Sunday, April 23, 2017

২৪/০৪/২০১৭ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত...

ফিলিত ফুলৰ প্রদর্শনী আৰু ডিচি ত ফুলৰ উৎসৱ

বসন্তকালত আমেৰিকাৰ পাতবিহীন গছবিলাক বিবিধ ৰঙৰ ফুলেৰে মনোমোহা হৈ
উঠে ।বিশেষকৈ পথৰ দাঁতিত ফুলি উঠা গোলপীয়া ,বগা ছেৰী ফুলৰ সৌন্দর্যই সকলোকে মোহাচ্ছন্ন কৰি তোলে ।যেনিয়েই চাওঁ তেনিয়েই বিবিধ ৰঙী ফুলৰ
আকর্ষণ।বসন্তকালত ফুলৰ উৎসৱপ্রদর্শনী আদিবোৰে আমেৰিকাৰ অন্যতম আকৰ্ষণ ।
ফিলি অর্থাৎ পেনচিলভেনিয়াৰ ফিলাডেলফিয়াত থকা পেনচিলভেনিয়া কনভেন্টচন হলত আয়োজন কৰা হয় বিশ্বৰ সর্ববৃহৎ আন্তৰ্দ্বাৰ ফুলৰ প্রদর্শনীখন ।এইবাৰ ১১ মার্চৰ পৰা ১৯ মার্চলৈকে অনুষ্ঠিত কৰা প্রদর্শনীখন অন্তিম দিনা চাবলৈ গ'লো ।প্রদর্শণীত প্রাপ্তবয়স্কৰ কাৰণে প্রৱেশ মূল্য ৩৫ ডলাৰ আছিল ।ভাৰতীয় কাৰ হিচাপত প্রায় ২২৮৩ টকা ।
সেইদৰে পঢ়ি থকা ছাত্রৰ বাবে ২২ ডলাৰ হোৱাৰ বিপৰীতে সৰু 'ৰা -ছোৱালীৰ বাবে ১২ ডলাৰ আছিল ।প্রতিবছৰে প্রদর্শনীত একোটা নির্দিষ্ট অফিচিয়েল থিম সংযুক্ত কৰা হয় ।এইবাৰ আছিল মিচিগানৰ হলেণ্ড চিটি। টিউলিপ ' প্রদর্শনীৰ মূখ্য আকর্ষণ। সকলো ফালে কেৱল চকু জুৰোৱা সৌন্দর্য ।ৰঙা,বগা,নীলা,,হালধীয়া,সুমথিৰা আদি বিবিধ ৰঙৰ টিউলিপৰ সমাহাৰ ।
টিউলিপৰ লগতে বিবিধ ৰঙৰ গোলাপ ফুলও দেখা পালো ।প্রথমবাৰৰ বাবে দেখিলো নার্চিচাছ ফুল ।প্রদর্শণীৰ ফুলবিলাকৰ মাজতে "ভোডো লিলি বুলিএজোপা গছত স্মেল মি বুলি লিখি থোৱা দেখিলো পিছে ধুনীয়া গোন্ধ বুলি নাকটো আগবঢ়াই দিলে মৰি যাওঁ যেন লাগিব । অত্যন্ত উৎকট লেতেৰা গোন্ধ ।একেবাৰে ঘৰৰ ভিতৰত চিকা মৰিলে যি গোন্ধ সেইটো ।সকলো সুগন্ধিক ভোডো লিলিৰ দূর্গন্ধই চেৰ পেলাই দিব ।
ফুলৰ প্রদর্শণীৰ লগতে তাত বিবিধ সামগ্রীৰ বিপনীৰে মেলা এখনও বহিছিল ।বিপনীবিলাকত ঘাইকৈ আছিল হাতেৰে বনোৱা বিভিন্ন গহনা,কেন্টালোপ ফলৰ গুঠিৰে বনোৱা ব্রেচলেটনেকলেচ,কাঠৰ চামুচ হেতাপেইন্টিংসজোৱা বস্তু ইত্যাদি ।কিছুমান বিপনীত ফুলও বিক্রী কৰিছিল ।প্রতি থোপাত গোলাপৰ মূল্য আছিল ১০ ডলাৰ । ফুলৰ প্রদর্শনী চাবলৈ অহা গাড়ীবিলাকৰ পার্কিংৰ বাবদ দিব লগা হৈছিল প্রতি ঘন্টাত ৮ ডলাৰকৈ ।প্রদর্শনীৰ ভিতৰত আমাৰ প্রায় চাৰে তিনি ঘন্টা হ'ল ।সেয়ে আমি সর্বমুঠ ৩২ ডলাৰ পৰিশোধ কৰিব লগা হ'ল ।
সেইয়া যি নহওঁক প্রথমবাৰৰ বাবে ফুলৰ প্রদর্শনী চাবলৈ পালো । সঁচাই ভাল লাগিছিল । কাৰণ বিশ্বৰ সর্ববৃহৎ সেই আন্তর্দ্বাৰ ফুলৰ প্রদর্শনীখন ১৮২৯ চনৰ পৰাই চলি আহিছে ।
আমেৰিকা যুক্তৰাষ্ট্রই বসন্তৰ আৰম্ভণিতে জাপানে দিয়া চেৰী ফুলৰ উপহাৰেৰে বছৰি পালন কৰে আন এটি বিশেষ উৎসৱ । মনোমোহা চেৰী ফুলক কেন্দ্ৰ কৰা উদযাপন কৰা এই উৎসৱক কোৱা হয় নেচনেল চেৰী ব্ল'জম ফেষ্টিভেল। এই উৎসৱ আমেৰিকাৰ ৱাশ্বিংটন ডি চি ত প্ৰতিবছৰৰ আয়োজন কৰা হ। এইবছৰ ৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই নেচনেল চেৰী ব্লজম ফেষ্টিভেল ১৬ এপ্ৰিল পৰ্যন্ত অব্যাহত থাকে
১৯১২ চনত জাপানৰ টকিঅচিটিৰ তেতিয়াৰ মেয়ৰ য়ুকিঅঅজাকিয়ে আমেৰিকাৰ ৱাশ্চিংটন চহৰক জাপানৰ বিখ্যাত চেৰী ফুলৰ গছ উপহাৰ হিছাপে দিছিল ।দুখন দেশৰ বন্ধুত্বৰ সাক্ষী হিছাপে বাঢ়ি যোৱা আৰু বগা-গুলপীয়া ৰঙেৰে ফুলি উঠা ৩৭৫০ জোপা চেৰী ফুল গছৰ সৌন্দৰ্যই প্ৰতিবছৰে দেশী-বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে ।
চেৰী ফুলৰ লগতে বিভিন্ন ৰঙৰ বেলুন ,সুসজ্জিত নৌকা ,পেৰেড ,কাইট ফেষ্টিভেল (চিলা উৰুৱাওৱা উৎসৱ) ,বিভিন্ন ৰাষ্ট্ৰৰ বেণ্ড পাৰ্টি আদিয়ে প্রতিবছৰে এই উৎসৱটিক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে । আমেৰিকা-জাপানৰ দ্বিতীয় বিশ্বযু্দ্ধৰ ভয়াবহ ইতিহাসক উফৰাই জাপানৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্ধুত্বৰ মধুৰ সম্পৰ্ক বজাই ৰখাটোৱেই এই উৎসৱৰ প্ৰধান উদ্দেশ্য ।এই উৎসৱৰ লগত সংগতি ৰাখি চুচিশ্বেক আদিকে ধৰি বিবিধ খাদ্যসম্ভাৰেৰে এখনি মেলাও হয় । ইয়াৰোপৰি চিত্ৰকলাৰ প্ৰদৰ্শনী ,ফ্যেশ্বন শ্বআদিবোৰো আয়োজন কৰা হয় । বছৰি প্ৰায় ৭০ হাজাৰতকৈ অধিক লোকে এই উৎসৱলৈ আহি চেৰীফুলৰ সৌন্দৰ্য উপভোগ কৰে ।
বসন্তৰ মনোমোহা ক্ষণত পেনচিলভেনিয়াৰ লংগ ওড গাৰ্ডেনেও আমেৰিকাবাসীক আকর্ষণ কৰি আহিছে ।লংগ ওডৰ মুখ্য আকর্ষণেই হৈছে বিভিন্ন ৰঙৰ টিউলিপ
ফুল,ডগওডউইষ্টিলিয়ামেগনোলিয়াআজেলিয়া আদি ।লংগ ওড গার্ডেনৰ ভিতৰ ভাগত বিভিন্ন প্রজাতিৰ অর্কিড সংৰক্ষণ কৰি আকর্ষণীয় ৰূপত সেইবোৰ সজাই ৰখা
হৈছে ।
বসন্ত কালত পর্যটকৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ আনবিলাক আকর্ষণ হ'পর্টলেণ্ডৰ ৰ'জ ফেষ্টিভেল,নর্থ-কেৰোলিনাৰ বিল্টম'ৰ ব্লোমমিচিগান হলেণ্ডৰ টিউলিপ টাইমটেক্সাচৰ ডালাচ ব্লোম,মিজৌৰিৰ ডগওড আজালিয়া ফেষ্টিভেল ইত্যাদি ।

মানসী বৰা ।

Saturday, March 4, 2017

০৫/০৩/২০১৭ ৰ দৈনিক জনমভূমি কাকতত প্রকাশিত "আমেৰিকাৰ চিঠি "....

লিটল ইণ্ডিয়াৰ কথা

সংস্কৃতিৰ দিশৰ পৰা আমাৰ ভাৰতবর্ষ হৈছে বিশ্বৰ ভিতৰতে চহকী দেশ ।দক্ষিণ এচিয়াৰ সুবৃহৎ দেশ ভাৰত মাটিকালিৰ ফালৰ পৰা বিশ্বৰ সপ্তমখন বিশাল দেশ । নানা জাতিধর্মবর্ণ আৰু ভাষা-ভাষী লোকৰ বসতিস্থল এই ভাৰতবৰ্ষৰ বুকুতে বৈচিত্র্যৰ মাজত ঐক্যই বিৰাজ কৰিছে ।অতুল্য ভাৰতৰে অংগ ৰূপহী অসমভূমিক এৰিথৈ যিদিনাই উৰা মাৰিছিলো কর্ণাটকৰ বেংগালুৰুলৈ সেইদিনা সিমান এটা দুখ লগা নাছিল ।নিজৰ ঘৰখনত থাকিবলৈ পোৱা নাই যদিও নিজৰ দেশখনতে আছো বুলি বুকুৰ ভিতৰতে এক সকাহ আছিল। পিছে বেংগালুৰুৰ বিমান বন্দৰত ভাৰত এৰি যিদিনাই আমেৰিকা যুক্তৰাষ্ট্রলৈ বুলি আহিলো সঁচা কথা কবলৈ গ'লে সেইদিনাই বুকুৰ ভিতৰত এটি বুজাব নোৱৰা বিষ অনুভৱ কৰিছিলোঁ । আমেৰিকালৈ অহাৰ পিছত এজন দুজনকৈ ভাৰতীয় মানুহ চকুত পৰিছিল ,ভাৰতীয় মানুহ দেখিলে কিবা আপোন আপোন লাগিছিল ।লাহে লাহে দুই তিনিটা ভাৰতীয় পৰিয়ালৰ সংস্পর্শলৈ আহিলো আৰু তেওঁলোকৰ পৰাই আমেৰিকাৰ বিষয়ে নজনা সৰু সৰু বহুতবিলাক কথাই জানিব পাৰিলো ।উদাহৰণস্বৰূপেওচৰতে কি কি ঠাই ফুৰিব পৰাকৈ আছে ,তাত কি কি চাব পৰা বস্তু আছে ,কি কি ভাৰতীয় বজাৰ আছে ইত্যাদি ইত্যাদি । অৱশ্যে কিছুমান তথ্য ইন্টার্নেটৰ দ্বাৰাও লাভ কৰিব পাৰিছিলো ।আমেৰিকাত অফিচবোৰ শণিবাৰ দেওবাৰে বন্ধ থাকে ।লঙ্গ উইকেণ্ড হ'লে সোমবাৰ নাইবা শুকুৰবাৰটো বন্ধ পৰে ।সেই হিচাপতে মিলাই ফুৰিবলৈ সুবিধা হয় ।যোৱা ২০ ফেব্রুৱাৰীত প্রেচিডেন্ট ডে'ৰ অর্থাৎ আমেৰিকাৰ প্রথমজন ৰাষ্ট্রপতি জর্জ ৱাচিংটনৰ জন্মদিন বুলি বন্ধ আছিল । সেয়ে বন্ধৰ সদব্যৱহাৰ কৰিবলৈ নিউ জার্চিচিটিলৈ যোৱাৰ সিদ্ধান্ত ল'লো ।অৱশ্যে যোৱা বছৰ আটলান্টিকচিটি আৰু নিউয়ৰ্কচিটিলৈ যাওঁতে নিউ জার্চিচিটি হৈয়ে গৈছিলোঁ । কেইদিনমানৰ আগতে ইয়াত থকা ভাৰতীয় বান্ধৱী এগৰাকীয়ে কৈছিল নিউ জার্চিচিটিত বহুত ভাৰতীয় মানুহ আছে । ভাৰতীয় সামগ্রী বিক্রী কৰা বজাৰ আছেদোকান আছে আৰু প্রবাসী ভাৰতীয়ৰে ভৰি আছে ।কথাটি জানিব পাৰি আমাৰ গাত তৰণি নোহোৱা হ'ল । সেই বিশেষ ঠাইখন চাবলৈ দুগুণ হেপাহ জাগি উঠিল ।আজিৰ লেখাটিত ক'ব খুজিছো লিটল ইণ্ডিয়াৰ কথা । অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউ জার্চী চিটিত থকা সৰু ভাৰতখনৰ কথা।পিছে তাৰ আগতে নিউ জার্চীচিটিত থকা ইস্কন(ইন্টার্নেচনলে চচাইটি ফৰ কৃষ্ণ কন্সিয়াচনেচ)ৰ বিষয়ে ক'ব লাগিব ।
চেন্ট্রেল নিউ জার্চীত থকা “ইস্কন” মন্দিৰৰ বিষয়ে বহুদিনৰ পৰাই শুনি আছিলো । সেয়ে সেইদিনা প্ৰথমে সেইটো দর্শণ কৰাৰ সিদ্ধান্ত ল'লো ।ঘৰৰ পৰা পুৱাভাগতে লঘু আহাৰ খাই ওলাই আহিলো ।পৰিকল্পনা আছিল মন্দিৰ দর্শণ কৰি আহি দুপৰীয়াৰ সাজটো ৰচ'ঈ নামৰ ইণ্ডিয়ান ৰেষ্টুৰাত ভালকৈ খোৱাৰ । ডেলাৱেৰ পৰা গাড়ীৰে নিউ জার্চীচিটিৰ ইস্কন মন্দিৰ পাওঁতে আমাক প্রায় দুঘন্টা সময় লাগিল।মন্দিৰৰ শান্তিপূর্ণ পৰিবেশটো সঁচাই ভাল লাগিছিল । ভিতৰত আটক ধুনীয়াকৈ ৰাধা-কৃষ্ণৰ সৈতে সজাই থোৱা জগন্নাথৰ বিগ্রহ দর্শণ কৰিলো । সকলোফালে ভাৰতীয় মানুহেই চকুত পৰিল । দৰ্শণৰ পিছত আমাক ভিতৰত প্রসাদ গ্রহন কৰিবলৈ মাতি নিলে ।প্রসাদ বুলিও একেবাৰে ভৰপূৰ আয়োজন ।পোলাও,পাওভাজি ,তৰকাৰি,পকৰী,জেলেপি সকলো খোৱাইছে ।সকলোবোৰ ইমানেই সোৱাদ লগা আছিল যে সেইবোৰ খাই দুনাই ৰেষ্টুৰাত খাবলৈ পেটত খালী ঠাইৰ অভাৱ হ'ল ।সেয়ে ৰেষ্টুৰাত খোৱাৰ কথা বাদ দি মন্দিৰৰ পৰা সেইদিনা লিটল ইণ্ডিয়াকে চাবলৈ যোৱাৰ সিদ্ধান্ত ল'লো ।
নিউ জার্চীচিটিৰ নিউয়র্ক এভিনিউৰ 'ইণ্ডিয়া স্কোৱেৰৰসেই বিশেষ ঠাইখিনিক কোৱা হয় লিটল ইণ্ডিয়া ।যেতিয়াই গৈ সেই ঠাইত উপস্থিত হৈছিলোগৈ মন উলাহে নধৰা হ'ল । ঠাইখিনিত বাস কৰা অধিকাংশ লোকেই ভাৰতীয় । তাৰ মহিলাসকলৰ কিছুমানক চুৰিদাৰ-কুর্তি আদিত দেখা গ'ল ।দুই-এগৰাকীয়ে শাৰীও পিন্ধিছিল । ঠাইখিনিত থকা দোকান বজাৰৰ ফলকসমূহ ভাৰতীয় নামেৰে ভৰি আছিল ।দ'চা চেন্টাৰ ,চাট হাউচ,বিৰিয়ানী হাউচশাৰী-চুৰিদাৰৰ দোকানভাৰতীয় ডিজাইনৰ গহনাৰ দোকান ,চাহ-মিঠাইৰ দোকান আদিৰে ভৰি আছে ।তাত ঘূৰি থাকিলে এনে লাগে যেন আমি ভাৰতৰ ভিতৰতে কোনোবা এখন ঠাইত ঘূৰি ফুৰিছো । দেখা পালো ইণ্ডিয়ান কোম্পানীৰ মিক্সাৰ-গ্রাইণ্ডাৰৰ দোকান।আচৰিত লগা কথাটো হ'ল তাত মিঠাপানৰ দোকান দেখিলো। আমেৰিকাত যে পান দোকান আছে সেই কথা আগতে কেতিয়াও জনা নাছিলো । যোৱাবছৰ নিউয়র্ক চিটিলৈ যাওঁতে জানিব পাৰিছিলো তাতো এটা অঞ্চল লিটল ইণ্ডিয়া হিচাপে জনা যায় ।ঠাইখন নিউয়র্ক চিটিৰ জেকচন হাইটচত অৱস্থিত ।সেই ঠাইখিনিতো ভাৰতীয় মানুহৰ দোকান-বজাৰ আছে ।পিছে সময়ৰ অভাৱত সেইখিনি ঠাই সেইবাৰ চাবলৈ সৌভাগ্য নহ'ল । ভাবিছো পিছত সুবিধা মিলিলে চাই আহিম ।
লিটল ইণ্ডিয়া বুলি পৰিচিত ঠাইখনত এপাক মাৰি অ'ক ট্রী ৰোড পালোহি । অ'ক ট্রী ৰোডতো সৰহভাগ ভাৰতীয় দোকান।ভাৰতীয় গ্র'চাৰী দুখনত চকু পৰিল । শাক-পাচলি আৰু আন ঘৰুৱা খাদ্যসামগ্রী কেইটামান লৈ যাওঁ বুলি ইণ্ডিয়া গ্র'চাৰ্চ আৰু পেটেল ব্রাডার্চ নামৰ ভাৰতীয় বজাৰ দুখনত সোমালো ।য'ত শাক-পাচলি,,চাউল,দাইল,তেল,আলু আদিৰ পৰা আৰম্ভ কৰি পূজা-পার্বনৰ সামগ্রীলৈকে সকলোবোৰ অতি সুন্দৰকৈ সজাই থোৱা আছিল ।তাতে কলডিল,ভেণ্ডি,নৰসিংৰ পাত,টেঙামৰা কুন্দুলি আদিৰ লগতে অন্যান্য সামগ্রী কেইপদমান ল'লো ।ইণ্ডিয়া গ্র'চাৰ্চ খন পেটেল ব্রাডার্চতকৈ অলপ ডাঙৰ আছিল ।তাৰ পিছত এপাক ঘূৰি আন দোকানবিলাকত চকু ফুৰাওতে “বিগ চিনেমা” নামৰ হলটিৰ সমুখত ছবিৰ লিষ্টত জলী এলএল বিকাবিল,ৰেইচ,আদি বলিউড ছবিৰ নাম চকুত পৰিল ।শাৰী কিনাৰ কোনো পৰিকল্পনা নাছিল যদিও মহিলাৰ অন্যতম আকৰ্ষণীয় সাজ শাৰী বিক্রী কৰা প্রতিষ্ঠান এখনত এবাৰ সোমাই চাবলৈ ইচ্ছা যোৱাত সোমাই গ'লো ।তাত বিভিন্ন ডিজাইনৰ শাৰী ওলামাই থোৱা আছিল । ঘপহকৈ দেখিলো তিনিখন গুজৰাটী প্রিন্টৰ চিফন শাৰীৰ মুল্য ৬০।মানে ভাৰতীয় হিচাপত তিনিখন শাৰীৰ দাম প্রায় ৪০১০.০০ টকা । শাৰী নিকিনিলো যদিও আমেৰিকাত শাৰীৰ বজাৰ দেখি সঁচাই সুখ অনুভৱ কৰিলোঁ।ঘূৰি ঘূৰি ভাগৰ লগাত চাহ একাপ খাবলৈ “ৰয়েল কেফে এণ্ড পান”নামৰ দোকানখনত সোমালো ।ভাৰতীয় মানুহেৰে ভৰি থকা দোকানখনত হিন্দী কথাৰ মহলা । হাঁহি-খিকিন্দালীৰ পয়োভৰ । তাতে চিংগৰা চাট আৰু কাশ্মিৰী চাহৰ সোৱাদ লোৱাৰ লগতে কলকতা মিঠা পানেৰে মুহূদি কৰিলো । প্রায় এবছৰৰ মূৰত মিঠাপানৰ সোৱাদ ল'লো । সঁচাই বুজাব নোৱৰা এক সুখ অনুভৱ কৰিলো ।এটা সময় আছিল বিনা কাথা ফুল মিঠা বুলি নোকোৱাকৈয়েও মোৰ বাবে পান বনাই দিছিল শিৱসাগৰৰ ৰসৰাজ হোটেলৰ সমুখত বহি থকা সেই ল'ৰাজনে । পৰম সৌভাগ্য যে বিদেশত আহি স্বদেশৰ সোৱাদ লবলৈ পালো ।****

মানসী বৰা।

Thursday, March 2, 2017

০৩/০৩/২০১৭ তাৰিখে "সাদিন" কাকতত প্রকাশিত...

ৰঙেৰে উতলা ফাগুন

প্ৰকৃতিৰ পাটগাভৰু হোৱাৰ বতৰাটি লৈ পদুলিত এইয়া ফাগুন । যেনিয়ে চোৱা যায় তেনিয়ে ৰং কেৱল ৰং ।ফাগুন মানেই যে ৰং ,ফাগুন মানেইযে ৰঙৰ সমাহাৰ।ৰঙতে উতলা ফাগুনৰ আছে অনুপম ৰূপ-সৌন্দৰ্য ।ৰঙৰ মেটমৰা ভাণ্ডাৰ হৈ প্ৰকৃতিৰ বুকুলৈ অনা পৰিৱৰ্তনৰ মাজেদি ফাগুনে মানৱ জীৱনলৈও পৰিৱৰ্তন আনে । নতুন চেতনাৰে নতুন সৃষ্টিৰ প্ৰেৰণা দিয়ে । ফাগুনক লৈ কোনোবা কবিয়ে কবিতা ৰঁচে ,গায়কৰ কণ্ঠ নিগৰে।
শীতে লঠঙা কৰা বন-বিৰিখত এতিয়া ফাগুনৰ ৰঙীন পৰশ।আকাশেবতাহে ভাঁহিছে ফাগুনৰ জয়গান ।পচোৱা এজাক হৈ ধূলি উৰুৱাই ফাগুনে যেন কোনোবা লাজুকী গাভৰুৰ আঁচল খহাইছে।প্ৰকৃতিৰ বুকুখন বিবিধ ৰঙেৰে ৰঙীণ কৰিবলৈ উন্মনা হয় ফাগুন ।সেয়ে চৌদিশে পলাশ-শিমলুৰ ৰং উথলি উঠিছে ,ৰঙা মদাৰে আকাশত জুই জ্বলাইছে। বিবিধ ৰঙ সমাহাৰ হৈ ফাগুনে বসন্তৰ জাননী দিলে ।
প্ৰেয়সীলৈ প্ৰিয়জনৰ প্ৰেমৰ বতৰা হৈ ফাগুন আহিছে।আকাশত বহুৰঙী চিলা উৰোওৱা খিলখিল হাঁহিৰ শৈশৱ মধুৰ ক্ষণৰ সাক্ষী এই ফাগুন ।
সুখৰ বতৰা অনা ফাগুনেই দিয়ে প্ৰেম-ভালপোৱাৰ ঠিকনা ।নিৰাশাৰ বুকুত ফাগুনেই পেলায় আশাৰ পলস ।যৌৱনৰ সেউজী সাজে সাজিবলৈ বহাগৰ প্ৰতীক্ষাত প্ৰকৃতিয়ে এতিয়া ফাগুন অহা বাটলৈ চায় ।ৰঙেৰে উতলা ফাগুনক প্ৰকৃতিয়ে আজি স্বাগতম জনায়।

মানসী বৰা

Saturday, February 18, 2017

১৮/০২/২০১৭ তাৰিখে "আমাৰ অসম" কাকতত প্রকাশিত

কাউৰীয়ে যেতিয়া ৰমলীয়াই

কোন কাহানিতে কাৰোবাৰ মুখত শুনিছিলোঁ :টু ফৰ জয়,ৱান ফৰ চ'।মানে আমাৰ শালিকাৰ ফৰ্মূলাটো । কি যে বিশ্বাস !দুটা শালিকা দেখাৰ লগে লগে তর্জনী আৰু মধ্যমাটো চপাই চুমা দুটা খামেই আৰু ।দুটাৰ ঠাইত কেনেবাকৈ এটা শালিকা দেখিবলৈ পালে লগে লগে অজান আশংকা এটাই আহি বুকুত থিতাপি লয়হি ।তাৰ লগৰটো কেনি গ'ল বুলি গোটেইখন বিচাৰি চলাথ কৰোঁ ।কেনেবাকৈ পাই গ'লে আনন্দৰ সীমা নাই ।কিন্তু নেপালে দুখৰ অন্ত নাই ।সেইদৰে তিনিটা নাইবা চাৰিটা শালিকা দেখাৰ লগতো চিঠি পোৱা ,আলহী অহা আদি বিশ্বাস জড়িত আছিল ।
বি এড কৰা দিনত যোৰহাটৰ বাল্যভৱনত যেতিয়া প্রেক্টিচ টিচিংত কৰি আছিলো ,সেই দিনতে তাৰ বাইদেউ এগৰাকীয়ে কৈছিল মোবাইলৰ যুগত শালিকাৰ ফৰমূলা এতিয়া পুৰণি হ'ল । হয়তেওঁ কথাটো একেবাৰে ঠিক কৈছিল ।আজিকালি ভাল-বেয়া সকলোবোৰ খবৰ মোবাইল যোগে মিনিটতে পায়ে যাওঁ । পিছে বিজ্ঞানৰ যুগতো আমিবোৰে মেকুৰী বিশ্বাস মানিয়েই আহিছো ।মুখৰ আগেদি মেকুৰী পাৰ হ'লে তিনিখোজ পিছুৱাই যোৱা কামটো কৰিহে এৰো ।
আকৌ ফেঁচাৰ উৰুলি আৰু জেঠিৰ টিকটিক আছেই ।আমাৰ কথা এটা শেষ হোৱাৰ পিছত জেঠিয়ে মাতিলে কথাটো সঁচা হ'ব বুলি ধৰি লৈ আমি সইত সইত বলি কওঁ । সেইদৰে কাৰোবাৰ বাৰীৰ ভিতৰত ফেঁচাই উৰুলি দিলে সেই ঘৰৰ মংগল হ'ব বুলি বিশ্বাস কৰা হয়।বহুতৰ মতে বিবাহৰ আয়োজন হ'ব পাৰে ।পিছে ফেঁচাই নিও নিও বুলি মাতলে ঘৰৰ অমংগল হ'ব বুলিহে ধৰা হয় ।আমাৰ মোমাইদেউ ঢ়ুকুৱাৰ তিনিদিন আগৰে পৰা ফেঁচা এটাই হেনো বাৰীৰ পিছফালে নিও নিও বুলি চিঞৰি আছিল ।আচলতে এইবোৰ একো একোটা জনবিশ্বাস ।
তেল পৰি পিছলা ,মিহি কিচকিচিয়া ক'লা ৰঙটোৰে সবাৰে পৰিচিত কাউৰীজনী ।শৈশৱৰ কালচোৱাত সাধুৰ জগতখনত বিচৰণ কৰিছিল বাবে তাই আমাৰ শৈশৱৰ পৰাই চিনাকি । কলহৰ তলিত থকা পানীখিনি শিল ভৰাই ওপৰলৈ আনি খোৱা সেই কাউৰীজনীক সৰুতে চাব্বাছ দিবলৈ মন গৈছিল । পিছে বেচেৰি বুলি দুখ লাগিছিল তেতিয়া ,যেতিয়া সেই যে ধূর্ত শিয়ালটোৱে তাইক সুন্দৰকৈ গান গাব জানা বুলি কোৱাত আঁকৰিজনী হৈ তায়োযে গাবলৈ মুখ মেলিছিল আৰু লাভৰ মূৰত মুখৰ মঙহ টুকুৰা হেৰুৱাইছিল ।সঁচাই তাই আঁকৰিআজলী ।সেয়ে তাইক কিবা আপোন আপোন লাগে ।
তাইৰ ঠোঁটটোও এনেভাৱে ক'লা যেন কাহানিও যাব নোৱৰাকৈ তাই ক'লা ৰং বুলাইহে থৈছে ।
মানুহ-দুনুহ নুগুনি তাই চিঞৰে । ঠিকেই তাইৰ মাতটো শুৱলা নহয় ।কুলিৰ সুমধুৰ মাতৰ লগত ৰিজনি কৰি সকলোৱে তাইৰ মাতষাৰ কৰ্কশ বুলিব খোজে ।বেচেৰিজনীৰ গাতনো কি দোষ দেহৰ বৰণ ক'লা হলেও আমাৰ চৌপাসৰ লেতেৰাবোৰ তাইয়েতো পৰিস্কাৰ কৰে ।কব'লৈ গ'লে আমি মানুহবোৰহে লেতেৰা ।তাইৰ মাতষাৰ কঠুৱা হ'ব পাৰে কিন্তু সেই মাতষাৰতে যে নতুন পুৱা এটিয়ে ভুমুকি মাৰে ।সঁচা কথা কবলৈ গ'লে অসমীয়া জনজীৱনত কাউৰীৰ এক সুকীয়া পৰিচয় আছে । কাউৰী যে মংগলতি। অতীতলৈ উভটি গ'লে এটি দৃশ্যই ভুমুকি মাৰে ।পুৱা ভাগত কা-কা-কা কৰি গছৰ ডালত পৰি নাইবা ,কাপোৰ মেলা ৰঁচি টনা খোটাত বহি যেতিয়া দুই-ততোধিক কাউৰীয়ে ৰমলীয়াই সেই মুহূর্তত আমাৰ ঘৰখনৰ দৰে হয়তো বহুতৰে ঘৰত ওখল-মাখল লাগিছিল । সেই চিঞৰে সকলোকে আকর্ষণ কৰিছিল । তাইৰ সেই চিঞৰ শুনাৰ লগে লগে কোনোৱে হয়তো কৈয়ে দিছিল :ছেহ কাউৰীবোৰে কেনেকৈ খাইছে পাই ।সেই মুহূর্তত কোনোৱে যেনিবা ঘপহকৈ ক'লে :কাউৰীৰ সেইটো মাতেই,তাতেনো কি হ'ল ?
নাই ,তথাপিযে শান্তি নাই । বুকুৰ কোণত আশংকা বাঢ়িহে আহে ।কেনেকৈ মাতিছে পাই । যিয়েই নহওঁক কিবাচোন ভাল নেলাগে ।যাচোন যা ভিতৰৰ পৰা চাউল এমুঠি লৈ আন । তাৰ পিছত লৰা-ঢপৰাকৈ ভিতৰৰ পৰা চাউল অনা আৰু অলপ আঁতৰত দেখি থকাকৈ তিনি ভাগ কৰি দিয়া। এটা ভাগ ভালআন এটা ভাগ বেয়া বুলি ধৰাৰ বিপৰীতে শেষৰ ভাগটিক আলহী বুলি ধৰিলৈ সেইসময়ত দৃষ্টি মাথো সেই ঠাইতে ৰখা। গুৰুত্বপূর্ণ বিষয় হ'ল কাউৰীয়ে কোনটো ভাগত ঠোঁট লগাই ।ভাল বুলি ধৰা ভাগত যদি খায় তেন্তে সেই দিনটোত ঘৰখনৰ মংগল ।কিবা সুখবৰো আহিব পাৰে ।বেয়া ভাগত ঠোঁট লগালে মানে ঘৰৰ অমংগল ।তাৰমানে কৰবাৰ পৰা বেয়া খবৰো আহিব পাৰে ।আলহীৰ ভাগটোত মুখ দিয়া মানে ঘৰলৈ আলহীৰ আগমণ হ'ব । কেতিয়াবা দুই-তিনিটা কাউৰীয়ে প্রতিটো ভাগতে ঠোঁট মাৰে । তেতিয়া প্রথমে ঠোঁট লগোৱা ভাগটোকে ধৰা হয় । পিছে কোনো কোনো সময়ত সেই অনুমানবোৰ মিলি গৈছিল । ভাল নাইবা বেয়া খবৰৰ লগতে কেতিয়াবা তেনেদৰে চিঞৰি সিহঁতি সঁচাকৈয়ে আমাৰ ঘৰলৈ আলহী মাতিছিল । আলহীৰ আগমণত উৎফুল্লিত হৈ তেতিয়া ঘৰৰ ডাঙৰ কোনোজনৰ মুখৰ পৰা এষাৰ কথাই উচ্চাৰিত হৈছিল অথনি কাউৰীয়ে যেনেকৈহে ৰমলিয়াছিল তাতেই গম পাইছিলোঁ ।****
মানসী বৰা ।

Thursday, February 16, 2017

১৭/০২/২০১৭ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত আমেৰিকাৰ চিঠি ..

গৃহহীন,অভাৱগ্রস্তজনক যুক্তৰাষ্ট্রৰ পথটো দেখো

লেখাৰ আৰম্ভণিতে আমাৰ প্রথম চিঠিখনৰ সম্পর্কত এটি গঠণমূলক সমালোচনা আগবঢ়োৱাৰ বাবে নিৰোদ কুমাৰ গোস্বামীলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো । ই-মেইল যোগেও বহুজনে আমালৈ নিজা নিজা মতামত পঠাইছিল ।সকলোলৈকে অশেষ ধন্যবাদ । দ্বিতীয়খন চিঠিত অসমীয়া হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব খোজা প্রচেষ্টাৰ বাবে সন্তুষ্টি প্রকাশ কৰি আমাক কেইজনমানে ই-মেইল যোগে কৃতজ্ঞতা জনাইছে।আজি লেখাৰ প্রসংগটি কিছু সুকীয়া ।পৰৱর্তী সময়ত আমেৰিকাৰ কর্মসংস্কৃতিৰ প্রসংগত সবিশেষ লিখিবলৈ চেষ্টা কৰিম । উভটি যাব খুজিছো শিৱসাগৰলৈ ।গৃহনগৰী শিৱসাগৰ মাজমজিয়াৰ শিৱদৌলৰ প্রাংগন নাইবা ইয়াৰ আসে-পাসে প্রায় সন্মুখীন হোৱা এটি সাধাৰণ ঘটনা ।
বাইদেউএটকা এটা দিয়ক ।
মোৰ পিছে পিছে হাত মেলি মেলি সৰু ল'ৰা এটা নতুবা ছোৱালী এজনী ।বেগৰ পৰা কেতিয়াৱা মর্টন এটা উলিয়াই খাবলৈ দিলেও এটকা বা দুটকা এটা নিদিয়ালৈকৈ কাষৰ পৰা আঁতৰি নাযায় ।মন্দিৰৰ চিৰিৰে উঠি যাওঁতে চিৰিৰ কাষত নিজৰ সমুখত কাপোৰ একোখন পাৰি পাৰি নাইবা এটি বাচন লৈ বহি থকা লোকসকলৰ সেই দৃশ্যটি আমাৰ জন্মলগ্নৰে পৰা পৰিচিত ।হাড় কঁপোৱা শীতৰ নিশাও দৌলৰ কাষে কাষে পাতল একোখনি কম্বল লৈ জীৱন জীয়াৰ সংগ্রামত লিপ্ত থকা এইসকলৰ সাধাৰণ পৰিচয় অঘৰী । আমাৰ শিৱসাগৰ,আমাৰ অসমৰ কথা বাদেই দিছো,ভাৰতৰ বিভিন্ন চহৰৰ অলীয়ে গলিয়ে ৰাজহুৱা আস্থান নতুবা ব্যস্ত জনপথত হাত মেলি মেলি আর্থিক সাহার্য বিচৰা এনে লোকৰ অভাৱ নাই ।দৰিদ্রতাই হ'ল দেশৰ উন্নতিৰ প্রধান অন্তৰায় ।২০১২ চনৰ সমীক্ষা অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ প্রায় ২২ই দৰিদ্র সীমা ৰেখাৰ তলত বসবাস কৰে।
আমেৰিকা যুক্তৰাষ্ট্রত ফার্ষ্টষ্টেট হিচাপে পৰিচিত ডেলাৱেৰৰ ৰাজধানী চহৰ উইলমিংগটন থাকিবলৈ লোৱাৰ পিছত এদিন ঘপহকৈ চকুত পৰিল বাটৰ কাষৰ দুটা বাকচত লিখি থোৱা এশাৰী বাক্য ।যাৰ অসমীয়া অর্থ আছিল অভাৱগ্রস্ত শিশুলৈ পুৰণা কাপোৰ,জোতা দান কৰক । দেখি আচৰিত হ'লো ।পৃথিৱীৰ উন্নত দেশৰ অন্যতম আমেৰিকাতো কি তাৰমানে অভাৱত থকা লোক আছে ?ইয়াৰ পিছত কিছুমান শ্বপিংমলকে ধৰি আৰু বিভিন্ন ঠাইত বহুতবাৰ এনে বাকচবোৰ দেখিছোঁ । কিছুমানক তাতে নিজৰ সন্তানৰ পুৰণা চুৱেটাৰ ,জেকেট আদি ভৰাই থৈ অহাও লক্ষ্য কৰিছোঁ ।
এবাৰ ডেলাৱেৰ উইলমিংগটনৰ ৰৌডনী স্কোয়াৰৰ ওচৰতে এক আচৰিত ঘটনাৰ সন্মুখীন হ'লো । বাছলৈ বুলি ৰৈ থকা সময়খিনিতে অমার্জিত পোচাকত পইচা বিচৰা দুই তিনিজন লোক । সপোনতো নভৱা ঘটনা । পিছে সময়ৰ লগে লগে লাহে লাহে সেই পৰিবেশটো চিনাকি হৈ পৰিল । আমেৰিকা হেন ঠাইত আচহুৱা যেন লগা বহুবোৰ কথাই এতিয়া সহজ যেন লগা হ'ল ।প্রায়ে দেখো শ্বপিং মল নতুবা মার্কেট কম্পেলক্সৰ ওচৰে পাজৰে হাতত হ'মলেচ বুলি লিখা ফলক একোখন লৈ থকা একোগৰাকী অঘৰী । ফলকখনত ইয়াৰ লগতে "প্লিজ হেল্প "বুলি শব্দ দুটাও দেখো ।
সেইয়া যি নহওঁকআমেৰিকাতো গৃহহীনসকল এক সামাজিক সমস্যা ।নৈশযাপনৰ বাবে স্থায়ী আশ্ৰয় নথকা লোকসকলেই গৃহহীন ।ৰাজহুৱা স্থান থকা বেঞ্চত নতুবা বৰষুণবৰফৰ পৰা হাত সাৰিবলৈ দলঙৰ তলত শুই এওঁলোকে নৈশ যাপন কৰে । সমীক্ষা অনুসৰি আমেৰিকাৰ মুঠ জনসংখ্যাৰ ০.লোক গৃহহীন ।অৱশ্যে ভাৰতীয় দৰিদ্রতাৰ হিচাপত তুলনা কৰিবলৈ গ'লে ই নিচেই সামান্য ।
দেশী-বিদেশী পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্র হ'ল আমেৰিকাৰ নিউ ইয়র্ক চিটি । নতুন বছৰটোৰ আৰম্ভণি কৰিবলৈ নিউ ইয়র্কৰ টাইম স্কোয়েৰে হাত বাউলী মাতে সহস্রজনক । লোকে লোকাৰণ্য হৈ পৰে টাইম স্কোয়েৰ থলী ।কিন্তু ২০১১ চনৰ অক্টোবৰ মাহৰ এটি সমীক্ষা অনুসৰি এই নিউ ইর্ক চিটিতে "'মলেচ অর্থাৎ গৃহহীন লোকৰ সংখ্যা আটাইতকৈ বেছি ।মহামন্দাৱস্থাৰ সময়তএই গৃহহীনতাৰ হাৰ অতি উচ্চ আছিল ।আমেৰিকাত শীতকালৰ সময়চোৱাত গৃহহীনৰ বাবে জীয়াই থকাৰ সংগ্রাম অতি কষ্টকৰ হৈ পৰে ।এই জটিল সময়চোৱাত বহুজনে মৃত্যুকো আকোৱালী ল'ব লগা হৈছে ।অৱশ্যে স্থায়ী আশ্রয়স্থল নাথাকিলেও আমেৰিকাৰ কোনো কোনো ৰাষ্ট্রত শীতৰ সময়ত অর্থাৎ নবেম্বৰ মাহৰ পৰা মার্চ মাহলৈকে নৈশযাপনৰ অস্থায়ী ব্যৱস্থা নথকা নহয় ।মার্চ মাহৰ পিছত এই অস্থায়ী ব্যৱস্থাটো নেথাকে বাবেই গৃহহীনসকলৰ পুণৰ বাটৰ কাষৰ বেঞ্চত নাইবা দলঙৰ তলত নিশা কটোৱাৰ সেই কঠিন যাত্রা আৰম্ভ হয় ।
আমেৰিকাত অভাৱগ্রস্ত লোকৰ বাবে যে একো সুবিধা নাই ,তেনে নহয় ।এই অভাৱগ্রস্তসকলৰ বাবেই ইয়াত ডলাৰ ট্রীৰ নিচিনা বজাৰবোৰ আছে ,'ত প্রতিটো সামগ্রীৰ মূল্য কেৱল এক ডলাৰ ।য'ত বিস্কুটব্রেডচিপচ্ ,চচ,জাম জেলী,আদি খাদ্য সামগ্রীৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্রী কিছুমান কেৱল এক ডলাৰতে কিনিবলৈ পোৱা যায় ।সেইদৰে নুন্যতম মূল্যত সামগ্র ক্রয় কৰিব পৰাকৈ আছে ৱাল মার্ট দৰে শ্বপিং মল ।
কেতিয়াবা কিছুমান শ্বপিং মলত আকৌ বজাৰ কৰোতে নিজৰ বিলখনৰ লগতে দৰিদ্রজনলৈ সামান্য আর্থিক সাহার্য দিব লগা পৰিস্থিতিও পাইছো ।বিভিন্ন অনুষ্ঠানে দৰিদ্রজনলৈ এনেদৰে সেৱা আগবঢ়াই আছে ।সেইদৰে আমেৰিকাত এনে কিছুমান অনুষ্ঠানে বৰদিনৰ সময়ত পুতলা নাইবা খেলনা কিবা একোটা ৰাইজৰ পৰা সংগ্রহ কৰি অভাৱগ্রস্ত শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ বৰদিনৰ উপহাৰ হিচাপে সেইবোৰ তেওঁলোকৰ মাজত বিতৰণ কৰে।আমাৰ লিজিং এপার্টমেন্টৰ পৰিচালন গোটটোৱেও আবাসীসকলৰ পৰা অনুদান লৈ এনে সেৱা আগবঢ়াই আহিছে । সঁচা অর্থত এনেকুৱা প্রচেষ্টাসমূহ আদৰণীয় ।****

মানসী বৰা ।
উইলমিংগটন(ডেলাৱেৰ),আমেৰিকা যুক্তৰাষ্ট্র।

Thursday, January 26, 2017

২৬/০১/২০১৭ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত "আমেৰিকাৰ চিঠি "

আমেৰিকাৰ উৎসৱ আৰু ভোগালী বিহু

আমেৰিকা যুক্তৰাষ্ট্রত উৎসৱৰ উলাহ হেল'উইনথেংকচ গিভিং ডেআৰু খ্রীষ্টমাচৰ মাজতেই সীমিত । মৃতকক উদ্দেশ্যি পালন কৰা এই হেল'উইনৰ সময়ত মানুহ কিছুমানক আমেৰিকাৰ পদ-পথ নাইবা শ্বপিংমলত ভূত -প্রেত,যখ-যখিনী আদিৰ দৰে পোচাক পিন্ধি অদ্ভূত বেশত ঘূৰি ফুৰা দেখা যায় ।এই সময়চোৱাত বাসগৃহবোৰৰ বাহিৰে ভিতৰে ৰঙালাও সজাই নাইবা ঘৰবোৰক ভূত-প্রেতৰ ঘৰৰ দৰে সজ্জিত কৰা দেখা যায়। চকুৱে মুখে ৰঙ সানি তেজ বৈ থকাৰ নিচিনা কৰি নাইবা মুখা পিন্ধিও ঘূৰা দেখা যায় । এই বেশৰ দ্বাৰা তেওঁলোকে অশুভ শক্তিক বুজাব খোজে যে তহঁতৰ দৰে আমি সাজিছো ,তহঁতলৈ আমি ভয় নকৰোঁ । শ্বপিংমল নাইবা বজাৰ কেন্দ্রবিলাকতো ভূত-প্রেত নাইবা পিশাচ আদিৰ পুতলা সজাই থোৱা দেখা যায়।
থেংকচ গিভিং ডে'ত গীর্জাঘৰত প্রার্থনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।সেই দিনা আমেৰিকাবাসীয়ে পৰিয়ালৰ সৈতে প্রীতি ভোজৰ আয়োজন কৰে। টার্কি চৰাই মঙহ প্রীতি ভোজৰ মুখ্য আকর্ষণ ।থেংকচ গিভিঙ ডে'ত মলবিলাকত সামগ্রীৰ ওপৰত বিশেষ ৰেহাই পৰিলক্ষিত হয় ।খ্রীষ্টমাচৰ সময়ত খ্রীষ্টমাচ ট্রীৰ লগতে ঘৰবোৰৰত বিভিন্ন প্রকাৰৰ লাইটিঙৰ বাহাৰ দেখিবলৈ পোৱা যায়।
পিছে সেইবিলাক দেখি ক্ষন্তেকীয়া আমেজ পালেও আমাৰ দৰে খাৰ-খোৱা অসমীয়াৰ মনত বিশেষ হেপাহ নাজাগে । আমাৰ হেপাহ জাগে বিহুৰ সময়তহে ।সেইয়া লাগিলে ব'হাগ বিহুৱেই হওঁক নাইবা ভোগালী বিহুৱেই হওঁক ।কাতি বিহুটিৰ কথা অলপ সুকীয়া । ব'হাগ বিহুৰ নিচিনাকৈ ভোগালী বিহুৰ সময়ত যি হেপাহ জাগে সেই হেপাহ হয়তো মোৰ দৰে প্রতিজন অসমীয়াই অনুভৱ কৰে । কিন্তু আত্মীয়-কুটুম্ব আৰু বন্ধু-বান্ধৱৰ অবিহনে বিহুৰ প্রকৃত সুখ ভোগ কৰিব পৰা নাযায় ।সেয়ে আধৰুৱা হৈ পৰা বিহুৰ আনন্দ ।
আমেৰিকা যুক্তৰাষ্ট্রলৈ প্রথম অহাৰ পিছত আন বাসিন্দাৰ সৈতে পৰিচয় নথকাত বিহু আহিলেও মনত আনন্দ উদ্দীপনা বুলিবলৈ একোৱেই নাছিল । মাথো ঘৰখনলৈ মনত পৰি বুকুৰ ভিতৰত দুখ এটিহে উজাই আহিছিল । কিন্তু লাহে লাহে ইয়াত বাস কৰা দুই এটি ভাৰতীয় পৰিয়ালৰ সৈতে পৰিচয় ঘটিল আৰু সেই পৰিয়ালবোৰৰ সৈতে আমাৰ বন্ধুত্বৰ আন্তৰিক সম্পর্কও গঢ়লৈ উঠিল । তেওঁলোকৰ ঘৰত আয়োজন কৰা পূজা-পার্বন জন্মদিন নাইবা বিবাহ-বার্ষিকী আদিবিলাকত আমাৰ পৰিয়ালটিকো নিমন্ত্রণ কৰা হ'ল । গতিকে আমিও বিহু খাবলৈ তেওঁলোকক আমাৰ ঘৰলৈ বুলি নিমন্ত্রণ কৰিব পৰা হ'লো । আমি ঘৰত ভোগালী বিহু পালনৰ কথা কোৱাৰ লগে লগে তেওঁলোকৰ কোনোজনে ক'লে সেই সময়তে পালন কৰা মকৰ সংক্রান্তিৰ কথা ,কোনো কোনোজনে ক'লে আকৌ পংগল নাইবা লহৰী পালনৰ কথা ।মুঠতে আমি আমাৰ আদৰৰ ভোগালী বিহু বুলি পালন কৰা উৎসৱটিকে ভাৰতৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নামেৰে বেলেগ বেলেগ ধৰণেৰে পালন কৰে । মই তেওঁলোকক আমাৰ ঘৰলৈ বিহু খাবলৈ নিমন্ত্রণ কৰিলো ।
বিহু বুলি ঘৰত পিঠা-পনা তৈয়াৰ কৰিবলৈ প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ ডেলাৱেৰৰ ভাৰতীয় বজাৰলৈ গ'লো ।মই প্রায়ে আপনা বজাৰ নাইবা পৰিৱাৰ নামৰ বজাৰ দুখনলৈ যাওঁ । পিছে এভাৰেষ্ট ,ভৱানী আৰু বোম্বে বাজাৰনামেৰেও ভাৰতীয় বজাৰ আছে ।তাত কঁচুশাক,পচলা,টেঙামৰা,নৰসিংহ আদিবোৰো পোৱা যায় । তাতে বিহুৰ সামগ্রী মুৰিচিৰাগুৰদৈনাৰিকল,চুজি ,চেনী,সকলো পালো পিছে বৰা চাউলহে পোৱা নগ'ল ।বৰা চাউল নাপালো যদিও আৰৈ চাউলৰ পিঠাৰে গুৰ দি ঘিলা পিঠা কেইটামান কৰিলো ।লগতে দুটামান নিমখিয়া পিঠা,নাৰিকলৰ লাৰু আৰু নিমকী বনালো । প্লেটখন আৰু অধিক ভোগালী কৰিবলৈ পিঠাগুৰিৰ কেক এটাৰ লগতে এটি চকলেট কেকও কৰিলো । সকলোবোৰ বস্তু সুন্দৰকৈ প্লেটত সজাইদি ভাৰতীয় পৰিয়াল কেইটিক সোধ-পোচ কৰিলো । বর্তমানৰ বৈদ্যুতিন মাধ্যমৰ চেনেলবিলাকত দেখুৱা নিয়মবোৰ এৰি ভোগালী বিহুৰ পৰম্পৰাগত ৰীতি-নীতিৰ বিষয়েও তেওঁলোকৰ আগত অৱগত কৰিলো । ভোগালীৰ লগতে ৰঙালী বিহুটিৰ কথা কোৱাত তেওঁলোকেও ক'লে ব'হাগৰ সংক্রান্তিত পহিলা বৈশাখবৈশাখী আদি পালন কৰাৰ কথা ।
আমাৰ ঘৰলৈ পৰিয়ালসহিতে আহোতে নিজৰ উৎসৱৰ চিনস্বৰূপে কোনো এগৰাকী বান্ধৱীয়ে যদি পায়স বনাই আনিছিল ,কোনো এগৰাকীয়ে আনিছিল আকৌ কাবুলী বুটৰ কাৰী ('লা। সেইদৰে কোনো এগৰাকীয়ে আনিছিল দৈভাত(কার্ড ৰাইচনাইবা পাটিচেপটা পিঠা ।পাটিচেপটা পিঠাটি দেখি ভাল লাগিছিল । আমাৰ তিলপিঠাটোৰ নিচিনাকৈ দীঘলীয়াকৈ তৈয়াৰ কৰা হয়।
ডাঙৰ কথাটো হ'ল ভাৰতীয় বান্ধৱীৰ পৰিয়াল কেইটিয়ে অসমীয়া সংস্কৃতিৰ ৰীতি-নীতিৰ বিষয়ে জানিবলৈ আগ্রহ প্রকাশ কৰিছিল ।বিবাহৰ ৰীতি-নীতি সম্পর্কীয় প্রশ্ন কিছুমানো সুধিছিল ।আমি বগা পাতৰ কাপোৰ পিন্ধি হোমৰ গুৰিত বঢ়া কথা শুনি তামিলনাডুৰ বান্ধৱীয়ে হালধীয়া ৰঙৰ সাজ পিন্ধি বিবাহৰ ৰীতি পালন কৰাৰ কথা আমাক জনাইছিল ।

নিজৰ ঘৰখনৰ পৰা দূৰত আছো যদিও এইবাৰ বিহু পাতি সঁচাই বৰ সুখ
পালো ।অসমীয়া হিচাপে বুকুত কিবা এক গৌৰৱ অনুভৱ কৰিলো ।পিছে তথাপিও যেন তাতে কিবা এটাৰ অভাৱ আছিল ।হয়সেই অভাৱটি আছিল তিলপিঠাৰ ।বিহুৰ আন পিঠাৰ সৈতে তিলপিঠাটো নেথাকিলে সজাই দিয়া প্লেটখনেইচোন সম্পূর্ন যেন নেলাগে । অথচ বিহুৰ সময়ত আন পিঠাৰ লগত সুলভ এই পিঠাটো প্লেটত সজাই থোৱা দেখিলেও বহুজনে অনাদৰ কৰে । আন বস্তুবোৰ মুখত দি তিলপিঠাটিক এৰেহা কৰে ।চাহৰ সৈতে খাবলৈ উলিয়াই দিয়াৰ পিছত আকৌ আনি টেমাত সোমোৱাইহে থব লগা হয় । সেয়ে ইয়াক ওলোৱা সোমোৱা পিঠা বুলি কৈকোনোজনে ৰগৰো কৰে । এৰেহা কৰিলেও বিহুৰ আন পিঠাৰ লগত তিলপিঠাৰ ৰিজনী নহয় ।তিলপিঠাৰযে নিজাকৈ এখন সুকীয়া আসন আছে তাক অসমীয়াই স্বীকাৰ কৰিবই লাগিব । পিঠা খোন্দা আৰু তিল ভজাৰ সুবাসে ভৰা পৰিবেশতেইতো আছে বিহুৰ প্রকৃত মাদকতা ।***

মানসী বৰা ।

Wednesday, January 25, 2017

২৬/০১/২০১৭ তাৰিখে আমাৰ অসম কাকতত প্রকাশিত

মিলে সুৰ মেৰা তুমহাৰা

মিলে সুৰ মেৰা তুমহাৰা
সুৰ বনে হামাৰা...
বোৱটি পানীৰ ধাৰাৰ মনোৰম প্রাকৃতিক পৰিবেশৰ মাজত পণ্ডিত ভীম সেন জোশীয়ে গাবলৈ আৰম্ভ কৰাৰ পিছতে কেইজনমান বনুৱাৰ মাজত চাহৰ পৰ্ব চলে।তেনেতে কাশ্মিৰী ভাষাত গীতটিৰ দুশাৰীমান গাই ফুল এখিনি লৈ নাও বাই আহে এজন নাৱৰীয়া ।এখন চলন্ত ট্রেক্টৰত উঠি দুজনমান পুৰুষ আৰু কেইগৰাকীমান মহিলা আগুৱাই আহে,'ত মহিলাসকলে পাঞ্জাৱী ভাষাত গীতৰ অংশ গুণগুণায় ।তাৰ পিছত দেখা যায় বিশ্ব বিখ্যাত আগ্রাৰ তাজমহল আৰু অভিনেত্রী শ্বাৱানা আজমীৰ মুখতো ভাঁহি উঠে মিলে সুৰ মেৰা তুমহাৰা.. 
মৰুভূমিৰ বালিচৰত উটৰ সহায়ত ৰচি টানি পানী তোলা ,সাগৰৰ পাৰত ক্রিকেটাৰ নৰেন্দ্র হিৰোৱানীয়ে সিন্ধ্রি ভাষাত গীতটিৰ অংশ গুণগুণোৱা নাইবা এটি ঘৰৰ সমুখ ভাগত এখিনি মানুহ বহি উর্দূভাষাত গীতৰ অংশ গাওঁতে দেখা পোৱা অভিনেতা ওম পুৰী আৰু অভিনেত্রী দীনা পাঠক  সাগৰৰ পাৰত এমবালামুৰুলীকৃষ্ণই তামিল ভাষাত গীতৰ অংশ গাওতেটেনিচ খেলুৱৈ ৰামাথানকৃষ্ণণ,অভিনেত্রী ৰেৱতী আদি শিল্পী-কলাকুশলীৰ মাজতে মুখত হাত থৈ মনদি গীত শুনি থকা অৱস্থাত দেখা অভিনেতা কমল হাচানৰ মুখখন ।

ধিত তাকা দগৰ্দগৰ দগর্দগৰ ... নদীৰ পানীত সাঁতুৰি পাৰলৈ উঠে কেইটিমান হাতী ।এখন জীপগাড়ীত তিনিজন পুৰুষ এগৰাকী সুন্দৰী যুৱতীয়ে কানাড়া ভাষাত গোৱা গীতৰ দৃশ্যত গাড়ীচালকৰ আসনত দেখা যায় বেডমিন্টন খেলুৱৈ প্রকাশ পাডুকনক। এজন পুৰুষ এগৰাকী মহিলা তেলেগু ভাষাত গীতাংশ গোৱাৰ পিছতে হাতীত উঠি হাঁহিমাৰি মালায়ালম ভাষাত গীতাংশ গাই এজন ডেকা ।নদীৰ বুকুলৈ নাও মেলি এজন নাওৰীয়া ওলোৱাৰ লগে লগে দেখা যায় ৰবীন্দ্র সদন মেট্রো ট্রেইন ষ্টেচনত যাত্ৰীসকলৰ সৈতে নামে অৰুণ লাল ,পিকে বেনীর্জী আৰু বাংলা ভাষাত সুৰ ভাঁহে -তোমাৰ সুৰ মোদেৰ সুৰ ।তাৰ পৰৱর্তী সময়তে বহু অপেক্ষিত হেপাহৰ অসমীয়া ভাষা "সৃষ্টি হওঁক ঐক্যতান "আৰু সুৰৰ লহৰ এটিত গাত ধৰাধৰিকে পাৰহৈ যায় সমগ্র উত্তৰ পূর্বাঞ্চল ।
এগৰাকী মহিলাৰ সৈতে এজন পুৰুষৰ কণ্ঠত উড়িয়া সুৰ ভাঁহে ।হাত বাউলী ওলাই এখিনি তাৰকা,এটা ঘৰৰ পৰা চিৰিৰে নামে কেইজনমান ব্যক্তি,চাহ খায় বহি থাকে এহাল পুৰুষ-মহিলা ।এজন চিত্রকৰে এটি জীৱন্ত দৃশ্যক তুলিকাৰে কেনভাচত ছবিৰ ৰূপ দিয়ে ।তেনেতে কপালত এটি ডাঙৰ ফোট উজলাই গুজৰাটী ভাষাত গীতাংশ গুণগুণাই নৃত্যশিল্পী মল্লিকা চাৰাভায়ে।এখন ট্ৰেইন পাৰ হৈ যায়।মাৰাঠী ভাষাত গীতাংশ গুণগুণাই হাঁহি হাঁহি আহে অভিনেত্রী তনুজা।সুৰ কী নদীয়া গাই মুখ ঘূৰাই চাই অভিনেত্রী ৱাহিদা ৰেহমানে ।হাঁহি হাঁহি দুহাত মেলে মোহময়ী অভিনেত্রী হেমা মালিনীয়েবাদলকা ৰূপ লেকৰ বর্চে হলকে হলকে ।অমিলে সুৰ মেৰা তুমহাৰা ..সেইবাৰ লাস্য ভংগীত অভিনেত্রী শর্মীলা ঠাকুৰ ।
মিলে সুৰ মেৰা তুমহাৰাসুৰ বনে হামাৰা .. গীতত কণ্ঠদান কৰা কুকিল কণ্ঠী গায়িকা লতা মংগেস্কাৰ ।পিয়ানোৰ হাতৰ বুলনি শেষ হওঁতে হাস্যবদনে দেখা যায় তিনি অভিনেতা ক্রমে অমিতাভ বচন,জিতেন্দ্র আৰু মিঠুন চক্রৱর্তীক ।এখিনি মানুহে সমস্বৰে চিঞৰি গায় মিলে সুৰ মেৰা তুমহাৰা ।গেৰুৱা ,বগাআৰু সেউজীয়া ৰঙৰ পোচাকত এজাক ল'ৰা-ছোৱালী মিলিত হয় ,সৃষ্টি হয় আমাৰ তিনি বৰণীয়া ত্রিৰংগাৰ ।

হয়,মই ভীমসেন জোশী ,এম.বালামুৰুলীকৃষ্ণ,লতা মংগেস্কাৰ,কবিতা কৃষ্ণমূর্তী,সুচিত্রা মিত্র আৰু সুভাংগী বসুৱে আদিয়েকণ্ঠদান কৰা ঐকতানৰ কথাই কৈ আছো ।পিয়ুষ পাণ্ডেয়ে ৰচনা কৰা গীতটিৰ সুৰকাৰ অশোক পাতকীসংগীত ব্যৱস্থাপনা লুইচ বেংকৰ ।লোকসভা সঞ্চাৰ পৰিষদৰ দ্বাৰা দূৰদৰ্শণত দি দি ওৱান যোগে সম্প্রচাৰিত এই ঐক্যতানৰ সুৰটি যেতিয়াই কাণত পৰিছিলহি অলপো পলম নকৰি ধুমুহা গতিৰে দূৰদর্শণৰ সমুখত থিয় হৈছিলোগৈ ।যাতে আৰম্ভণিৰে পৰা চাব পাৰো । নাজানো কি এক অদ্ভূত আকর্ষণ আছিল গীতটিৰ প্রতি । দীঘলীয়া গীত যদিও শেষ নোহোৱা পর্যন্ত টি ভিৰ সমুখৰ পৰা আঁতৰি নগৈছিলো । মজাৰ কথাটি আছিল মন গ'লেই যেতিয়াই তেতিয়াই ভুলে শুদ্ধই তাৰ লগে লগে চিঞৰি গাইছিলো।তামিল,তেলেগু ,কানাড়া কোনো ভাষাই বাদ নপৰিছিল ।এটাই আৰম্ভ কৰিবহে লাগে লগতে মিলাই পিছৰ খিনি টানিয়ে দিছিলো ।এনে লাগিছিল আমি ভাৰতৰ প্রায় সকলোবোৰ ভাষাই যেন ক'ব পাৰোঁ। আগতে সঘনাই অভিনেতা-অভিনেত্রীসকলক চাবলৈ নাপাইছিলো বাবে গীতটিত ওলোৱা অমিতাভ মিঠুনহঁতক চাবলৈ অধিৰ হৈ পৰিছিলো ।নতুন শিল্পীৰ দ্ৱাৰা পুণৰবাৰ এই ঐক্যতান নির্মাণ কৰা হ'ল যদিও অ'ল্ড ইজ গ'ল্ড কথাষাৰ এইক্ষেত্রত বিশেষভাৱে প্ৰযোজ্য হৈ ৰ'ল।
এসময়ত লাহে লাহে বুজিব পাৰিছিলো গীতটি সৃষ্টিৰ প্রকৃত কাৰণ ।বুজিব পাৰিছিলো বৈচিত্র্যৰ মাজত মাজত ঐক্যৰ অর্থ ।শৈশৱৰ কোমল বয়সতে ইমান গধূৰ কথাটো ইমান সহজ পন্থাৰে আমাৰ মনত সোমাই পৰিছিল যে আজিকোপতি সি আমাৰ মনত বিদ্যমান ।এই কথা স্বীকার্য যে সংগীতৰ কোনো ভাষা নাই । সুৰ ভাল হ'লে সি হৃদয় চোৱে ।পিছে এই কথাও ঠিক যে সুৰ যদি গীতৰ প্রাণ হয় ,তেন্তে কথা গীতৰ সজা ,গীতৰ শৰীৰ । গীত এটিত শৰীৰ ৰূপী কথাৰ অবিহনে সুৰ পৰিচয়বিহীন । সেয়ে ক'ব পাৰি গীত এটি ৰচনা কৰোতে বিশেষ গুৰুত্ব দিবলগীয়া বিষয় হ'ল ইয়াৰ কথা । আজিৰ প্রজন্মই হয়তো চিনি নাপায় সেই গীত নাইবা তেনে গীতৰ সাৰ। কাৰণ ডেৰবছৰ মানৰ আগতে অসমৰ বন্ধু এজনেই কৈছিল উজনি অসমৰ প্রাথমিক বিদ্যালয় এখনলৈ বিদ্যলয় পৰিদর্শক গৈছিল আৰু বিদ্যালয়ৰ কোনোবা ছাত্র এজনক এটি গীত গাবলৈ কোৱাত ঘপহকৈ গাই দিছিল "লাডেন আছিল পলাই গৈ পাকিস্তান "।এতিয়া গাবলৈ ক'লে হয়তো কোনোবাই তপৰাই গাই দিব ডিস্কভন্টি নানাচিবা নাইবা"ৱাচিং পাউডাৰ নীর্মাআদি।এতিয়া জনপ্রিয়তা পালেও সময়ৰ সোঁতত এই গীতবোৰ এদিন অতীত হ'ব ।কোনেও হয়তো মনত নাৰাখিব ।যদি একোটা গীতৰ ৰচনাই সমাজলৈ একোটা বহুমূলীয়া বার্তা প্রেৰণ কৰিব পাৰে তেন্তে তাতেই লুকাই থাকে গীত সৃষ্টিৰ প্রকৃত সার্থকতা । ঐক্যতানৰ সেই আকর্ষণৰ বাবেই তাৰ কথা ভুলে শুদ্ধই এতিয়াও জিভাৰ আগত লৈ ফুৰিছোঁ আৰু দুচকুত লৈ ফুৰিছো তাৰ চিৰযুগমীয়া ছবিখন ।আজিৰ গীতিকাৰসকলৰ পৰাও সেয়ে আমি কালজয়ী গীত সৃষ্টি হোৱাতোহে আশা ৰখিছোঁ ।****

মানসী বৰা।