আমেৰিকাৰ কৰ্ম সংস্কৃতি আৰু নৱবর্ষ ইত্যাদি
পলকতে শেষ হ'ল এটি বছৰ । নতুন আশাৰ বতৰা লৈ আহিছে আকৌ এটি নতুন বছৰ। এই নতুন বছৰটি সঁচা অর্থত নতুন হওঁক।অসমৰ অপ্রীতিকৰ পৰিবেশবোৰ অন্ত পৰক ।অসমীয়া মানুহৰ মনৰ হতাশা-নিৰাশাবোৰ আঁতৰি নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে মনত নতুন উদ্যম নতুন চেতনা জাগ্রত হওঁক ।নিজৰ দেশ নিজৰ জাতিৰ প্রতি ভালপোৱাবোৰ উভৰি উঠক।প্রকৃতার্থত স্বদেশ,স্বজাতিৰ ভক্ত সেইসকলকহে বুলিব পাৰি ,যিসকলে নিজৰ দায়িত্ব তথা কর্তব্যবোৰ পৰম নিষ্ঠাৰে পালন কৰে ।কিন্তু অসমৰ চৰকাৰী কার্য্যালয়সমূ্হত সময়মতে বহু কর্মচাৰী উপস্থিত নথকাৰ ঘটনা সংবাদমাধ্যম যোগে বহুবাৰ প্রচাৰিত হোৱা প্রত্যক্ষ কৰিছো যিয়ে দৰ্শাই কর্মসংস্কৃতিৰ দূর্লভ নমুনা। কর্মসংস্কৃতিৰ পৰিৱর্তে অসমত বর্তমান বন্ধ সংস্কৃতি সুলভ । অসমত যিকোনো সংগঠনে যিকোনো বিষয় সমাধানৰ বাবে সহজ পন্থা হিচাপে তুলি লয় অসম বন্ধৰ কার্যসূচী ।নতুনকৈ কিবা সংগঠন এটা গঠন হলেও জনসাধাৰণক নিজৰ স্থিতি জনাবলৈ আশ্রয় লয় অসম বন্ধৰ ।ইফালে আকৌ চৰকাৰী বন্ধবোৰ আছেই ।সংবাদ মাধ্যমযোগে সঘনাই দেখা পোৱা এই অসম বন্ধ বিলাকৰ কিবা সুফল আছে যেন মনে নধৰে । অসম বন্ধ কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে ,বৰঞ্চ ইয়াৰ দ্বাৰা আমি পিছপৰা অসমীয়া জাতিটো আৰু এঢাপ পিছুৱাইহে গৈছো ।এই নতুন বছৰটিত অসমৰ উন্নতিত হেঙাৰ হৈ থকা এই অসম বন্ধবোৰ যেন বন্ধ হয় তাৰেই কামণা কৰিছোঁ ।
আজিৰ আমাৰ লেখাটিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্ধবিলাক আমেৰিকাবাসীয়ে কেনেদৰে কটাই তাৰ বিষয়ে লিখিবলৈ লৈছোঁ ।অসমৰ পৰা আহি আমেৰিকা যুক্তৰাষ্ট্রৰ ফার্ষ্ট ষ্টেট হিচাপে পৰিচিত ডেলাৱেৰৰ ৰাজধানী চহৰ উইলমিংগটনত থাকিবলৈ লোৱাৰ পৰা আমেৰিকাৰ বন্ধৰ দিনবিলাকৰ সৈতে আমাৰ পৰিচয় ঘটিল ।আমেৰিকাত সিমান বেছি চৰকাৰী নাইবা ৰাজহুৱা বন্ধৰ দিন নাই যদিও বন্ধবিলাকৰকিন্তু সদ প্রয়োগ দেখিবলৈ পোৱা যায় ।সপ্তাহৰ একোটা দীঘলীয়া বন্ধই যুক্তৰাষ্ট্রৰ পর্যটনৰ ক্ষেত্রলৈ বিশেষভাৱে বৰঙণি যোগাই আহিছে ।
সাধাৰণতে আমেৰিকাত সপ্তাহটোৰ শেষৰ দিন দুটা মানে শণিবাৰ আৰু দেওবাৰ উইকএণ্ড বুলি বন্ধ থাকেই ,তাৰ উপৰিও চৰকাৰী বন্ধ বুলি থাকে কেইটামান দিন ।সেই চৰকাৰী বন্ধবোৰ হ'ল-মার্টিন লুথাৰ কিংগ জুনিয়ৰ ডে',জৰ্জ ৱাচিটন বার্থডে' মেম'ৰিয়েল ডে', ইণ্ডিপেণ্ডন্স ডে,লেবাৰ ডে',কলম্বাচ ডে',ভেটাৰানচ ডে' ,থেকচ গিভিং ডে',আৰু খ্রীষ্টমাচ ডে' ।খ্রীষ্টমাচ অর্থাৎ বৰদিনৰ বাদে আন ধর্মৰ ভিত্তিত আমেৰিকাত কোনো বন্ধ নাই ।বৰদিনৰ দিনটোত এইবাৰ দেওবাৰ পৰিল বাবে বৰদিন বুলি সোমবাৰৰ দিনটো বন্ধ দিয়া হ'ল । নৱবর্ষৰ বাবে নিউ ইয়েৰ ডে' বুলি ১ জানুৱাৰীত বন্ধ থাকে ।পিছে এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এই এক জানুৱাৰীত যদি কেনেবাকৈ দেওবাৰ পৰে তেতিয়া ২ জানুৱাৰীটোত বন্ধ থাকে । এইবাৰৰ নতুন বছৰটোত এইটোৱেই প্রযোজ্য হৈছে । আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰী বন্ধৰ বিশেষত্ব লক্ষণীয় ।আমেৰিকাৰ চৰকাৰী বন্ধবোৰ সদায় সোমবাৰ নহ'লে শুক্রবাৰ হয়।এনে কৰাৰ কাৰণ হৈছে, কর্মচাৰীসকলে যাতে এটা দীঘলীয়া উইকএণ্ড কটাব পাৰে ।দীঘলীয়া বন্ধত কোনোবা দূৰ ঠাইলৈ ভ্রমণ কৰিব পাৰে নাইবা দূৰণিত থকা কোনো আত্মীয় নাইবা বন্ধু-বান্ধৱৰ সৈতে সম্পর্ক বজাই চলিবলৈ সুবিধা কৰিব পাৰে ।
উল্লেখ্য যে. ২০১৬ৰ এক সমীক্ষা অনুসৰি আমাৰ ভাৰত হৈছে বিশ্বৰ চতুর্থখন বন্ধৰ সুবিধা বঞ্চিত দেশ ।অর্থাৎ কর্মচাৰীয়ে কামৰ পৰা অৱকাশ নোপোৱা বিশ্বৰ দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান চতুর্থ ।
কিন্তু এই কথা স্বীকার্য যে কামৰ বিৰতিত কৰা ভ্ৰমণে কামৰ গধূৰ বোজাৰ পৰা ৰেহাই দি মনলৈ সতেজতা আনে ।মনৰ সতেজতাই দেহা সুস্থ ৰাখে আৰু কার্যক্ষমতা বৃদ্ধিত সহায় কৰে। উন্নত দেশৰ উন্নত চিন্তা ।দীঘলীয়া বন্ধৰ সুবিধা পালেই আমেৰিকাৰ বাসিন্দাসকলে ভ্ৰমণৰ কার্যসূচী হাতত লয় । অৱশ্যে শীতকালৰ তুলনাত ইয়াত গ্রীষ্মকালৰ সময়চোৱাহে ভ্ৰমণৰ বাবে অনিকূল । শীতকালত শীতৰ প্রকোপ,বৰফৰ বৰষুণ নতুবা ধুমুহাৰ বাবে প্রায়ে বতৰ প্রতিকূল অৱস্থাত থাকে। পিছে ভ্রমণৰ বাবেই পর্যটনৰ দিশত আমেৰিকা যথেষ্ট লাভাম্বিত হৈছে । কাৰণ পর্যটকৰ বাবে আকর্ষণীয়কৈ সজোৱা যুক্তৰাষ্ট্রৰ ঠাইবিলাক পৰিদর্শণৰ বাবে নির্দিষ্ট মূল্য পৰিশোধ কৰিব লাগে ।ইয়াৰোপৰি এখন ৰাষ্ট্রৰ সীমা পাৰ হৈ আন এখন ৰাষ্ট্রত প্রৱেশ কৰিলেই ট'ল গেট বিলাকত নির্দিষ্ট পৰিমাণৰ শুল্কও পৰিশোধ কৰিব লগা হয় । যাওঁতে দিয়াৰ দৰে উভটি আহোতেও একেদৰে শুল্ক পৰিশোধ কৰাটো বাধ্যতামূলক ।এই শুল্কৰ ব্যৱস্থাৰ বাবেই যেন আমেৰিকা যুক্তৰাষ্ট্রৰ পথবোৰ মশ্রিন ।পিছে আমেৰিকাত এই শুল্কৰ বিষয়টো সকলোৱে তেনেই সৰু কথা বুলিয়েই গ্রহণ কৰে ।ডাঙৰ আৰু দৰকাৰী কথাটো হ'ল ভ্রমণ ।কাৰণ ইয়াত থাকি যি বুজিছো তাৰ ভিত্তিতে কৈছো: আমেৰিকাবাসী সঁচা অর্থত ভ্ৰমণবিলাসী ।
নতুন বছৰটোৰ আৰম্ভণিও এওঁলোকে ভ্রমণেৰে কৰে ।নৱবর্ষৰ সময়ত নিউয়র্ক চিটিৰ টাইম স্কোয়েৰে এওঁলোকক হাত বাউলী মাতে ।সেয়ে বিশেষ ক্ষণৰ সাক্ষী হবলৈ এওঁলোক ঢাপলি মেলে লোকাৰণ্য টাইম স্কোয়েৰলৈ আৰু ৩১ ডিচেম্বৰৰ নিশা ১২ বজাত টাইম স্কোয়েৰ থলীত সেই ওৱাটাৰফোর্ড ক্রিষ্টেল বলটো পৰি যোৱালৈ অধিৰ হৈ ৰয়। ****
No comments:
Post a Comment