ন-খোৱাৰ ছবিখন
কাতিৰ কুঁৱলীফালি সোমাই আহে আঘোণ ।পথাৰৰ ধাননিডৰাই এই আঘোণতে সোণবৰণীয়া ৰূপ লৈ জেউতি চৰায় ।কৃষিৰ সৈতে জড়িত পৰিবেশটোৰ সৈতে মোৰ তেনেই চিনাকি ।শৈশৱৰ এচোৱা সময় পাৰ হৈছিল গ্রাম্যাঞ্চলত থকা মোমাইদেউৰ ঘৰত।সেয়ে পথাৰত নামি কাম কৰাৰ সুযোগ নেপালেও কঠিয়া-তোলা,ভুঁই ৰোৱা ,ধান-দোৱা আদি দৃশ্যবোৰ মোৰ চকুত সদায় একোখনি সুস্পষ্ট ধুনীয়া ছবি ।
সজাল শস্যৰ পথাৰৰ সেউজীয়া সৌন্দর্য নাইবা সোণালী ধানেৰে উপচি পৰা সোণবৰণীয়া পথাৰৰ আভাই মোক মুগ্ধ কৰে । সেই ভাল লগা,সেই ভালপোৱা অপৰিৱর্তিত । সেয়ে যুক্তৰাষ্ট্রৰ গ্রাম্যঞ্চলসমূহৰ কৃষি পথাৰবিলাকত অসমৰ গাঁৱৰ পথাৰখনত দেখা সৌন্দর্য মই বিচাৰি নেপাওঁ ।
কৃষিৰ সৈতে জড়িত বিভিন্ন পৰম্পৰাসমূহ সঁচাই অতি ভাল লগা । এবাৰ সৰুতে মোমাইদেউৰ পথাৰত বন্তি এগছি জ্বলাই গামোচাৰে মেৰিয়াই লখিমী মূৰতলৈ অনাৰ কথা মনত আছে । কিযে আনন্দ লাগিছিল সেইদিনা ।তেতিয়া বাটত কোনোবাই আকৌ হঁহোৱাবলৈ জোকাছিলও ।পিছে হঁহাটো দূৰৰে কথা গোটেই বাটটোত কথা নেপাতি মৌন হৈ আহিব লগা হৈছিল ।তেনেকৈ অনাটো বোলে নিয়ম । সেইলখিমী আনি ভঁৰালত নথৈ তেতিয়া কলগছত থোৱা হৈছিল । মাঘ বিহুৰ সংক্রান্তি দিনাহে লখিমী ভঁৰালত সোমোৱাৰ নিয়ম বুলি তেতিয়াই জানিব পাৰিছিলো।
আকৌ ন-ভুঁই বুলিলে কৃষকৰ ঘৰখনত উথপথপ লাগিছিল ।মানে সেইদিনাৰ পৰা কঠিয়া ৰোৱাকাম আৰম্ভ । ৰোৱনিকে ধৰি পথাৰত কাম কৰোতাসকলক সেইদিনা ভালকৈ ভাতসাজ খুওৱা হৈছিল ।
পিছে কৃষিৰ সৈতে জড়িত ন-খোৱা পৰম্পৰাটিয়েও মোক বৰ আকর্ষণ কৰে ।আঘোণৰ সোণগুটি চপাই ন-চাউলেৰে ওচৰ-চুবুৰীয়া অঙহী-বঙহী আটাইকে মাতি আনি শাকে-মাছে এসাজ ভালকৈ খোৱাৰ পৰম্পৰা কৃষিজীৱি অসমীয়া মানুহৰ জনজীৱনত প্রচলিত হৈ আহিছে । এই পৰম্পৰাই হৈছে ন-খোৱা বা ন-লগুৱা ।যিহেতু প্রথম ভুঁই ৰোৱাদিনা কঠিয়ামুঠি পথাৰৰ বোকাত গুজি দিওঁতে "গুৰুক দিম,ভকতক দিম,চৰাই-চিৰিকটিক দিম " বুলি কোৱাৰ নিয়ম আছে । সেয়ে প্রথমে ন-চাউলেৰে মাহচাউলৰ প্রসাদ ভগৱানলৈ আগবঢ়োৱা হয়। তাৰ পিছত ন-চাউলেৰে সকলোৱে মিলি এসাজ প্রীতিভোজ খায় ।ন-খোৱা বুলিলে মনত পৰে শৈশৱত ন-খোৱাৰ কথা ।মনত আছে ,মোমাইদেউহঁতৰ চুকটোৰ প্রত্যেকঘৰেই মিলি-জুলি ন খাইছিল ।মানে কাৰোবাৰ ঘৰত ন-খোৱা হ'লে বাকী কেইঘৰত চৰুৰ তলত জুই নজলাইছিল । সেইদিনবিলাকত অতি আনন্দময় পৰিবেশৰ সাক্ষী হোৱাৰ সুয়োগ লভিছিলোঁ। সেই সমিলমিল একতাৰ কথা ভাবিলে আজিও মনটো ভাল লাগি যায় ।কিযে জুতি লগা আছিল সেই ন-খোৱা ভোজৰ সোৱাদ । কিন্তু লাহে লাহে সেই পৰম্পৰাত পৰিৱর্তন আহিল । আটায়ে মিলি-জুলি উদযাপন কৰা ন-খোৱা পৰ্বটি পিছত সকলোৱে নিজৰ ঘৰখনতে সীমাবদ্ধ কৰি পেলালে ।পিছলৈ ন-খাবলৈ মতা বোলা কথাষাৰকে নুশুনা হ'লো ।
তথাপি কিয় জানো আঘোণ আহিলে আজিও ন-খোৱাৰ কথা মনত পৰে । আৰু ন-খোৱা বুলিলে মনত পৰে ফুলকবি-বিলাহী-কেঁচা মতৰৰ সৈতে ধনীয়া পাত দি ৰন্ধা মাছৰ আঞ্জাখনৰ কথা ।মনত পৰে মাছৰ মূৰেৰে বনোৱা জ্বলা দিয়া বন্ধাকবি, আলু, বেঙেনা,মূলা আদিৰে বনোৱা সেই মিহলি ভাজিকণৰ সোৱাদ নাইবা কোমোৰা দি ৰন্ধা হাঁহৰ মাংসৰে কথা । ঘৰত কতবাৰ সেই একে ব্যঞ্জন ৰান্ধি একেটা জুতি ল'বলৈ চেষ্টা কৰিছো হিচাপ নাই ,কিন্তু বাৰে বাৰে বিফল হৈছো ।মই ৰন্ধা ব্যঞ্জনবিধ নিজৰ পৰিয়ালটিৰ বাবেহে মই ৰান্ধো,আন অতিথি-ভকতক খোৱাম বুলিটো ৰন্ধা নহয় । হয়তো সেইবাবেই মই ৰন্ধা ভাতসাজত তাহানিৰ সেই সোৱাদৰ অভাৱ ।ইয়াৰোপৰি বজাৰৰ পৰা কিনি আনি ৰন্ধা মোৰ চাউলখিনি উৎপাদন কৰিবলৈ লোৱা বেলিকা বা কোৱা হৈছিল নে নাই গুৰুক দিম,ভকতক দিম নাইবা চৰাই-চিৰিকটিক দিম !ন-খোৱাৰ সেই আনন্দবোৰ এতিয়া মাথো স্মৃতি ।মনৰ মণিকোঠত সোমাই থকা আৰু চল পালেই আমনি কৰা এখন ধুনীয়া ছবি ।****
মানসী বৰা ।
No comments:
Post a Comment