Friday, October 28, 2016

২৯/১০/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

দিপাৱলীৰ চিন্তা

শাৰদীয় সুৱাসভৰা অন্যতম উৎসৱ হ'ল দিপাৱলী বা দেৱালী । অমাৱস্যাৰ এন্ধাৰত পোহৰৰ বিজয় সুনিশ্চিত কৰি দেৱালীৰ সন্ধ্যা চৌদিশে বন্তি প্রজ্জ্বল কৰা হয় ।সেয়ে পোহৰৰ উৎসৱ হিছাপে পৰিচিত দেৱালীৰ এক সুকীয়া সৌন্দৰ্য আছে ।
গ্রাম্যঞ্চলত বাদদি নগৰাঞ্চলত দেৱালীৰ দিনা অন্য এক ৰূপেই দেখিবলৈ পোৱা যায় ।সেইদিনা বিভিন্ন আর্হিৰ ডেক'ৰেটিভ লাইটৰ বাহাৰত সুউচ্চ অট্টালিকাবোৰ জিলিকি উঠে ।চাৰিওফালে চকু চাট মাৰি ধৰাকৈ ৰমক-জমক সাজ-সজ্জা ।এই জাক-জমকতা আকৌ চেৰাই যায় যেতিয়া ব'ম ফটকা আদি বিভিন্ন আতচবাজিৰ কাণ তালমৰা বিয়াগুম শব্দই অসুস্থজনৰ বুকুৰ বিষ তোলে ।বিশেষকৈ হৃদৰোগী ,বৃদ্ধ আৰু শিশুসকল অধিক ভোক্তভোগী । শেষ নিশালৈকে যেতিয়া সেই শব্দবোৰৰ অন্ত নপৰে সেইসকলৰ বাবে দেৱালী যেন পোহৰৰ উৎসৱ নহৈহৈ পৰে এক অভিশাপ।পোহৰ নেদেখি চকুৰ সমুখত সেইসকলে যেন অন্ধকাৰ দেখিবলৈ লয় ।
ইয়াৰোপৰি,এই ধুনীয়া পৃথিৰীখনত কেৱল আমি অহংকাৰী মানুহবোৰেই বাস নকৰোঁ। আমাৰ লগতে বিভিন্ন চৰাই-চিৰিকটি,জীৱ-জন্তু,গছ-গছনিয়েও বাস কৰে। সিহঁতৰ শান্তি-ভংগ কৰাৰ অধিকাৰ আমাৰ নাই ।কাৰণ ধুনীয়া পৃথিৱীখন সিহঁতৰো ।এই বোমা-ফটকাবোৰ বাৰু আমি কমকৈ ব্যৱহাৰ কৰিব নোৱাৰিনে ?দেৱালীক কেৱল পোহৰৰ উৎসৱ কৰি ৰাখিব নোৱাৰোনে?আজিকালি দেৱালীক আমি মানুহবোৰে যেন ব'ম,ফটকাৰ উৎসৱ কৰি পেলাইছোঁ । দেৱালীৰ পৱিত্রতা কিন্তু তেল শলিতাৰে জ্বলোৱা বন্তিগছিতহে সীমাবদ্ধ ।সেই বন্তিগছিতে জড়িত হৈ আছে জগতৰ মংগল কামনা আৰু বন্তিৰ শিখাৰে চৌদিশ আলোকিত হোৱাতেই আছে দেৱালী উৎসৱৰ প্রকৃত মাদকতা।সমগ্র পৃথিৱীৰ সুখ-শান্তিৰ বাবে নিৰৱে শিখা কঁপাই জ্বলি থকা মাটি চাকিটিৰ দৰে আমি বাৰু শান্তিপূর্ণ দেৱালী কামনা কৰিব নোৱাৰোনে ?****

Wednesday, October 19, 2016

২০/১০/২০১৬ তাৰিখে "আমাৰ অসম" কাকতত প্রকাশিত

তামোলৰ পিক ,স্বচ্ছতা আৰু কিছু চিন্তা

ৰাইজে নখ জোকাৰিলে নৈ বয় । এজনে অকলে কৰিব নোৱৰা কাম এটা বহুজনে এক গোটহৈ কৰিলে সেই কাম সহজ সাধ্য হৈ উঠে ।প্রতিবছৰে বাৰিষা বানপানীৰ সময়ত ৰাইজৰ পৰা অনুদান লৈ অসমত বিভিন্ন গোট নাইবা সংগঠনে পীড়িত সকলক সাহর্য প্রদান কৰি অহা আমি আটায়ে প্রত্য়ক্ষ কৰি আহিছোঁ । কিছুদিনপূর্বে অসমৰ বিভিন্ন জিলাৰ বিভিন্নজনে হোৱাটচএপফে'চবুকৰ জৰিয়তে চিনাকি হৈ এটি সামাজিক গোট খুলি একত্রিত হৈ বৃক্ষৰোপনৰ কার্যসূচী ৰূপায়ন কৰা সম্পর্কে ফে'চবুকতে দেখিবলৈ পাইছিলোঁ ।এনেকৈ একগোট হৈ মহান উদ্দেশ্য সাধনৰ কাৰণে লোৱা পদক্ষপ সঁচাই অতি প্রশংসনীয় ।
এইখিনিতে আন এটি কথা সংযোগ কৰিব খুজিছো ।আমেৰিকা যুক্তৰাষ্ট্রৰ পৰিস্কাৰ পৰিচন্নতাই আমাক আকর্ষণ কৰে । ইয়াৰ বাসিন্দাসকল ইয়াৰ প্রতি সচেতন । ইয়াত কর্মৰত কৰ্মচাৰীসকলক নিয়মিতভাৱে অফিচৰ কামৰ পৰা অব্যাহতি দি সাৰ্বজনীন সেৱা কমিউনিটি চার্ভিচ কৰিবলৈ দিয়া হয় ।কমিউনিটি চার্ভিচ হ'ল কোনো এটা অঞ্চললৈ গৈ হাতে-কামে কৰা চাফাই অভিযান ।এনেধৰণৰ চাফাই অভিযানে নিশ্চিতভাৱে মানুহৰ মাজত পৰিস্কাৰ-পৰিচন্নতাৰ এক মানসিকতা গঢ় লৈ উঠাত সহায় কৰে। এই কার্যই ঠাই এখনৰ একোজন বাসিন্দা হিচাপে ঠাইখনৰ প্ৰতি থকা দায়বদ্ধতাকো সুনিশ্চিত কৰে।আমাৰ অসমত আকৌ আমি মানুহবোৰে কিবা কিবি খাই পেকেট কাগজবোৰ ডাষ্টবিনত পেলোৱাৰ পৰিৱর্তে য'তে ত'তে পেলাই দিওঁ ।আনকি তামোল ,জর্দাপানপান-মচলা আদিবোৰ খাইও য'তে-'তে পিকাই ঠাইবোৰ লেতেৰা কৰোঁ ।এই বদ অভ্যাসৰ পৰিণামতে অতি সন্মানৰ তথা আদৰৰ বস্তু তামোল-পানৰ ব্যৱহাৰ আজিকালি আমাৰ বিবাহ-বাহৰ বিলাকতো নিসিদ্ধ হৈ পৰিছে । আমি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত পাশ্চাত্যৰ অন্ধ অনুকৰণক সমালোচনা কৰি আহিছোঁ ।কিন্তু কমিউনিটি চার্ভিচৰ দৰে ইতিবাচক দিশৰ অনুকৰণ সঁচাই গ্রহনযোগ্য । আমেৰিকা যুক্তৰাষ্ট্রৰ এনে আর্হি আমাৰ অসমতো গ্রহন কৰিব পাৰে ।বিশেষকৈ অসমৰ অফিচ-কাছাৰীৰ চুকে-কোণে দৃষ্টিকটুভাৱে লাগি থকা তামোলৰ পিকৰ দাগবোৰকে এদিনৰ বাবে কর্মচাৰীসকলক পৰিস্কাৰ কৰিবলৈ দিলে নিশ্চিতভাৱে পৰিস্কাৰ পৰিচন্নতা বজাই ৰখাৰ প্রতি তেখেতসকল সজাগ হ'ব । নিজে লেতেৰা নকৰাৰ লগতে আনে কৰাৰ ক্ষেত্রতো বাধা প্রদান কৰিব । স্বাভাৱিকতে ইয়াৰ দ্বাৰা সকলোৰে মাজত চাফ-চিকুণতাৰ প্ৰতি সচেতনতা বৃদ্ধি পাব । তামোলৰ পিকবোৰ নোহোৱা হ'লেই বহুপৰিমাণে অসমত স্বচ্ছ অভিযানো সফল হ'ব যেন লাগে। ****

Wednesday, October 12, 2016

১৩/১০/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত...

পূজা চোৱাৰ আনন্দ

সৰুতে দূর্গাপূজা বুলিলেই আনন্দ লাগিছিল । পূজা চাবলৈ গ'লে বেলুন কিনাৰ সমান সুখৰ কথা নাছিলেই । পানীবেলুন,সাপ বেলুন ,আমলখি বেলুন আদিৰ উপৰিও ভিতৰত কিবা সৰু সৰু টুকুৰা কিছুমান ভৰাই থোৱা ৰঙ-বিৰঙী বেলুন এবিধও পাইছিলো ,লৰাই দিলেই বাজি উঠে ।সেইদিনবোৰত যে হুইচেল এটা কিনি বজাইও চখ পাইছিলোঁ । কেইবছৰমানলৈকে একেকেইটা বস্তু কিনাতেই আনন্দ আছিল। পিছত প্লাষ্টিকৰ টেলিফোন(মোবাইল নাছিল ),চাবি দিলে নচা পুতলা আদিবোৰ কিনিছিলোঁ । অলপ ডাঙৰ হোৱাৰ পিছত আকৌ জিলিকি থকা মণিহাৰী বস্তুবোৰলৈ চকু যোৱা হ'ল । পিছলৈ সেই চখো নোহোৱা হ'ল ।পৰৱর্তী সময়ত মাথো বান্ধৱীৰ সৈতে মণ্ডপত গৈ দেৱী দৰ্শন ,অঞ্জলি লোৱা আদিবোৰ ভাল লগা হ'ল। সেইদৰে ভাল লগা হ'ল পূজা মণ্ডপৰ খিচিৰিৰ সোৱাদ । তাৰ লগতে গৰম গৰম জেলেপি,বিভিন্ন প্রকাৰৰ চাট,ফুচকা এইবোৰতো আছেই । সেইদিনবোৰত পূজা চোৱাৰ সেই হেপাহৰ কোনো সীমাই নাছিল ।এতিয়া এৰি অহা দিনবোৰলৈ উলটি গৈ কথাবোৰ ভাবি চাইছোঁ । সময়ৰ লগে লগে সুখৰ আধাৰবোৰো সলনি হ',দৈহিক পৰিৱর্তনৰ সৈতে সলনি হ' ভিতৰৰ মনটো ।এটা সময়ৰ ভাল লগাবোৰ পিছৰ কোনোবা সময়তগৈ ভাল নলগা হৈ পৰিল । দোকানত পুতলা এটা দেখিয়েই সেইটো লাগিবই বুলি মাটিত বাগৰি দিয়া সেই অবোধ মনটোসময়ৰ সোঁতত কেনিবা হেৰাই থাকিল । এতিয়া পূজা আহিব বুলি অপেক্ষা কৰি থকা সময়খিনি যিমান সুখকৰ,বিজয়া দশমীত বিসৰ্জনৰ পিছৰ সময়খিনি তাতোকৈ বেছি দুখদায়ক ।এদিন চাগৈ এনে এটা দিনো আহিব যেতিয়া পূজা আহিলেও বাৰ্ধক্যই কোঙা কৰা দেহাটিৰ মাজত সোমাই থকা মনটিত হয়তো পূজা আগমণৰ কোনো প্রভাৱেই নপৰিব ।
পিছে বৰবলি-সৰুবলি নাইবা সপ্তমী-অষ্টমী আদি শব্দবোৰৰ তাৎপর্য বুজি নোপোৱা দিনবোৰেই ভাল আছিল । অন্তত:পূজা মানে এফালেযে ম'হ নামৰ নিমাখিত প্রাণীৰ হত্যালীলা সেই কথাটি জনা নাছিলো । পৰিৱর্তিত ধ্যান ধাৰণাৰ মাজত পূজাৰ আগমণে কঢ়িয়াই আনিলে নীতি-অনীতি ন্যায় -অন্যায়ৰ মাজত চলা তর্ক-বিতর্ক নতুবা অসমাপ্ত সমালোচনা ।যিখন দেশত দেৱীদূর্গাৰ পূজন হয় সেইখন দেশত নাৰীৰ জীৱন কিমান সুৰক্ষিত দূর্গাদেৱীৰ দ্বাৰা মহিষাসুৰ বধ কৰা প্রতীকিয়ে দুষ্কৃতি সংহাৰ বুজাই ঠিকেই কিন্তু বাস্তৱত আমাৰ সমাজৰ পৰা দুষ্কৃতিকাৰীৰ অন্ত জানো পৰিছে ?
সেয়ে বর্তমানৰ পূজাৰ পৰিবেশ এৰি মনৰ পক্ষীটি অতীতলৈ উৰি যাব খোজে বাৰে বাৰে আৰু সোঁৱৰাব খোজে স্মৃতিৰ গহ্বৰত সোমাই থকা শৈশৱৰ সেইখন ধুনীয়া ছবি ,যিখন ছবিত আছে বেলুন কিনিম বুলিয়েই পূজা চাবলৈ যোৱাৰ অফুৰন্ত হেপাহ। এতিয়া অনুভৱ কৰোঁ প্রকৃতার্থত সেই সময়খিনিতেই পাইছিলো পূজা চোৱাৰ অপৰিসীম আনন্দ ।***

Thursday, October 6, 2016

০৭/১০/২০১৬ ৰ দৈনিক জনমভূমি কাকতত প্রকাশিত

অসমৰ পৰিচয়

আমি থকা আবাসী এলেকাত বহুতো ভাৰতীয়ই বাস কৰে । ভাৰতৰ বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলক দেখিলে ঘপহকৈ কেতিয়াবা ভাৰতত আছো যেনেই লাগি যায় । ইয়ালৈ অহাৰ আগেয়ে শুনিছিলো ,আমেৰিকাত বহুতো অসমীয়া আছে । সঁচা কথাআমেৰিকা যুক্তৰাষ্ট্রৰ অন্তৰ্গত বিভিন্ন ৰাষ্ট্রৰ বিভিন্ন ঠাইত অসমীয়া পৰিয়ালে বাস কৰি আছে ।অথচ দুখৰ বিষয় এই যে আমি থকা ঠাইখনত এতিয়ালৈকে এটাও অসমীয়া পৰিয়াল পোৱা নাই ।অসমীয়া মানুহ লগ পাইছানে ,? তাতটো বহুত অসমীয়া মানুহ আছে এনেকৈয়ে অসমৰ পৰা বহুজনে কেতিয়াবা প্রশ্নও কৰে ।নিজৰ আপোন ভাষাটোত মনৰ ভাৱ ভাগবাটোৱাৰা কৰিবলৈ নোপোৱাৰ দুখ এটা বুকুৰ কোনোবা কোণতে সোমাই আছে যদিও নিজকে ইয়াৰ পৰিবেশৰ লগত মিলাই চলি আছোঁ ।ৰসাল কথাটো হ'ইয়াৰে বাংলা পৰিয়াল এটাৰ ঘৰত এদিন বাংলা ভাষাত লিখা দুটামান কবিতাৰ শাৰী পঢ়োতেই মই প্রশংসাৰ পাত্রী হৈ পৰিছিলোঁ । কাৰণ মই অসমীয়া হৈ বাংলা পঢ়িব পাৰিছিলোঁ ।কথাপাতি গম পালোঁ তেওঁলোকে অসমীয়া আৰু বাংলা লিপিৰ সাদৃশ্যৰ কথা নেজানিছিল । অথচ অসমীয়া সাহিত্যত স্নাতকোত্তৰ কৰাৰ সময়ত আমি বাংলা সাহিত্যও অধ্যয়ণ কৰিব লগা হৈছিলোঁ । 
ইয়াত লগ পোৱা ভাৰতীয়খিনিৰ সমুখত আমি নিজৰ পৰিচয়টি যেতিয়া অসমীয়া বুলি দিওঁ কোনোজনে আমাক পশ্চিমবংগৰ নেকি বুলিহে প্রশ্ন কৰে । মানে তেখেতসকলৰ বাবে অসম চিনাকি নহলেও পশ্চিমবংগখন চিনাকি ।কিছুমানক আকৌ পশ্চিমবংগৰ নহয় বুলিলে কয় একেই আৰু ।আমাৰ দৃষ্টিত ইয়াত লগ পোৱা উত্তৰপ্রদেশ,গুজৰাটমহাৰাষ্ট্ৰ,  পশ্চিমবংগ, তামিলনাডু ,কর্ণাটক,অন্ধ্ৰপ্রদেশবিহাৰ আদি ৰাজ্যৰ বাসিন্দাসকল তেনেই চিনাকি যদিও তেওঁলোকৰ কিছুমানৰ দৃষ্টিত আমাৰ অসমখন আজিও অচিনাকি ।ভাবিলে দুখ লাগে যেতিয়া নিজকে অসমৰ নাইবা অসমীয়া বুলিলে কোনোজনে অসমৰ নামটিকে শুনা নাই বুলি কয় । অৱশ্যে ভাৰতীয়খিনিৰে কোনো কোনোজনে অসমক চিনি নেপালেও কোনোজনে আকৌ অসম চাহৰ বাবে বিখ্যাত বুলিও জানে। জানে কামাখ্যা মন্দিৰৰ কথা । তেতিয়া যে মনতো আনন্দৰে ভৰি পৰে ।

Monday, October 3, 2016

০৪/১০/২০১৬ ত দৈনিক জনমভুমি কাকতত প্রকাশিত..

বয়সৰ আঁচোৰ আৰু প্রযুক্তি ব্যৱহাৰ

ডেকাতেজৰ শক্তি আৰু উৎসাহ উদ্দীপনাৰ কোনো সীমা নথকাৰ দৰে বয়স বাঢ়ি অহাৰ লগে লগে যে ক্ৰমান্বে দৈহিক শক্তিৰ লগতে তুতি আহে মানসিকস্পৃহা তথা মগজুৰ কার্যক্ষমতা । বয়সৰ আঁচোৰত ওচৰ যেন লগা বাটবোৰ হঠাতে দূৰ যেন লগা হয় ,নতুন কথাবোৰ শিকাত এলাহৰ লগতে ক্রমহ্রাসমান স্মৃতি শক্তিয়ে হেঙাৰ হৈ থিয় দিয়া হয় আৰু তাৰ লগে লগে যেন জটিল হ'বলৈ লয় সহজ হ'ব লগা কথাবোৰো।
এটা সময়ত সেই দুখন হাতেৰে অফিচ কাছাৰীত হাতে লিখি কিমানটা ফাইল যুগুত কৰি হৈছিল তাৰ হয়তো কোনো হিচাপ নাছিল কিন্তু অফিচৰ কোঠাত কম্পিউটাৰ ইন্টাৰনেটৰ প্রৱেশ যেন হঠাতে এচামৰ বাবে মূৰৰ কামোৰনি হৈ পৰিল । টাইপ ৰাইটাৰত একে কেইটা আঙুলিৰ তীব্র বেগ কম্পিউটাৰৰ কিবোর্ডত যে আহি স্থবিৰ হৈ পৰিল ।নিশিকিলেই নোহোৱা এইবোৰ কামে অলপ চাপ দিয়েনে বাৰু দৰমহাৰ টকা কেইটা নাইবা জমা পইচা কেইটা বেংকৰ পৰা উলিয়াবলৈ ওইথড্রোৱেল ফর্মত চহী কৰা সেই দিনবোৰ পলকতে অতীত হৈ পৰিল 
অপ্রিয় সত্যটো হ',বিজ্ঞান আৰু প্রযুক্তিয়ে জটিল কামবোৰ সহজ কৰি তুলিবলৈ অন্যান্য সুবিধাবোৰৰ লগতে আনি দিয়া এটিএম. সুবিধা পশ্চাশ ষাঠি দশকৰ এচাম মানুহৰ বাবে গলগ্রহ হ'ল । বয়সৰ আঁচোৰত শিকিলেও যে স্মৃতিশক্তিৰ দূর্বলতাৰ বাবে বাৰে বাৰে পাহৰি যোৱা হয় এটিএম ৰ পৰা টকা উলিওৱাৰ বিধি । টাচ স্ক্রীণৰ স্মার্টমোবাইল ফোনটোৰ কথাটো ক'বই নেলাগে ।অথচ কালি-পৰহি জন্ম হোৱা ,ভালকৈ কথাকেইটাকে সজাই ক'ব নজনা পেন্দুকনাকেইটায়েই স্মার্ট মোবাইলৰ ব্যৱহাৰ জানে।
যোৱা বছৰৰ ঘটনা । গৃহজিলা শিৱসাগৰস্থিত ষ্টেট বেংকত তাতে কর্মৰত মহিলা কর্মচাৰী এগৰাকীৰ ওচৰলৈ গৈ অৱসৰ প্রাপ্ত চৰকাৰী কর্মচাৰী এজনে "তুমি আগতে দিয়াৰ দৰে মোৰ উলিয়াই দিয়াচোনবুলি বাৰে বাৰে খাটনি ধৰিছিল। আৰু বেংক কর্মচাৰীগৰাকীয়ে বাৰে বাৰে মাথো "মই আগৰ দৰে নোৱাৰিম নহয় ,এটিএম পৰা লওঁকগৈ "বুলি কৈ অসহায়া ব্যক্তিজনৰ অনুৰোধক অমান্য কৰিছিল । ব্যক্তিজন কিন্তু আছিল নাচোৰ বান্দা ।তেওঁ ৰাজিয়েই নহৈছিল ।ওলোটাই পুণৰ কেনেকৈ উলিয়াব লাগে তুমিয়েই উলিয়াই দিয়াচোন বুলি কর্মচাৰী গৰাকীক বিৰক্ত কৰিছিল ।কথা পাতি গম পালোঁ শিৱসাগৰৰে এটি গ্রাম্যাঞ্চলৰ পৰা অহা ব্যক্তিজনে এটিএমৰ ব্যবহাৰ নাজানিছিল । ইলেক্টনিক মেচিনৰ পৰা নম্বৰ লৈ ডিজিটেল বোর্ডত চাই উক্ত নম্বৰ অনুযায়ী কাউন্টাৰলৈ মাতিলে যোৱা ইত্যাদিৰ সম্পর্কেও তেওঁ অভিজ্ঞ নাছিল ।পিছত গ্রাহক এজনে বুজাই দিওঁতেও ব্যক্তিজনে বুজি নেপালে আৰু পুণৰ উক্ত গ্রাহকজনক উদ্দেশ্যি "বোপাতুমিয়েই মোক কৰি দিয়াচোনবুলি অনুৰোধ কৰিছিল।

   সঁচা কথা,প্রযুক্তিৰ ব্যৱহাৰ নতুন প্রজন্মৰ বাবে যিমান সহজপুৰণি এচাম পুৰুষ বাবে যেন পাহাৰটো দঙাতকৈও জটিল ।আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এই কথাখিনি প্রকাশ কৰিলোঁ ।আমাৰ বোধেৰে নিজৰ সন্তানসকলৰ লগতে উঠি অহা আজিৰ প্রজন্মই সৎ অভিপ্রায়েৰে  এখেতসকলৰ অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত সদায় সহযোগিতা আগবঢ়োৱা উচিত ।মানুহৰ দৈনন্দিন জীৱনত প্রযুক্তিৰ যি অৱদান আছে আমি তাক অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু প্রযুক্তিৰ দৌৰত পঞ্চাশ-ষাঠি দশকত জন্মগ্রহন কৰা এচাম মানুহৰ বাবে আগৰ সহজ যেন লগা কামবোৰ যে জটিল হৈ পৰিছে । বয়সৰ আঁচোৰত সেইসকলৰ বাবে প্রযুক্তি যেন হৈ পৰিছে এক মাধমাৰ ।****