Tuesday, May 17, 2016

১৮/০৫/২০১৬ ত দৈনিক জনমভূমিত প্ৰকাশিত

সমালোচনা নে ইতিকিং ?

সমালোচনা শব্দই গাম্ভীৰ্য বহন কৰে ,সেইয়া লাগিলে ইতিবাচকেই হওঁক নাইবা নেতিবাচকেই হওঁক সমালোচনা সদায় গঠনমূলক হোৱাটো বাঞ্চনীয় । সমালোচনাত ভেঙুচালিৰ ঠাই নাথাকে ।তাৰ বিপৰীতে ইতিকিং শব্দত ভেঙুচালিয়ে বিশেষ প্ৰাধান্য পায়।বৰ্তমান সময়ত সমালোচনা আৰু ইতিকিং শব্দৰ মাজত যেন পাৰ্থক্য হেৰাই গৈছে।সমালোচনা নহয় একপ্ৰকাৰ ইতিকিঙলৈহে কথাবোৰ পৰ্যবসিত হৈছে।সমালোচক আৰু ইতিকিং কৰোতাৰ দৃষ্টিভংগীৰ পাৰ্থক্য থাকে । সমালোচনাৰ মানদণ্ড উচ্চখাপৰ হয় । তাৰ বিপৰীতে ইতিকিং কিন্তু তুলুঙা । ইতিকিঙে বহুসময়ত বিৰোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।সমালোচনা এনে হোৱা উচিত যিয়ে সমালোচিত হোৱাজনক নিজৰ বিবেকৰ দ্বাৰা বিবেচনা কৰিবলৈ বাধ্য কৰে ।বৰ্তমান সময়ত অসমত ভাল সমালোচকৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হৈছে ।সংবাদ মাধ্যমযোগে নাইবা চছিয়েল নেটৱৰ্কিং চাইটতে হওঁক বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ ওপৰত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পঢ়িবলৈ পাওঁ ।সেইয়া লাগিলে শিল্পীৰ ওপৰতেই হওঁক নাইবা শিল্পকৰ্মৰ ওপৰতেই হওঁক নতুবা কোনো ৰাজনীতিবিদৰ ওপৰতেই হওঁক । গঠনমূলক সমালোচনাই সমাজ সংশোধন কৰে ।কিন্তু উক্ত মন্তব্যবোৰত কোনো গঠনমূলক দিশ দেখা নেপাওঁ । ইতিকিঙেৰে ভৰা মন্তব্যবোৰ পঢ়িলে এনে লাগে যেন সতিনীৰ প্ৰতিহে কিবা দ্ৰোহ আচাৰিছে। সভ্য সমাজৰ ব্যক্তি হিছাপে আমাৰ প্ৰত্যেকৰে সমাজৰ প্ৰতি কিছুমান দায়বদ্ধতা আছে । সমাজৰ ভাল-বেয়া সকলো দিশৰ প্ৰতি দৃষ্টি ৰখাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য ।আধুনিক ভাৰতৰ পিতৃ ৰাজা ৰামমোহন ৰায়ে সমাজত প্ৰচলিত কু-সংস্কাৰবোৰৰ প্ৰথমে যুক্তিপূৰ্ণ সমালোচনাহে কৰিছিল । তেওঁ কৰা সমালোচনাৰ দ্বাৰা জনমানসত এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে সমাজত নতুন জাগৰণৰ সূচনা হৈছিল । যাৰ দ্বাৰা সেই সময়ৰ ৰক্ষনশীল সমাজখনৰ সংস্কাৰ সাধন হৈছিল ।সেয়ে সমালোচনাত অংশ লবলৈ যোৱা অসমৰ শিক্ষাবিদ ,বু্দ্ধিজীৱি ৰাজনীতিবিদ নাইবা সমাজকৰ্মীসকললৈ আমাৰ বিনম্ৰ অনুৰোধ তেখেতসকলে যেন সদায় গঠনমূলক সমালোচনাত অংশগ্ৰহণ কৰে যিয়ে সমাজৰ সংস্কাৰ সাধন কৰিব পাৰে ।প্ৰকৃতাৰ্থত তাতেইহে সমালোচনাৰ সাৰ্থকতা ।

মানসী বৰা ।

No comments:

Post a Comment