Friday, April 22, 2016

২৩/০৪/২০১৬ ত দৈনিক জনমভুমি কাকতত প্রকাশিত

ড০ হীৰেন গোঁহাই ছাৰৰ মন্তব্যৰ সন্দৰ্ভত 

স্বনামধন্য সাহিত্যিক অতি শ্ৰদ্ধাৰ ড০ হীৰেন গোঁহাই ছাৰে কৰা মন্তব্যৰ বাবে বৰ্তমান অসমত যি উত্তপ্ত পৰিস্থিতিৰ অব্যাহত আছে ,সেই সন্দৰ্ভতে আমাৰ মনলৈ এটা চিন্তা আহিছে ।
বজাৰত ওলোৱা বিভিন্ন ব্ৰেণ্ডৰ টুথপেষ্ট,চেম্পু,চাবোন নাইবা প্ৰসাধন সামগ্ৰী আদি দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত আমি সদায় নিজৰ পচন্দক অগ্ৰাধিকাৰ দিওঁ । টুথপেষ্ট কলগেট ল'ম নে পেপচ'ডেন্ট ল'ম নাইবা এমৱেৰ গ্লিষ্টাৰ ল'ম সেইয়া নিজে নিৰ্বাচন কৰি কিনি আনো । ঐশ্বৰ্য ,প্ৰিয়ংকা নাইবা কৰিণা আদিৰ দৰে কোনোবা গ্ৰেমাৰ জগতৰ তাৰকাই বিজ্ঞাপন দিলে বুলিয়েই আমি কোনো সামগ্ৰী ক্ৰয় নকৰো ।আত্মসন্তুষ্টি বুলিতো কথা এটা আছে । চিন্তা কৰিব পৰাকৈ আমাৰ প্ৰত্যেকৰে একোটা মস্তিস্ক আছে । জীৱনত চলা ফুৰা কৰোতে যেতিয়া নিজৰ বিচাৰ বু্দ্ধি প্ৰয়োগ কৰো ঠিক সেইদৰে নিজৰ সমষ্টিটো নাইবা অঞ্চলৰ বাবে যোগ্যবান প্ৰাৰ্থী নিৰ্বাচন কৰোতে আমি নিজৰ পচন্দকে অগ্ৰাধিকাৰ দিয়া উচিত।হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিটো বিষয়লৈ অসমত বুদ্ধিজীৱিৰে সৈতে বুদ্ধিজীৱি সমাজৰ সংঘাট সৃষ্টি হৈছে ,সেই ঘটনাটো প্ৰতিদিনে সংবাদ মাধ্যমৰ চৰ্চা হৈ থকা পৰিলক্ষিত হৈছে য'ত সাধাৰণ ৰাইজও সাঙুৰ খাই পৰিছে । কোনো এজন বুদ্ধিজীৱিয়ে কোনোবা প্ৰাৰ্থী নাইবা ৰাজনৈতিক দলক ভোট দিবলৈ কৰা নাইবা নিদিবলৈ কৰা আহ্বানক আমি বিজ্ঞাপন বুলিহে গ্ৰহণ কৰা উচিত।তাক লৈ হুলস্থূল কৰাৰ কোনো প্ৰয়োজন নাই।দূৰদৰ্শণত দেখোৱা বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন চাই আমি কিবা প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰিৱৰ্তে আমোদ লোৱাৰ দৰে এইবিলাকতো আমি আমোদৰ খোৰাকহে ল'ব লাগে।যিহেতু আমাৰ অসমবাসী ৰাইজৰ নিজা বিবেচনা শক্তি আছে । পৰমুখাপেক্ষী নহৈ সদায় নিজৰ সেই বিবেচনা শক্তি প্ৰয়োগ কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটোহে যুক্তিসংগত।বৰ্তমান ব্যক্তিগত চেনেলেই হওঁক নাইবা কোনো ব্যক্তি বিশেষেই হওঁক অসমত বিনাস্বাৰ্থত কোনেও একো কাম নকৰে ।নিঃস্বাৰ্থ কোনো নাই ।নিৰপেক্ষ ভুমিকা অৱলম্বন কৰিব লগা সংবাদ মাধ্যমৰ ব্যক্তিগত চেনেল বোৰেও বহুসময়ত কোনোবা এটা দলৰ কেৱল মাথো ভাল দিশ প্ৰচাৰ কৰাৰ বিপৰীতে কোনোবাটো দলৰ হৈ অপপ্ৰচাৰ চলাই আহিছে ।সেইয়া অসমবাসী ৰাইজে নিজেও নিশ্চয় স্বচক্ষে প্ৰত্যক্ষ কৰিছে ।আজিলৈকে জানো সেইবোৰ চেনেলক অসমৰ ৰাইজে ৰাজহুৱাভাৱে গৰিহনা দিছে কোনোবা দিনা দোষ আঙুলিয়াই দেখুৱাইছে যাৰ যিদৰে যে মন গৈছে অনুষ্ঠান দেখুৱাই আছে।তেন্তে হীৰেণ গোঁহাই ছাৰৰ দৰে ব্যক্তি এজনে কৰা আহ্বানৰ বাবে ইমান হৈ চৈ কিয় ?

মানসী বৰা 


No comments:

Post a Comment