Thursday, January 26, 2017

২৬/০১/২০১৭ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত "আমেৰিকাৰ চিঠি "

আমেৰিকাৰ উৎসৱ আৰু ভোগালী বিহু

আমেৰিকা যুক্তৰাষ্ট্রত উৎসৱৰ উলাহ হেল'উইনথেংকচ গিভিং ডেআৰু খ্রীষ্টমাচৰ মাজতেই সীমিত । মৃতকক উদ্দেশ্যি পালন কৰা এই হেল'উইনৰ সময়ত মানুহ কিছুমানক আমেৰিকাৰ পদ-পথ নাইবা শ্বপিংমলত ভূত -প্রেত,যখ-যখিনী আদিৰ দৰে পোচাক পিন্ধি অদ্ভূত বেশত ঘূৰি ফুৰা দেখা যায় ।এই সময়চোৱাত বাসগৃহবোৰৰ বাহিৰে ভিতৰে ৰঙালাও সজাই নাইবা ঘৰবোৰক ভূত-প্রেতৰ ঘৰৰ দৰে সজ্জিত কৰা দেখা যায়। চকুৱে মুখে ৰঙ সানি তেজ বৈ থকাৰ নিচিনা কৰি নাইবা মুখা পিন্ধিও ঘূৰা দেখা যায় । এই বেশৰ দ্বাৰা তেওঁলোকে অশুভ শক্তিক বুজাব খোজে যে তহঁতৰ দৰে আমি সাজিছো ,তহঁতলৈ আমি ভয় নকৰোঁ । শ্বপিংমল নাইবা বজাৰ কেন্দ্রবিলাকতো ভূত-প্রেত নাইবা পিশাচ আদিৰ পুতলা সজাই থোৱা দেখা যায়।
থেংকচ গিভিং ডে'ত গীর্জাঘৰত প্রার্থনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।সেই দিনা আমেৰিকাবাসীয়ে পৰিয়ালৰ সৈতে প্রীতি ভোজৰ আয়োজন কৰে। টার্কি চৰাই মঙহ প্রীতি ভোজৰ মুখ্য আকর্ষণ ।থেংকচ গিভিঙ ডে'ত মলবিলাকত সামগ্রীৰ ওপৰত বিশেষ ৰেহাই পৰিলক্ষিত হয় ।খ্রীষ্টমাচৰ সময়ত খ্রীষ্টমাচ ট্রীৰ লগতে ঘৰবোৰৰত বিভিন্ন প্রকাৰৰ লাইটিঙৰ বাহাৰ দেখিবলৈ পোৱা যায়।
পিছে সেইবিলাক দেখি ক্ষন্তেকীয়া আমেজ পালেও আমাৰ দৰে খাৰ-খোৱা অসমীয়াৰ মনত বিশেষ হেপাহ নাজাগে । আমাৰ হেপাহ জাগে বিহুৰ সময়তহে ।সেইয়া লাগিলে ব'হাগ বিহুৱেই হওঁক নাইবা ভোগালী বিহুৱেই হওঁক ।কাতি বিহুটিৰ কথা অলপ সুকীয়া । ব'হাগ বিহুৰ নিচিনাকৈ ভোগালী বিহুৰ সময়ত যি হেপাহ জাগে সেই হেপাহ হয়তো মোৰ দৰে প্রতিজন অসমীয়াই অনুভৱ কৰে । কিন্তু আত্মীয়-কুটুম্ব আৰু বন্ধু-বান্ধৱৰ অবিহনে বিহুৰ প্রকৃত সুখ ভোগ কৰিব পৰা নাযায় ।সেয়ে আধৰুৱা হৈ পৰা বিহুৰ আনন্দ ।
আমেৰিকা যুক্তৰাষ্ট্রলৈ প্রথম অহাৰ পিছত আন বাসিন্দাৰ সৈতে পৰিচয় নথকাত বিহু আহিলেও মনত আনন্দ উদ্দীপনা বুলিবলৈ একোৱেই নাছিল । মাথো ঘৰখনলৈ মনত পৰি বুকুৰ ভিতৰত দুখ এটিহে উজাই আহিছিল । কিন্তু লাহে লাহে ইয়াত বাস কৰা দুই এটি ভাৰতীয় পৰিয়ালৰ সৈতে পৰিচয় ঘটিল আৰু সেই পৰিয়ালবোৰৰ সৈতে আমাৰ বন্ধুত্বৰ আন্তৰিক সম্পর্কও গঢ়লৈ উঠিল । তেওঁলোকৰ ঘৰত আয়োজন কৰা পূজা-পার্বন জন্মদিন নাইবা বিবাহ-বার্ষিকী আদিবিলাকত আমাৰ পৰিয়ালটিকো নিমন্ত্রণ কৰা হ'ল । গতিকে আমিও বিহু খাবলৈ তেওঁলোকক আমাৰ ঘৰলৈ বুলি নিমন্ত্রণ কৰিব পৰা হ'লো । আমি ঘৰত ভোগালী বিহু পালনৰ কথা কোৱাৰ লগে লগে তেওঁলোকৰ কোনোজনে ক'লে সেই সময়তে পালন কৰা মকৰ সংক্রান্তিৰ কথা ,কোনো কোনোজনে ক'লে আকৌ পংগল নাইবা লহৰী পালনৰ কথা ।মুঠতে আমি আমাৰ আদৰৰ ভোগালী বিহু বুলি পালন কৰা উৎসৱটিকে ভাৰতৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নামেৰে বেলেগ বেলেগ ধৰণেৰে পালন কৰে । মই তেওঁলোকক আমাৰ ঘৰলৈ বিহু খাবলৈ নিমন্ত্রণ কৰিলো ।
বিহু বুলি ঘৰত পিঠা-পনা তৈয়াৰ কৰিবলৈ প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ ডেলাৱেৰৰ ভাৰতীয় বজাৰলৈ গ'লো ।মই প্রায়ে আপনা বজাৰ নাইবা পৰিৱাৰ নামৰ বজাৰ দুখনলৈ যাওঁ । পিছে এভাৰেষ্ট ,ভৱানী আৰু বোম্বে বাজাৰনামেৰেও ভাৰতীয় বজাৰ আছে ।তাত কঁচুশাক,পচলা,টেঙামৰা,নৰসিংহ আদিবোৰো পোৱা যায় । তাতে বিহুৰ সামগ্রী মুৰিচিৰাগুৰদৈনাৰিকল,চুজি ,চেনী,সকলো পালো পিছে বৰা চাউলহে পোৱা নগ'ল ।বৰা চাউল নাপালো যদিও আৰৈ চাউলৰ পিঠাৰে গুৰ দি ঘিলা পিঠা কেইটামান কৰিলো ।লগতে দুটামান নিমখিয়া পিঠা,নাৰিকলৰ লাৰু আৰু নিমকী বনালো । প্লেটখন আৰু অধিক ভোগালী কৰিবলৈ পিঠাগুৰিৰ কেক এটাৰ লগতে এটি চকলেট কেকও কৰিলো । সকলোবোৰ বস্তু সুন্দৰকৈ প্লেটত সজাইদি ভাৰতীয় পৰিয়াল কেইটিক সোধ-পোচ কৰিলো । বর্তমানৰ বৈদ্যুতিন মাধ্যমৰ চেনেলবিলাকত দেখুৱা নিয়মবোৰ এৰি ভোগালী বিহুৰ পৰম্পৰাগত ৰীতি-নীতিৰ বিষয়েও তেওঁলোকৰ আগত অৱগত কৰিলো । ভোগালীৰ লগতে ৰঙালী বিহুটিৰ কথা কোৱাত তেওঁলোকেও ক'লে ব'হাগৰ সংক্রান্তিত পহিলা বৈশাখবৈশাখী আদি পালন কৰাৰ কথা ।
আমাৰ ঘৰলৈ পৰিয়ালসহিতে আহোতে নিজৰ উৎসৱৰ চিনস্বৰূপে কোনো এগৰাকী বান্ধৱীয়ে যদি পায়স বনাই আনিছিল ,কোনো এগৰাকীয়ে আনিছিল আকৌ কাবুলী বুটৰ কাৰী ('লা। সেইদৰে কোনো এগৰাকীয়ে আনিছিল দৈভাত(কার্ড ৰাইচনাইবা পাটিচেপটা পিঠা ।পাটিচেপটা পিঠাটি দেখি ভাল লাগিছিল । আমাৰ তিলপিঠাটোৰ নিচিনাকৈ দীঘলীয়াকৈ তৈয়াৰ কৰা হয়।
ডাঙৰ কথাটো হ'ল ভাৰতীয় বান্ধৱীৰ পৰিয়াল কেইটিয়ে অসমীয়া সংস্কৃতিৰ ৰীতি-নীতিৰ বিষয়ে জানিবলৈ আগ্রহ প্রকাশ কৰিছিল ।বিবাহৰ ৰীতি-নীতি সম্পর্কীয় প্রশ্ন কিছুমানো সুধিছিল ।আমি বগা পাতৰ কাপোৰ পিন্ধি হোমৰ গুৰিত বঢ়া কথা শুনি তামিলনাডুৰ বান্ধৱীয়ে হালধীয়া ৰঙৰ সাজ পিন্ধি বিবাহৰ ৰীতি পালন কৰাৰ কথা আমাক জনাইছিল ।

নিজৰ ঘৰখনৰ পৰা দূৰত আছো যদিও এইবাৰ বিহু পাতি সঁচাই বৰ সুখ
পালো ।অসমীয়া হিচাপে বুকুত কিবা এক গৌৰৱ অনুভৱ কৰিলো ।পিছে তথাপিও যেন তাতে কিবা এটাৰ অভাৱ আছিল ।হয়সেই অভাৱটি আছিল তিলপিঠাৰ ।বিহুৰ আন পিঠাৰ সৈতে তিলপিঠাটো নেথাকিলে সজাই দিয়া প্লেটখনেইচোন সম্পূর্ন যেন নেলাগে । অথচ বিহুৰ সময়ত আন পিঠাৰ লগত সুলভ এই পিঠাটো প্লেটত সজাই থোৱা দেখিলেও বহুজনে অনাদৰ কৰে । আন বস্তুবোৰ মুখত দি তিলপিঠাটিক এৰেহা কৰে ।চাহৰ সৈতে খাবলৈ উলিয়াই দিয়াৰ পিছত আকৌ আনি টেমাত সোমোৱাইহে থব লগা হয় । সেয়ে ইয়াক ওলোৱা সোমোৱা পিঠা বুলি কৈকোনোজনে ৰগৰো কৰে । এৰেহা কৰিলেও বিহুৰ আন পিঠাৰ লগত তিলপিঠাৰ ৰিজনী নহয় ।তিলপিঠাৰযে নিজাকৈ এখন সুকীয়া আসন আছে তাক অসমীয়াই স্বীকাৰ কৰিবই লাগিব । পিঠা খোন্দা আৰু তিল ভজাৰ সুবাসে ভৰা পৰিবেশতেইতো আছে বিহুৰ প্রকৃত মাদকতা ।***

মানসী বৰা ।

No comments:

Post a Comment