গৰুৱে দুখ নাপায় নেকি?
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটোক অসমীয়াই গৰু বিহু হিছাপে পালন কৰি আহিছে । গৰু কৃষকৰ সাহ ।কিয়নো ,কৃষি কৰ্ম কৰিবলৈ প্ৰয়োজন হোৱা হালখন গৰু লৈ জোৰা হয় ।সেয়ে কৃষিলৈ বুলি সাজু হোৱাৰ আগে আগে পালন কৰা ৰঙালী বিহুটিৰ প্ৰথমদিনটোক গৰু বিহু হিছাপে অসমীয়াই অতি উৎসাহেৰে পালন কৰি অাহিছে ।গৰু বিহুৰ দিনা মাহ হালধী সানি গৰুক নৈ নাইবা পুখুৰী আদি জলাশয় লৈ নি গা -ধোওৱা হয় ।বিশেষ আৰ্হিৰে বাঁহ কাটি চাঁচি তাত লাও,বেঙেনা ,হালধী,তিতাকেৰেলা ,ঠেকেৰা আদি সি দি চাত তৈয়াৰ কৰা হয় ।বাঁহৰ সেই চাতবো্ৰৰ পৰা সি থোৱা পাচলিবোৰ খুলি এটুকুৰা এটুকুৰাকৈ গা ধোৱাতে গৰুৰ গা লৈ মৰা হয় ।গৰুৰ গা লৈ সেইবোৰ মাৰোতে গোৱা হয়:লাও খা বেঙেনা খা ,বছৰে বছৰে (বহুতে দিনক দিনে বুলি ও কয়)বাঢ়ি যা ।
মাৰ সৰু ,বাপেৰ সৰু,তই হ'বি বৰ গৰু ।এইবোৰ সৰুতে বৰ আগ্ৰহেৰে চোৱা আমাৰ মনত আছে । তেতিয়া গৰুৰ লগতে আমাৰ ল'ৰা-ছোৱালীবোৰৰ গা লৈ ও ধেমালিতে এনেকৈ মাৰিছিল ।গাত লাগিলে দুখ পাইছিলো বাবে আমি তাৰ পৰা পলাইছিলো।মাখিয়তী আৰু দীঘলতী এই দুইবিধ গছৰ ডাল-পাত গৰুৰ গাত ফুৰাই দিয়া হয় ।এনে কৰিলে মাখি -মহে গৰুক নেকামোৰে বুলি ভবা হয়। গৰু গা ধোৱাতে ব্যৱহাৰ কৰা মাহ- হালধিবিলাক মানুহে গাত ঘঁহি গা-ধোলে বোলে বছৰটোলৈ ছালৰ কোনো অসুখ নহয় ।সেইদৰে অৱশিষ্ট চাতৰ পাচলিখিনিও ভাজি খালে ৰোগ প্ৰতিৰোধক ঔষধ হয় বুলি জনা যায়।সেইবোৰ আছলতে একো -একোটা জনবিশ্বাস ,যি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে ।সেইদৰে গৰু বিহুৰ দিনটোতে এশ এবিধ শাকৰ ভাজি খোৱাৰো এক নিয়ম আছে । সেইদিনা গৰুক নতুন পঘা দিয়া হয় আৰু পিঠাও খোওৱা হয় ।সন্ধ্যা গৰু গোহালিত ধান খেৰ পুৰি জাক দিয়া হয় ।এইসকলো বিলাক গৰুবিহুৰদিনা গৰুক উদ্দেশ্য কৰি অসমীয়াই অতীজৰে পৰা কৰি আহিছে ।এইখিনিতে প্ৰশ্ন হয়, পৰম্পৰা বা সংষ্কৃতি ৰক্ষাৰ নামত লাও খা বেঙেনা খা বুলি জোৰে জোৰে লাও,বেঙেনা ,ঠেকেৰা আদিৰ টুকুৰাবোৰ যে গৰুৰ গা লৈ মৰা হয় গৰুবোৰে গাত বাৰু দুখ নেপায় নেকি ? আমাৰ গা লৈ মাৰোতে আমি কিন্তু বহুত দুখ পাইছিলো। বহু দেৰীলৈকে ছাল ফৰফৰাই থাকিছিল।মানুহে তেনেকৈ মাৰিলে গৰুৰ বা মানুহৰ কি লাভ হয় ?তাৰ লগত জড়িত নিয়মৰ ভিত্তি কি ?গৰু অতি শান্ত, নিমাখিত জন্তু।ই আমাৰ মানুহৰ সদায় উপকাৰ সাধে ।গৰু হেন নিমাখিত প্ৰাণীটোক তেনেকৈ নেমাৰি টুকুৰাবোৰ গাত লাহেকৈ লগাই লগাই দিলে নিয়মত কিবা ভুল হ'ব নেকি? কিছুদিনপূ্ৰ্বে আমি নিজেও এই প্ৰশ্নৰ মুখামুখি হৈছিলো আৰু তেতিয়া আমাৰ ওচৰত কোনো উত্তৰনাছিল ।এই প্ৰশ্নটি পাঠক সমাজলৈ আগবঢ়ালোঁ। আৰু এটি সমিচীন উত্তৰ পাম বুলি আশাৰে বাট চাই ৰ'লো ।
মানসী বৰা
No comments:
Post a Comment