Thursday, January 26, 2017

২৬/০১/২০১৭ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত "আমেৰিকাৰ চিঠি "

আমেৰিকাৰ উৎসৱ আৰু ভোগালী বিহু

আমেৰিকা যুক্তৰাষ্ট্রত উৎসৱৰ উলাহ হেল'উইনথেংকচ গিভিং ডেআৰু খ্রীষ্টমাচৰ মাজতেই সীমিত । মৃতকক উদ্দেশ্যি পালন কৰা এই হেল'উইনৰ সময়ত মানুহ কিছুমানক আমেৰিকাৰ পদ-পথ নাইবা শ্বপিংমলত ভূত -প্রেত,যখ-যখিনী আদিৰ দৰে পোচাক পিন্ধি অদ্ভূত বেশত ঘূৰি ফুৰা দেখা যায় ।এই সময়চোৱাত বাসগৃহবোৰৰ বাহিৰে ভিতৰে ৰঙালাও সজাই নাইবা ঘৰবোৰক ভূত-প্রেতৰ ঘৰৰ দৰে সজ্জিত কৰা দেখা যায়। চকুৱে মুখে ৰঙ সানি তেজ বৈ থকাৰ নিচিনা কৰি নাইবা মুখা পিন্ধিও ঘূৰা দেখা যায় । এই বেশৰ দ্বাৰা তেওঁলোকে অশুভ শক্তিক বুজাব খোজে যে তহঁতৰ দৰে আমি সাজিছো ,তহঁতলৈ আমি ভয় নকৰোঁ । শ্বপিংমল নাইবা বজাৰ কেন্দ্রবিলাকতো ভূত-প্রেত নাইবা পিশাচ আদিৰ পুতলা সজাই থোৱা দেখা যায়।
থেংকচ গিভিং ডে'ত গীর্জাঘৰত প্রার্থনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।সেই দিনা আমেৰিকাবাসীয়ে পৰিয়ালৰ সৈতে প্রীতি ভোজৰ আয়োজন কৰে। টার্কি চৰাই মঙহ প্রীতি ভোজৰ মুখ্য আকর্ষণ ।থেংকচ গিভিঙ ডে'ত মলবিলাকত সামগ্রীৰ ওপৰত বিশেষ ৰেহাই পৰিলক্ষিত হয় ।খ্রীষ্টমাচৰ সময়ত খ্রীষ্টমাচ ট্রীৰ লগতে ঘৰবোৰৰত বিভিন্ন প্রকাৰৰ লাইটিঙৰ বাহাৰ দেখিবলৈ পোৱা যায়।
পিছে সেইবিলাক দেখি ক্ষন্তেকীয়া আমেজ পালেও আমাৰ দৰে খাৰ-খোৱা অসমীয়াৰ মনত বিশেষ হেপাহ নাজাগে । আমাৰ হেপাহ জাগে বিহুৰ সময়তহে ।সেইয়া লাগিলে ব'হাগ বিহুৱেই হওঁক নাইবা ভোগালী বিহুৱেই হওঁক ।কাতি বিহুটিৰ কথা অলপ সুকীয়া । ব'হাগ বিহুৰ নিচিনাকৈ ভোগালী বিহুৰ সময়ত যি হেপাহ জাগে সেই হেপাহ হয়তো মোৰ দৰে প্রতিজন অসমীয়াই অনুভৱ কৰে । কিন্তু আত্মীয়-কুটুম্ব আৰু বন্ধু-বান্ধৱৰ অবিহনে বিহুৰ প্রকৃত সুখ ভোগ কৰিব পৰা নাযায় ।সেয়ে আধৰুৱা হৈ পৰা বিহুৰ আনন্দ ।
আমেৰিকা যুক্তৰাষ্ট্রলৈ প্রথম অহাৰ পিছত আন বাসিন্দাৰ সৈতে পৰিচয় নথকাত বিহু আহিলেও মনত আনন্দ উদ্দীপনা বুলিবলৈ একোৱেই নাছিল । মাথো ঘৰখনলৈ মনত পৰি বুকুৰ ভিতৰত দুখ এটিহে উজাই আহিছিল । কিন্তু লাহে লাহে ইয়াত বাস কৰা দুই এটি ভাৰতীয় পৰিয়ালৰ সৈতে পৰিচয় ঘটিল আৰু সেই পৰিয়ালবোৰৰ সৈতে আমাৰ বন্ধুত্বৰ আন্তৰিক সম্পর্কও গঢ়লৈ উঠিল । তেওঁলোকৰ ঘৰত আয়োজন কৰা পূজা-পার্বন জন্মদিন নাইবা বিবাহ-বার্ষিকী আদিবিলাকত আমাৰ পৰিয়ালটিকো নিমন্ত্রণ কৰা হ'ল । গতিকে আমিও বিহু খাবলৈ তেওঁলোকক আমাৰ ঘৰলৈ বুলি নিমন্ত্রণ কৰিব পৰা হ'লো । আমি ঘৰত ভোগালী বিহু পালনৰ কথা কোৱাৰ লগে লগে তেওঁলোকৰ কোনোজনে ক'লে সেই সময়তে পালন কৰা মকৰ সংক্রান্তিৰ কথা ,কোনো কোনোজনে ক'লে আকৌ পংগল নাইবা লহৰী পালনৰ কথা ।মুঠতে আমি আমাৰ আদৰৰ ভোগালী বিহু বুলি পালন কৰা উৎসৱটিকে ভাৰতৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নামেৰে বেলেগ বেলেগ ধৰণেৰে পালন কৰে । মই তেওঁলোকক আমাৰ ঘৰলৈ বিহু খাবলৈ নিমন্ত্রণ কৰিলো ।
বিহু বুলি ঘৰত পিঠা-পনা তৈয়াৰ কৰিবলৈ প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ ডেলাৱেৰৰ ভাৰতীয় বজাৰলৈ গ'লো ।মই প্রায়ে আপনা বজাৰ নাইবা পৰিৱাৰ নামৰ বজাৰ দুখনলৈ যাওঁ । পিছে এভাৰেষ্ট ,ভৱানী আৰু বোম্বে বাজাৰনামেৰেও ভাৰতীয় বজাৰ আছে ।তাত কঁচুশাক,পচলা,টেঙামৰা,নৰসিংহ আদিবোৰো পোৱা যায় । তাতে বিহুৰ সামগ্রী মুৰিচিৰাগুৰদৈনাৰিকল,চুজি ,চেনী,সকলো পালো পিছে বৰা চাউলহে পোৱা নগ'ল ।বৰা চাউল নাপালো যদিও আৰৈ চাউলৰ পিঠাৰে গুৰ দি ঘিলা পিঠা কেইটামান কৰিলো ।লগতে দুটামান নিমখিয়া পিঠা,নাৰিকলৰ লাৰু আৰু নিমকী বনালো । প্লেটখন আৰু অধিক ভোগালী কৰিবলৈ পিঠাগুৰিৰ কেক এটাৰ লগতে এটি চকলেট কেকও কৰিলো । সকলোবোৰ বস্তু সুন্দৰকৈ প্লেটত সজাইদি ভাৰতীয় পৰিয়াল কেইটিক সোধ-পোচ কৰিলো । বর্তমানৰ বৈদ্যুতিন মাধ্যমৰ চেনেলবিলাকত দেখুৱা নিয়মবোৰ এৰি ভোগালী বিহুৰ পৰম্পৰাগত ৰীতি-নীতিৰ বিষয়েও তেওঁলোকৰ আগত অৱগত কৰিলো । ভোগালীৰ লগতে ৰঙালী বিহুটিৰ কথা কোৱাত তেওঁলোকেও ক'লে ব'হাগৰ সংক্রান্তিত পহিলা বৈশাখবৈশাখী আদি পালন কৰাৰ কথা ।
আমাৰ ঘৰলৈ পৰিয়ালসহিতে আহোতে নিজৰ উৎসৱৰ চিনস্বৰূপে কোনো এগৰাকী বান্ধৱীয়ে যদি পায়স বনাই আনিছিল ,কোনো এগৰাকীয়ে আনিছিল আকৌ কাবুলী বুটৰ কাৰী ('লা। সেইদৰে কোনো এগৰাকীয়ে আনিছিল দৈভাত(কার্ড ৰাইচনাইবা পাটিচেপটা পিঠা ।পাটিচেপটা পিঠাটি দেখি ভাল লাগিছিল । আমাৰ তিলপিঠাটোৰ নিচিনাকৈ দীঘলীয়াকৈ তৈয়াৰ কৰা হয়।
ডাঙৰ কথাটো হ'ল ভাৰতীয় বান্ধৱীৰ পৰিয়াল কেইটিয়ে অসমীয়া সংস্কৃতিৰ ৰীতি-নীতিৰ বিষয়ে জানিবলৈ আগ্রহ প্রকাশ কৰিছিল ।বিবাহৰ ৰীতি-নীতি সম্পর্কীয় প্রশ্ন কিছুমানো সুধিছিল ।আমি বগা পাতৰ কাপোৰ পিন্ধি হোমৰ গুৰিত বঢ়া কথা শুনি তামিলনাডুৰ বান্ধৱীয়ে হালধীয়া ৰঙৰ সাজ পিন্ধি বিবাহৰ ৰীতি পালন কৰাৰ কথা আমাক জনাইছিল ।

নিজৰ ঘৰখনৰ পৰা দূৰত আছো যদিও এইবাৰ বিহু পাতি সঁচাই বৰ সুখ
পালো ।অসমীয়া হিচাপে বুকুত কিবা এক গৌৰৱ অনুভৱ কৰিলো ।পিছে তথাপিও যেন তাতে কিবা এটাৰ অভাৱ আছিল ।হয়সেই অভাৱটি আছিল তিলপিঠাৰ ।বিহুৰ আন পিঠাৰ সৈতে তিলপিঠাটো নেথাকিলে সজাই দিয়া প্লেটখনেইচোন সম্পূর্ন যেন নেলাগে । অথচ বিহুৰ সময়ত আন পিঠাৰ লগত সুলভ এই পিঠাটো প্লেটত সজাই থোৱা দেখিলেও বহুজনে অনাদৰ কৰে । আন বস্তুবোৰ মুখত দি তিলপিঠাটিক এৰেহা কৰে ।চাহৰ সৈতে খাবলৈ উলিয়াই দিয়াৰ পিছত আকৌ আনি টেমাত সোমোৱাইহে থব লগা হয় । সেয়ে ইয়াক ওলোৱা সোমোৱা পিঠা বুলি কৈকোনোজনে ৰগৰো কৰে । এৰেহা কৰিলেও বিহুৰ আন পিঠাৰ লগত তিলপিঠাৰ ৰিজনী নহয় ।তিলপিঠাৰযে নিজাকৈ এখন সুকীয়া আসন আছে তাক অসমীয়াই স্বীকাৰ কৰিবই লাগিব । পিঠা খোন্দা আৰু তিল ভজাৰ সুবাসে ভৰা পৰিবেশতেইতো আছে বিহুৰ প্রকৃত মাদকতা ।***

মানসী বৰা ।

Wednesday, January 25, 2017

২৬/০১/২০১৭ তাৰিখে আমাৰ অসম কাকতত প্রকাশিত

মিলে সুৰ মেৰা তুমহাৰা

মিলে সুৰ মেৰা তুমহাৰা
সুৰ বনে হামাৰা...
বোৱটি পানীৰ ধাৰাৰ মনোৰম প্রাকৃতিক পৰিবেশৰ মাজত পণ্ডিত ভীম সেন জোশীয়ে গাবলৈ আৰম্ভ কৰাৰ পিছতে কেইজনমান বনুৱাৰ মাজত চাহৰ পৰ্ব চলে।তেনেতে কাশ্মিৰী ভাষাত গীতটিৰ দুশাৰীমান গাই ফুল এখিনি লৈ নাও বাই আহে এজন নাৱৰীয়া ।এখন চলন্ত ট্রেক্টৰত উঠি দুজনমান পুৰুষ আৰু কেইগৰাকীমান মহিলা আগুৱাই আহে,'ত মহিলাসকলে পাঞ্জাৱী ভাষাত গীতৰ অংশ গুণগুণায় ।তাৰ পিছত দেখা যায় বিশ্ব বিখ্যাত আগ্রাৰ তাজমহল আৰু অভিনেত্রী শ্বাৱানা আজমীৰ মুখতো ভাঁহি উঠে মিলে সুৰ মেৰা তুমহাৰা.. 
মৰুভূমিৰ বালিচৰত উটৰ সহায়ত ৰচি টানি পানী তোলা ,সাগৰৰ পাৰত ক্রিকেটাৰ নৰেন্দ্র হিৰোৱানীয়ে সিন্ধ্রি ভাষাত গীতটিৰ অংশ গুণগুণোৱা নাইবা এটি ঘৰৰ সমুখ ভাগত এখিনি মানুহ বহি উর্দূভাষাত গীতৰ অংশ গাওঁতে দেখা পোৱা অভিনেতা ওম পুৰী আৰু অভিনেত্রী দীনা পাঠক  সাগৰৰ পাৰত এমবালামুৰুলীকৃষ্ণই তামিল ভাষাত গীতৰ অংশ গাওতেটেনিচ খেলুৱৈ ৰামাথানকৃষ্ণণ,অভিনেত্রী ৰেৱতী আদি শিল্পী-কলাকুশলীৰ মাজতে মুখত হাত থৈ মনদি গীত শুনি থকা অৱস্থাত দেখা অভিনেতা কমল হাচানৰ মুখখন ।

ধিত তাকা দগৰ্দগৰ দগর্দগৰ ... নদীৰ পানীত সাঁতুৰি পাৰলৈ উঠে কেইটিমান হাতী ।এখন জীপগাড়ীত তিনিজন পুৰুষ এগৰাকী সুন্দৰী যুৱতীয়ে কানাড়া ভাষাত গোৱা গীতৰ দৃশ্যত গাড়ীচালকৰ আসনত দেখা যায় বেডমিন্টন খেলুৱৈ প্রকাশ পাডুকনক। এজন পুৰুষ এগৰাকী মহিলা তেলেগু ভাষাত গীতাংশ গোৱাৰ পিছতে হাতীত উঠি হাঁহিমাৰি মালায়ালম ভাষাত গীতাংশ গাই এজন ডেকা ।নদীৰ বুকুলৈ নাও মেলি এজন নাওৰীয়া ওলোৱাৰ লগে লগে দেখা যায় ৰবীন্দ্র সদন মেট্রো ট্রেইন ষ্টেচনত যাত্ৰীসকলৰ সৈতে নামে অৰুণ লাল ,পিকে বেনীর্জী আৰু বাংলা ভাষাত সুৰ ভাঁহে -তোমাৰ সুৰ মোদেৰ সুৰ ।তাৰ পৰৱর্তী সময়তে বহু অপেক্ষিত হেপাহৰ অসমীয়া ভাষা "সৃষ্টি হওঁক ঐক্যতান "আৰু সুৰৰ লহৰ এটিত গাত ধৰাধৰিকে পাৰহৈ যায় সমগ্র উত্তৰ পূর্বাঞ্চল ।
এগৰাকী মহিলাৰ সৈতে এজন পুৰুষৰ কণ্ঠত উড়িয়া সুৰ ভাঁহে ।হাত বাউলী ওলাই এখিনি তাৰকা,এটা ঘৰৰ পৰা চিৰিৰে নামে কেইজনমান ব্যক্তি,চাহ খায় বহি থাকে এহাল পুৰুষ-মহিলা ।এজন চিত্রকৰে এটি জীৱন্ত দৃশ্যক তুলিকাৰে কেনভাচত ছবিৰ ৰূপ দিয়ে ।তেনেতে কপালত এটি ডাঙৰ ফোট উজলাই গুজৰাটী ভাষাত গীতাংশ গুণগুণাই নৃত্যশিল্পী মল্লিকা চাৰাভায়ে।এখন ট্ৰেইন পাৰ হৈ যায়।মাৰাঠী ভাষাত গীতাংশ গুণগুণাই হাঁহি হাঁহি আহে অভিনেত্রী তনুজা।সুৰ কী নদীয়া গাই মুখ ঘূৰাই চাই অভিনেত্রী ৱাহিদা ৰেহমানে ।হাঁহি হাঁহি দুহাত মেলে মোহময়ী অভিনেত্রী হেমা মালিনীয়েবাদলকা ৰূপ লেকৰ বর্চে হলকে হলকে ।অমিলে সুৰ মেৰা তুমহাৰা ..সেইবাৰ লাস্য ভংগীত অভিনেত্রী শর্মীলা ঠাকুৰ ।
মিলে সুৰ মেৰা তুমহাৰাসুৰ বনে হামাৰা .. গীতত কণ্ঠদান কৰা কুকিল কণ্ঠী গায়িকা লতা মংগেস্কাৰ ।পিয়ানোৰ হাতৰ বুলনি শেষ হওঁতে হাস্যবদনে দেখা যায় তিনি অভিনেতা ক্রমে অমিতাভ বচন,জিতেন্দ্র আৰু মিঠুন চক্রৱর্তীক ।এখিনি মানুহে সমস্বৰে চিঞৰি গায় মিলে সুৰ মেৰা তুমহাৰা ।গেৰুৱা ,বগাআৰু সেউজীয়া ৰঙৰ পোচাকত এজাক ল'ৰা-ছোৱালী মিলিত হয় ,সৃষ্টি হয় আমাৰ তিনি বৰণীয়া ত্রিৰংগাৰ ।

হয়,মই ভীমসেন জোশী ,এম.বালামুৰুলীকৃষ্ণ,লতা মংগেস্কাৰ,কবিতা কৃষ্ণমূর্তী,সুচিত্রা মিত্র আৰু সুভাংগী বসুৱে আদিয়েকণ্ঠদান কৰা ঐকতানৰ কথাই কৈ আছো ।পিয়ুষ পাণ্ডেয়ে ৰচনা কৰা গীতটিৰ সুৰকাৰ অশোক পাতকীসংগীত ব্যৱস্থাপনা লুইচ বেংকৰ ।লোকসভা সঞ্চাৰ পৰিষদৰ দ্বাৰা দূৰদৰ্শণত দি দি ওৱান যোগে সম্প্রচাৰিত এই ঐক্যতানৰ সুৰটি যেতিয়াই কাণত পৰিছিলহি অলপো পলম নকৰি ধুমুহা গতিৰে দূৰদর্শণৰ সমুখত থিয় হৈছিলোগৈ ।যাতে আৰম্ভণিৰে পৰা চাব পাৰো । নাজানো কি এক অদ্ভূত আকর্ষণ আছিল গীতটিৰ প্রতি । দীঘলীয়া গীত যদিও শেষ নোহোৱা পর্যন্ত টি ভিৰ সমুখৰ পৰা আঁতৰি নগৈছিলো । মজাৰ কথাটি আছিল মন গ'লেই যেতিয়াই তেতিয়াই ভুলে শুদ্ধই তাৰ লগে লগে চিঞৰি গাইছিলো।তামিল,তেলেগু ,কানাড়া কোনো ভাষাই বাদ নপৰিছিল ।এটাই আৰম্ভ কৰিবহে লাগে লগতে মিলাই পিছৰ খিনি টানিয়ে দিছিলো ।এনে লাগিছিল আমি ভাৰতৰ প্রায় সকলোবোৰ ভাষাই যেন ক'ব পাৰোঁ। আগতে সঘনাই অভিনেতা-অভিনেত্রীসকলক চাবলৈ নাপাইছিলো বাবে গীতটিত ওলোৱা অমিতাভ মিঠুনহঁতক চাবলৈ অধিৰ হৈ পৰিছিলো ।নতুন শিল্পীৰ দ্ৱাৰা পুণৰবাৰ এই ঐক্যতান নির্মাণ কৰা হ'ল যদিও অ'ল্ড ইজ গ'ল্ড কথাষাৰ এইক্ষেত্রত বিশেষভাৱে প্ৰযোজ্য হৈ ৰ'ল।
এসময়ত লাহে লাহে বুজিব পাৰিছিলো গীতটি সৃষ্টিৰ প্রকৃত কাৰণ ।বুজিব পাৰিছিলো বৈচিত্র্যৰ মাজত মাজত ঐক্যৰ অর্থ ।শৈশৱৰ কোমল বয়সতে ইমান গধূৰ কথাটো ইমান সহজ পন্থাৰে আমাৰ মনত সোমাই পৰিছিল যে আজিকোপতি সি আমাৰ মনত বিদ্যমান ।এই কথা স্বীকার্য যে সংগীতৰ কোনো ভাষা নাই । সুৰ ভাল হ'লে সি হৃদয় চোৱে ।পিছে এই কথাও ঠিক যে সুৰ যদি গীতৰ প্রাণ হয় ,তেন্তে কথা গীতৰ সজা ,গীতৰ শৰীৰ । গীত এটিত শৰীৰ ৰূপী কথাৰ অবিহনে সুৰ পৰিচয়বিহীন । সেয়ে ক'ব পাৰি গীত এটি ৰচনা কৰোতে বিশেষ গুৰুত্ব দিবলগীয়া বিষয় হ'ল ইয়াৰ কথা । আজিৰ প্রজন্মই হয়তো চিনি নাপায় সেই গীত নাইবা তেনে গীতৰ সাৰ। কাৰণ ডেৰবছৰ মানৰ আগতে অসমৰ বন্ধু এজনেই কৈছিল উজনি অসমৰ প্রাথমিক বিদ্যালয় এখনলৈ বিদ্যলয় পৰিদর্শক গৈছিল আৰু বিদ্যালয়ৰ কোনোবা ছাত্র এজনক এটি গীত গাবলৈ কোৱাত ঘপহকৈ গাই দিছিল "লাডেন আছিল পলাই গৈ পাকিস্তান "।এতিয়া গাবলৈ ক'লে হয়তো কোনোবাই তপৰাই গাই দিব ডিস্কভন্টি নানাচিবা নাইবা"ৱাচিং পাউডাৰ নীর্মাআদি।এতিয়া জনপ্রিয়তা পালেও সময়ৰ সোঁতত এই গীতবোৰ এদিন অতীত হ'ব ।কোনেও হয়তো মনত নাৰাখিব ।যদি একোটা গীতৰ ৰচনাই সমাজলৈ একোটা বহুমূলীয়া বার্তা প্রেৰণ কৰিব পাৰে তেন্তে তাতেই লুকাই থাকে গীত সৃষ্টিৰ প্রকৃত সার্থকতা । ঐক্যতানৰ সেই আকর্ষণৰ বাবেই তাৰ কথা ভুলে শুদ্ধই এতিয়াও জিভাৰ আগত লৈ ফুৰিছোঁ আৰু দুচকুত লৈ ফুৰিছো তাৰ চিৰযুগমীয়া ছবিখন ।আজিৰ গীতিকাৰসকলৰ পৰাও সেয়ে আমি কালজয়ী গীত সৃষ্টি হোৱাতোহে আশা ৰখিছোঁ ।****

মানসী বৰা।

Saturday, January 7, 2017

০৭/০১/২০১৭ ৰ দৈনিক জনমভূমি কাকতত প্রকাশিত "আমেৰিকাৰ চিঠি"

আমেৰিকাৰ কৰ্ম সংস্কৃতি আৰু নৱবর্ষ ইত্যাদি

পলকতে শেষ হ'ল এটি বছৰ । নতুন আশাৰ বতৰা লৈ আহিছে আকৌ এটি নতুন বছৰ। এই নতুন বছৰটি সঁচা অর্থত নতুন হওঁক।অসমৰ অপ্রীতিকৰ পৰিবেশবোৰ অন্ত পৰক ।অসমীয়া মানুহৰ মনৰ হতাশা-নিৰাশাবোৰ আঁতৰি  নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে মনত নতুন উদ্যম নতুন চেতনা জাগ্রত হওঁক ।নিজৰ দেশ নিজৰ জাতিৰ প্রতি ভালপোৱাবোৰ উভৰি উঠক।প্রকৃতার্থত স্বদেশ,স্বজাতিৰ ভক্ত সেইসকলকহে বুলিব পাৰি ,যিসকলে নিজৰ দায়িত্ব তথা কর্তব্যবোৰ পৰম নিষ্ঠাৰে পালন কৰে ।কিন্তু অসমৰ চৰকাৰী কার্য্যালয়সমূ্হত সময়মতে বহু কর্মচাৰী উপস্থিত নথকাৰ ঘটনা সংবাদমাধ্যম যোগে বহুবাৰ প্রচাৰিত হোৱা প্রত্যক্ষ কৰিছো যিয়ে দৰ্শাই কর্মসংস্কৃতিৰ দূর্লভ নমুনা। কর্মসংস্কৃতিৰ পৰিৱর্তে অসমত বর্তমান বন্ধ সংস্কৃতি সুলভ । অসমত যিকোনো সংগঠনে যিকোনো বিষয় সমাধানৰ বাবে সহজ পন্থা হিচাপে তুলি লয় অসম বন্ধৰ কার্যসূচী ।নতুনকৈ কিবা সংগঠন এটা গঠন হলেও জনসাধাৰণক নিজৰ স্থিতি জনাবলৈ আশ্রয় লয় অসম বন্ধৰ ।ইফালে আকৌ চৰকাৰী বন্ধবোৰ আছেই ।সংবাদ মাধ্যমযোগে সঘনাই দেখা পোৱা এই অসম বন্ধ বিলাকৰ কিবা সুফল আছে যেন মনে নধৰে । অসম বন্ধ কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে ,বৰঞ্চ ইয়াৰ দ্বাৰা আমি পিছপৰা অসমীয়া জাতিটো আৰু এঢাপ পিছুৱাইহে গৈছো ।এই নতুন বছৰটিত অসমৰ উন্নতিত হেঙাৰ হৈ থকা এই অসম বন্ধবোৰ যেন বন্ধ হয় তাৰেই কামণা কৰিছোঁ ।
আজিৰ আমাৰ লেখাটিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্ধবিলাক আমেৰিকাবাসীয়ে কেনেদৰে কটাই তাৰ বিষয়ে লিখিবলৈ লৈছোঁ ।অসমৰ পৰা আহি আমেৰিকা যুক্তৰাষ্ট্রৰ ফার্ষ্ট ষ্টেট হিচাপে পৰিচিত ডেলাৱেৰৰ ৰাজধানী চহৰ উইলমিংগটনত থাকিবলৈ লোৱাৰ পৰা আমেৰিকাৰ ন্ধৰ দিনবিলাকৰ সৈতে আমাৰ পৰিচয় ঘটিল ।আমেৰিকাত সিমান বেছি চৰকাৰী নাইবা ৰাজহুৱা বন্ধৰ দিন নাই যদিও বন্ধবিলাকৰকিন্তু সদ প্রয়োগ দেখিবলৈ পোৱা যায় ।সপ্তাহৰ একোটা দীঘলীয়া বন্ধই যুক্তৰাষ্ট্রৰ পর্যটনৰ ক্ষেত্রলৈ বিশেষভাৱে বৰঙণি যোগাই আহিছে ।
সাধাৰণতে আমেৰিকাত সপ্তাহটোৰ শেষৰ দিন দুটা মানে শণিবাৰ আৰু দেওবাৰ উইকএণ্ড বুলি বন্ধ থাকেই ,তাৰ উপৰিও চৰকাৰী বন্ধ বুলি থাকে কেইটামান দিন ।সেই চৰকাৰী বন্ধবোৰ হ'-মার্টিন লুথাৰ কিংগ জুনিয়ৰ ডে',জৰ্জ ৱাচিটন বার্থডেমেম'ৰিয়েল ডে', ইণ্ডিপেণ্ডন্স ডে,লেবাৰ ডে',কলম্বাচ ডে',ভেটাৰানচ ডে' ,থেকচ গিভিং ডে',আৰু খ্রীষ্টমাচ ডে।খ্রীষ্টমাচ অর্থাৎ বৰদিনৰ বাদে আন ধর্মৰ ভিত্তিত আমেৰিকাত কোনো বন্ধ নাই ।বৰদিনৰ দিনটোত এইবাৰ দেওবাৰ পৰিল বাবে বৰদিন বুলি সোমবাৰৰ দিনটো বন্ধ দিয়া হ'ল । নৱবর্ষৰ বাবে নিউ ইয়েৰ ডেবুলি ১ জানুৱাৰীত বন্ধ থাকে ।পিছে এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এই এক জানুৱাৰীত যদি কেনেবাকৈ দেওবাৰ পৰে তেতিয়া ২ জানুৱাৰীটোত বন্ধ থাকে । এইবাৰৰ নতুন বছৰটোত এইটোৱেই প্রযোজ্য হৈছে । আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰী বন্ধৰ বিশেষত্ব লক্ষণীয় ।আমেৰিকাৰ চৰকাৰী বন্ধবোৰ সদায় সোমবাৰ নহ'লে শুক্রবাৰ হয়।এনে কৰাৰ কাৰণ হৈছেকর্মচাৰীসকলে যাতে এটা দীঘলীয়া উইকএণ্ড কটাব পাৰে ।দীঘলীয়া বন্ধত কোনোবা দূৰ ঠাইলৈ ভ্রমণ কৰিব পাৰে নাইবা দূৰণিত থকা কোনো আত্মীয় নাইবা বন্ধু-বান্ধৱৰ সৈতে সম্পর্ক বজাই চলিবলৈ সুবিধা কৰিব পাৰে ।
উল্লেখ্য যে২০১৬ৰ এক সমীক্ষা অনুসৰি আমাৰ ভাৰত হৈছে বিশ্বৰ চতুর্থখন বন্ধৰ সুবিধা বঞ্চিত দেশ ।অর্থাৎ কর্মচাৰীয়ে কামৰ পৰা অৱকাশ নোপোৱা বিশ্বৰ দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান চতুর্থ ।
কিন্তু এই কথা স্বীকার্য যে কামৰ বিৰতিত কৰা ভ্ৰমণে কামৰ গধূৰ বোজাৰ পৰা ৰেহাই দি মনলৈ সতেজতা আনে ।মনৰ সতেজতাই দেহা সুস্থ ৰাখে আৰু কার্যক্ষমতা বৃদ্ধিত সহায় কৰে। উন্নত দেশৰ উন্নত চিন্তা ।দীঘলীয়া বন্ধৰ সুবিধা পালেই আমেৰিকাৰ বাসিন্দাসকলে ভ্ৰমণৰ কার্যসূচী হাতত লয় । অৱশ্যে শীতকালৰ তুলনাত ইয়াত গ্রীষ্মকালৰ সময়চোৱাহে ভ্ৰমণৰ বাবে অনিকূল । শীতকালত শীতৰ প্রকোপ,বৰফৰ বৰষুণ নতুবা ধুমুহাৰ বাবে প্রায়ে বতৰ প্রতিকূল অৱস্থাত থাকে। পিছে ভ্রমণৰ বাবেই পর্যটনৰ দিশত আমেৰিকা যথেষ্ট লাভাম্বিত হৈছে । কাৰণ পর্যটকৰ বাবে আকর্ষণীয়কৈ সজোৱা যুক্তৰাষ্ট্রৰ ঠাইবিলাক পৰিদর্শণৰ বাবে নির্দিষ্ট মূল্য পৰিশোধ কৰিব লাগে ।ইয়াৰোপৰি এখন ৰাষ্ট্রৰ সীমা পাৰ হৈ আন এখন ৰাষ্ট্রত প্রৱেশ কৰিলেই ট'ল গেট বিলাকত নির্দিষ্ট পৰিমাণৰ শুল্কও পৰিশোধ কৰিব লগা হয় । যাওঁতে দিয়াৰ দৰে উভটি আহোতেও একেদৰে শুল্ক পৰিশোধ কৰাটো বাধ্যতামূলক ।এই শুল্কৰ ব্যৱস্থাৰ বাবেই যেন আমেৰিকা যুক্তৰাষ্ট্রৰ পথবোৰ মশ্রিন ।পিছে আমেৰিকাত এই শুল্কৰ বিষয়টো সকলোৱে তেনেই সৰু কথা বুলিয়েই গ্রহণ কৰে ।ডাঙৰ আৰু দৰকাৰী কথাটো হ'ল ভ্রমণ ।কাৰণ ইয়াত থাকি যি বুজিছো তাৰ ভিত্তিতে কৈছোআমেৰিকাবাসী সঁচা অর্থত ভ্ৰমণবিলাসী ।
নতুন বছৰটোৰ আৰম্ভণিও এওঁলোকে ভ্রমণেৰে কৰে ।নৱবর্ষৰ সময়ত নিউয়র্ক চিটি টাইম স্কোয়েৰে এওঁলোকক হাত বাউলী মাতে ।সেয়ে বিশেষ ক্ষণৰ সাক্ষী হবলৈ এওঁলোক ঢাপলি মেলে লোকাৰণ্য টাইম স্কোয়েৰলৈ আৰু ৩১ ডিচেম্বৰৰ নিশা ১২ বজাত টাইম স্কোয়েৰ থলীত সেই ওৱাটাৰফোর্ড ক্রিষ্টেল বলটো পৰি যোৱালৈ অধিৰ হৈ ৰয়। ****

Thursday, January 5, 2017

০৬/০১/২০১৭ ৰ দৈনিক জনমভূমি কাকতত প্রকাশিত

অসম সাহিত্য সভাৰ সভাপতি

বর্তমান সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা বাতৰিসমূহৰ অন্যতম অসম সাহিত্য সভা আৰু সম্পাদক পৰমানন্দ ৰাজবংশী । জনমতক ওলাই কৰি হ'লেও নিজৰ গাদীখন দখল কৰাতেই যেন সম্পাদকৰ পৰম আনন্দ সেয়া তেওঁৰ আচৰণেই স্পষ্ট কৰে। সেয়ে শিৱসাগৰীয়া ৰাইজৰ অসম সাহিত্য সভাৰ গৰিমাৰ প্রতি থকা আবেগিক স্থিতিয়েও তেওঁৰ হৃদয় স্পর্শ কৰিব পৰা নাই ।অহং মনোভাৱেৰে মাথো ওলটাই সাহিত্য সভাৰ অধিবেশণস্থলী সলনি কৰাৰ হুমকিহে প্রদান কৰিছে ।যাৰ বাবে তেওঁৰ কাণ্ডকীর্তি বর্তমান বিদ্বৎসমাজৰ চর্চাৰ বিষয় হৈ পৰিছে ।
শেহতীয়াকৈ প্রকাশিত এটি বাতৰিত চকু ফুৰাই আমাৰ মনতো এটি প্রশ্নৰ উদয় হৈছে । অসম সাহিত্য সভাৰ ভৱিষ্যত বাৰু কোন দিশে ? সাহিত্য সভাৰ সভাপতি হ'বলৈ বোলে সাহিত্যিক হোৱাৰ প্রয়োজনীয়তা নাই ।এতিয়া অসম সাহিত্য সভাৰ ভিতৰচৰাত অ-সাহিত্যিকক সভাপতি পতাৰ যো-জা চলিছে । যদি বাস্তৱত সঁচাই এইজন অ-সাহিত্যিক সাহিত্য সভাৰ দৰে গৰিমাময় অনুষ্ঠানটিৰ সভাপতি হয়গৈ তেন্তে ই এক নাভূত-নাশ্রুত ঘটনা হ'ব ।কাৰণ অসম সাহিত্য সভাৰ সভাপতিৰ বাবে থকা নিয়মাৱলীৰ প্রথমতেই উল্লেখ আছে যে সভাৰ সভাপতি পদৰ প্রার্থীজনৰ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ মৌলিক অৱদান থাকিব লাগিব । কিন্তু শেহতীয়াকৈ প্রকাশিত বাতৰিৰ পৰা ভাৱ হৈছে "সাহিত্য আৰু সভা" এই শব্দ দুটিয়ে কি আভিধানিক অর্থ প্রকাশ কৰিছে সেই সম্পর্কে হয়তো বর্তমানৰ সম্পাদকজন নিজেই জ্ঞাত নহয় ।নহ'লেনো এনে এটা লঘু চিন্তা কৰে নে ?
সন্মানীয় সভাপতিৰ আসনত কালিমা সনাৰ এই অপচেষ্টাক অসমবাসীয়ে প্রতিৰোধ কৰিব লাগিব।অসম সাহিত্য সভাৰ বর্তমানৰ পৰিস্থিতি লৈ অসমৰ গুণী-জ্ঞানী বিভিন্নজনে ইতিমধ্যে নিজৰ মতামতো স্পষ্ট কৰিছে ।এইটো স্বীকার্য যে ,অসম সাহিত্য সভা নাথাকিলেও অসমীয়া সাহিত্য থাকিব ।কিন্তু অসম সাহিত্য সভাৰ সৈতে যি গৌৰৱময় ইতিহাস আছে তাৰ মূল্য তিলমানো বুজি নোপোৱাসকলৰ কৱলত পৰি এই জাতীয় অনুষ্ঠানটোৰ যে গৰিমা লাঘৱ হৈছে সেইয়াহে অতি দুর্ভাগ্যজনক বিষয় ।অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ভৱিষ্যতক ৰক্ষণাবেক্ষণ দিয়াটো অসমীয়া ভাষা-সাহিত্যৰ প্রতি শ্রদ্ধাশীল প্রতিজন অসমীয়াৰে এক নৈতিক দায়িত্ব।কাৰণ ,ভুৱা চিকিৎসক এজনে ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা আৰু এজন অ-সাহিত্যিক সাহিত্য সভাৰ সভাপতি হোৱা এই দুটা কথাৰ মাজত বৰ বিশেষ পার্থক্য নাই ।*****
মানসী বৰা ।