চিৰ চেনেহী মোৰ ভাষা জননী
২০১৭ বর্ষত শতবর্ষ অনুষ্ঠান সগৌৰৱেৰে উদযাপন কৰিবলৈ লোৱা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ প্রতি অসমৰ প্রতিজন অসমীয়াৰ হৃদয়তে এক আবেগ জড়িত হৈ আছে ।কিয়নো উনবিংশ শতিকাত অসমীয়া ভাষাৰ উন্নতি সাধনৰ হকে যিসমূহ প্ৰচেষ্টা লোৱা হৈছিল ,অসম সাহিত্য সভাই হ'ল সেই প্রচেষ্টাসমূহৰ চূড়ান্ত
ফল ।সেয়ে অসম সাহিত্য সভাৰ এক ঐতিহ্য আছে ,নিজস্ব এক গৰিমা আছে ।কিন্তু আজি কিছুদিনৰ পৰা সাহিত্য সভাৰ সম্পর্কত প্রচাৰিত কিছুমান উদ্বেগজনক বাতৰিয়ে আমাৰ লগতে সমগ্র অসমবাসীকে হতাশ কৰি তুলিছে । সংবাদমাধ্যম যোগে সভাৰ সম্পাদকজন কেইবাটাও অভিযোগত অভিযুক্ত থকাৰ সম্পর্কত পঢ়িবলৈ পাই আমি মর্মাহত ।যিখন সভাত অসমীয়া সাহিত্যজগতলৈ বিপুল বৰঙনি আগবঢ়াই থৈ যোৱা পদ্মনাথ গোহাঞিবৰুৱা ,লক্ষ্মীনাথ বেজবৰুৱা,ডিম্বেশ্বৰ নেওগ,মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শর্মা আদিৰ দৰে মহান কাণ্ডাৰীয়ে সভাপতিত্ব লৈছিল ,শৰৎচন্দ্র গোস্বামীৰ নিচিনা ব্যক্তি যিখন সভাৰ সম্পাদকৰ দায়িত্ব লৈছিল সেইখন সভাৰ বর্তমানৰ সম্পাদকজন বিতর্কৰ আৱর্তলৈ অহাটো অসমবাসীৰ বাবে চৰম দূর্ভাগ্যজনক ।সাহিত্য সভাৰ মূল বিষয়বাব লৈ থকা ব্যক্তি এজন কেইবাটাও অপৰাধত অভিযুক্ত থকাৰ বাতৰিয়ে অসম সাহিত্য সভাৰ দৰে গৌৰৱময় অনুষ্ঠানটিৰ ওপৰতে এক বিৰোপ প্রভাৱ পেলাইছে ।কোন দোষী কোন নির্দোষী, আমাৰ জ্ঞাত নহয় । আইনেহে সেইয়া বিচাৰ কৰিব । সেয়ে তাৰ এক উচিত তদন্ত হোৱাটো আমি বিচাৰো ।
কিন্তু তাৰ লগতে এই কথাও স্বীকাৰ্য যে অসম সাহিত্য সভাৰ দৰে ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ সম্পাদকৰ দায়িত্বত থকা ব্যক্তিজন বিতৰ্কমুক্ত ব্যক্তি হোৱাটো বিচাৰো ।এজন বিতৰ্কিত ব্যক্তিৰ বাবে অসম সাহিত্য সভাৰ মজিয়াখন কলুষিত হোৱাটো আমি কোনোপধ্যে নিবিচাৰো । অসম সাহিত্য সভাৰ গীত তথা আদর্শবাণী " চিৰ চেনেহী মোৰ ভাষা জননী" কেৱল আক্ষৰিক শব্দযুক্ত বাণী নহয় ,ই হ'ল স্বনামধন্য গীতিকাৰ তথা মহান সাহিত্যিক মিত্রদেৱ মহন্তৰ হৃদয়ৰ পৰা নিগৰি ওলোৱা এক অমৃত বাণী আৰু এই বাণীয়ে নিজৰ ভাষাটিৰ প্রতি আন্তৰিকতা থকা প্রতিজন অসমীয়াৰে হৃদয় স্পর্শ কৰে ।যিহেতু অসম সাহিত্য সভাৰ বাবে একালত আমাৰ মহান সাহিত্যিকসকলে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি থৈ গৈছে। সেয়ে তেখেতসকলৰ সেই কষ্ট আৰু ত্যাগক উচিত মূল্য দিবলৈ হ'লে সভাৰ ঐতিহ্য তথা গৰিমা অটুত ৰাখিব লাগিব।অসম সাহিত্য সভাই এইক্ষেত্রত উচিত পদক্ষেপ গ্রহণ কৰিব বুলি আমি আশা ৰাখিলো । ****
No comments:
Post a Comment