Thursday, May 26, 2016

২৭/০৫/২০১৬ ত জনসাধাৰন কাকতত প্রকাশিত

চিন্তাধাৰাৰ নমুনা

সময়ৰ লগে লগে যেন মানুহৰ মাজত থকা মৰম-চেনেহবোৰ কমি আহিব ধৰিছে ।পৰস্পৰ ঈৰ্ষা,খিয়লা-খিয়লি ঠগ-প্ৰবঞ্চনা আদিবোৰহে যেন ক্ৰমাৎ বাঢ়িব ধৰিছে ।
বৰ্তমান সময়ত সম্বন্ধবোৰৰ মাজত ভালপোৱা বৰ্তি থকাটো যেন জটিল।আন নেলাগে পাৰিবাৰিক সম্পৰ্কবোৰো পলকতে শেষ হৈ যায় । ভাঙি চূড়মাৰ হৈ যায় একালৰ সুদৃঢ় বান্ধোন । কিন্তু কিয় ?সম্পৰ্কবোৰ ইমানেই থুনুকা নে ?
সন্তানে পিতৃ-মাতৃৰ সৈতে সম্বন্ধ চিঙে ,ভাতৃয়ে ভাতৃৰে নাইবা ভগ্নিৰে সৈতেআকৌ বন্ধুৱে চিঙে বন্ধুৰে সম্পৰ্ক । সৰু সৰু কথাবোৰে যে পলকতে জটিল ৰোপ পৰিগ্ৰহ কৰে ,সৰু সৰু তৰ্ক-বিতৰ্কবোৰে ডাঙৰ যুদ্ধৰ সৃষ্টি কৰে ।
কথাবোৰ যেন আগৰ দৰে সহজ হৈ থকা নাই । সময়ৰ পৰিৱৰ্তনৰ সোঁতত আজি পিতৃ-মাতৃৰ দৰে একোটা সম্বন্ধক সন্তানে আপদ যেন পাই যাৰ বাবে পিতৃ-মাতৃ হয়গৈ বৃদ্ধাশ্ৰমৰ আশ্ৰিতা । মাটি-বাৰীলৈ ভাই-ককাইৰ মাজত কাজিয়া ,মাৰ-পিত আনকি হত্যাকাণ্ড পৰ্যন্ত সংঘটিত হৈছেগৈ । পৰিয়ালৰ মাজৰ প্ৰেম-ভালপোৱাবোৰৰ পৰিভাষা যেন সলনি হ'ল ।এখন ঘৰ ভাঙি দুই তিনিখন হয় ।মিলি-জুলি খোৱা মাঘৰ বিহুৰ উৰুকাৰ ভোজটো ঘৰতে খোৱা হ'ল । পৰস্পৰ খোৱা-কামোৰাবোৰ বাঢ়িল । পথাৰৰ সীমা ঠেকোৱালৈ অৰিয়াঅৰি ,হতাহতি । আগতে এটা সময়ত এখন গাঁৱৰ মানুহ মিলি-জুলি এটা পৰিয়াল যেন হৈ আছিল ।দিনটো ঘৰৰ পৰা ওলাই গ'লে কোনোবাখন ঘৰত যদি চাহ কোনোবাখন ঘৰত ভাত খাবলৈ টনা-আজোৰা চলিছিল । এতিয়া সকলো গাই গুটিয়া পেটে ভঁৰাল হ'ল ।সময়ৰ সোঁতত মানুহৰ চিন্তাধাৰাৰ বহু পৰিৱৰ্তন হ'ল ।আজি আমি নিজৰ সংস্কৃতি এৰি গ্ৰহণ কৰিছো আনৰ সংস্কৃতিক ।বাৰ্থডেৰ কেক কটাৰ পৰা ভেলেন্টাইন ডেউদ্ যাপন কৰালৈকে পাশ্চাত্য অনুকৰণ কৰিছো ঠিকেই পিছে পাশ্চাত্যৰ কৰ্মসংস্কৃতিক হ'লে অনুকৰণ কৰা নাই । বাৰীৰ চুকত মাটি কুৰি শাক-পাচলি কৰিবলৈ বেয়া পাওঁ কিন্তু ঘন্টাৰ পিছত ঘন্টা বহি চছিয়েল নেটৱৰ্কিং চাইটত আপলোড কৰা চেলফিত কিমান লাইক কমেন্ট পালোঁ তাক চাবলৈ ভাল পাওঁ । বিনাস্বাৰ্থত সহায় কৰোতা মানুহ নোহোৱা হৈছে । সময়ৰ লগে লগে আমি বেছিভাগ মানুহেই যেন মতলবী হৈ পৰিছো ।ৰাজনীতিবিদ ,সমাজকৰ্মীৰপৰা শিল্পীজনলৈকে বুলি বহুজনৰে মন যেন ব্যৱসায়ী হ'ল ।আচৰণবোৰও হ'ল বেপেৰুৱা ।বৰ্তমান সময়ৰ সোঁতত পৰোপকাৰী মানুহৰ সংখ্যা হ'লগৈ এপাচি শাকত এটা জালুক ।
সভ্য সমাজৰ ব্যক্তি হ'লেও অসভ্য আচৰণবোৰ যেন সীমা চেৰাই প্ৰকাশিত হৈছে । পুৱা বাতৰি-কাকতৰ শিৰোনামত মানুহৰ নিকৃষ্ট তথা বিকৃত আচৰণবোৰে বেছিকৈ ঠাই পাব লাগিছে।কথাবোৰ ভাবিলে হতাশ হওঁ।এইবোৰেই নেকি একবিংশ শতিকাৰ আধুনিক মানুহৰ চিন্তাধাৰাৰ নমুনা ?

মানসী বৰা । 

Thursday, May 19, 2016

২০/০৫/২০১৬ ত দৈনিক জনমভূমি কাকতত প্রকাশিত

মন কী বাত

জন্মলগ্নৰে পৰা পৰিচিত ৰেডিঅ'টোত বিভিন্ন সময়ত প্ৰচাৰিত হোৱা বিভিন্ন অনুষ্ঠানে আমাক মনোৰঞ্জনৰ লগতে জ্ঞানৰ খোৰাক যোগাই আহিছে।কিন্তু সময়ৰ লগে লগে একালৰ জনপ্ৰিয় তথা বহুল ব্যৱহৃত ৰেডিঅ'ৰ আদৰ জনমানসত যেন কমি যাবলৈ ধৰিছে । জ্ঞানৰ বিপুল সমাহাৰ উপলব্ধ হোৱা স্বত্বেও বৰ্তমান ফে'চবুক নাইবা হোৱাটচএপত ব্যস্ত থকা নৱপ্ৰজন্মৰ দৃষ্টিত ৰেডিঅ'টো হৈ পৰিছে সম্পূৰ্ণৰূপে এলাগী । কিন্তু পুৰণিকলীয়া বুলি ভবা এই ৰেডিঅ'টোৰ বৰ্তমান সঠিক তথা সদব্যৱহাৰ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই পুণৰবাৰ যেন ৰাইজক ৰেডিঅব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰি তুলিছে ।
প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহন কৰাৰ পৰৱৰ্তী সময়ত অল ইণ্ডিয়া ৰেডিঅদ্বাৰা ভাৰতৰ জনগণৰ সৈতে সংযোগ স্থাপনৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আৰম্ভ কৰিছিল "মন কী বাতঅনুষ্ঠান ।ইয়াৰ পূৰ্বে ভাৰতৰ কোনো এজন প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সাধাৰণ জনতাৰ সৈতে যোগসূত্ৰ ৰাখিবলৈ এনেকুৱা কোনো পদক্ষেপ লোৱা নাছিল ।উল্লেখ্য যে ,২৬ মে ২০১৪ ত নৰেন্দ্ৰ দামোদৰ দাস মোডীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহন কৰাৰ পিছতে অৰ্থাৎ
৩ অক্টোবৰ ২০১৪ ৰ দুৰ্গাপূজাৰ বিজয়াদশমী তিথিত "মন কী বাতঅনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানটিৰ দ্বাৰা ভাৰতৰ বিভিন্ন ঠাইত বসবাস কৰা জনতাই প্ৰধানমন্ত্ৰীজনৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপৰ সুযোগ লাভ কৰি আহিছে ।এইক্ষেত্ৰত "মন কী বাতঅনুষ্ঠানটি নিশ্চিত ভাৱে প্ৰধানমন্ত্ৰীজনৰ এক অভিনৱ প্ৰচেষ্টা বুলিব পাৰি ।
নিৰ্বাচনৰ ফল ঘোষণা হোৱাৰ পিছত দায়িত্ব লোৱা আমাৰ আগন্তোক অসমৰ মু্খ্যমন্ত্রীজনেও যদি মোডী ডাঙৰীয়াৰ "মন কী বাতঅনুষ্ঠানৰ নিচিনাকৈ অনাঁতাৰৰ দ্বাৰা এইদৰে অসমৰ ৰাইজৰ সৈতে পোনপটিয়া যোগাযোগ ৰাখি কাম কৰে তেন্তে নিশ্চয়কৈ অসমৰ সমস্যাৰাজি সমাধানত তেওঁ বহুখিনি সফলতা অৰ্জন কৰিব পাৰিব বুলি আশা কৰিব পাৰি ।।****

মানসী বৰা

Tuesday, May 17, 2016

১৮/০৫/২০১৬ ত দৈনিক জনমভূমিত প্ৰকাশিত

সমালোচনা নে ইতিকিং ?

সমালোচনা শব্দই গাম্ভীৰ্য বহন কৰে ,সেইয়া লাগিলে ইতিবাচকেই হওঁক নাইবা নেতিবাচকেই হওঁক সমালোচনা সদায় গঠনমূলক হোৱাটো বাঞ্চনীয় । সমালোচনাত ভেঙুচালিৰ ঠাই নাথাকে ।তাৰ বিপৰীতে ইতিকিং শব্দত ভেঙুচালিয়ে বিশেষ প্ৰাধান্য পায়।বৰ্তমান সময়ত সমালোচনা আৰু ইতিকিং শব্দৰ মাজত যেন পাৰ্থক্য হেৰাই গৈছে।সমালোচনা নহয় একপ্ৰকাৰ ইতিকিঙলৈহে কথাবোৰ পৰ্যবসিত হৈছে।সমালোচক আৰু ইতিকিং কৰোতাৰ দৃষ্টিভংগীৰ পাৰ্থক্য থাকে । সমালোচনাৰ মানদণ্ড উচ্চখাপৰ হয় । তাৰ বিপৰীতে ইতিকিং কিন্তু তুলুঙা । ইতিকিঙে বহুসময়ত বিৰোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।সমালোচনা এনে হোৱা উচিত যিয়ে সমালোচিত হোৱাজনক নিজৰ বিবেকৰ দ্বাৰা বিবেচনা কৰিবলৈ বাধ্য কৰে ।বৰ্তমান সময়ত অসমত ভাল সমালোচকৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হৈছে ।সংবাদ মাধ্যমযোগে নাইবা চছিয়েল নেটৱৰ্কিং চাইটতে হওঁক বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ ওপৰত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পঢ়িবলৈ পাওঁ ।সেইয়া লাগিলে শিল্পীৰ ওপৰতেই হওঁক নাইবা শিল্পকৰ্মৰ ওপৰতেই হওঁক নতুবা কোনো ৰাজনীতিবিদৰ ওপৰতেই হওঁক । গঠনমূলক সমালোচনাই সমাজ সংশোধন কৰে ।কিন্তু উক্ত মন্তব্যবোৰত কোনো গঠনমূলক দিশ দেখা নেপাওঁ । ইতিকিঙেৰে ভৰা মন্তব্যবোৰ পঢ়িলে এনে লাগে যেন সতিনীৰ প্ৰতিহে কিবা দ্ৰোহ আচাৰিছে। সভ্য সমাজৰ ব্যক্তি হিছাপে আমাৰ প্ৰত্যেকৰে সমাজৰ প্ৰতি কিছুমান দায়বদ্ধতা আছে । সমাজৰ ভাল-বেয়া সকলো দিশৰ প্ৰতি দৃষ্টি ৰখাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য ।আধুনিক ভাৰতৰ পিতৃ ৰাজা ৰামমোহন ৰায়ে সমাজত প্ৰচলিত কু-সংস্কাৰবোৰৰ প্ৰথমে যুক্তিপূৰ্ণ সমালোচনাহে কৰিছিল । তেওঁ কৰা সমালোচনাৰ দ্বাৰা জনমানসত এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে সমাজত নতুন জাগৰণৰ সূচনা হৈছিল । যাৰ দ্বাৰা সেই সময়ৰ ৰক্ষনশীল সমাজখনৰ সংস্কাৰ সাধন হৈছিল ।সেয়ে সমালোচনাত অংশ লবলৈ যোৱা অসমৰ শিক্ষাবিদ ,বু্দ্ধিজীৱি ৰাজনীতিবিদ নাইবা সমাজকৰ্মীসকললৈ আমাৰ বিনম্ৰ অনুৰোধ তেখেতসকলে যেন সদায় গঠনমূলক সমালোচনাত অংশগ্ৰহণ কৰে যিয়ে সমাজৰ সংস্কাৰ সাধন কৰিব পাৰে ।প্ৰকৃতাৰ্থত তাতেইহে সমালোচনাৰ সাৰ্থকতা ।

মানসী বৰা ।

Thursday, May 12, 2016

১৩/০৫/২০১৬ ত দৈনিক জনমভূমি কাকতত প্ৰকাশিত

বেংক অব‍‍‍‌‍‍‌‌‌‌ ‍আমেৰিকা

গৃহজিলাত বিভিন্ন সময়ত লেনদেন সংক্ৰান্তত বিভিন্নটা বেংকলৈ গৈছো আৰু মূৰ তুলিব নোৱৰাকৈ কামৰ বোজা বহন কৰা সদাব্যস্ত বেংকৰ কৰ্মচাৰীসকলক বহুবাৰ লক্ষ্যও কৰিছোঁ ।সেইদৰে আছুতীয়া কোঠাত বহি থকা বেংকৰ প্ৰবন্ধকজনকো নিৰ্দিষ্ট সময়ৰ অপেক্ষাৰ অন্তত সাক্ষাত কৰি পাইছোঁ ।বেংকটোৰ পৰিচালনাৰ বিশেষ দায়িত্ব বহন কৰি থকা বেংক প্ৰবন্ধকসকলে বেংকৰ আছুতীয়া কোঠাত এখন সন্মানীয় আসন অধিস্থিত হৈ থকা দৃশ্য আমাৰ বাবে নতুন নহয় । সেয়া আমাৰ সকলোৰে বাবে চিৰপৰিচিত এক সাধাৰণ দৃশ্য ।তাত কোনো অস্ৱাভাৱিকতা নাই ।
অলপতে লেনদেনৰ কামত স্বামীসহিতে উইলমিংটনস্থিত বেংক অৱ আমেৰিকাৰ শাখা এটালৈ গৈছিলোঁ ।বিৰাট আকৃতিৰ বিল্ডিংটো ভিতৰলৈ প্ৰৱেশ পথেৰে সোমাই গৈয়ে সমুখত থিয় হৈ থকা দেখিলোঁ কোট-টাই পৰিহীতা এগৰাকী ভদ্ৰ মহিলা ।আমালৈ চাই সাদৰ সম্ভাষন জনাই কি কামৰ বাবে আহিছো সুধিলে ।আমিও নিজৰ কামটোৰ বিষয়ে তেওঁক অৱগত কৰালোঁ।নিৰ্দিষ্ট কক্ষৰ দিশে তেওঁ আঙুলিয়াই দেখুৱাই ক'লে যে আমাৰ কামটো সেইটো কক্ষতে হ'ব কিন্তু তাৰ বাবে কিছু সময় আমি অপেক্ষা কৰিব লাগিব । আটোম-টুকাৰিকৈ সজাই থোৱা নিৰ্দিষ্ট চ'ফাৰ দিশে আঙুলিয়াই তেওঁ আমাক আসন গ্ৰহন কৰিবলৈ অনুৰোধ কৰিছিল । তেওঁৰ কথাম'তে আমিও বহিলোঁ আৰু পৰিবেশটোৰ সৈতে চিনাকি হ'বলৈ চেষ্টা কৰিলোঁ। তাৰপিছত তেওঁ আমাক আঙুলিয়াই দেখুওৱা নিৰ্দিষ্ট কোঠাটোলৈ গৈ চকীত বহি থকা ব্যক্তিজনক কিবা নিৰ্দেশ দিয়া যেন লাগিল। বেংকলৈ অহা আন গ্ৰাহকসকলৰ সৈতেও তেওঁক মত বিনিময় কৰি কামৰ বুজলৈ থকা দেখিলোঁ ।নিজৰ নিজৰ কেবিনত ব্যস্ত থকা বেংকৰ আন কৰ্মচাৰীসকলৰ ওচৰলৈ গৈও তেওঁ কিবা কিবি কৈ আছিল ।
অলপ সময়ৰ পিছতে উক্ত কোঠাৰ ব্যক্তিজনে আমাক তেওঁৰ কোঠালৈ মাতি লৈ গৈ আমাৰ কামটো কৰি দিলে আৰু অহাৰ আগে আগে ব্যক্তিজনে তেওঁৰ ভিজিটিং কাৰ্ডখন দি ক'লে দৰকাৰ পৰিলে তেওঁৰ লগত ফোনেৰেও যোগাযোগ কৰিব পাৰিম। তেওঁৰ পৰা বিদায় লৈ উলটি আহোতে উক্ত ভদ্ৰমহিলাগৰাকী পুণৰবাৰ প্ৰৱেশ পথৰ ওচৰতে ৰৈ থকা পালোঁ ।আমাৰ কামটো হ'ল নে নাই তাৰ খবৰ ল'লে আৰু ওলাই আহিবলৈ আমাক দৰ্জাখন খুলি দিলে । বেংকটোৰ পৰা ওলাই অহাৰ পিছত স্বামীৰ মুখে এটা কথা জানিবলৈ আচৰিত মানিলোঁ । প্ৰথম অৱস্থাত মনতে মই বেংকৰ সুৰক্ষাৰ দায়িত্বত থকা চিকিয়ৰিটি গাৰ্ড নাইবা ৰিচেপচনিষ্ট বুলি ভবা সেই ভদ্ৰমহিলাগৰাকী প্ৰকৃততে আছিল উক্ত বেংকটোৰ বেংক প্ৰবন্ধক।হয়তো সেইয়াই আছিল সঁচা অৰ্থত বেংকৰ পৰিচালনা অৰ্থাৎ মেনেজমেন্টযি মোৰ বাবে নিশ্চিতভাৱে আছিল অপৰিচিত এক বিৰল দৃশ্য ।

মানসী বৰা ।

Sunday, May 8, 2016

০৯/০৫/২ ০১৬ ত দৈনিক জনমভূমি কাকতৰ "চিন্তনত " প্ৰকাশিত

ইতিবাচক খবৰৰ অপেক্ষাত

পুৱা হাতত বাতৰি কাকতখন তুলিলৈ চাহৰ কাপৰ লগতে যে গিলি থোৱা হয় ঘটি যোৱা ভাল-বেয়া ঘটনাৱলীৰ খবৰ।পুৱাই ভাল খবৰ পালে দিনটো ভাল লাগি থকাৰ বিপৰীতে বেয়া খবৰবোৰে গোটেই দিনটো নষ্ট কৰা যেন লাগে ।কিছুমান খবৰে আকৌ মানসিক অশান্তিৰো সৃষ্টি কৰে ,যাৰ ফলস্বৰোপে দিনটোত অফিচৰ কামতেই হওঁক নাইবা স্কুল-কলেজৰ পাঠদান কাৰ্যতেই হওঁক কোনো কোনো সময়ত মনোনিবেশ কৰাটোৱেই হয়তো বহুতৰ বাবে অসম্ভৱ হয় উঠে।সুস্থ সমাজৰ বাবে সমাজত বাস কৰা প্ৰতিজন ব্যক্তিৰে সুস্থ মানসিকতাৰ প্ৰয়োজন ।পুৱা শুই উঠি ভাল খবৰত দৃষ্টি পৰিলেহে সেই সুস্থ মানসিকতা অব্যাহত থাকিব ।আমাৰ চৌপাশৰ পৰিবেশটো সুস্থ সুন্দৰ কৈ গঢ়ি তুলিবলৈ আমি নিজেই পদক্ষেপ ল'ব লাগিব।দূৰ্ভাগ্যজনক কথা এই যে ,বৰ্তমান বাতৰি কাকতৰ পৃষ্ঠাতেই হওঁক নাইবা নিউজ চেনেল বিলাকতেই হওঁক কিছুমান নপঢ়িবলগীয়া নাইবা নেদেখুৱাবলগীয়া বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায় ।কোনজন ৰাজনৈতিক নেতা নাইবা ৰাজনৈতিক প্ৰতিনিধিৰ চৰিত্ৰ কলঙ্কিত,কাৰ কোন গৰাকীৰ নাৰীৰে অবৈধ সম্পৰ্ক বা পৰকীয়া প্ৰেম আছে আদি লঘূ বাতৰি ডাঙৰ ডাঙৰ আখৰেৰে প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰি থকাটো সঁচাই অতি নিৰৰ্থক ।বহুসময়ত এনে লঘূজনক বাতৰিয়ে জনমানসত বিৰোপ প্ৰভাৱ পেলায় ।নিউজ চেনেলবিলাকেও বাৰে বাৰে উত্তেজিত হৈ উদাত্ত কণ্ঠেৰে এনেধৰণৰ বাতৰি পৰিবেশণ কৰি নিজৰ টি.আৰ.পি বঢ়াবলৈ চেষ্টা কৰা যেনহে অনুভৱ হয় ।সঁচা অৰ্থত ক'বলৈ গ'লে ই কিন্তু সংবাদ মাধ্যমৰ গাম্ভীৰ্যহে হানি কৰে ।ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামে সংবাদ মাধ্যমৰ প্ৰথম পৃষ্ঠাটোত সদায় ইতিবাচক বাতৰি পৰিবেশণৰ বাবে আহ্বান জনাইছিল ।শেহতিয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অনাতাঁৰ যোগেদি প্ৰচাৰিত "মন কী বাতঅনুষ্ঠানটো সেই একে আহ্বান জনাইছে ।সংবাদ মাধ্যমত ৰোমান্সকৰ লঘূ বাতৰি পৰিবেশণৰ ধাৰাৰ বাবে বৰ্তমান ৰোমান্সকৰ খবৰ ন'হলে সংবাদপত্ৰ একোখনৰ খবৰ যেন খবৰেই নহয় তেনেধৰণৰ এক মানসিকতা বহুজনৰ মাজত প্ৰৱলভাৱে গঢ় লৈ উঠা দেখিবলৈ পোৱা যায় । নিশ্চিতভাৱে পাঠকৰ এইয়া একধৰণৰ আসক্তি বুলিয়েই ক'ব লাগিব ।যি কেতিয়াও শুভলক্ষণ নহয় ।এখন দেশৰ উন্নতিৰ বাবে প্ৰতিখন সমাজ সুস্থ হৈ থাকিব লাগিব।গঠনমূলক তথ‍া ইতিবাচক চিন্তা নাইবা সমালোচনাই সমাজ সংশোধন কৰে।সমাজৰ ইতিবাচক মানসিকতা গঢ় ল'ব পৰাকৈ সংবাদমাধ্যমসমূহে ইতিবাচক খবৰ প্ৰচাৰৰ বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি আশা ৰাখিলোঁ ।

মানসী বৰা