মিলে সুৰ মেৰা তুমহাৰা
মিলে সুৰ মেৰা তুমহাৰা
ত' সুৰ বনে হামাৰা...
বোৱটি পানীৰ ধাৰাৰ মনোৰম প্রাকৃতিক পৰিবেশৰ মাজত পণ্ডিত ভীম সেন জোশীয়ে গাবলৈ আৰম্ভ কৰাৰ পিছতে কেইজনমান বনুৱাৰ মাজত চাহৰ পৰ্ব চলে।তেনেতে কাশ্মিৰী ভাষাত গীতটিৰ দুশাৰীমান গাই ফুল এখিনি লৈ নাও বাই আহে এজন নাৱৰীয়া ।এখন চলন্ত ট্রেক্টৰত উঠি দুজনমান পুৰুষ আৰু কেইগৰাকীমান মহিলা আগুৱাই আহে,য'ত মহিলাসকলে পাঞ্জাৱী ভাষাত গীতৰ অংশ গুণগুণায় ।তাৰ পিছত দেখা যায় বিশ্ব বিখ্যাত আগ্রাৰ তাজমহল আৰু অভিনেত্রী শ্বাৱানা আজমীৰ মুখতো ভাঁহি উঠে " মিলে সুৰ মেৰা তুমহাৰা.. ।
মৰুভূমিৰ বালিচৰত উটৰ সহায়ত ৰচি টানি পানী তোলা ,সাগৰৰ পাৰত ক্রিকেটাৰ নৰেন্দ্র হিৰোৱানীয়ে সিন্ধ্রি ভাষাত গীতটিৰ অংশ গুণগুণোৱা নাইবা এটি ঘৰৰ সমুখ ভাগত এখিনি মানুহ বহি উর্দূভাষাত গীতৰ অংশ গাওঁতে দেখা পোৱা অভিনেতা ওম পুৰী আৰু অভিনেত্রী দীনা পাঠক । সাগৰৰ পাৰত এম. বালামুৰুলীকৃষ্ণই তামিল ভাষাত গীতৰ অংশ গাওতে, টেনিচ খেলুৱৈ ৰামাথানকৃষ্ণণ,অভিনেত্রী ৰেৱতী আদি শিল্পী-কলাকুশলীৰ মাজতে মুখত হাত থৈ মনদি গীত শুনি থকা অৱস্থাত দেখা অভিনেতা কমল হাচানৰ মুখখন ।
ধিত তাকা দগৰ্দগৰ দগর্দগৰ ... নদীৰ পানীত সাঁতুৰি পাৰলৈ উঠে কেইটিমান হাতী ।এখন জীপগাড়ীত তিনিজন পুৰুষ এগৰাকী সুন্দৰী যুৱতীয়ে কানাড়া ভাষাত গোৱা গীতৰ দৃশ্যত গাড়ীচালকৰ আসনত দেখা যায় বেডমিন্টন খেলুৱৈ প্রকাশ পাডুকনক। এজন পুৰুষ এগৰাকী মহিলাই তেলেগু ভাষাত গীতাংশ গোৱাৰ পিছতে হাতীত উঠি হাঁহিমাৰি মালায়ালম ভাষাত গীতাংশ গাই এজন ডেকা ।নদীৰ বুকুলৈ নাও মেলি এজন নাওৰীয়া ওলোৱাৰ লগে লগে দেখা যায় ৰবীন্দ্র সদন মেট্রো ট্রেইন ষ্টেচনত যাত্ৰীসকলৰ সৈতে নামে অৰুণ লাল ,পিকে বেনীর্জী আৰু বাংলা ভাষাত সুৰ ভাঁহে -তোমাৰ সুৰ মোদেৰ সুৰ ।তাৰ পৰৱর্তী সময়তে বহু অপেক্ষিত হেপাহৰ অসমীয়া ভাষা "সৃষ্টি হওঁক ঐক্যতান "আৰু সুৰৰ লহৰ এটিত গাত ধৰাধৰিকে পাৰহৈ যায় সমগ্র উত্তৰ পূর্বাঞ্চল ।
এগৰাকী মহিলাৰ সৈতে এজন পুৰুষৰ কণ্ঠত উড়িয়া সুৰ ভাঁহে ।হাত বাউলী ওলাই এখিনি তাৰকা,এটা ঘৰৰ পৰা চিৰিৰে নামে কেইজনমান ব্যক্তি,চাহ খায় বহি থাকে এহাল পুৰুষ-মহিলা ।এজন চিত্রকৰে এটি জীৱন্ত দৃশ্যক তুলিকাৰে কেনভাচত ছবিৰ ৰূপ দিয়ে ।তেনেতে কপালত এটি ডাঙৰ ফোট উজলাই গুজৰাটী ভাষাত গীতাংশ গুণগুণাই নৃত্যশিল্পী মল্লিকা চাৰাভায়ে।এখন ট্ৰেইন পাৰ হৈ যায়।মাৰাঠী ভাষাত গীতাংশ গুণগুণাই হাঁহি হাঁহি আহে অভিনেত্রী তনুজা।সুৰ কী নদীয়া গাই মুখ ঘূৰাই চাই অভিনেত্রী ৱাহিদা ৰেহমানে ।হাঁহি হাঁহি দুহাত মেলে মোহময়ী অভিনেত্রী হেমা মালিনীয়ে- বাদল' কা ৰূপ লেকৰ বর্চে হলকে হলকে ।অ' মিলে সুৰ মেৰা তুমহাৰা ..সেইবাৰ লাস্য ভংগীত অভিনেত্রী শর্মীলা ঠাকুৰ ।
মিলে সুৰ মেৰা তুমহাৰা, ত' সুৰ বনে হামাৰা .. গীতত কণ্ঠদান কৰা কুকিল কণ্ঠী গায়িকা লতা মংগেস্কাৰ ।পিয়ানোৰ হাতৰ বুলনি শেষ হওঁতে হাস্যবদনে দেখা যায় তিনি অভিনেতা ক্রমে অমিতাভ বচন,জিতেন্দ্র আৰু মিঠুন চক্রৱর্তীক ।এখিনি মানুহে সমস্বৰে চিঞৰি গায় মিলে সুৰ মেৰা তুমহাৰা ।গেৰুৱা ,বগা, আৰু সেউজীয়া ৰঙৰ পোচাকত এজাক ল'ৰা-ছোৱালী মিলিত হয় ,সৃষ্টি হয় আমাৰ তিনি বৰণীয়া ত্রিৰংগাৰ ।
হয়,মই ভীমসেন জোশী ,এম.বালামুৰুলীকৃষ্ণ,লতা মংগেস্কাৰ,কবিতা কৃষ্ণমূর্তী,সুচিত্রা মিত্র আৰু সুভাংগী বসুৱে আদিয়েকণ্ঠদান কৰা ঐকতানৰ কথাই কৈ আছো ।পিয়ুষ পাণ্ডেয়ে ৰচনা কৰা গীতটিৰ সুৰকাৰ অশোক পাতকী, সংগীত ব্যৱস্থাপনা লুইচ বেংকৰ ।লোকসভা সঞ্চাৰ পৰিষদৰ দ্বাৰা দূৰদৰ্শণত দি দি ওৱান যোগে সম্প্রচাৰিত এই ঐক্যতানৰ সুৰটি যেতিয়াই কাণত পৰিছিলহি অলপো পলম নকৰি ধুমুহা গতিৰে দূৰদর্শণৰ সমুখত থিয় হৈছিলোগৈ ।যাতে আৰম্ভণিৰে পৰা চাব পাৰো । নাজানো কি এক অদ্ভূত আকর্ষণ আছিল গীতটিৰ প্রতি । দীঘলীয়া গীত যদিও শেষ নোহোৱা পর্যন্ত টি ভিৰ সমুখৰ পৰা আঁতৰি নগৈছিলো । মজাৰ কথাটি আছিল মন গ'লেই যেতিয়াই তেতিয়াই ভুলে শুদ্ধই তাৰ লগে লগে চিঞৰি গাইছিলো।তামিল,তেলেগু ,কানাড়া কোনো ভাষাই বাদ নপৰিছিল ।এটাই আৰম্ভ কৰিবহে লাগে লগতে মিলাই পিছৰ খিনি টানিয়ে দিছিলো ।এনে লাগিছিল আমি ভাৰতৰ প্রায় সকলোবোৰ ভাষাই যেন ক'ব পাৰোঁ। আগতে সঘনাই অভিনেতা-অভিনেত্রীসকলক চাবলৈ নাপাইছিলো বাবে গীতটিত ওলোৱা অমিতাভ মিঠুনহঁতক চাবলৈ অধিৰ হৈ পৰিছিলো ।নতুন শিল্পীৰ দ্ৱাৰা পুণৰবাৰ এই ঐক্যতান নির্মাণ কৰা হ'ল যদিও অ'ল্ড ইজ গ'ল্ড কথাষাৰ এইক্ষেত্রত বিশেষভাৱে প্ৰযোজ্য হৈ ৰ'ল।
এসময়ত লাহে লাহে বুজিব পাৰিছিলো গীতটি সৃষ্টিৰ প্রকৃত কাৰণ ।বুজিব পাৰিছিলো বৈচিত্র্যৰ মাজত মাজত ঐক্যৰ অর্থ ।শৈশৱৰ কোমল বয়সতে ইমান গধূৰ কথাটো ইমান সহজ পন্থাৰে আমাৰ মনত সোমাই পৰিছিল যে আজিকোপতি সি আমাৰ মনত বিদ্যমান ।এই কথা স্বীকার্য যে সংগীতৰ কোনো ভাষা নাই । সুৰ ভাল হ'লে সি হৃদয় চোৱে ।পিছে এই কথাও ঠিক যে সুৰ যদি গীতৰ প্রাণ হয় ,তেন্তে কথা গীতৰ সজা ,গীতৰ শৰীৰ । গীত এটিত শৰীৰ ৰূপী কথাৰ অবিহনে সুৰ পৰিচয়বিহীন । সেয়ে ক'ব পাৰি গীত এটি ৰচনা কৰোতে বিশেষ গুৰুত্ব দিবলগীয়া বিষয় হ'ল ইয়াৰ কথা । আজিৰ প্রজন্মই হয়তো চিনি নাপায় সেই গীত নাইবা তেনে গীতৰ সাৰ। কাৰণ ডেৰবছৰ মানৰ আগতে অসমৰ বন্ধু এজনেই কৈছিল : উজনি অসমৰ প্রাথমিক বিদ্যালয় এখনলৈ বিদ্যলয় পৰিদর্শক গৈছিল আৰু বিদ্যালয়ৰ কোনোবা ছাত্র এজনক এটি গীত গাবলৈ কোৱাত ঘপহকৈ গাই দিছিল "লাডেন আছিল পলাই গৈ পাকিস্তান "।এতিয়া গাবলৈ ক'লে হয়তো কোনোবাই তপৰাই গাই দিব ডিস্ক' ভন্টি নানাচিবা নাইবা"ৱাচিং পাউডাৰ নীর্মা" আদি।এতিয়া জনপ্রিয়তা পালেও সময়ৰ সোঁতত এই গীতবোৰ এদিন অতীত হ'ব ।কোনেও হয়তো মনত নাৰাখিব ।যদি একোটা গীতৰ ৰচনাই সমাজলৈ একোটা বহুমূলীয়া বার্তা প্রেৰণ কৰিব পাৰে তেন্তে তাতেই লুকাই থাকে গীত সৃষ্টিৰ প্রকৃত সার্থকতা । ঐক্যতানৰ সেই আকর্ষণৰ বাবেই তাৰ কথা ভুলে শুদ্ধই এতিয়াও জিভাৰ আগত লৈ ফুৰিছোঁ আৰু দুচকুত লৈ ফুৰিছো তাৰ চিৰযুগমীয়া ছবিখন ।আজিৰ গীতিকাৰসকলৰ পৰাও সেয়ে আমি কালজয়ী গীত সৃষ্টি হোৱাতোহে আশা ৰখিছোঁ ।****
মানসী বৰা।
No comments:
Post a Comment