Sunday, May 8, 2016

০৯/০৫/২ ০১৬ ত দৈনিক জনমভূমি কাকতৰ "চিন্তনত " প্ৰকাশিত

ইতিবাচক খবৰৰ অপেক্ষাত

পুৱা হাতত বাতৰি কাকতখন তুলিলৈ চাহৰ কাপৰ লগতে যে গিলি থোৱা হয় ঘটি যোৱা ভাল-বেয়া ঘটনাৱলীৰ খবৰ।পুৱাই ভাল খবৰ পালে দিনটো ভাল লাগি থকাৰ বিপৰীতে বেয়া খবৰবোৰে গোটেই দিনটো নষ্ট কৰা যেন লাগে ।কিছুমান খবৰে আকৌ মানসিক অশান্তিৰো সৃষ্টি কৰে ,যাৰ ফলস্বৰোপে দিনটোত অফিচৰ কামতেই হওঁক নাইবা স্কুল-কলেজৰ পাঠদান কাৰ্যতেই হওঁক কোনো কোনো সময়ত মনোনিবেশ কৰাটোৱেই হয়তো বহুতৰ বাবে অসম্ভৱ হয় উঠে।সুস্থ সমাজৰ বাবে সমাজত বাস কৰা প্ৰতিজন ব্যক্তিৰে সুস্থ মানসিকতাৰ প্ৰয়োজন ।পুৱা শুই উঠি ভাল খবৰত দৃষ্টি পৰিলেহে সেই সুস্থ মানসিকতা অব্যাহত থাকিব ।আমাৰ চৌপাশৰ পৰিবেশটো সুস্থ সুন্দৰ কৈ গঢ়ি তুলিবলৈ আমি নিজেই পদক্ষেপ ল'ব লাগিব।দূৰ্ভাগ্যজনক কথা এই যে ,বৰ্তমান বাতৰি কাকতৰ পৃষ্ঠাতেই হওঁক নাইবা নিউজ চেনেল বিলাকতেই হওঁক কিছুমান নপঢ়িবলগীয়া নাইবা নেদেখুৱাবলগীয়া বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায় ।কোনজন ৰাজনৈতিক নেতা নাইবা ৰাজনৈতিক প্ৰতিনিধিৰ চৰিত্ৰ কলঙ্কিত,কাৰ কোন গৰাকীৰ নাৰীৰে অবৈধ সম্পৰ্ক বা পৰকীয়া প্ৰেম আছে আদি লঘূ বাতৰি ডাঙৰ ডাঙৰ আখৰেৰে প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰি থকাটো সঁচাই অতি নিৰৰ্থক ।বহুসময়ত এনে লঘূজনক বাতৰিয়ে জনমানসত বিৰোপ প্ৰভাৱ পেলায় ।নিউজ চেনেলবিলাকেও বাৰে বাৰে উত্তেজিত হৈ উদাত্ত কণ্ঠেৰে এনেধৰণৰ বাতৰি পৰিবেশণ কৰি নিজৰ টি.আৰ.পি বঢ়াবলৈ চেষ্টা কৰা যেনহে অনুভৱ হয় ।সঁচা অৰ্থত ক'বলৈ গ'লে ই কিন্তু সংবাদ মাধ্যমৰ গাম্ভীৰ্যহে হানি কৰে ।ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামে সংবাদ মাধ্যমৰ প্ৰথম পৃষ্ঠাটোত সদায় ইতিবাচক বাতৰি পৰিবেশণৰ বাবে আহ্বান জনাইছিল ।শেহতিয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অনাতাঁৰ যোগেদি প্ৰচাৰিত "মন কী বাতঅনুষ্ঠানটো সেই একে আহ্বান জনাইছে ।সংবাদ মাধ্যমত ৰোমান্সকৰ লঘূ বাতৰি পৰিবেশণৰ ধাৰাৰ বাবে বৰ্তমান ৰোমান্সকৰ খবৰ ন'হলে সংবাদপত্ৰ একোখনৰ খবৰ যেন খবৰেই নহয় তেনেধৰণৰ এক মানসিকতা বহুজনৰ মাজত প্ৰৱলভাৱে গঢ় লৈ উঠা দেখিবলৈ পোৱা যায় । নিশ্চিতভাৱে পাঠকৰ এইয়া একধৰণৰ আসক্তি বুলিয়েই ক'ব লাগিব ।যি কেতিয়াও শুভলক্ষণ নহয় ।এখন দেশৰ উন্নতিৰ বাবে প্ৰতিখন সমাজ সুস্থ হৈ থাকিব লাগিব।গঠনমূলক তথ‍া ইতিবাচক চিন্তা নাইবা সমালোচনাই সমাজ সংশোধন কৰে।সমাজৰ ইতিবাচক মানসিকতা গঢ় ল'ব পৰাকৈ সংবাদমাধ্যমসমূহে ইতিবাচক খবৰ প্ৰচাৰৰ বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি আশা ৰাখিলোঁ ।

মানসী বৰা 

No comments:

Post a Comment