Saturday, February 18, 2017

১৮/০২/২০১৭ তাৰিখে "আমাৰ অসম" কাকতত প্রকাশিত

কাউৰীয়ে যেতিয়া ৰমলীয়াই

কোন কাহানিতে কাৰোবাৰ মুখত শুনিছিলোঁ :টু ফৰ জয়,ৱান ফৰ চ'।মানে আমাৰ শালিকাৰ ফৰ্মূলাটো । কি যে বিশ্বাস !দুটা শালিকা দেখাৰ লগে লগে তর্জনী আৰু মধ্যমাটো চপাই চুমা দুটা খামেই আৰু ।দুটাৰ ঠাইত কেনেবাকৈ এটা শালিকা দেখিবলৈ পালে লগে লগে অজান আশংকা এটাই আহি বুকুত থিতাপি লয়হি ।তাৰ লগৰটো কেনি গ'ল বুলি গোটেইখন বিচাৰি চলাথ কৰোঁ ।কেনেবাকৈ পাই গ'লে আনন্দৰ সীমা নাই ।কিন্তু নেপালে দুখৰ অন্ত নাই ।সেইদৰে তিনিটা নাইবা চাৰিটা শালিকা দেখাৰ লগতো চিঠি পোৱা ,আলহী অহা আদি বিশ্বাস জড়িত আছিল ।
বি এড কৰা দিনত যোৰহাটৰ বাল্যভৱনত যেতিয়া প্রেক্টিচ টিচিংত কৰি আছিলো ,সেই দিনতে তাৰ বাইদেউ এগৰাকীয়ে কৈছিল মোবাইলৰ যুগত শালিকাৰ ফৰমূলা এতিয়া পুৰণি হ'ল । হয়তেওঁ কথাটো একেবাৰে ঠিক কৈছিল ।আজিকালি ভাল-বেয়া সকলোবোৰ খবৰ মোবাইল যোগে মিনিটতে পায়ে যাওঁ । পিছে বিজ্ঞানৰ যুগতো আমিবোৰে মেকুৰী বিশ্বাস মানিয়েই আহিছো ।মুখৰ আগেদি মেকুৰী পাৰ হ'লে তিনিখোজ পিছুৱাই যোৱা কামটো কৰিহে এৰো ।
আকৌ ফেঁচাৰ উৰুলি আৰু জেঠিৰ টিকটিক আছেই ।আমাৰ কথা এটা শেষ হোৱাৰ পিছত জেঠিয়ে মাতিলে কথাটো সঁচা হ'ব বুলি ধৰি লৈ আমি সইত সইত বলি কওঁ । সেইদৰে কাৰোবাৰ বাৰীৰ ভিতৰত ফেঁচাই উৰুলি দিলে সেই ঘৰৰ মংগল হ'ব বুলি বিশ্বাস কৰা হয়।বহুতৰ মতে বিবাহৰ আয়োজন হ'ব পাৰে ।পিছে ফেঁচাই নিও নিও বুলি মাতলে ঘৰৰ অমংগল হ'ব বুলিহে ধৰা হয় ।আমাৰ মোমাইদেউ ঢ়ুকুৱাৰ তিনিদিন আগৰে পৰা ফেঁচা এটাই হেনো বাৰীৰ পিছফালে নিও নিও বুলি চিঞৰি আছিল ।আচলতে এইবোৰ একো একোটা জনবিশ্বাস ।
তেল পৰি পিছলা ,মিহি কিচকিচিয়া ক'লা ৰঙটোৰে সবাৰে পৰিচিত কাউৰীজনী ।শৈশৱৰ কালচোৱাত সাধুৰ জগতখনত বিচৰণ কৰিছিল বাবে তাই আমাৰ শৈশৱৰ পৰাই চিনাকি । কলহৰ তলিত থকা পানীখিনি শিল ভৰাই ওপৰলৈ আনি খোৱা সেই কাউৰীজনীক সৰুতে চাব্বাছ দিবলৈ মন গৈছিল । পিছে বেচেৰি বুলি দুখ লাগিছিল তেতিয়া ,যেতিয়া সেই যে ধূর্ত শিয়ালটোৱে তাইক সুন্দৰকৈ গান গাব জানা বুলি কোৱাত আঁকৰিজনী হৈ তায়োযে গাবলৈ মুখ মেলিছিল আৰু লাভৰ মূৰত মুখৰ মঙহ টুকুৰা হেৰুৱাইছিল ।সঁচাই তাই আঁকৰিআজলী ।সেয়ে তাইক কিবা আপোন আপোন লাগে ।
তাইৰ ঠোঁটটোও এনেভাৱে ক'লা যেন কাহানিও যাব নোৱৰাকৈ তাই ক'লা ৰং বুলাইহে থৈছে ।
মানুহ-দুনুহ নুগুনি তাই চিঞৰে । ঠিকেই তাইৰ মাতটো শুৱলা নহয় ।কুলিৰ সুমধুৰ মাতৰ লগত ৰিজনি কৰি সকলোৱে তাইৰ মাতষাৰ কৰ্কশ বুলিব খোজে ।বেচেৰিজনীৰ গাতনো কি দোষ দেহৰ বৰণ ক'লা হলেও আমাৰ চৌপাসৰ লেতেৰাবোৰ তাইয়েতো পৰিস্কাৰ কৰে ।কব'লৈ গ'লে আমি মানুহবোৰহে লেতেৰা ।তাইৰ মাতষাৰ কঠুৱা হ'ব পাৰে কিন্তু সেই মাতষাৰতে যে নতুন পুৱা এটিয়ে ভুমুকি মাৰে ।সঁচা কথা কবলৈ গ'লে অসমীয়া জনজীৱনত কাউৰীৰ এক সুকীয়া পৰিচয় আছে । কাউৰী যে মংগলতি। অতীতলৈ উভটি গ'লে এটি দৃশ্যই ভুমুকি মাৰে ।পুৱা ভাগত কা-কা-কা কৰি গছৰ ডালত পৰি নাইবা ,কাপোৰ মেলা ৰঁচি টনা খোটাত বহি যেতিয়া দুই-ততোধিক কাউৰীয়ে ৰমলীয়াই সেই মুহূর্তত আমাৰ ঘৰখনৰ দৰে হয়তো বহুতৰে ঘৰত ওখল-মাখল লাগিছিল । সেই চিঞৰে সকলোকে আকর্ষণ কৰিছিল । তাইৰ সেই চিঞৰ শুনাৰ লগে লগে কোনোৱে হয়তো কৈয়ে দিছিল :ছেহ কাউৰীবোৰে কেনেকৈ খাইছে পাই ।সেই মুহূর্তত কোনোৱে যেনিবা ঘপহকৈ ক'লে :কাউৰীৰ সেইটো মাতেই,তাতেনো কি হ'ল ?
নাই ,তথাপিযে শান্তি নাই । বুকুৰ কোণত আশংকা বাঢ়িহে আহে ।কেনেকৈ মাতিছে পাই । যিয়েই নহওঁক কিবাচোন ভাল নেলাগে ।যাচোন যা ভিতৰৰ পৰা চাউল এমুঠি লৈ আন । তাৰ পিছত লৰা-ঢপৰাকৈ ভিতৰৰ পৰা চাউল অনা আৰু অলপ আঁতৰত দেখি থকাকৈ তিনি ভাগ কৰি দিয়া। এটা ভাগ ভালআন এটা ভাগ বেয়া বুলি ধৰাৰ বিপৰীতে শেষৰ ভাগটিক আলহী বুলি ধৰিলৈ সেইসময়ত দৃষ্টি মাথো সেই ঠাইতে ৰখা। গুৰুত্বপূর্ণ বিষয় হ'ল কাউৰীয়ে কোনটো ভাগত ঠোঁট লগাই ।ভাল বুলি ধৰা ভাগত যদি খায় তেন্তে সেই দিনটোত ঘৰখনৰ মংগল ।কিবা সুখবৰো আহিব পাৰে ।বেয়া ভাগত ঠোঁট লগালে মানে ঘৰৰ অমংগল ।তাৰমানে কৰবাৰ পৰা বেয়া খবৰো আহিব পাৰে ।আলহীৰ ভাগটোত মুখ দিয়া মানে ঘৰলৈ আলহীৰ আগমণ হ'ব । কেতিয়াবা দুই-তিনিটা কাউৰীয়ে প্রতিটো ভাগতে ঠোঁট মাৰে । তেতিয়া প্রথমে ঠোঁট লগোৱা ভাগটোকে ধৰা হয় । পিছে কোনো কোনো সময়ত সেই অনুমানবোৰ মিলি গৈছিল । ভাল নাইবা বেয়া খবৰৰ লগতে কেতিয়াবা তেনেদৰে চিঞৰি সিহঁতি সঁচাকৈয়ে আমাৰ ঘৰলৈ আলহী মাতিছিল । আলহীৰ আগমণত উৎফুল্লিত হৈ তেতিয়া ঘৰৰ ডাঙৰ কোনোজনৰ মুখৰ পৰা এষাৰ কথাই উচ্চাৰিত হৈছিল অথনি কাউৰীয়ে যেনেকৈহে ৰমলিয়াছিল তাতেই গম পাইছিলোঁ ।****
মানসী বৰা ।

No comments:

Post a Comment