ভাৰত মাতা কি জয়"-ধ্বনিৰ সন্দৰ্ভত
আমাৰ দেশ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ ।প্ৰবাদ আছে, অতীতত ভৰত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল বাবে ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হল আৰু যিজন ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশৰ নাম ভাৰত হ'ল সেইজন ভৰতৰজা শকুন্তলা আৰু ৰজা দুষ্যন্তৰ পুত্ৰ । এতিয়া ডাঙৰ কথাটো হ'ল 'ভাৰত' নামৰ লগত মাতা লগাই 'ভাৰত মাতা কি জয় 'বুলি কৰা ধ্বনিক লৈ দেশত অপ্ৰীতিকৰ পৰিস্হিতিৰ সৃষ্টি হৈছে। শুনিবলৈ পোৱা মতে "ভাৰত মাতা কি জয়"- ধ্বনিটি ইচলাম ধৰ্মৰ বিৰোধী ।কিন্তু উক্ত ধ্বনিক বাধ্যতামূলক কৰিবলৈ চেষ্টা চলোৱাৰ বাবেই দেশত সৃষ্টি হৈছে মত বিভেদ । সৰু বুলি ভবা কথাবোৰ যে ইমান ডাঙৰ হ'বগৈ পাৰে কেতিয়াও ভবা নাছিলো ।এতিয়া প্ৰশ্ন হয়:একালৰ সহজ যেন লগা কথাবোৰ বৰ্তমান সময়ত ইমান জটিল কিয় কৰা হৈছে ? জন্মভুমিক মাতৃভূমি বুলি জ্ঞান কৰি মাতৃ ,মাতা বা আই বোলাৰ থল আছে কিয়নো ইংৰাজীটো জন্মভূমিক Motherland বুলিয়েই কোৱা হয় ।লিংগ বিভাজন কৰি তাক Fatherland বুলি কোৱা নহয়।জন্মভূমিক মাতৃভূমি বুলি জ্ঞান কৰিয়েই দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত সংগ্ৰামী সকলে দেশ উদ্ধাৰৰ বাবে নিজৰ বলিদান দিছিল ।বংকিমচন্দ্ৰৰ 'বন্দে মাতৰম' ইচলামৰ বিৰোধী বুলিও কিছুদিন পুৰ্বে সংবাদ মাধ্যমযোগে প্ৰচাৰিত হৈছিল ।অথচ একালত 'বন্দে মাতৰম' গীতেৰে দেশৰ আকাশ বতাহত দেশ প্ৰেমৰ বতাহ বোৱাইছিল। তেতিয়া ইয়াক লৈ কোনো সমালোচনা হোৱা নাছিল।নিজৰ জন্মদাত্ৰী মাতৃ বা আইৰ সমান এই পৃথিৱীত আপোন কোনো হ'ব নোৱাৰে আৰু মাতৃ বা আইগৰাকী সন্তানৰ বাবে অতি শ্ৰদ্ধাৰ তথা পূজনীয়া।এই কথাষাৰৰ গুৰুত্ব বুজিয়েই স্বাধীনতা আন্দোলনৰ সময়চোৱাত দেশখনক মাতৃ বা আই জ্ঞান কৰি এনেদৰেই দেশপ্ৰেমমূলক গীত ৰচনা কৰা হৈছিল ।অসমত জন্মভূমিক আইমাতৃ বুলি জ্যোতিপ্ৰসাদ আগৰৱালাই ,বিষ্ণুপ্ৰসাদ ৰাভা ,পাৰ্বতী প্ৰসাদ বৰুৱা আদিয়েও গীত ৰঁচিছিল । সেই সময়ত ধৰ্মৰ পৰিপন্থী বুলি হয়তো কোনো অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি হোৱা নাছিল । কিন্তু বৰ্তমান ধৰ্মক লৈ নেতাগিৰি কৰা এচাম সুবিধাবাদীয়ে সৰু-সুৰা কথাত ধৰ্মহানি হোৱাৰ ভয় দেখুৱাই তিলটোকে তালটো কৰি যেন নিজৰ ধৰ্মীয় দোকানখন চলাবলৈ বিচাৰে ।দেশত শান্তি-সম্প্ৰীতি যেন এওঁলোকৰ সহ্য নহয়।একবিংশ শতিকাৰ সভ্যতাত উপনীত হৈ আমি জীৱশ্ৰেষ্ঠ মানৱজাতিয়ে ধৰ্মক লৈ ৰাজনীতি, ভেদা-ভেদ ,মতবিৰোধ আদিবোৰ কিন্তু পৰিহাৰ কৰিবৰ হ'ল ।মতানৈক্য বিৰোধ আদিবোৰেই কিন্তু ধ্বংসৰ সূত্ৰপাত কৰে ।নিজৰ জন্মভুমিখনক নিজৰ মাতৃৰ লগত তুলনা কৰি 'মাতা' বুলি উচ্চাৰণ কৰিলে তাত দেশপ্ৰেমহে প্ৰকাশিত হ'ব ।তাকে যদি কোনোজনে কোনো ধৰ্মৰ পৰিপন্থী বুলি ভাবি গ্ৰহন কৰিব খোজা নাই তেন্তে তাক লৈ ইমান হুলস্হূল কৰাৰ প্ৰয়োজন নাই ।শেহতীয়াকৈ যোগ গুৰু ৰামদেৱে উক্ত ধ্বনিৰ সন্দৰ্ভত কৰা মন্তব্যইও সমগ্ৰ দেশতে এক বিৰোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জোৰ জবৰদস্তি কাৰোবাক ধৰ্মবিৰোধ কাম কৰিবলৈ বাধ্য কৰাটো অন্যায় । সেয়ে যি প্ৰসংগই দেশত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই প্ৰসংগ আলোচনাৰ মাজেৰে সমাধা হোৱাটো সকলোৰে বাবে মংগলজনক ।স্বাধীন দেশৰ নাগৰিক হিছাপে দেশত সুস্থ জীৱন-যাপন কৰাৰ ক্ষেত্ৰত সকলোৰে সমান অধিকাৰ আছে । "ভাৰত মাতা কি জয়" নাইবা "হিন্দুস্থান জিন্দাবাদ" এই দুই ধ্বনিয়ে একে অৰ্থই প্ৰকাশ কৰে ।দুয়োটা ধ্বনিতেই দেশপ্ৰেমৰ ভাৱ প্ৰকাশিত হয় । ধৰ্মনিৰপেক্ষ দেশ ভাৰতৰ বাসিন্দা হিছাপে আমি প্ৰত্যেকেই প্ৰত্যেকৰ ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা উচিত । পৰস্পৰে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধাশীল হ'লেহে দেশত একতাই বিৰাজ কৰিব আৰু সম্প্ৰীতি অটুত থাকিব।
মানসী বৰা ।
No comments:
Post a Comment