Thursday, May 12, 2016

১৩/০৫/২০১৬ ত দৈনিক জনমভূমি কাকতত প্ৰকাশিত

বেংক অব‍‍‍‌‍‍‌‌‌‌ ‍আমেৰিকা

গৃহজিলাত বিভিন্ন সময়ত লেনদেন সংক্ৰান্তত বিভিন্নটা বেংকলৈ গৈছো আৰু মূৰ তুলিব নোৱৰাকৈ কামৰ বোজা বহন কৰা সদাব্যস্ত বেংকৰ কৰ্মচাৰীসকলক বহুবাৰ লক্ষ্যও কৰিছোঁ ।সেইদৰে আছুতীয়া কোঠাত বহি থকা বেংকৰ প্ৰবন্ধকজনকো নিৰ্দিষ্ট সময়ৰ অপেক্ষাৰ অন্তত সাক্ষাত কৰি পাইছোঁ ।বেংকটোৰ পৰিচালনাৰ বিশেষ দায়িত্ব বহন কৰি থকা বেংক প্ৰবন্ধকসকলে বেংকৰ আছুতীয়া কোঠাত এখন সন্মানীয় আসন অধিস্থিত হৈ থকা দৃশ্য আমাৰ বাবে নতুন নহয় । সেয়া আমাৰ সকলোৰে বাবে চিৰপৰিচিত এক সাধাৰণ দৃশ্য ।তাত কোনো অস্ৱাভাৱিকতা নাই ।
অলপতে লেনদেনৰ কামত স্বামীসহিতে উইলমিংটনস্থিত বেংক অৱ আমেৰিকাৰ শাখা এটালৈ গৈছিলোঁ ।বিৰাট আকৃতিৰ বিল্ডিংটো ভিতৰলৈ প্ৰৱেশ পথেৰে সোমাই গৈয়ে সমুখত থিয় হৈ থকা দেখিলোঁ কোট-টাই পৰিহীতা এগৰাকী ভদ্ৰ মহিলা ।আমালৈ চাই সাদৰ সম্ভাষন জনাই কি কামৰ বাবে আহিছো সুধিলে ।আমিও নিজৰ কামটোৰ বিষয়ে তেওঁক অৱগত কৰালোঁ।নিৰ্দিষ্ট কক্ষৰ দিশে তেওঁ আঙুলিয়াই দেখুৱাই ক'লে যে আমাৰ কামটো সেইটো কক্ষতে হ'ব কিন্তু তাৰ বাবে কিছু সময় আমি অপেক্ষা কৰিব লাগিব । আটোম-টুকাৰিকৈ সজাই থোৱা নিৰ্দিষ্ট চ'ফাৰ দিশে আঙুলিয়াই তেওঁ আমাক আসন গ্ৰহন কৰিবলৈ অনুৰোধ কৰিছিল । তেওঁৰ কথাম'তে আমিও বহিলোঁ আৰু পৰিবেশটোৰ সৈতে চিনাকি হ'বলৈ চেষ্টা কৰিলোঁ। তাৰপিছত তেওঁ আমাক আঙুলিয়াই দেখুওৱা নিৰ্দিষ্ট কোঠাটোলৈ গৈ চকীত বহি থকা ব্যক্তিজনক কিবা নিৰ্দেশ দিয়া যেন লাগিল। বেংকলৈ অহা আন গ্ৰাহকসকলৰ সৈতেও তেওঁক মত বিনিময় কৰি কামৰ বুজলৈ থকা দেখিলোঁ ।নিজৰ নিজৰ কেবিনত ব্যস্ত থকা বেংকৰ আন কৰ্মচাৰীসকলৰ ওচৰলৈ গৈও তেওঁ কিবা কিবি কৈ আছিল ।
অলপ সময়ৰ পিছতে উক্ত কোঠাৰ ব্যক্তিজনে আমাক তেওঁৰ কোঠালৈ মাতি লৈ গৈ আমাৰ কামটো কৰি দিলে আৰু অহাৰ আগে আগে ব্যক্তিজনে তেওঁৰ ভিজিটিং কাৰ্ডখন দি ক'লে দৰকাৰ পৰিলে তেওঁৰ লগত ফোনেৰেও যোগাযোগ কৰিব পাৰিম। তেওঁৰ পৰা বিদায় লৈ উলটি আহোতে উক্ত ভদ্ৰমহিলাগৰাকী পুণৰবাৰ প্ৰৱেশ পথৰ ওচৰতে ৰৈ থকা পালোঁ ।আমাৰ কামটো হ'ল নে নাই তাৰ খবৰ ল'লে আৰু ওলাই আহিবলৈ আমাক দৰ্জাখন খুলি দিলে । বেংকটোৰ পৰা ওলাই অহাৰ পিছত স্বামীৰ মুখে এটা কথা জানিবলৈ আচৰিত মানিলোঁ । প্ৰথম অৱস্থাত মনতে মই বেংকৰ সুৰক্ষাৰ দায়িত্বত থকা চিকিয়ৰিটি গাৰ্ড নাইবা ৰিচেপচনিষ্ট বুলি ভবা সেই ভদ্ৰমহিলাগৰাকী প্ৰকৃততে আছিল উক্ত বেংকটোৰ বেংক প্ৰবন্ধক।হয়তো সেইয়াই আছিল সঁচা অৰ্থত বেংকৰ পৰিচালনা অৰ্থাৎ মেনেজমেন্টযি মোৰ বাবে নিশ্চিতভাৱে আছিল অপৰিচিত এক বিৰল দৃশ্য ।

মানসী বৰা ।

No comments:

Post a Comment