Friday, November 18, 2016

১৯/১১/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত....

আমাৰ আশা জগাই তোলা ভাল খবৰবোৰ

অলপতে নেটফ্লিক্সত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ অন্তর্গত চাৰিটা সাধুকথাৰ আধাৰত নির্মিত কথানদী চাবলৈ পালোঁ ।অসমীয়া চিনেমাৰ দুর্দিনত কথানদীয়ে নিশ্চয় আশাৰ বতৰা আনিলে । দুই এটি আঁসোৱাহ থাকিলেও ছবিখনত অভিনেতা-অভিনেত্রীসকলৰ অভিনয় আৰু কাৰিকৰী দিশ যথেষ্ট শক্তিশালী ।নেটফ্লিক্সত আগতে কেতিয়াও অসমীয়া ছবি চোৱাৰ সৌভাগ্য ঘটা নাছিল।কিন্তু এইবাৰ অসমীয়া ছবি এখন চাবলৈ পাই নিজে অসমীয়া হিছাপে যথেষ্ট সুখ আৰু গৌৰৱ অনুভৱ কৰিছোঁ ।

১৯৩১ চনত মুক্তি পোৱা ভাৰতৰ প্রথমখন সবাক ছবি আলম আৰাৰ প্রায় চাৰি বছৰ পিছতেই অর্থাৎ ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই নির্মান কৰা প্রথমখন অসমীয়া ছবি জয়মতীয়ে মুক্তি লাভ কৰিছিল । জয়মতীৰ কাহিনী লক্ষীনাথ বেজবৰুৱাৰ জয়মতী নাটকৰ আর্হিতে নির্মিত হৈছিল । সেইবছৰতেই অসমৰ সন্তান প্রমথেশ বৰুৱাই বাংলা ভাষাত দেৱদাস ছবিখন নির্মাণ কৰাৰ লগতে নিজেও দেৱদাসৰ ভুমিকাত অভিনয় কৰিছিল । ১৯৩৬ চনত উক্ত ছবিখনকে পুণৰ তেওঁ হিন্দীত নির্মাণ কৰিছিল । দেৱদাস ছবিৰ কাহিনী শৰৎচন্দ্র চেতার্জীৰ বাংলা উপন্যাসৰ আর্হিত নির্মিত ছবি।এইখিনিতে মন কৰিব লগীয়া কথাটো হ'ল ভাৰতীয় ছবি জগতৰ ইতিহাসৰ সৈতে প্ৰায় সমানেই খোজ দিছিল অসমীয়া ছবি আৰু অসমৰ সন্তানে ।
ড০ ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাৰে কল্পনা লাজমীয়ে নিৰ্মাণ কৰা(এক পল,দমন)বলিউডৰ ছবিত অসমীয়া সংষ্কৃতি সুন্দৰভাৱে দেখিবলৈ পোৱা যায়। আমি যিমানদূৰ জানো মণিৰত্নমৰ ছাহৰুখ খান আৰু মণীষা কৈৰালা অভিনীত"দিল চে" (১৯৯৮)ছবিখনৰ পটভুমি অসম আছিল । ইয়াৰ শ্বুটিং অসম আৰু অৰুণাচল প্ৰদেশৰ মনোমোহা ঠাইত সমাপন হৈছিল ।অলপতে নির্মিত বিশাল ভৰদ্বাজৰ ৰেংগুন(২০১৬)ছবিখনৰ শ্বুটিং অৰুণাচল প্রদেশৰ উপৰিও অসমৰ ধেমাজী জিলাত সম্পন্ন কৰা হয় । বলিউডৰ ছবি নির্মাতাৰ অসমত শ্বুটিং লোৱাৰ আগ্রহ সঁচাই অসমৰ বাবে সুখবৰ বুলিব পাৰি।
শেহতীয়াকৈ অসমৰ সুসন্তান বিশ্বজিৎ বৰাই নির্মাণ কৰা"এইচা য়ে জাহাঁছবিৰ শ্বুটিং অসমৰ গোলাঘাটত সম্পন্ন কৰা হয় ।উল্লেখ্য যে,এই ছবিখনেই ভাৰতৰ প্রথমখন কার্বন নিউট্রেল ছবি ।য'ত বিহুকে সামৰি অসমৰ বিভিন্ন দিশ দাঙি ধৰিবলৈ প্রয়াস কৰা হৈছে।ছবিখনত অসমীয়া শব্দৰো প্রয়োগ দেখা গৈছে ।এনেকৈয়ে যদি ভাৰতীয় ছবিত বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে সমৃদ্ধ অসমৰ ৰহনীয়া সংষ্কৃতি প্রকাশিত হয় তেন্তে তাৰ মাজেদিয়েই ৰাষ্ট্রীয় পর্য্যায়ত অসমৰ পৰিচয় প্রকাশিত হ'ব যেন মনে ধৰে।
সেইদৰে সংগীততো অসমৰ সন্তানে কৰা ভাল কামৰ বাবেই বলিউড ছবিৰ হিন্দী গীতত অসমীয়া শব্দৰ প্রয়োগ শুনিবলৈ পোৱা যায় ।যেনে:-জব উই মেট ছবিখনত"আলিকাটি জালি দিম বৰ পিৰা পাৰি দিম"আৰু খাট্টা মিঠা ছবিখনত"ব বগাকৈ ব বগলী ব বহলাই ব বহিছে ইত্যাদি ।
ইয়াৰোপৰিএমটিভি ক'ক ষ্টুডিঅ'ত অসমৰ সংগীত শিল্পীয়ে সুনাম অর্জন কৰা অসমৰ ৰাইজেপ্রত্য়ক্ষ কৰিছেই ।আকৌ এইবছৰ অৰ্থাৎ ২০১৬ বর্ষৰ শ্রেষ্ঠ ছাউণ্ড ইঞ্জিনীয়াৰৰ বঁটা অসমৰ সুসন্তান দেৱজিৎ চাংমাইয়ে লাভ কৰিবলৈ সক্ষম হৈছে ।বর্তমান অসমৰ কিছুমান সমস্যা আৰু পৰিবেশ-পৰিস্থিতিয়ে মনলৈ হতাশা আনিলেও এই ভাল খবৰবোৰে নতুন আশা সঞ্চাৰিত কৰি মনত দুগুণে প্ৰেৰণা যোগায় ।অসমৰ সন্তানৰ কৃতিত্ব অসম আৰু অসমীয়াৰ বাবে নিশ্চিতভাৱেভাল খবৰ হোৱাৰ লগতে গৌৰৱৰ কথা।ৰাষ্ট্রীয়-আন্ত:ৰাষ্ট্রীয় পর্য্যায়ত অসমীয়া সংস্কৃতি আৰু অসমৰ সন্তানৰ জনপ্রিয়তাৰ বিষয়ক লৈ আমিও যথেষ্ট আশাবাদী ।***

মানসী বৰা ।

Wednesday, November 16, 2016

১৭/১১.২০১৬ তাৰিখে জনসাধাৰণ কাকতত প্রকাশিত

শিশু দিৱসৰ চিন্তা

আজি যদি কোনো জনক প্রশ্ন কৰা হয় তেওঁৰ বাবে জীৱনৰ আটাইতকৈ সুখৰ সময়
কোনখিনি ?তেন্তে তেওঁ বিনাদ্বিধাই স্বীকাৰ কৰিব সোণালী শৈশৱৰ দিনবোৰৰ কথা ।
জন্মতে কোনো ডাঙৰহৈ নাহে ।শিশু হিচাপে আমি সকলোৱে জীৱনৰ এটি সময় পাৰ কৰোঁ ।তাৰ লগতে পাৰ কৰোঁ খেল-ধেমালি ,ৰং-আনন্দ নাইবা ক্ষন্তেকীয়া ঠেহ-পেচেৰেএটি চিন্তামুক্ত জীৱন ।

শৰীৰৰ আকাৰ বাঢ়ি লাহে-লাহে শিশু টি এদিন ডাঙৰ হয় ।দৈহিক পৰিৱর্তণৰ সৈতে তাৰ চিন্তা-ধাৰাৰো পৰিৱর্তণ ঘটে ।শৰীৰৰ আকাৰ বাঢ়ি যোৱাৰ লগে লগে যদিও নুশুওৱা হয় শিশুসুলভ ঠেহ-পেচবোৰ তথাপি প্রতিজন ব্যক্তিৰে মাজত লুকাই থাকে এটি শিশুসুলভ মন । ডাঙৰ হোৱাৰ লগে লগে বাধ্যত পৰি সকলো ক্ষেত্রতে ডাঙৰৰ অভিনয় কৰিব লগা হয়সেইয়া সঁচা কথা । কাৰোবাৰ ভিতৰৰ মনটোত কি সোমাই আছে সেইয়াটো কোনেও জুমি চাব নোৱাৰে ।নাইবা বাহিৰৰ পৰা অনুমান লগাব নোৱাৰে ।আনহে নেলাগে আমিচোন নিজৰ মনটোৰ কথাকে বিভিন্ন সময়ত বুজি নেপাওঁ । মনটোৱে বিচৰা বহুবোৰ কাম বাস্তৱত আমি কৰিবও নোৱাৰো। মাথো বাধ্য হৈ সময়ৰ লগত খোজ মিলাই আমি চলিব ধৰো,নিতে কৰি যাওঁ সময়ৰ কাম ।সময়ক ধৰি ৰখাৰ সামৰ্থ কাৰো নাই ।
কিন্তু তথাপি মাজে মাজে আমাৰ মনটোত কিছুমান গোপন হেঁপাহে ভুমুকি মাৰেঅজানিতে ।যেনে:-বেলুন-পুতলাবোৰ দেখিলে এতিয়াওঁ ভাল লগা ,আনে নেদেখাকৈ হাতেৰে সেইবোৰ এনেই এবাৰ চুই চাবলৈ মন যোৱাৰঙা-নীলা মর্টন,টফিবোৰ খাবলৈ মন নগলেও চাই ভাল পোৱা ,আপোনজনে মৰম-আবদাৰ কৰিলে মনত সুখ অনুভৱ কৰা ,গা-অসুখ হ'লে নিজৰ আইজনীক কাষতে থকাটো বিচৰাআলোচনীৰ অকণিৰ পৃষ্ঠা নাইবা মৌ-মেল পঢ়ি এতিয়াওঁ আনন্দ পোৱা ,আইপিতাইৰ মৰমৰ ওপৰত এতিয়াওঁ অধিকাৰ সাব্যস্ত কৰিব খোজা এই সকলোবোৰ হেপাহতে লুকাই আছে আমাৰ শিশুসুলভ মনটি ,একালত হেৰাই যোৱা সেই নিস্পাপ শিশুটি ।

এই কথা স্বীকার্য যে সময়ৰ সোঁতত বর্তমান যুগৰ শিশু আৰু আগৰ শিশুসকলৰ মাজত যথেষ্ট পার্থক্য আহিল।আগৰ শিশুসকলৰ মাজৰ সৰলতাখিনিবর্তমান যুগৰ শিশুসকলৰ মাজত যেন কিছু অভাৱ ।আজিৰ শিশুসকলৰ জীৱনত টেলিভিচন ,ইন্টাৰনেট আদিৰ মাত্রাধিক প্রভাৱে শিশুৰ মাজত থাকিব লগা সৰলতাখিনি যেন মষিমূৰ কৰি পেলাইছে ।প্রকৃতার্থতশিশুসকলৰ সৰলতাইহে বহন কৰে শিশুৰ স্বভাৱসুলভ বৈশিষ্ট্য । শিশুৰ সৰলতাতেই নিহিতহৈ আছে শিশু দিৱসৰ প্রকৃত মাদকতা ।।*****

মানসী বৰা ।

Saturday, November 12, 2016

১৩/১১/২০১৬ তাৰিখে আমাৰ অসম কাকতত প্রকাশিত..

কামৰ কোনো সৰু-বৰ নাই

চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ এই সময়চোৱাত ইউৰোপত হোৱা শিল্পবিপ্লৱে যি নৱজাগৰণৰ সূচনা কৰিছিল ইতিহাসে আজিও তাৰ সাক্ষী বহন কৰি আহিছে । শিল্পবিপ্লৱৰ বাবেই ইউৰোপৰ দেশবোৰ আমাতকৈ হাজৰগুণে আগবঢ়া ।কামৰ কোনো সৰু-বৰ নাই ।উন্নত দেশবিলাকেও এই কথাষাৰ মানি চলে। যি কামেতেই নিয়োজিত নহও লাগিলে সততা আৰু নিষ্ঠাৰে কৰাটোহে আচল কথা ।আমাৰ অসমীয়া মানুহখিনিৰ আকৌ হাড়ে-হাড়ে সিৰে সিৰে এটা কথা শিপাই আছে যে ব্যৱসায়ৰ জৰিয়তে কৰা উপার্জনৰ তুলনাত চৰকাৰী চাকৰিৰ পৰা কৰা উপার্জন যেনে হলেও অধিক ওপৰত । সেয়ে নিজৰ বিবাহযোগ্য ছোৱালীজনীকো কোনোবা চৰকাৰী চাকৰি কৰা এজনৰ হাততহে গতাব খোজে ।সৰু চৰকাৰী চাকৰি (তৃতীয়/চতুর্থ শ্রেণীৰ)এটা হ'লেও যদি বাহিৰা টকা আছে ,তেন্তে কথাই নাই ।তাকে লৈ গৌৰৱ কৰিবলৈকো আমি লজ্জাবোধ নকৰোঁ। কৃষক,ক্ষুদ্র ঔদ্যোগী নাইবা আন ক্ষুদ্র ব্যৱসায়ীসকল আজিও আমাৰ সমাজখনত নিজৰ প্রকৃত মর্যদা লাভৰ পৰা বঞ্চিত হৈ আহিছে ।
আমাৰ অসমীয়া মানুহখিনিৰযে নিজৰ মানুহৰ উন্নতিও হজম নহয় । খাম-খিয়ালিতো নুগুছেই ,এনেই নমৰিলেও ঈর্ষাতে দেই-পুৰি মৰো ।কেনেবাকৈ অসমীয়া কোনোবাজনে ব্যৱসায়ৰ জৰিয়তে আর্থিক দিশতউন্নতি কৰা দেখিলে অসৎ উপায়েৰে আর্থিক উপার্জন কৰা বুলি মিছা অপবাদহে জাপি দিব খোজো । আমি অসমীয়া মানুহখিনিয়ে অনা অসমীয়া মানুহৰ দোকানত সমাগ্রী ক্রয় কৰিবলৈ বেয়া নেপাওঁ,কিন্তু নিজৰ ল'ৰাটোৱে স্নাতক ডিগ্রী লৈ চৰকাৰী চাকৰি নিবিচাৰি দোকান খুলি ব্যৱসায় কৰো বুলিলে আমাৰ অসমীয়া অভিভাৱকৰ সন্মান লাঘৱ হয় ।স্ব-নিয়োজনেৰে নিজে স্বাবলম্বী হোৱাৰ লগতে আন দহজনকো কর্মসংস্থাপন দিব পাৰিলে সেইয়া সঁচা অর্থত গৌৰৱৰহে কথা ।কিন্তু এই কথাষাৰকে আমি অসমীয়াসকলে উপলব্ধি নকৰোঁ ।আনকি নিজৰ ঘৰত কাম কৰিবলৈ আমিবোৰে অনা অসমীয়া মানুহ বিচাৰোঁ ।কামৰ কোনো সৰু-বৰ নাই এই কথাষাৰ হৃদয়ংগম কৰি আমি অসমীয়াসকলেও এওঁলোকৰ স্বাবম্বিতাৰ আর্হি গ্রহন কৰা উচিত ।
সকলো কামকে সমান মর্যদা দিয়াৰ মানসিকতা আমাৰ অসমীয়া মানুহখিনিৰ মনত যেতিয়ালৈকে গঢ়লৈ নুঠিবতেতিয়ালৈকে কিন্তু আমাৰ অসমীয়া জাতিটোও পিছপৰি থাকিব ;আৰু এইয়া এক নির্ঘাট সত্য ।****

Saturday, November 5, 2016

০৬/১১/১৬ ৰ দৈনিক জনমভূমি কাকতৰ "অৱকাশত "প্ৰকাশিত

আপোন মানুহৰ আপোনতা

"অচিন হৈও চিনাকি তুমি ,বুকুৰ কুটুম অসমৰ ভাই ,মুখত সুৱদি সুৰীয়া মাত আই অসমী
'তেই নেপাওঁ তোমাক, পৰ হৈও আপোন তুমি ।"-প্ৰবাসত অসমীয়া মানুহ পালে মনটো ভাল লাগি যায় । এনে লাগে যেন ঘৰৰ মানুহকহে লগ পালো । স্বামীৰ চাকৰি সূত্রে আমি কিছুদিন বেংগালুৰুত আছিলো । বেংগালুৰুৰ কেইবাটাও শ্বপিং মলত বিভিন্ন সময়ত বজাৰ সমাৰ কৰিবলৈ যাওঁতে তাত কাম কৰা অসমীয়া ল'ৰা কেইবাজনকো লগ পাইছিলো । অসমৰ পৰা বেংগালুৰুলৈ কর্মসংস্থাপন বিচাৰি আহি তেওঁলোকে তেনেদৰেই কামত নিজকে নিয়োজিত কৰি ৰাখিছিল । স্বামীৰ সৈতে আমাৰ কথোপকথন শুনি আমাকঅসমীয়া বুলি চিনিব পাৰিছিল আৰু ওচৰ চাপি আহি সেয়ে আমাৰ সৈতে পৰিচয় হৈছিলহি । কথা-বতৰা পাতি গম পালোঁ আমাৰ উজনিৰ ফালৰ ল'ৰা । সামগ্রী ক্রয় কৰা কামত আমাক যথেষ্টখিনি সহায়ও কৰিছিল 'ৰাকেইজনৰ ব্যৱহাৰ দেখি মুগ্ধ হ'লো ।
আকৌ এবাৰ বজাৰ কৰিবলৈ স্বামীয়ে মোক আৰু এখন দোকানলৈ লৈ গৈছিল ।এখন কাপোৰৰ দোকান । দোকানখনত সোমোৱাৰ লগে লগে দেখিলেই মৰমলগা সৰু ল'ৰা এটাই বৰ আদৰ সাদৰ কৰিছিল । বেংগালুৰুত থকা কালতে ল'ৰাজনৰ সৈতে স্বামীৰ পৰিচয় ঘটিছিল । স্বামীক দাদা বুলি মাতে বাবে আমাৰ সৈতে "নবৌবুলি সম্বোধন ধৰি নমস্কাৰ দি পৰিচয় হৈছিল ।সকলো সামগ্রীতে নুন্যতম মুল্যত বিক্রী কৰা উক্ত দোকানখন কিন্তু ল'ৰাজনৰ নিজৰ দোকান নাছিল ।সেই দোকানৰ তেওঁ মাথো কর্মচাৰীহে আছিল । জন্মসূত্রে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ উক্ত ল'ৰাজনৰ অমায়িকতা দেখি ভাল লাগিল । কাম কৰি খোৱাৰ লক্ষণ আছে । নিজে অসমীয়া বাবেই হয়তো আমাৰ নিচিনাকৈ ল'ৰাজনৰো মনত আমাৰ প্রতি আপোন ভাৱ জাগি উঠিছিল ।
ইয়াৰোপৰি বেংগালুৰুতে গামচ ডেলিকেচি আৰু অসমী নামৰ দুখন অসমীয়া ৰেষ্টুৰাট খাবলৈও গৈছিলোঁ য'ত কর্মৰত কেইবাজনো অসমীয়া কর্মচাৰীক লগ পাইছিলোঁ ।বাহিৰত কাম কৰি থাকি উপার্জন কৰা অসমীয়া ল'ৰাবিলাকৰ সেই আপোন আপোন ব্যৱহাৰ দেখি ভাল লাগিল ।এইকথা স্বীকার্য যেবস্তুবাদী পৃথিৱীত মানু্হৰ বাবে মানুহৰে ভাবিবলৈ সময় নোহোৱা হ'ল । সকলো যেন নিজৰ মাজতে বিভূল । কিন্তু পার্থিৱ ভোগ-বিলাসত ব্যস্ত আজিৰ মানু্হৰ মাজত যে এতিয়াও পৰোপকাৰী মানুহ আছে সেই কথা প্রকাশ নকৰিলে যে কৃতঘ্নতাৰ দোষে চুব ।
যোৱা বছৰৰ ঘটনা । বিদেশ ভ্রমণ বুলি শুনিবলৈ ভালেই লাগিছিল যদিও নিজৰ ঘৰখনৰ লগতে আপোন মানুহখিনিক বহুদিনৰ বাবে এৰি থৈ নিজ দেশৰ পৰা আহিব লগা হোৱাত মনত অজান বিষাদ এটাই হেঁচা মাৰি ধৰিছিল । স্বদেশৰ মোহত অসমীয়া প্ৰিয় সাহিত্যিকৰ কেইখনমান কিতাপকে বেগত ভৰাই লৈছিলোঁ । পিছে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বুলি বেংগালুৰুৰ বিমান বন্দৰত আমাৰ চাৰিটা ডাঙৰ ডাঙৰ বস্তু-বাহনিৰ বেগৰ ওজন কৰাওতে বিপাঙত পৰিলোঁ । প্ৰতিটো বেগতে অতিৰিক্ত চাৰি-পাঁচ কিলো ওজন ওলাল । আন্তৰ্জাতিক বিমানত ভাৰতীয় হিচাপত আমি তাৰবাবে অতিৰিক্ত প্ৰায় ত্রিছহেজাৰ টকা পৰিশোধ কৰিব লাগিব বুলি জনালে । সেই বোজা শকত পকাবন্ধা কিতাপখিনিৰ পৰাইযে হৈছিল আমাৰ বুজিবলৈ বাকী নাছিল । কিন্তু কৰা যায় কি যথেষ্ট বিপাঙত পৰিলো । এৰিবও নোৱাৰো ধৰিবও নোৱাৰোঁ । ইফালে বিদেশত নেপাম বুলি জানিয়েই কিমান যে আশাৰে কিতাপখিনি আনিছিলোঁ স্বামীৰ সৈতে কি কৰিম কি নকৰিম বুলি কথাবোৰ গুণাগথা কৰি থাকোতেই হ্ঠাতে কোমল বয়সৰ ল'ৰা এজন আমাৰ কাষ চাপি আহিল । আহিয়েই স্বামীক সুধিলে :আপোনালোক বাৰু অসমৰ নেকি অচিনাকি পৰিবেশত অচিন মাত কথাৰ মাজত অসমীয়া মাতষাৰ শুনি মনটো ভাল লাগি গ'ল । হয়বুলি উত্তৰটো দিয়াৰ লগে লগে ল'ৰাজনেও উৎসাহেৰে ক'লে তেওঁৰো ঘৰ বোলে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত ,বৰ্তমান বেংগালুৰুৰ বিমানবন্দৰত কর্মৰত বাবে বেংগালুৰুতে থাকে ।অসমীয়াত কথা পতা শুনিয়েই হয়তো তেওঁ আহি আমাৰ সৈতে চিনাকি হৈছিলহি। প্ৰবাসত অসমৰ ল'ৰাজনক পাই আমাৰো বৰ আপোন আপোন লাগিল । আমাৰ সমস্যাটোৰ বিষয়ে তেওঁক জনালোঁ । অলপো পলম নকৰি ল'ৰাজনে তেওঁৰ ওচৰতে কিতাপখিনি থৈ যাব পাৰিম বুলি কৈ পেলালে আৰু আমাৰ যেতিয়াই সুবিধা হয় তেতিয়াই কিতাপখিনি লৈ ল'ব পাৰিম বুলিও জনালে ।এদিনৰ চিনাকি ল'ৰাজনৰ কথা শুনি বুজাব নোৱাৰাকৈ মনটো ভাল লাগি গৈছিল । পৰোপকাৰী মানুহ যে এতিয়াও পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱা নাই তাৰেই যেন এক উৎকৃষ্ট আর্হি দাঙি ধৰিলে অসমৰ তিনিচুকীয়াৰ সেই ল'ৰাজনে ।
ভাল লগা কথাটো হ'ল যে কোৱা মতেই ল'ৰাজনে কাম কৰিও দেখুৱালে । আমেৰিকাত চাকৰি সুত্রে থকা স্বামীৰ সহপাঠী অসমৰ বন্ধু এজন এইবাৰ অসমৰ ঘৰৰ পৰা উভটি অহাৰ সময়ত বেংগালুৰুৰ বিমান বন্দৰত লগ কৰি তেওঁৰ হাততে কিতাপখিনি ল'ৰাজনে দিও পঠিয়ালে । হেপাহৰ কিতাপখিনি কাষতে পাই মনটো ভাল লাগি গ'ল । কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাই।
কিন্তু এটা কথা সত্য যে একেখন ঠাইত থাকিও পিৰালি চুকৰ মানুহঘৰৰ মাজত আন্তৰিকতাৰ অভাৱ ঘটিব পাৰে কিন্তু স্বভূমিৰ পৰা আঁতৰি বেলেগ ঠাইত থাকিব লগা হ'লে একেখন ঠাইৰে মানুহ বুলি স্বয়ংক্রিয় ভাৱে এক আন্তৰিক সম্পর্ক গঢ় লৈ উঠিব
পাৰে অচিন হৈও হৃদয়ৰ অতিকে চিনাকি আপোন যেন লগা হ'ব পাৰে । সঁচা অর্থত সেইয়াই আপোন মানুহৰ আপোনতা *****

মানসী বৰা ।

Wednesday, November 2, 2016

৩/১১/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

যুৱক-যুৱতীৰ আত্মহনন আৰু অভিভাৱকৰ দায়িত্ব

বর্তমান সময়ত যুৱসমাজত যুৱউশৃংখলতাৰ লগতে বৃদ্ধি পাব লাগিছে আত্মহননৰ প্ৰৱনতা ।যুৱপ্ৰজন্মৰ মাজত দেখা দিয়া এই আত্মহনন প্রৱনতাই সমগ্র সমাজখনকে প্রভাৱিত কৰে ।শেহতীয়া এটি ভাৰতীয় সমীক্ষা অনুসৰিপ্রায় ১৫-২৯ বছৰ বয়সৰ প্ৰজন্মৰ মাজত এই আত্মহননৰ প্রৱণতা অধিক মাত্রাত দেখিবলৈ পোৱা যায় ।সমগ্র বিশ্বতেআত্মহননৰ ক্রমবর্ধিত প্রৱনতাৰ বাবে ১৯৬০ চনতে গঠন কৰা হৈছিল ইন্টাৰ্নেচনেল এচ'চিয়েচন ফৰ চুইচাইড প্ৰিভেনচন । প্রতি বছৰে এই অনুষ্ঠানে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে লগ হৈ ১০ চেপ্তেম্বৰ দিনটো ৱর্ল্ড চুইচাইড প্রিভেনচন ডেহিচাপে লৈ আত্মহননৰ ভয়াবহ প্রৱনতা ৰোধৰ বাবে পদক্ষেপ গ্রহন কৰি আহিছে ।২০০৪ চনত নেচনেল ইনষ্টিটিউট অৱ মেন্টেল হেলথে দিয়া তথ্য অনুসৰি আমেৰিকাত যুৱসমাজৰ আত্মহননৰ প্রধান কাৰণ 'হতাশাৰ লগতে অন্যান্য মানসিক দূর্বলতা।
বর্তমানৰ যুগটো হ'ল প্রতিযোগিতাৰ যুগ ।প্ৰতিযোগিতাৰ দৌৰত ভাল দৰে দৌৰিব নোৱাৰিলে নাইবা ভবা মতে কেৰিয়াৰ গঢ়াত সফলতা লাভ কৰিব নোৱাৰিলে যুৱসমাজৰ মনলৈ আহি পৰে তীব্ৰ হতাশা আৰু ফলস্বৰোপে অৱলম্বন কৰে আত্মহননৰ ভয়ংকৰ পথ। সমাজৰ শৃংখলিত বান্ধোন চিঙি পিছমূহূর্ততে অনুসুচনাত দগ্ধ হৈও যুৱসমাজৰ বহুজনে বাছি লয় আত্মহননৰ পথ ।প্রকৃততে মানুহৰ মনটোৱেই মানুহৰ আচৰন তথা ক্রিয়া-কলাপসমূহ নিয়ন্ত্রণ কৰে। ঘৰুৱা পৰিৱেশৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশটোৱেও আমাৰ মনৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে । যুৱসমাজৰ মাজত দেখা দিয়া আত্মহননৰ প্রৱণতা প্রকৃতার্থত এক মানসিক ব্যাধি ।অসুস্থ মন এটাত সদায় অসুস্থ চিন্তাই বাহৰ পাতে । অসুস্থ তথা অশান্ত মনেৰে লোৱা সিদ্ধান্ত কেতিয়াওঁ উচিত সিদ্ধান্ত হব নোৱাৰে ।সুস্থ পৰিবেশৰ মাজতহে সন্তানৰ সুস্থ মানসিকতা গঢ় লয় উঠে । নিজৰ সন্তানক এটি সুস্থ পৰিৱেশ দিয়াটো আমাৰপ্রত্যেকজন অভিভাৱকৰে দায়িত্ব । অভিভাৱকসকলে তলত উল্লেখিত উপায়সমূহ অৱলম্বন কৰিলে যুৱপ্ৰজন্মৰ মাজত দেখা দিয়া এই আত্মহননৰ প্রৱণতা বহু পৰিমাণে হ্রাস হ'ব বুলি আশা কৰিব পাৰি ।

সন্তাটিক সৰুৰে পৰাই যোগাভ্যাস আৰু প্রাণায়াম শিক্ষা দিয়াৰ ব্যৱস্থা কৰি নিয়মিতভাৱে তাৰ চর্চা কৰাব লাগে। ইয়াৰ ফলত সন্তাটিৰ মনত ইতিবাচক চিন্তাৰ প্রৱাহ ঘটিব।

/শিশু অৱস্থাতে খেলজগতৰ সৈতে পৰিচয় কৰোৱাই সন্তানটিক খেলিবলৈ উৎসাহিত কৰিব লাগে। খেল খেলোতে কেতিয়াবা জিকিব আৰু কেতিয়াবা হাৰিব ।হৰা অভিজ্ঞতাৰ জৰিয়তে সন্তানটিয়ে জীৱনত জটিল সময়বোৰ সহজভাৱে ল'বলৈ শিকিব ।

সৰুৰে পৰাই সন্তানক নীতিশিক্ষাৰ পাঠ শিকাব লাগে।ই সন্তানটিৰ মানৱীয় গুণসমূহৰ বিকাশত সহায় কৰিব।

পিতৃ-মাতৃয়ে সন্তানৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ কৰি প্রয়োজন সাপেক্ষহে শাসন কৰিব লাগে। অতিমাত্রা শাসনও বহুসময়ত বিপদজনক।

/কেতিয়াওঁ সন্তানটোক নিসংগতা অনুভৱ কৰিবলৈ নিদিব ।নিসংগতাই মনলৈ হতাশা আনিব পাৰে।

/পিতৃ-মাতৃয়ে বিচৰা বিষয়টো সন্তানক পঢ়িবলৈ বাধ্য নকৰি .সন্তানে নিজে ভাল পোৱা বিষয়টোহে পঢ়িবলৈ সুবিধা কৰি দিব ।

/কম নম্বৰ পালে বুলিয়েই সন্তানক ইতিকিং নাইবা অবজ্ঞা নকৰি সদায় সাহস যোগাব। প্রেৰণাদায়ক কথাৰে সন্তানক উৎসাহিত কৰিব । কেতিয়াও নিজৰ সন্তানটিক আনৰ সৈতে তুলনা নকৰিব ।

/সন্তানটিক হতাশগ্রস্ত যেন দেখিলে পলম নকৰি মানসিক চিকিৎসকৰ সৈতে পৰামর্শ কৰিব । কেতিয়াও মানসিক চিকিৎসকৰ ওচৰলৈ যোৱাটো লাজৰ কথা বুলি গণ্য নকৰিব।

শেষত কওঁসাৱধানতাই সকলো সমস্যা ৰোধ কৰিব পাৰে।আত্মহননৰ এই ভয়াবহ সমস্যা সমাধানৰ বাবে আমাৰ সমাজখনে সচেতনতা অৱলম্বন কৰা উচিত। আমাৰ উঠি অহা যুৱসমাজে সদায় এইষাৰ কথাকে সোঁৱৰি আগবাঢ়ি যোৱা উচিত :-
জীৱনত কৰা সকলোবোৰ ভুলেই তুচ্ছ,কেৱল জীৱনটোহে মূল্যৱান।।***

মানসী বৰা ।