গৃহহীন,অভাৱগ্রস্তজনক যুক্তৰাষ্ট্রৰ পথটো দেখো
লেখাৰ আৰম্ভণিতে আমাৰ প্রথম চিঠিখনৰ সম্পর্কত এটি গঠণমূলক সমালোচনা আগবঢ়োৱাৰ বাবে নিৰোদ কুমাৰ গোস্বামীলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো । ই-মেইল যোগেও বহুজনে আমালৈ নিজা নিজা মতামত পঠাইছিল ।সকলোলৈকে অশেষ ধন্যবাদ । দ্বিতীয়খন চিঠিত অসমীয়া হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব খোজা প্রচেষ্টাৰ বাবে সন্তুষ্টি প্রকাশ কৰি আমাক কেইজনমানে ই-মেইল যোগে কৃতজ্ঞতা জনাইছে।আজি লেখাৰ প্রসংগটি কিছু সুকীয়া ।পৰৱর্তী সময়ত আমেৰিকাৰ কর্মসংস্কৃতিৰ প্রসংগত সবিশেষ লিখিবলৈ চেষ্টা কৰিম । উভটি যাব খুজিছো শিৱসাগৰলৈ ।গৃহনগৰী শিৱসাগৰ মাজমজিয়াৰ শিৱদৌলৰ প্রাংগন নাইবা ইয়াৰ আসে-পাসে প্রায় সন্মুখীন হোৱা এটি সাধাৰণ ঘটনা ।
অ' বাইদেউ, এটকা এটা দিয়ক ।
মোৰ পিছে পিছে হাত মেলি মেলি সৰু ল'ৰা এটা নতুবা ছোৱালী এজনী ।বেগৰ পৰা কেতিয়াৱা মর্টন এটা উলিয়াই খাবলৈ দিলেও এটকা বা দুটকা এটা নিদিয়ালৈকৈ কাষৰ পৰা আঁতৰি নাযায় ।মন্দিৰৰ চিৰিৰে উঠি যাওঁতে চিৰিৰ কাষত নিজৰ সমুখত কাপোৰ একোখন পাৰি পাৰি নাইবা এটি বাচন লৈ বহি থকা লোকসকলৰ সেই দৃশ্যটি আমাৰ জন্মলগ্নৰে পৰা পৰিচিত ।হাড় কঁপোৱা শীতৰ নিশাও দৌলৰ কাষে কাষে পাতল একোখনি কম্বল লৈ জীৱন জীয়াৰ সংগ্রামত লিপ্ত থকা এইসকলৰ সাধাৰণ পৰিচয় অঘৰী । আমাৰ শিৱসাগৰ,আমাৰ অসমৰ কথা বাদেই দিছো,ভাৰতৰ বিভিন্ন চহৰৰ অলীয়ে গলিয়ে ৰাজহুৱা আস্থান নতুবা ব্যস্ত জনপথত হাত মেলি মেলি আর্থিক সাহার্য বিচৰা এনে লোকৰ অভাৱ নাই ।দৰিদ্রতাই হ'ল দেশৰ উন্নতিৰ প্রধান অন্তৰায় ।২০১২ চনৰ সমীক্ষা অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ প্রায় ২২% ই দৰিদ্র সীমা ৰেখাৰ তলত বসবাস কৰে।
আমেৰিকা যুক্তৰাষ্ট্রত ফার্ষ্টষ্টেট হিচাপে পৰিচিত ডেলাৱেৰৰ ৰাজধানী চহৰ উইলমিংগটন থাকিবলৈ লোৱাৰ পিছত এদিন ঘপহকৈ চকুত পৰিল বাটৰ কাষৰ দুটা বাকচত লিখি থোৱা এশাৰী বাক্য ।যাৰ অসমীয়া অর্থ আছিল অভাৱগ্রস্ত শিশুলৈ পুৰণা কাপোৰ,জোতা দান কৰক । দেখি আচৰিত হ'লো ।পৃথিৱীৰ উন্নত দেশৰ অন্যতম আমেৰিকাতো কি তাৰমানে অভাৱত থকা লোক আছে ?ইয়াৰ পিছত কিছুমান শ্বপিংমলকে ধৰি আৰু বিভিন্ন ঠাইত বহুতবাৰ এনে বাকচবোৰ দেখিছোঁ । কিছুমানক তাতে নিজৰ সন্তানৰ পুৰণা চুৱেটাৰ ,জেকেট আদি ভৰাই থৈ অহাও লক্ষ্য কৰিছোঁ ।
এবাৰ ডেলাৱেৰ উইলমিংগটনৰ ৰৌডনী স্কোয়াৰৰ ওচৰতে এক আচৰিত ঘটনাৰ সন্মুখীন হ'লো । বাছলৈ বুলি ৰৈ থকা সময়খিনিতে অমার্জিত পোচাকত পইচা বিচৰা দুই তিনিজন লোক । সপোনতো নভৱা ঘটনা । পিছে সময়ৰ লগে লগে লাহে লাহে সেই পৰিবেশটো চিনাকি হৈ পৰিল । আমেৰিকা হেন ঠাইত আচহুৱা যেন লগা বহুবোৰ কথাই এতিয়া সহজ যেন লগা হ'ল ।প্রায়ে দেখো শ্বপিং মল নতুবা মার্কেট কম্পেলক্সৰ ওচৰে পাজৰে হাতত হ'মলেচ বুলি লিখা ফলক একোখন লৈ থকা একোগৰাকী অঘৰী । ফলকখনত ইয়াৰ লগতে "প্লিজ হেল্প "বুলি শব্দ দুটাও দেখো ।
সেইয়া যি নহওঁক, আমেৰিকাতো গৃহহীনসকল এক সামাজিক সমস্যা ।নৈশযাপনৰ বাবে স্থায়ী আশ্ৰয় নথকা লোকসকলেই গৃহহীন ।ৰাজহুৱা স্থান থকা বেঞ্চত নতুবা বৰষুণ, বৰফৰ পৰা হাত সাৰিবলৈ দলঙৰ তলত শুই এওঁলোকে নৈশ যাপন কৰে । সমীক্ষা অনুসৰি আমেৰিকাৰ মুঠ জনসংখ্যাৰ ০.৫% লোক গৃহহীন ।অৱশ্যে ভাৰতীয় দৰিদ্রতাৰ হিচাপত তুলনা কৰিবলৈ গ'লে ই নিচেই সামান্য ।
দেশী-বিদেশী পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্র হ'ল আমেৰিকাৰ নিউ ইয়র্ক চিটি । নতুন বছৰটোৰ আৰম্ভণি কৰিবলৈ নিউ ইয়র্কৰ টাইম স্কোয়েৰে হাত বাউলী মাতে সহস্রজনক । লোকে লোকাৰণ্য হৈ পৰে টাইম স্কোয়েৰ থলী ।কিন্তু ২০১১ চনৰ অক্টোবৰ মাহৰ এটি সমীক্ষা অনুসৰি এই নিউ ইর্ক চিটিতে "হ'মলেচ " অর্থাৎ গৃহহীন লোকৰ সংখ্যা আটাইতকৈ বেছি ।মহামন্দাৱস্থাৰ সময়তএই গৃহহীনতাৰ হাৰ অতি উচ্চ আছিল ।আমেৰিকাত শীতকালৰ সময়চোৱাত গৃহহীনৰ বাবে জীয়াই থকাৰ সংগ্রাম অতি কষ্টকৰ হৈ পৰে ।এই জটিল সময়চোৱাত বহুজনে মৃত্যুকো আকোৱালী ল'ব লগা হৈছে ।অৱশ্যে স্থায়ী আশ্রয়স্থল নাথাকিলেও আমেৰিকাৰ কোনো কোনো ৰাষ্ট্রত শীতৰ সময়ত অর্থাৎ নবেম্বৰ মাহৰ পৰা মার্চ মাহলৈকে নৈশযাপনৰ অস্থায়ী ব্যৱস্থা নথকা নহয় ।মার্চ মাহৰ পিছত এই অস্থায়ী ব্যৱস্থাটো নেথাকে বাবেই গৃহহীনসকলৰ পুণৰ বাটৰ কাষৰ বেঞ্চত নাইবা দলঙৰ তলত নিশা কটোৱাৰ সেই কঠিন যাত্রা আৰম্ভ হয় ।
আমেৰিকাত অভাৱগ্রস্ত লোকৰ বাবে যে একো সুবিধা নাই ,তেনে নহয় ।এই অভাৱগ্রস্তসকলৰ বাবেই ইয়াত ডলাৰ ট্রীৰ নিচিনা বজাৰবোৰ আছে ,য'ত প্রতিটো সামগ্রীৰ মূল্য কেৱল এক ডলাৰ ।য'ত বিস্কুট, ব্রেড, চিপচ্ ,চচ,জাম জেলী,আদি খাদ্য সামগ্রীৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্রী কিছুমান কেৱল এক ডলাৰতে কিনিবলৈ পোৱা যায় ।সেইদৰে নুন্যতম মূল্যত সামগ্র ক্রয় কৰিব পৰাকৈ আছে ৱাল মার্ট দৰে শ্বপিং মল ।
কেতিয়াবা কিছুমান শ্বপিং মলত আকৌ বজাৰ কৰোতে নিজৰ বিলখনৰ লগতে দৰিদ্রজনলৈ সামান্য আর্থিক সাহার্য দিব লগা পৰিস্থিতিও পাইছো ।বিভিন্ন অনুষ্ঠানে দৰিদ্রজনলৈ এনেদৰে সেৱা আগবঢ়াই আছে ।সেইদৰে আমেৰিকাত এনে কিছুমান অনুষ্ঠানে বৰদিনৰ সময়ত পুতলা নাইবা খেলনা কিবা একোটা ৰাইজৰ পৰা সংগ্রহ কৰি অভাৱগ্রস্ত শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ বৰদিনৰ উপহাৰ হিচাপে সেইবোৰ তেওঁলোকৰ মাজত বিতৰণ কৰে।আমাৰ লিজিং এপার্টমেন্টৰ পৰিচালন গোটটোৱেও আবাসীসকলৰ পৰা অনুদান লৈ এনে সেৱা আগবঢ়াই আহিছে । সঁচা অর্থত এনেকুৱা প্রচেষ্টাসমূহ আদৰণীয় ।****
মানসী বৰা ।
উইলমিংগটন(ডেলাৱেৰ),আমেৰিকা যুক্তৰাষ্ট্র।
No comments:
Post a Comment