোবাইল ফোনটোৰ কথাটো ক'বই নেলাগে ।অথচ কালি-পৰহি জন্ম হোৱা ,ভালকৈ কথাকেইটাকে সজাই ক'ব নজনা পেন্দুকনাকেইটায়েই স্মার্ট মোবাইলৰ ব্যৱহাৰ জানে।
যোৱা বছৰৰ ঘটনা । গৃহজিলা শিৱসাগৰস্থিত ষ্টেট বেংকত তাতে কর্মৰত মহিলা কর্মচাৰী এগৰাকীৰ ওচৰলৈ গৈ অৱসৰ প্রাপ্ত চৰকাৰী কর্মচাৰী এজনে "তুমি আগতে দিয়াৰ দৰে মোৰ উলিয়াই দিয়াচোন" বুলি বাৰে বাৰে খাটনি ধৰিছিল। আৰু বেংক কর্মচাৰীগৰাকীয়ে বাৰে বাৰে মাথো "মই আগৰ দৰে নোৱাৰিম নহয় ,এটিএমৰ পৰা লওঁকগৈ "বুলি কৈ অসহায়া ব্যক্তিজনৰ অনুৰোধক অমান্য কৰিছিল । ব্যক্তিজন কিন্তু আছিল নাচোৰ বান্দা ।তেওঁ ৰাজিয়েই নহৈছিল ।ওলোটাই পুণৰ কেনেকৈ উলিয়াব লাগে তুমিয়েই উলিয়াই দিয়াচোন বুলি কর্মচাৰী গৰাকীক বিৰক্ত কৰিছিল ।কথা পাতি গম পালোঁ শিৱসাগৰৰে এটি গ্রাম্যাঞ্চলৰ পৰা অহা ব্যক্তিজনে এটিএমৰ ব্যবহাৰ নাজানিছিল । ইলেক্টনিক মেচিনৰ পৰা নম্বৰ লৈ ডিজিটেল বোর্ডত চাই উক্ত নম্বৰ অনুযায়ী কাউন্টাৰলৈ মাতিলে যোৱা ইত্যাদিৰ সম্পর্কেও তেওঁ অভিজ্ঞ নাছিল ।পিছত গ্রাহক এজনে বুজাই দিওঁতেও ব্যক্তিজনে বুজি নেপালে আৰু পুণৰ উক্ত গ্রাহকজনক উদ্দেশ্যি "বোপা, তুমিয়েই মোক কৰি দিয়াচোন" বুলি অনুৰোধ কৰিছিল।
সঁচা কথা,প্রযুক্তিৰ ব্যৱহাৰ নতুন প্রজন্মৰ বাবে যিমান সহজ, পুৰণি এচাম পুৰুষৰ বাবে যেন পাহাৰটো দঙাতকৈও জটিল ।আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই এই কথাখিনি প্রকাশ কৰিলোঁ ।আমাৰ বোধেৰে নিজৰ সন্তানসকলৰ লগতে উঠি অহা আজিৰ প্রজন্মই সৎ অভিপ্রায়েৰে এখেতসকলৰ অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত সদায় সহযোগিতা আগবঢ়োৱা উচিত ।মানুহৰ দৈনন্দিন জীৱনত প্রযুক্তিৰ যি অৱদান আছে আমি তাক অস্বীকাৰ কৰিব নোৱাৰোঁ ।কিন্তু প্রযুক্তিৰ দৌৰত পঞ্চাশ-ষাঠি দশকত জন্মগ্রহন কৰা এচাম মানুহৰ বাবে আগৰ সহজ যেন লগা কামবোৰ যেন জটিল হৈ পৰিছে । বয়সৰ আঁচোৰত সেইসকলৰ বাবে প্রযুক্তি যেন হৈ পৰিছে এক মাধমাৰ ।****
No comments:
Post a Comment