Wednesday, October 12, 2016

১৩/১০/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত...

পূজা চোৱাৰ আনন্দ

সৰুতে দূর্গাপূজা বুলিলেই আনন্দ লাগিছিল । পূজা চাবলৈ গ'লে বেলুন কিনাৰ সমান সুখৰ কথা নাছিলেই । পানীবেলুন,সাপ বেলুন ,আমলখি বেলুন আদিৰ উপৰিও ভিতৰত কিবা সৰু সৰু টুকুৰা কিছুমান ভৰাই থোৱা ৰঙ-বিৰঙী বেলুন এবিধও পাইছিলো ,লৰাই দিলেই বাজি উঠে ।সেইদিনবোৰত যে হুইচেল এটা কিনি বজাইও চখ পাইছিলোঁ । কেইবছৰমানলৈকে একেকেইটা বস্তু কিনাতেই আনন্দ আছিল। পিছত প্লাষ্টিকৰ টেলিফোন(মোবাইল নাছিল ),চাবি দিলে নচা পুতলা আদিবোৰ কিনিছিলোঁ । অলপ ডাঙৰ হোৱাৰ পিছত আকৌ জিলিকি থকা মণিহাৰী বস্তুবোৰলৈ চকু যোৱা হ'ল । পিছলৈ সেই চখো নোহোৱা হ'ল ।পৰৱর্তী সময়ত মাথো বান্ধৱীৰ সৈতে মণ্ডপত গৈ দেৱী দৰ্শন ,অঞ্জলি লোৱা আদিবোৰ ভাল লগা হ'ল। সেইদৰে ভাল লগা হ'ল পূজা মণ্ডপৰ খিচিৰিৰ সোৱাদ । তাৰ লগতে গৰম গৰম জেলেপি,বিভিন্ন প্রকাৰৰ চাট,ফুচকা এইবোৰতো আছেই । সেইদিনবোৰত পূজা চোৱাৰ সেই হেপাহৰ কোনো সীমাই নাছিল ।এতিয়া এৰি অহা দিনবোৰলৈ উলটি গৈ কথাবোৰ ভাবি চাইছোঁ । সময়ৰ লগে লগে সুখৰ আধাৰবোৰো সলনি হ',দৈহিক পৰিৱর্তনৰ সৈতে সলনি হ' ভিতৰৰ মনটো ।এটা সময়ৰ ভাল লগাবোৰ পিছৰ কোনোবা সময়তগৈ ভাল নলগা হৈ পৰিল । দোকানত পুতলা এটা দেখিয়েই সেইটো লাগিবই বুলি মাটিত বাগৰি দিয়া সেই অবোধ মনটোসময়ৰ সোঁতত কেনিবা হেৰাই থাকিল । এতিয়া পূজা আহিব বুলি অপেক্ষা কৰি থকা সময়খিনি যিমান সুখকৰ,বিজয়া দশমীত বিসৰ্জনৰ পিছৰ সময়খিনি তাতোকৈ বেছি দুখদায়ক ।এদিন চাগৈ এনে এটা দিনো আহিব যেতিয়া পূজা আহিলেও বাৰ্ধক্যই কোঙা কৰা দেহাটিৰ মাজত সোমাই থকা মনটিত হয়তো পূজা আগমণৰ কোনো প্রভাৱেই নপৰিব ।
পিছে বৰবলি-সৰুবলি নাইবা সপ্তমী-অষ্টমী আদি শব্দবোৰৰ তাৎপর্য বুজি নোপোৱা দিনবোৰেই ভাল আছিল । অন্তত:পূজা মানে এফালেযে ম'হ নামৰ নিমাখিত প্রাণীৰ হত্যালীলা সেই কথাটি জনা নাছিলো । পৰিৱর্তিত ধ্যান ধাৰণাৰ মাজত পূজাৰ আগমণে কঢ়িয়াই আনিলে নীতি-অনীতি ন্যায় -অন্যায়ৰ মাজত চলা তর্ক-বিতর্ক নতুবা অসমাপ্ত সমালোচনা ।যিখন দেশত দেৱীদূর্গাৰ পূজন হয় সেইখন দেশত নাৰীৰ জীৱন কিমান সুৰক্ষিত দূর্গাদেৱীৰ দ্বাৰা মহিষাসুৰ বধ কৰা প্রতীকিয়ে দুষ্কৃতি সংহাৰ বুজাই ঠিকেই কিন্তু বাস্তৱত আমাৰ সমাজৰ পৰা দুষ্কৃতিকাৰীৰ অন্ত জানো পৰিছে ?
সেয়ে বর্তমানৰ পূজাৰ পৰিবেশ এৰি মনৰ পক্ষীটি অতীতলৈ উৰি যাব খোজে বাৰে বাৰে আৰু সোঁৱৰাব খোজে স্মৃতিৰ গহ্বৰত সোমাই থকা শৈশৱৰ সেইখন ধুনীয়া ছবি ,যিখন ছবিত আছে বেলুন কিনিম বুলিয়েই পূজা চাবলৈ যোৱাৰ অফুৰন্ত হেপাহ। এতিয়া অনুভৱ কৰোঁ প্রকৃতার্থত সেই সময়খিনিতেই পাইছিলো পূজা চোৱাৰ অপৰিসীম আনন্দ ।***

No comments:

Post a Comment