Thursday, January 5, 2017

০৬/০১/২০১৭ ৰ দৈনিক জনমভূমি কাকতত প্রকাশিত

অসম সাহিত্য সভাৰ সভাপতি

বর্তমান সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা বাতৰিসমূহৰ অন্যতম অসম সাহিত্য সভা আৰু সম্পাদক পৰমানন্দ ৰাজবংশী । জনমতক ওলাই কৰি হ'লেও নিজৰ গাদীখন দখল কৰাতেই যেন সম্পাদকৰ পৰম আনন্দ সেয়া তেওঁৰ আচৰণেই স্পষ্ট কৰে। সেয়ে শিৱসাগৰীয়া ৰাইজৰ অসম সাহিত্য সভাৰ গৰিমাৰ প্রতি থকা আবেগিক স্থিতিয়েও তেওঁৰ হৃদয় স্পর্শ কৰিব পৰা নাই ।অহং মনোভাৱেৰে মাথো ওলটাই সাহিত্য সভাৰ অধিবেশণস্থলী সলনি কৰাৰ হুমকিহে প্রদান কৰিছে ।যাৰ বাবে তেওঁৰ কাণ্ডকীর্তি বর্তমান বিদ্বৎসমাজৰ চর্চাৰ বিষয় হৈ পৰিছে ।
শেহতীয়াকৈ প্রকাশিত এটি বাতৰিত চকু ফুৰাই আমাৰ মনতো এটি প্রশ্নৰ উদয় হৈছে । অসম সাহিত্য সভাৰ ভৱিষ্যত বাৰু কোন দিশে ? সাহিত্য সভাৰ সভাপতি হ'বলৈ বোলে সাহিত্যিক হোৱাৰ প্রয়োজনীয়তা নাই ।এতিয়া অসম সাহিত্য সভাৰ ভিতৰচৰাত অ-সাহিত্যিকক সভাপতি পতাৰ যো-জা চলিছে । যদি বাস্তৱত সঁচাই এইজন অ-সাহিত্যিক সাহিত্য সভাৰ দৰে গৰিমাময় অনুষ্ঠানটিৰ সভাপতি হয়গৈ তেন্তে ই এক নাভূত-নাশ্রুত ঘটনা হ'ব ।কাৰণ অসম সাহিত্য সভাৰ সভাপতিৰ বাবে থকা নিয়মাৱলীৰ প্রথমতেই উল্লেখ আছে যে সভাৰ সভাপতি পদৰ প্রার্থীজনৰ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ মৌলিক অৱদান থাকিব লাগিব । কিন্তু শেহতীয়াকৈ প্রকাশিত বাতৰিৰ পৰা ভাৱ হৈছে "সাহিত্য আৰু সভা" এই শব্দ দুটিয়ে কি আভিধানিক অর্থ প্রকাশ কৰিছে সেই সম্পর্কে হয়তো বর্তমানৰ সম্পাদকজন নিজেই জ্ঞাত নহয় ।নহ'লেনো এনে এটা লঘু চিন্তা কৰে নে ?
সন্মানীয় সভাপতিৰ আসনত কালিমা সনাৰ এই অপচেষ্টাক অসমবাসীয়ে প্রতিৰোধ কৰিব লাগিব।অসম সাহিত্য সভাৰ বর্তমানৰ পৰিস্থিতি লৈ অসমৰ গুণী-জ্ঞানী বিভিন্নজনে ইতিমধ্যে নিজৰ মতামতো স্পষ্ট কৰিছে ।এইটো স্বীকার্য যে ,অসম সাহিত্য সভা নাথাকিলেও অসমীয়া সাহিত্য থাকিব ।কিন্তু অসম সাহিত্য সভাৰ সৈতে যি গৌৰৱময় ইতিহাস আছে তাৰ মূল্য তিলমানো বুজি নোপোৱাসকলৰ কৱলত পৰি এই জাতীয় অনুষ্ঠানটোৰ যে গৰিমা লাঘৱ হৈছে সেইয়াহে অতি দুর্ভাগ্যজনক বিষয় ।অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ভৱিষ্যতক ৰক্ষণাবেক্ষণ দিয়াটো অসমীয়া ভাষা-সাহিত্যৰ প্রতি শ্রদ্ধাশীল প্রতিজন অসমীয়াৰে এক নৈতিক দায়িত্ব।কাৰণ ,ভুৱা চিকিৎসক এজনে ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা আৰু এজন অ-সাহিত্যিক সাহিত্য সভাৰ সভাপতি হোৱা এই দুটা কথাৰ মাজত বৰ বিশেষ পার্থক্য নাই ।*****
মানসী বৰা ।

No comments:

Post a Comment