Friday, April 22, 2016
১৯/০৪/২০১৬ ত নিয়মীয়া বাৰ্তাত প্ৰকাশিত
বসন্তৰ পৰশত সেউজীয়া সাজ পিন্ধি প্ৰকৃতি সেউজী সুন্দৰী হয় আৰু ধুনীয়া হয় ধৰণী ।সুন্দৰতা সকলোৰে প্ৰিয়। প্ৰকৃতিৰ বুকুত সৌন্দৰ্যৰ নানা আকৰ পুঞ্জিভূত হৈ আছে ।প্ৰকৃতিৰ বুকুৰ এই সৌন্দৰ্য প্ৰকৃতিৰ একেবাৰে নিজা ; তাত আমাৰ মানুহবো্ৰৰ কিন্তু কোনো অৰিহনা নাই ।
বৰ্তমান উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ মুকলি প্ৰায়বোৰ কৃষিভূমি নোহোৱা হৈ গ'ল।কৃষিভূমিৰ ঠাই পূৰণ কৰিলে নকৈ বন্ধা মানুহৰ বাসগৃহই ।দূৰ দূৰণিলৈকে দেখা পোৱা সেউজীয়া সজাল পথাৰখন নাইবা আঘোণৰ সোণগুটিৰ সোণোৱালীবোৰ ক'ৰবাত হেৰাই থাকিল । এতিয়া সেইবোৰ মাথো স্মৃতি ।
আগতে মহানগৰলৈ যাওঁতে পাৰ হ'ব লগা যোৰাবাটৰ ৰোমান্সকৰ পথচোৱাই যথেষ্ট আকৰ্ষণ কৰিছিল ।উন্নয়ণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ বহলাবলৈ যোৰাবাটৰ পাহাৰ খান্দি-কাটি ধ্বংস কৰা হ'ল ।এতিয়া যোৰাবাটত সেই পূৰ্বৰ আকৰ্ষণ নাই ।ভাবিলে মাথো ওলাই হুমুনিয়াহ ।মহানগৰৰ বুকুৰ পৰা হেৰাই গ'ল বহু পাহাৰ ,তাৰ শাৰী পূৰালে বৃহৎ অট্টালিকাই ।উন্নয়ণৰ নামত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত কাটি-মাৰি ধ্বংস কৰা হৈছে কেইবাটাও ইতিহাসে গৰকি যোৱা বিয়াগোম আকৃতিৰ বৃক্ষৰাজি ।ইতিমধ্যে কিমান বৃক্ষৰ ধ্বংস যজ্ঞ কৰা হ'ল সেইবোৰৰ হিছাপ জানো কোনোবাই ৰাখিছে?এজোপা গছৰ বিপৰীতে দহজোপা নেলাগে ,তিনিজোপাকে হ'লেও কোনে ৰোপণ কৰিব ? গছ কটাসকলে ৰুব নে, উন্নয়ণৰ প্ৰকল্প লোৱা সকলে ৰুব সেইটো এতিয়া ডাঙৰ প্ৰশ্ন ।জগদীশ চন্দ্ৰ বসুৱে উদ্ভাৱন কৰিছিল গছৰ প্ৰাণ থাকে ,গছ জীৱ ।সেই হিছাপত উন্নয়ণৰ নামত আমাৰ উপকা্ৰ সাধি অহা গছবোৰক হত্যা কৰোতা সকল একো একোজন হত্যাকাৰী ।
পৃথিৱীৰ সুন্দৰতা তথা পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত গছবোৰৰ গুৰুত্ব অপৰিসীম ।অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকললৈ বিনম্ৰ অনুৰোধ এই যে নৱ নিৰ্মিত পথৰ কাষে কাষে আৰু পথক দুটা ভাগত বিভক্তকৰা মাজ অংশত যিমান পাৰি সিমান পৰিমানে মূল্যবান গছ ৰোপন কৰাৰ কথা চিন্তা কৰক।সচেতন মহলে এই বিষয়টো নিশ্চয়কৈ গুৰুত্ব সহকাৰে বিবেচনা কৰি উচিত পদক্ষেপ ল'ব বুলি আমি আশাবাদী ।প্ৰকৃতিৰ অৱদানেৰে সুন্দৰ হোৱা আমাৰ পৃথিৱীখনৰ কথা সকলোৱে অকণমান হ'লেও ভাবো আহক।
পৃথিৱীৰ বুকুত প্ৰকৃতিৰ এই সৌন্দৰ্যত মানুহৰ যিহেতু কোনো অৰিহনা নাই ; মানুহৰ সেইয়ে প্ৰকৃতিৰ এই সৌন্দৰ্য ধ্বংস কৰাৰ অধিকাৰো নাই ।
মানসী বৰা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment