Friday, June 24, 2016

২৫/০৬/২০১৬ ত দৈনিক জনমভূমি কাকতত প্রকাশিত

অঞ্জন দত্তৰ সান্নিধ্য

ৰাজনীতি ,কংগ্রেছবিধায়ক,মন্ত্ৰী দিৰ দৰে শব্দবোৰ বুজি নোপোৱা দিনৰে পৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি,প্ৰাক্তন মন্ত্ৰী শিৱসাগৰৰ সুসন্তান প্ৰয়াত অঞ্জন দত্তদেৱৰ সান্নিধ্য লাভ কৰিছিলোঁ । জন্মসূ্ত্রে আমি নিজেও শিৱসাগৰীয়া হোৱা হেতুকে শৈশৱত তেখেতৰ সৈতে থকা আমাৰ বহুতো ভাল লগা স্মৃতি জড়িত হৈ আছে । এসময়ত তেখেত মুখ্য পৃষ্ঠপোষক হিছাপে থকা বিভিন্ন সাংষ্কৃতিক অনুষ্ঠানৰ মঞ্চত সৃষ্টিশীল নৃত্য পৰিবেশণ কৰিছিলোঁ । মনত আছে ,শৈশৱত অজানিতে তেখেতক "মামাবুলি সম্বোধন ধৰিছিলোঁ । কাৰণতেখেতৰ ব্যৱহাৰ আছিল অতিশয় ঘৰুৱা আপোন মানুহৰ দৰে । হাঁহি-ধেমালিৰে আমাৰ সৈতে কথা পতা মানুহজনৰ প্ৰকৃত পৰিচয় ডাঙৰ হৈ অহাৰ লগে লগে বুজিব পাৰিছিলোঁ । বুজিব পাৰিছিলো আচলতে তেওঁ আছিল ৰাইজে নির্বাচন কৰা ৰাইজৰ প্রতিনিধি । কিন্তুসর্বসাধাৰণ লোকৰ নিচিনাকৈ সকলোৰে প্রতি কৰা সহজ-সৰল বন্ধুত্বসুলভ ব্যৱহাৰে তেখেতে সকলোকে আপোন কৰিব পাৰিছিল। যাৰবাবে তেখেত সকলোৰে প্রিয়ভাজন হৈ পৰিছিল । আমগুৰি সমষ্টিৰ প্রতিজন ব্যক্তিয়েই যেন তেখেতৰ পৰিচিত ব্যক্তি আছিল ।
মুখত স্বভাৱসুলভ হাঁহিটিৰে শিৱসাগৰ দ'লমুখ চাৰিআলিৰ পদপথতশিৱদ'ল প্রাংগন নাইবা বর্ডিং খেল-পথাৰত অনুস্থিত বিভিন্ন অনুষ্ঠানত যিমানবাৰ লগ পাইছোঁ সেই একেই আন্তৰিকতাৰে আমাৰ খবৰ সুধিছিল । কাৰোবাক ব্যক্তিগতভৱে সহায় কৰক বা নকৰক মৃতাৱস্থাৰ পৰা অসমৰ পৰিবহন নিগম দৰে অসম চৰকাৰৰ এটি বিভাগক সঞ্জিৱনী সুধা হৈ তেখেতে যে নতুন জীৱনদান কৰিছিল যাৰ ফলস্বৰোপে বহুজনৰ ঘৰত এমুঠি ভাতৰ চৌকা জ্বলিছিল। যাৰ বাবে হয়তো বহুজনৰ হৃদয়ত নিশ্চিতভাৱে তেখেতে এখন সুকীয়া আসন চিৰদিনৰ বাবে ৰাখি থৈ যোৱাত সক্ষম হৈছে । কিন্তু তেখেতৰ সান্নিধ্য লাভ কৰা আমাৰ দৰে নামবিহীন বিভিন্নজনৰ জীৱনতো নিশ্চিতভাৱে আছে তেওঁৰ আপোন ব্যৱহাৰৰ স্মৃতিৰ একোখন সজীৱ ছবি । ****

মানসী বৰা

Thursday, June 16, 2016

১৭/০৬/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

আপোনাৰ নাক কাটি ...

হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে অসমত
প্রথমবাৰৰ বাবে বিজেপি দলে চৰকাৰ গঠন কৰিলে ।ৰাইজে আশা কৰা ধৰণে অসমৰ ৰাজনীতিলৈ পৰিৱৰ্তন আহিল ।  বিজেপি দলৰ বিজয়ে নিশ্চিতভাৱে এক অভিলেখ গঢ়িলে । কিন্তু এইখিনিতে উল্লেখ্য যে ,বিজেপি দলৰ এসময়ৰ সক্ৰিয় কর্মী বুলি চর্চিত বহু কৰ্মকৰ্তাই দলীয় টিকট লাভত বিফল হৈ সমাজ সেৱাৰ নামত নিজাকৈ দল গঠন কৰি নিৰ্বাচনত অবৰ্তীন্ন হৈছিল । সেইদৰে কংগ্ৰেছৰ পৰা টিকট নেপালে বুলিয়েই কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থতে ক্ষমতা লাভৰ বাবে কংগ্ৰেছী কৰ্মকৰ্তা নাইবা নেতাই নিৰ্দলীয় ভাৱে নিৰ্বাচনত প্ৰাৰ্থী একোজনক অৱতীৰ্ণ কৰোৱাইছিল নাইবা নিজেই কৰিছিল । অপ্ৰিয় সত্য এইযেনিৰ্দলীয় প্ৰাৰ্থীৰ মাজত ভোট বিভাজনৰ বাবে কম সংখ্যক ভোটৰ ব্যৱধানত একোটা দলৰ প্ৰাৰ্থী বিজয়ী হয় নাইবা পৰাজয় বৰণ কৰিব লগা হয় ।কেৱল মাত্র দলীয় টিকট নোপোৱাত উফোন্দ পাতি ,নির্বাচন খেলাৰ অজু্াহাততে নিজাকৈ দল গঠন কৰি হ'লেও এসময়ত সক্রিয় কর্মী হিছাপে কাম কৰা দলৰ সৈতে নিৰ্বাচনত নামে প্রতিদ্বন্দীৰ ৰূপত । অৱশ্যে এই কথা স্বীকাৰ্য যে ,নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাতো এক গনতান্ত্রিক অধিকাৰ । সকলোৰে সেই অধিকাৰ আছে । পিছে আগৰে পৰা কোনো দলৰ পক্ষ নলৈ নিৰ্দলীয়ভাৱে যদি সমাজৰ কাম কৰি আন ৰাজনৈতিক দলসমূহৰ সৈতে প্ৰতিদ্বন্দিতা কৰিলেহঁতেন ,তেতিয়া কথাটো সুকিয়া আছিল । জাতি-মাটি সুৰক্ষাৰ বিষয়ক জলাঞ্জলি দি কেৱল ব্যক্তিগত স্বাৰ্থৰ খাতিৰতে ক্ষমতালোভী বদন বৰফুকনে অসমলৈ মান আনি দেশদ্ৰোহীতাৰ পৰিচয় দিছিল । ৰাইজক বিবুদ্ধিত পেলায়,নিজৰ স্বাৰ্থৰ বাবেএকালৰ সংক্রিয়কর্মী হিছাপে কাম কৰা দলৰ বিপক্ষে থিয় দি এইসকলে যে নিজৰ মাজতে একোজন বদনৰ পৰিচয় দিলে । পিছে আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰি এইসকলে পালে কি ৰাজনীতিৰ অবিহনে কি সমাজ সেৱা কৰিব নোৱাৰি নেকি ?সমাজ সেৱা কৰিবলৈ 'লে ৰাজনীতিয়েই একমাত্র পথ নেকি ?****

Wednesday, June 15, 2016

১৫/০৬/২০১৬ তাৰিখে দৈনিক জনমভুমি কাকতত প্রকাশিত

পাৰস্পৰিক সহযোগিতা

অসমত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিলে।সূদীৰ্ঘ পোন্ধৰ বছৰৰ অন্তত অসমৰ ৰাজনীতিলৈ পৰিৱৰ্তন আহিল । বিজেপি চৰকাৰখনক লৈ অসমৰ ৰাইজ যথেষ্ট আশাবাদী কংগ্ৰেছ চৰকাৰৰ দিনত যিখিনি হৈ নুঠিল সেইখিনি বিজেপি চৰকাৰখনৰ পৰা পাব বুলি আশা কৰিয়েই অসমৰ ৰাইজে এইবাৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে ।পূৰ্বৰ ৰাজনৈতিক দলৰ নেতাসকলৰ দৰে ৰাইজৰ আশাত চেঁচা পানী ঢালি এইবাৰৰ ৰাজনৈতিক নেতাসকলে যেন কলংকিতইতিহাসৰ পুণৰাবৃত্তি নকৰে । আমি আশা ৰাখিছোঁঅসমৰ ৰাজনৈতিক নেতাসকলে দূগুণ উৎসাহেৰে কাম কৰি ৰাইজে আশা কৰা ধৰণৰে অসমলৈ পৰিৱৰ্তন আনিববিজেপি চৰকাৰখনৰ ছত্র-ছাঁয়াতে অসমে উন্নতিৰ জখলাত আৰোহন কৰিব ।
অসমৰ জনগণেও বিজেপি চৰকাৰখনক কাম-কাজ আগুৱাই নিয়াত পূর্ণ সহযোগিতা আগবঢ়াব লাগিব । চৰকাৰৰ কাম-কাজত অসমৰ জনগণে দৃষ্টি ৰাখিব লাগিব।জনগণ সক্ৰিয় হ'লেহে চৰকাৰৰ কাম-কাজ সক্ৰিয় হৈ থাকিব । এইখিনিতে এটি অপ্রিয় সত্য এইযেবহুসময়ত দেখিবলৈ পোৱা যায় ৰাজনৈতিক নেতাৰ সৈতে এলেকৰ পেলেক সম্বন্ধ বা মিতিৰ উলিয়াই এচাম সুবিধাবাদী চৰকাৰী কৰ্মচাৰীয়ে কামত ফাঁকি দিয়ে ,যথা সময়ত কাৰ্য্যালয়ত গৈ উপস্থিত নোহোৱাৰ লগতে মন গ'ল বুলিয়েই কাৰ্য্যালয়লৈ নহাকৈ থাকে নাইবা আহিলেও সোনকালে গুছি যায় । কাৰ্য্যালয়ৰ মুৰব্বীয়ে তেখেতসকলৰ তেনে কাৰ্যৰ বিৰোধিতা কৰিবলৈ গ'লে অমুক মন্ত্ৰী মোৰ তমূক হয়তমূক বিধায়কজন মোৰ অমূক হয় ইত্যাদিধৰণৰ সস্তিয়া কথাৰে ওলোটাই মুৰব্বীজনকহে ভাবুকি প্ৰদান কৰে ।এইবোৰ আচলতে একেবাৰে নীতিবহিভূত কথা ।এনে কাৰ্যৰ দ্বাৰা কৰ্মচাৰীজনৰ লগতে উক্ত ৰাজনৈতিক নেতাজনো দূৰ্নামত পৰে ।এনেবোৰ কার্যৰ বাবে বহু আশাৰে জয়যুক্ত কৰা ৰাজনৈতিক নেতাজনক ৰাইজে বিপথে পৰিচালিত হোৱা বুলি ভাবিবলৈ বাধ্য হয় আৰু যাৰ বাবে নেতাজনৰ ব্যক্তিত্বত চেকা লাগে । অসমৰ উন্নতিৰ বাবে অসম চৰকাৰৰ সকলো কর্মচাৰীয়ে নিজৰ কর্ম-সংস্কৃতি বজাই চলিব লাগিব। অসমৰ ৰাইজে ইতিমধ্য নিশ্চয় জানিব পাৰিছে যে,বর্তমান অসমৰ মাননীয় মুখ্যমন্ত্রীজনে নিজেই অতিৰিক্ত সময় কাম কৰাৰ আর্হি দেখুবাই সকলোকে তাৰ আহ্বানো জনাইছে ।
এখন গণতান্ত্রিক দেশ তথা ৰাজ্যৰ উন্নতিৰ বাবে সমাজত বাস কৰা প্রতিজন ব্যক্তিৰে কিছুমান দায়বদ্ধতা আছে আৰু সকলোৱে সেইবোৰ মানি চলাটো
দৰকাৰ । জনতাই নির্বাচন কৰা প্রতিনিধিজন কাৰোবাৰ বাবে কেতিযাওঁ ব্যক্তিগত সুখ নাইবা ভোগ-বিলাস আহৰণ কৰাৰ মাধ্যম হ'ব নোৱাৰে । ৰাজনৈতিক নেতাজনক দেশৰ কল্যাণ সাধনৰ বাবে জনতাই নির্বাচন কৰা জনতাৰ প্রতিনিধি । তেখেতৰ দ্বাৰা সমাধান হোৱা সকলো কামতেই দেশ তথা ৰাজ্যৰ কল্যাণবিষয়টোক প্রথমে অগ্রাধিকাৰ দিব লাগিব।ৰাজনৈতিক নেতাসকলে সুকলমে নিজৰ দায়িত্ব পালন কৰাত সকলো ৰাইজে সহায়-সহযোগিতা কৰিব লাগিব । পাৰস্পৰিক সহযোগিতাৰ অবিহনে ৰাজনৈতিক নেতাসকল দায়িত্ব পালনত ব্যর্থহে হ'ব যিটো দেশৰ কাৰণে কোনো পধ্যেই শোভদায়ক নহব ।

মানসী বৰা ।

Friday, June 10, 2016

১১/০৬/২০১৬ তাৰিখে দৈনিক জনমভুমি কাকতত প্রকাশিত

মুখাৰ আঁৰত

অসমৰ অন্যতম সাংস্কৃতিক সম্পদ হ'ল ,মুখা ভাওনা । নিপুন শিল্পীৰ যাদুকৰী হাতৰ স্পৰ্শত মুখা শিল্পই প্ৰাণ পাই উঠে আৰু সেই মুখাৰ আশ্ৰয়তে একোজন ভাৱৰীয়াই একোটা চৰিত্ৰ জীৱন্ত কৰি তোলে ।
মুখা ,ইংৰাজীত যাক কোৱা হয় মাস্ক ।অভদ্ৰ লোকে ভদ্ৰতাৰ মুখা পিন্ধিলে কোনোবা সময়ত সাধুকথাৰ নীলা শিয়ালটোৰ দৰে পিন্ধি থকা সেই ভদ্ৰতাৰ মুখাখন খহি পৰা বহুসময়ত প্রতক্ষ্যও কৰিছো । বৰ্তমান সমাজত এই মুখাৰ প্ৰয়োজন বেছিকৈ হয় চেলিব্ৰেটিসকলৰ(খ্যাতিসম্পন্ন ব্যক্তি)।জনপ্ৰিয়তা যিমানেই বাঢ়ে সিমানেই যেন বাঢ়ি যায় মুখাৰ আশ্ৰয়ত লুকোৱাৰ প্ৰৱণতা ।এই চেলিব্ৰেটিসকল হ'ব পাৰে গ্লেমাৰ জগতৰ মডেল ,অভিনেতা-অভিনেত্ৰীসংগীতশিল্পী,সাহিত্যিক ,ৰাজনীতিবিদ নতুবা বুদ্ধিজীৱি ।বাহিৰত থকা সময়ত দুখ হওঁক কিম্বা সুখ হওঁক চিন্তা হওঁক কিম্বা হতাশা হওঁক সকলো সময়তে মুখত লৈ থাকিব লগা হয় এখন কৃত্রিম মুখ। যি বিচাৰে বা ভাবে তাক হেজাৰ চেষ্টা কৰি হলেও জনসমাজত লুকোৱাই ৰাখিব লগা হয় ।কিয়নো ৰাইজৰ দৃষ্টি সকলো সময়তে এওঁলোকৰ ওপৰত থাকে ।কেমেৰাৰ সমুখতে হওঁক নাইবা সাংবাদিকৰ সমুখতে হওঁক এওঁলোকে নিজক ঢাকি এক নাটকীয় আচৰণ ব্যক্ত কৰে । সহজতে এওঁলোক সাংবাদিকৰ প্ৰশ্নৰ মুখামুখী হ'ব লগাত পৰে নাইবা বন্ধু তথা সচেতন মহলৰ চৰ্চাৰ বিষয় হৈ পৰে । সেয়ে লোকচক্ষুৰ আঁৰত থাকিবলৈ নিজকে এওঁলোকে কৃত্রিমতাৰে সজাই আশ্ৰয় লয় মুখাৰ ।ক'ব খুজিও বহুবোৰ কথা বাধ্য পৰি এওঁলোকে ক'ব নোৱাৰে নাইবা বাধ্যত পৰি এওঁলোকে ক'ব নোখোজা বহুবোৰ কথা কেতিয়াবা ক'ব লগা হয় । কি কথাৰ পৰা কি পৰিণাম হ'ব পাৰে সেই কথাৰ হয়তো বহুসময়ত এওঁলোকে অনুধাৱন কৰিব নোৱাৰে । কেতিয়াবা জনপ্ৰিয়তাৰ বাবে লঘু আচৰণ দেখুৱাব পাৰেলাগিলে সি চাৰিত্রিক দিশতে হানি নঘটাওক কিয় । কেতিয়াবা নিজৰ জনপ্ৰিয়তাক সময় সাপেক্ষে অস্ত্ৰ হিছাপেও প্ৰয়োগ কৰিব পাৰে ।জনসমাজত জনপ্রিয় হিছাপে এওঁলোকৰ কিছুমান কার্যকলাপৰ বহুসময়ত ইতিবাচক প্রভাৱও দেখিবলৈ পোৱা যায় ।এই মুখাৰ আশ্ৰয়ত থকা চেলিব্ৰেটি সকলে এটা কথা সদায় মনত ৰাখিব লাগে যে বহুসময়ত সমাজত বাস কৰা বহুজনে তেওঁলোকক অনুকৰণ কৰে । তেওঁলোকৰ ধৰণ-কৰণ নাইবা কাৰ্যকলাপে বহুজনৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।সেয়ে তেওঁলোকৰ দ্বাৰা সমাজলৈ প্ৰেৰণ কৰা বাৰ্তাত সদায় সমাজ তথা দেশৰ কল্যাণৰ বিষয়টি প্ৰথমে অগ্ৰাধিকাৰ দিব লাগে ।**

মানসী বৰা ।

Thursday, June 9, 2016

১০/০৬/২০১৬ তাৰিখে "সাদিন" কাকতত প্রকাশিত

মঞ্চত শিল্পীৰ আচৰন ,সস্তীয়া জনপ্ৰিয়তা ইত্যাদিৰ সন্দৰ্ভত

কিছুদিনৰ পৰা বহুচৰ্চিত বিষয় হিছাপে পৰিগণিত হোৱা নৱপ্ৰজন্মৰ শিল্পীৰ আচৰন সম্পৰ্কত লিখা বিভিন্ন লেখা বিভিন্ন কাকতৰ পৃষ্ঠাত পঢ়িবলৈ পাই আহিছো যদিও প্ৰকৃত সমালোচনাৰ সোৱাদ লাভৰ পৰা বঞ্চিত হৈ অহা যেনহে অনুভৱ হৈ আছিল ।কিন্তু সাদিনৰ পৃষ্ঠাত প্ৰকাশিত মৃণাল কুমাৰ বৰাৰ উক্ত সমালোচনা প্ৰকৃতাৰ্থত এক গঠনমূলক সমালোচনা । যাক নিশ্চিতভাৱে সমাজৰ পৰাসমাজৰ ভৱিষ্যতৰ হকে এক বাৰ্তা বহনকাৰী সমালোচনা বুলিব পাৰি ।
সঁচা কথা,মঞ্চত গীত পৰিবেশণ কৰিব পাৰিলে বুলিলেই তেওঁক শিল্পী বুলিব নোৱাৰি । শিল্পী শব্দৰ নিজস্ব এক সুকীয়া মৰ্য্যদা আছে ।সুন্দৰ গায়কীৰ লগতে সজ আচৰণৰ গৰাকী হোৱাজনকহে প্ৰকৃতপক্ষে শিল্পী বুলিব পাৰি । অন্যথা শিল্পী শব্দৰ মৰ্য্যদা হানিহে হ'ব ।সস্তিয়া জনপ্ৰিয়তা ক্ষণস্থায়ী । আজি আছে,কাইলৈ নেথাকে । নিজৰ সৃষ্টিশীল প্ৰতিভা থাকিলে আৰু সেই সৃষ্টিশীল প্ৰতিভাই জনতাৰ হৃদয় চুব পাৰিলে তেনে সৃষ্টিশীল কৰ্মৰাজি কেতিয়াও হেৰাই যাব নোৱাৰে ।যুগে যুগে সেইয়া অমৰ হৈ ৰ'ব । সেই কথাটিকে হৃদয়ংগম কৰি বৰ্তমানৰ শিল্পীয়ে নিজৰ সৃষ্টিশীল প্ৰতিভা বিকাশত মনোনিবেশ কৰি নিজৰ সংগীত চৰ্চাত আগবাঢ়ি যোৱাৰ লগতে নম্ৰতা,বিনয়ী আদি সজ আচৰণবোৰৰ বিকাশ ঘটাবলৈ চেষ্টা কৰা উচিত আছিল। সঁচা অৰ্থত এইবিলাকহে শিল্পী এজনৰ প্ৰকৃত আভূষণ । তাকে নকৰি আনৰ মহান সৃষ্টিৰাজিক বিকৃত কৰি সহজে উপলব্ধ সস্তিয়া জনপ্ৰিয়তাৰ পিছত এওঁলোক দৌৰিব লাগিছে । বহুসময়ত শিল্পীৰ অৰ্থ বুজি নোপোৱা তেনে গায়কক বৰ্তমানৰ সংবাদ মাধ্যমেও জোখতকৈ অধিক গুৰুত্ব দিয়া যেনহে অনুভৱ হয় । সংস্কৃতিৱান পৰিয়ালত জন্ম গ্ৰহণ কৰি নিজৰ আচৰনেৰে অসংস্কৃতিৱানৰ নমুনা দেখোওৱাৰ পিছত সংবাদ মাধ্যমসমূহেও তেওঁৰ অনুষ্ঠান প্ৰচাৰ কৰাৰ পৰা নিজকে বিৰত ৰাখিব লাগিছিল । কিন্তু বাস্তৱত সেইয়া ন''ল ।আমি কেৱল নৱপ্ৰজন্মৰ শিল্পীসকললৈকে আঙুলিয়ালে ন''ব ।এনে পৰিৱৰ্তনৰ বাবে কেৱল তেওঁলোককে দোষী সজালে ন''ব ।

আচল কথাটো হ'ল পূৰ্বৰ সমাজৰ পৰা বৰ্তমান সমাজখনৰ বহুখিনি পৰিৱৰ্তন হ'ল।পৰিৱৰ্তনৰ সোঁতত আনকি সলনি হ'ল সমাজৰ মানুহৰ ৰুচি-অভিৰুচিও।আমি অপ্ৰীতিকৰ বুলি ভবা কাৰ্যকলাপৰ প্ৰতি নৱপ্ৰজন্মৰ দৰ্শকৰ কোনো প্ৰতিক্ৰিয়া নাই। তেওঁলোক একেবাৰে নিৰ্বিকাৰ । এইখিনিতে প্ৰশ্ন হয় ,আজিৰ সময়চোৱাত প্ৰবীন সুদক্ষ অভিনেতা দিলীপ কুমাৰক চোৱা দৰ্শক অধিক হ'ব নে আমিৰ খান নাইবা ঋত্বিক ৰোচনক চোৱা দৰ্শক অধিক হ'ব ?ঠিক সেইদৰে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী নৱপ্ৰজন্মৰ গীতৰ পচন্দও আজি সলনি হ'ল ।পূৰ্বৰ শৈলীকে এতিয়াও খামুচি নাথাকি আজিৰ যুগৰ দৰ্শকৰ পচন্দৰ ওপৰত ভিত্তি কৰি গায়কে সংগীত পৰিবেশণ কৰিবলৈ ল'লে সেয়ে হয়তো ডি ৱাই মেডলীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হ'ল ।
প্ৰবীন সংগীত শিল্পীসকলৰ গীত শুনাতকৈ আজিৰ প্ৰজন্ম আগ্ৰহী নৱীন সংগীত শিল্পীৰ গীত শুনাত। নৱীন সংগীত শিল্পীয়ে নাচি-বাগি কৰা পৰিবেশণ শৈলীৰ প্ৰতি তেওঁলোক অধিক আকৰ্ষিত ।আনকি নিজেও লগতে নাচিবলৈকে যায় ।
বৰ্তমানৰ এইসকল দৰ্শকৰ ওচৰত টিকি থাকিবলৈকে হয়তো আজিৰ সংগীত শিল্পীসকলে তেওঁলোকৰ গীত আৰু পৰিবেশণ শৈলীক এনেধৰণেৰে গঢ়ি তুলিছে । বৰ্তমানৰ শ্ৰোতাসকলক লৈয়ে সংগীত শিল্পীসকলে সংগীত কৰিছে আৰু শ্রোতাই ও তাত মুগ্ধ হৈ আদৰি লৈছে । শ্ৰোতা-দৰ্শকে আদৰি ন'ললে সংগীত শিল্পী এজনে জানো জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে ?? লাগিলে সেইয়া সস্তীয়া জনপ্ৰিয়তাই হওঁক ।সঁচা অৰ্থত ক'বলৈ গ'লেএই সকলোবিলাকৰ বাবে সংগীত শিল্পীসকলৰ লগতে নিশ্চিতভাৱে আজিৰ সমাজৰ শ্ৰোতা-দৰ্শকো সমানেই জগৰীয়া ।

Friday, June 3, 2016

৪/০৬/২০১৬ ত দৈনিক জনমভূমি কাকতত প্ৰকাশিত

 আমেৰিকাৰ বাছ পৰিবহন

আমেৰিকা যুক্তৰাষ্টত জিপিএছৰ বিশেষ প্ৰাধান্য দেখিবলৈ পোৱা যায় । ব্যক্তিগত বাহনেই হওঁক নাইবা বাছেৰেই হওঁক আমেৰিকাত পৰিবহনৰ ক্ষেত্ৰত জিপিএছৰ গুৰুত্ব অপৰিসীম । জিপিএছৰ সম্পূৰ্ণ অৰ্থ গ্লবেল পজিচনিং চিষ্টেম । ষ্টাৰ্ট দিয়াৰ আগেয়ে গাড়ীৰ জিপিএছত গন্তব্য স্থানৰ ঠিকনা শুদ্ধকৈ ভৰাই দিলে গাড়ী চলাই ঠিকনা উলিওৱাতো সহজ হৈ পৰে কিয়নো,জিপিএছে কথাৰে নিৰ্দেশ দি যায়।ইন্টাৰনেটৰ জড়িয়তে স্মাৰ্ট ফোনৰ গুগুল মানচিত্ৰৰ দ্বাৰাও ৰাস্তাঘাট চিনি পোৱাটো অতি সহজ ।কিমান সময়ত বাছ আছে,গন্তব্য স্থানলৈ কিমান সময় লাগিব আদি গুগুল মেপৰ দ্বাৰা জানিব পাৰি । বিজ্ঞান আৰু প্ৰযুক্তিয়ে আধুনিক জীৱন যাত্ৰা একেবাৰে সহজ কৰি তুলিলে ।
স্বদেশত বিভিন্ন সময়ত বাছত উঠিছো যদিও আমেৰিকাৰ বাছ পৰিবহনত কিছু সুকীয়া অভিজ্ঞতা লাভ কৰিলো।বাছ পৰিবহনৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল বেছিসংখ্যক বাছচালকেই মহিলা চালক । আস্থানত বাছ ৰখাৰ লগে লগে বাছৰ দৰ্জা খোল খাই যায় ।আমাৰ দেশত থকা দৰে চিটি বাছবোৰত হেণ্ডিমেন নাইবা কনডাক্টৰৰ ব্যৱস্থা নাই ।বাছত উঠিয়েই বাছৰ ভাড়া দিবলৈ এটা মেচিন থাকে ।বাছৰ ভাড়া দিয়াৰ পিছতেই আপোনা-আপুনি দৰ্জাখন বন্ধ হৈ যায় ।ভাড়া দিয়া কাৰ্য সমাধা হোৱাৰ লগে লগে উচ্চাৰিত হয় :-ফেয়াৰ ডিডাক্টেড।আমেৰিকান ডলাৰৰ ওপৰিও কাৰ্ড নাইবা বাছ পাচ ও ব্যৱহাৰ কৰিব পাৰি ।প্ৰথমৰ কাষৰীয়াকৈ থকা তিনিজনীয়া আসন আৰু প্ৰথম দুজনীয়া আসন শাৰিৰীক ভাৱে অক্ষম লোকৰ বাবে বিশেষভাৱে সংৰক্ষিত ।শাৰিৰীক ভাৱে অক্ষম লোকে হুইল চেয়াৰখনেৰে উঠিবৰ বাবে বাছৰ দৰ্জামুখত ৰেম্পৰ ব্যৱস্থা আছে। তেনে লোক গাড়ীত উঠিলে চালকে নিজৰ আসনৰ পৰা উঠি আহি বিশেষ পদ্ধতিৰে হুইল চেয়াৰখন বান্ধি দিয়ে । নিৰ্দিষ্ট ঠাইত বাছ ৰখাবৰ বাবে সংকেত দিবলৈ বাছৰ আসনৰ কাষত খিৰিকীৰ দা়ঁতিৰে যোৱা হালধীয়া ৰঙৰ ওৱাইৰডাল টানি দিব লাগে । লগে লগে উচ্চাৰিত হয় :- ষ্টপ ৰিকোৱেষ্টেড ।
জিপিএছে বাছখন কোনটো ৰাস্তাত আহিছে যাত্ৰীসকলক জনাই থাকে ।গতিকে কোনো অসুবিধা নেথাকে ।আমেৰিকাৰ বাছ পৰিবহন ব্যৱস্থা সঁচাই এক সুশৃংখলিত পৰিবহন ব্যৱস্থা বুলিব পাৰি।