সংবাদ মাধ্যম আৰু বুদ্ধিজীৱি
অসম সমস্যাবহুল ৰাজ্য । ই এটা অপ্ৰিয় সত্য ।ব্যক্তিগত ভোগবিলাসত ব্যস্ত থকা অসমৰ এচাম লোকে গুৰুত্ব নিদিয়ে নিজৰ অঞ্চলটোৰ সমস্যা বা নিজৰ ৰাজ্যখনৰ সমস্যা ।যাৰ যি হয় হৈ থাকক, মই ভালে আছো যেতিয়া কি চিন্তা ? -এনে সংকীৰ্ণ মনোভাৱ পোষণকাৰী ব্যক্তিৰ এই খন অসমত অভাৱ নাই। যেতিয়ালৈকে অসমৰ মানুহে ৰাজ্যখনৰ সমস্যা নিজৰ ঘৰৰ সমস্যা বুলি গ্ৰহণ কৰি তাৰ সমাধানৰ চিন্তা নকৰে তেতিয়ালৈকে অসমৰ সমস্যাবোৰ সমস্যা হৈয়ে থাকিব ।এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত অসমত শক্তিশালী জনমত গঠনৰ যথেষ্ট প্ৰয়োজন আছে ।নিৰ্ভীক নিৰপেক্ষতাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহন কৰি সুস্হ জনমত গঠনত সংবাদমাধ্যমে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে । কিন্তু অসমত কিছুমান ব্যক্তিগত চেনেলক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পক্ষ লোৱা যেন অনুভৱ ।কোনোবা এটা দলৰ কেৱল ভাল দিশবোৰ প্ৰচাৰ কৰাৰ বিপৰীতে কোনোবাতো দলৰ হৈ অপপ্ৰচাৰ চলাই ।ইয়াতকৈ দূৰ্ভাগ্যজনক আৰু একো কথাই হ'ব নোৱাৰে ।সংবাদমাধ্যমে এনে সংকীৰ্ণতা দূৰ কৰিলেহে দেশত সবল গণতন্ত্ৰ সম্ভৱ ।ঠিক সেইদৰে অন্যায়ৰ বিৰোদ্ধে মাত মাতি সচেতন ৰাইজৰ আশা পূৰণ কৰে বুদ্ধিজীৱিয়ে । বুদ্ধিজীৱিসকল সমাজৰ হুতা ,ৰাইজৰ পথ প্ৰদৰ্শক তথা ৰাইজৰ আশা ভৰষাৰ থল।এক কথাত শত সহস্ৰজনৰ এটা সবল কণ্ঠ বুদ্ধিজীৱি । অসমৰ বুদ্ধিজীৱিসকলেও সম্পূৰ্ণভাৱে অসমৰ স্বাৰ্থৰ পক্ষ লৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে অসমৰ সমস্যা সমাধানত নিশ্চয়কৈ যথেষ্ট পৰিমাণে সহায়ক হ'ব ।
মানসী বৰা