Saturday, December 10, 2016

১১/১২/১৬ ত দৈনিক জনমভূমি কাকতৰ অৱকাশত প্রকাশিত

-খোৱাৰ ছবিখন

কাতিৰ কুঁৱলীফালি সোমাই আহে আঘোণ ।পথাৰৰ ধাননিডৰাই এই আঘোণতে সোণবৰণীয়া ৰূপ লৈ জেউতি চৰায় ।কৃষিৰ সৈতে জড়িত পৰিবেশটোৰ সৈতে মোৰ তেনেই চিনাকি ।শৈশৱৰ এচোৱা সময় পাৰ হৈছিল গ্রাম্যাঞ্চলত থকা মোমাইদেউৰ ঘৰত।সেয়ে পথাৰত নামি কাম কৰাৰ সুযোগ নেপালেও কঠিয়া-তোলা,ভুঁই ৰোৱা ,ধান-দোৱা আদি দৃশ্যবোৰ মোৰ চকুত সদায় একোখনি সুস্পষ্ট ধুনীয়া ছবি ।
সজাল শস্যৰ পথাৰৰ সেউজীয়া সৌন্দর্য নাইবা সোণালী ধানেৰে উপচি পৰা সোণবৰণীয়া পথাৰৰ আভাই মোক মুগ্ধ কৰে । সেই ভাল লগা,সেই ভালপোৱা অপৰিৱর্তিত । সেয়ে যুক্তৰাষ্ট্রৰ গ্রাম্যঞ্চলসমূহৰ কৃষি পথাৰবিলাকত অসমৰ গাঁৱৰ পথাৰখনত দেখা সৌন্দর্য মই বিচাৰি নেপাওঁ ।

কৃষিৰ সৈতে জড়িত বিভিন্ন পৰম্পৰাসমূহ সঁচাই অতি ভাল লগা । এবাৰ সৰুতে মোমাইদেউৰ পথাৰত বন্তি এগছি জ্বলাই গামোচাৰে মেৰিয়াই লখিমী মূৰতলৈ অনাৰ কথা মনত আছে । কিযে আনন্দ লাগিছিল সেইদিনা ।তেতিয়া বাটত কোনোবাই আকৌ হঁহোৱাবলৈ জোকাছিলও ।পিছে হঁহাটো দূৰৰে কথা গোটেই বাটটোত কথা নেপাতি মৌন হৈ আহিব লগা হৈছিল ।তেনেকৈ অনাটো বোলে নিয়ম । সেইলখিমী আনি ভঁৰালত নথৈ তেতিয়া কলগছত থোৱা হৈছিল । মাঘ বিহুৰ সংক্রান্তি দিনাহে লখিমী ভঁৰালত সোমোৱাৰ নিয়ম বুলি তেতিয়া জানিব পাৰিছিলো।
আকৌ ন-ভুঁই বুলিলে কৃষকৰ ঘৰখনত উথপথপ লাগিছিল ।মানে সেইদিনাৰ পৰা কঠিয়া ৰোৱাকাম আৰম্ভ । ৰোৱনিকে ধৰি পথাৰত কাম কৰোতাসকলক সেইদিনা ভালকৈ ভাতসাজ খুওৱা হৈছিল ।
পিছে কৃষিৰ সৈতে জড়িত ন-খোৱা পৰম্পৰাটিয়েও মোক বৰ আকর্ষণ কৰে ।আঘোণৰ সোণগুটি চপাই ন-চাউলেৰে ওচৰ-চুবুৰীয়া অঙহী-বঙহী আটাইকে মাতি আনি শাকে-মাছে এসাজ ভালকৈ খোৱাৰ পৰম্পৰা কৃষিজীৱি অসমীয়া মানুহৰ জনজীৱনত প্রচলিত হৈ আহিছে । এই পৰম্পৰাই হৈছে -খোৱা বা ন-লগুৱা ।যিহেতু প্রথম ভুঁই ৰোৱাদিনা কঠিয়ামুঠি পথাৰৰ বোকাত গুজি দিওঁতে "গুৰুক দিম,ভকতক দিম,চৰাই-চিৰিকটিক দিম বুলি কোৱাৰ নিয়ম আছে । সেয়ে প্রথমে ন-চাউলেৰে মাহচাউলৰ প্রসাদ ভগৱানলৈ আগবঢ়োৱা হয়। তাৰ পিছত ন-চাউলেৰে সকলোৱে মিলি এসাজ প্রীতিভোজ খায় ।-খোৱা বুলিলে মনত পৰে শৈশৱত ন-খোৱাৰ কথা ।মনত আছে ,মোমাইদেউহঁতৰ চুকটোৰ প্রত্যেকঘৰেই মিলি-জুলি ন খাইছিল ।মানে কাৰোবাৰ ঘৰত ন-খোৱা হ'লে বাকী কেইঘৰত চৰুৰ তলত জুই নজলাইছিল । সেইদিনবিলাকত অতি আনন্দময় পৰিবেশৰ সাক্ষী হোৱাৰ সুয়োগ লভিছিলোঁ। সেই সমিলমিল একতাৰ কথা ভাবিলে আজিও মনটো ভাল লাগি যায় ।কিযে জুতি লগা আছিল সেই ন-খোৱা ভোজৰ সোৱাদ । কিন্তু লাহে লাহে সেই পৰম্পৰাত পৰিৱর্তন আহিল । আটায়ে মিলি-জুলি উদযাপন কৰা ন-খোৱা পৰ্বটি পিছত সকলোৱে নিজৰ ঘৰখনতে সীমাবদ্ধ কৰি পেলালে ।পিছলৈ ন-খাবলৈ মতা বোলা কথাষাৰকে নুশুনা হ'লো ।
তথাপি কিয় জানো আঘোণ আহিলে আজিও ন-খোৱাৰ কথা মনত পৰে । আৰু ন-খোৱা বুলিলে মনত পৰে ফুলকবি-বিলাহী-কেঁচা মতৰৰ সৈতে ধনীয়া পাত দি ৰন্ধা মাছৰ আঞ্জাখনৰ কথা ।মনত পৰে মাছৰ মূৰেৰে বনোৱা জ্বলা দিয়া বন্ধাকবি,  আলুবেঙেনা,মূলা আদিৰে বনোৱা সেই মিহলি ভাজিকণৰ সোৱাদ নাইবা কোমোৰা দি ৰন্ধা হাঁহৰ মাংসৰে কথা । ঘৰত কতবাৰ সেই একে ব্যঞ্জন ৰান্ধি একেটা জুতি ল'বলৈ চেষ্টা কৰিছো হিচাপ নাই ,কিন্তু বাৰে বাৰে বিফল হৈছো ।মই ৰন্ধা ব্যঞ্জনবিধ নিজৰ পৰিয়ালটিৰ বাবেহে মই ৰান্ধো,আন অতিথি-ভকতক খোৱাম বুলিটো ৰন্ধা নহয় । হয়তো সেইবাবেই মই ৰন্ধা ভাতসাজত তাহানিৰ সেই  সোৱাদৰ অভাৱ ।ইয়াৰোপৰি বজাৰৰ পৰা কিনি আনি ৰন্ধা মোৰ চাউলখিনি উৎপাদন কৰিবলৈ লোৱা বেলিকা বা কোৱা হৈছিল নে নাই গুৰুক দিম,ভকতক দিম নাইবা চৰাই-চিৰিকটিক দিম !-খোৱাৰ সেই আনন্দবোৰ এতিয়া মাথো স্মৃতি ।মনৰ মণিকোঠত সোমাই থকা আৰু চল পালেই আমনি কৰা এখন ধুনীয়া ছবি ।****

মানসী বৰা ।

Thursday, December 8, 2016

০৯/১২/২০১৬ ত আমাৰ "অসম কাকতত" প্রকাশিত

চিৰ চেনেহী মোৰ ভাষা জননী

 ২০১৭ বর্ষত শতবর্ষ অনুষ্ঠান সগৌৰৱেৰে উদযাপন কৰিবলৈ লোৱা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ প্রতি অসমৰ প্রতিজন অসমীয়াৰ হৃদয়তে এক আবেগ জড়িত হৈ আছে ।কিয়নো উনবিংশ শতিকাত অসমীয়া ভাষাৰ উন্নতি সাধনৰ হকে যিসমূহ প্ৰচেষ্টা লোৱা হৈছিল ,অসম সাহিত্য সভাই হ'ল সেই প্রচেষ্টাসমূহৰ চূড়ান্ত
ফল ।সেয়ে অসম সাহিত্য সভাৰ এক ঐতিহ্য আছে ,নিজস্ব এক গৰিমা আছে ।কিন্তু আজি কিছুদিনৰ পৰা সাহিত্য সভাৰ সম্পর্কত প্রচাৰিত কিছুমান উদ্বেগজনক বাতৰিয়ে আমাৰ লগতে সমগ্র অসমবাসীকে হতাশ কৰি তুলিছে । সংবাদমাধ্যম যোগে সভাৰ সম্পাদকজন কেইবাটাও অভিযোগত অভিযুক্ত থকাৰ সম্পর্কত পঢ়িবলৈ পাই আমি মর্মাহত ।যিখন সভাত অসমীয়া সাহিত্যজগতলৈ বিপুল বৰঙনি আগবঢ়াই থৈ যোৱা পদ্মনাথ গোহাঞিবৰুৱা ,লক্ষ্মীনাথ বেজবৰুৱা,ডিম্বেশ্বৰ নেওগ,মহেশ্বৰ নেওগসত্যেন্দ্ৰনাথ শর্মা আদিৰ দৰে মহান কাণ্ডাৰীয়ে সভাপতিত্ব লৈছিল ,শৰৎচন্দ্র গোস্বামীৰ নিচিনা ব্যক্তি যিখন সভাৰ সম্পাদকৰ দায়িত্ব লৈছিল সেইখন সভাৰ বর্তমানৰ সম্পাদকজন বিতর্কৰ আৱর্তলৈ অহাটো অসমবাসীৰ বাবে চৰম দূর্ভাগ্যজনক ।সাহিত্য সভাৰ মূল বিষয়বাব লৈ থকা ব্যক্তি এজন কেইবাটাও অপৰাধত অভিযুক্ত থকাৰ বাতৰিয়ে অসম সাহিত্য সভাৰ দৰে গৌৰৱময় অনুষ্ঠানটিৰ ওপৰতে এক বিৰোপ প্রভাৱ পেলাইছে ।কোন দোষী কোন নির্দোষীআমাৰ জ্ঞাত নহয় । আইনেহে সেইয়া বিচাৰ কৰিব । সেয়ে তাৰ এক উচিত তদন্ত হোৱাটো আমি বিচাৰো ।
কিন্তু তাৰ লগতে এই কথাও স্বীকাৰ্য যে অসম সাহিত্য সভাৰ দৰে ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ সম্পাদকৰ দায়িত্বত থকা ব্যক্তিজন বিতৰ্কমুক্ত ব্যক্তি হোৱাটো বিচাৰো ।এজন বিতৰ্কিত ব্যক্তিৰ বাবে অসম সাহিত্য সভাৰ মজিয়াখন কলুষিত হোৱাটো আমি কোনোপধ্যে নিবিচাৰো । অসম সাহিত্য সভাৰ গীত তথা আদর্শবাণী চিৰ চেনেহী মোৰ ভাষা জননীকেৱল আক্ষৰিক শব্দযুক্ত বাণী নহয় ,ই হ'ল স্বনামধন্য গীতিকাৰ তথা মহান সাহিত্যিক মিত্রদেৱ মহন্তৰ হৃদয়ৰ পৰা নিগৰি ওলোৱা এক অমৃত বাণী আৰু এই বাণীয়ে নিজৰ ভাষাটিৰ প্রতি আন্তৰিকতা থকা প্রতিজন অসমীয়াৰে হৃদয় স্পর্শ কৰে ।যিহেতু অসম সাহিত্য সভাৰ বাবে একালত আমাৰ মহান সাহিত্যিকসকলে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি থৈ গৈছে। সেয়ে তেখেতসকলৰ সেই কষ্ট আৰু ত্যাগক উচিত মূল্য দিবলৈ হ'লে সভাৰ ঐতিহ্য তথা গৰিমা অটুত ৰাখিব লাগিব।অসম সাহিত্য সভাই এইক্ষেত্রত উচিত পদক্ষেপ গ্রহণ কৰিব বুলি আমি আশা ৰাখিলো । ****

Friday, December 2, 2016

০৩/১২/২০১৬ তাৰিখে দৈনিক জনমভূমি কাকতত প্রকাশিত

এখন সংবাদপত্রৰ মৃত্যু

যদিও জোনাকীৰ পাতত নতুন ধাৰাৰে অসমীয়া ভাষা-সাহিত্য বিকশিত হৈ উঠিছিলআমাৰ একালৰ নিষ্প্ৰাণ অসমীয়া ভাষাটিয়ে কিন্তু প্রাণ পাই উঠিছিল অৰুনোদইৰ পাততহে ।মুমুর্ষ অৱস্থাত থকা অসমীয়া ভাষাটি পুণৰোজ্জীৱিত কৰাৰ ক্ষেত্রত অৰুনোদইৰ যি বৰঙণি আছে তাক আমি কেতিয়াওঁ অস্বীকাৰ কৰিব নোৱাৰোঁ ।আমি অসমীয়াসকল সেই বাবে বেপ্তিচ মিচনেৰীসকলৰ ওচৰত চিৰঋণী ।অৰুনোদই-জোনাকীৰ পাছত অসমত বিভিন্ন সময়ত বিভিন্ন কাকত-আলোচনীৰ জন্ম হ'ল আৰু সময়ত সেইবিলাকৰ মৃত্যুও ঘটিল ।অসমীয়া সাহিত্যৰ বুৰঞ্জীত তাৰে কিছুমানৰ তথ্য আছে যদিও বহু কিছুমানৰ হয়তো সময়ৰ সোঁতত তথ্য হেৰাই গ'ল ।

যেতিয়া এখন সংবাদপত্রক জন্ম দিয়া হয় তেতিয়া এটি শিশুৰ দৰে তাৰ লালন পালন কৰা হয় । নিজ সন্তানৰ দৰে কোনো ত্রুটি নৰখাকৈ তাৰ যতন লোৱা হয় ।লাহে লাহে দিন যোৱাৰ লগে লগে সংবাদপত্রখনৰ লগত জড়িত পৰিয়ালটিৰো তাৰ প্রতি দায়িত্ব বাঢ়ি যায় আৰু তাৰ লগে লগে বাঢ়ি যায় আন্তৰিক দুৰ্বলতা ।
যেতিয়া সংবাদপত্ৰ এখনৰ হঠাতে মৃত্যু হয়তাৰ সৈতে জড়িত পৰিয়ালটিয়ে হৃদয়ত যিদৰে মর্মান্তিক আঘাট পায়,তাৰ পাঠকজনেও কিন্তু এবুকু বেদনা অনুভৱ কৰে ।এখন সংবাদপত্ৰৰ মৃত্যু হ'লে কেৱল সেই সংবাদপত্রখনৰে মৃত্যু নহয় এখন সংবাদপত্ৰৰ মৃত্যু হ'লে তাৰ সৈতে জড়িত বিভিন্নজনৰ সপোনৰো মৃত্যু ঘটে ।
বর্তমান সময়ত বৈদ্যুতিন মাধ্যমৰ বহুল প্রসাৰনৰ বাবে কোনো ঘটনা সংঘটিত হোৱাৰ লগে লগে দ্রুতবেগত দৃশ্য-শ্রব্য ব্যৱস্থাৰে অধিক আকর্ষণীয় ৰূপত সেই সংবাদ জনসাধাৰণে চাব পৰা হ'ল। ইন্টাৰনেটৰ জৰিয়তে চ'চিয়েল মিডিয়াৰ বহুল প্রসাৰণৰ বাবে জনসমাজত যিকোনো বার্তা সহজে প্ৰচাৰিত হ'বলৈ ল'লে । আজি আমি ঘৰৰ ভিতৰত থাকিয়েই সমগ্র পৃথিৱীৰ খবৰ নিমিষতে পাব পৰা হ'লো । সেয়ে সংবাদপত্রৰ তুলনাত এইবিলাক জনসমাজত অধিক জনপ্রিয় হৈও পৰিল,যাৰ ফলস্বৰূপে ক্রমান্বে যেন হ্রাস পাবলৈ লাগিল সংবাদপত্রৰ চাহিদা ।

এখন সংবাদপত্র জীয়াই থাকিবলৈ হ'লে তলত উল্লেখ কৰা বিষয় দুটাৰ ওপৰত গুৰুত্ব আৰূপ কৰাটো অতি প্রয়োজন:-

প্রকৃতার্থত ,এখন সংবাদপত্রৰ মূল চালিকা শক্তি হৈছে ইয়াৰ বিশ্বাসযোগ্যতা । বর্তমান সময়ত শিক্ষিত হাৰ বৃদ্ধিয়ে জনসাধাৰণৰ বৌদ্ধিক উত্তৰণ ঘটাইছে । পূর্বৰ তুলনাত আজিৰ জনসাধাৰনে সঁচা-মিছা ,ভুল -শুদ্ধ প্রায়বোৰ বিচাৰ কৰিব পৰা হ'ল । সেয়ে ,এখন সংবাদপত্র ৰাইজৰ বিশ্বাসভাজন হৈ থাকিব পাৰিলেহে সি আজিৰ দিনত টিকি থকাটো সম্ভৱ হ'ব ।

বৰ্তমান সকলোতেই প্রতিযোগিতা । এই প্ৰতিযোগিতাৰ যুগত এখন সংবাদপত্রই কেৱল তাৰ বিক্রীৰ ওপৰতে নির্ভৰ কৰি থাকিলে নহ'ব । তাৰ লগতে ডিজিটেল মিডিয়া আৰু চ'চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ কৰি এখন সংবাদপত্রই বিকল্প আয়ৰ দ্বাৰা নিজৰ স্থিতি সবল কৰাত গুৰুত্ব আৰূপ কৰিব লাগিব ।

আমি সকলোৱে জানো,সুস্থ জনমত গঠনেৰে এখন সংবাদপত্রই সমাজলৈ বৰঙণি যোগাব পাৰেসহস্ৰজনৰ সবল কণ্ঠহৈ পৰিৱর্তনৰ ঢৌ তুলিব পাৰে । সংবাদপত্র এখন বন্ধ হৈ যোৱাতো কিন্তু সৰু কথা নহয় । আমাৰ অসমীয়া ভাষাটিৰ বাবেও ই অতি পৰিতাপৰ বিষয় । যিহেতু এখন সংবাদপত্র কেৱল সংবাদ প্রৱাহৰে মাধ্যম নহয় ,ই আমাৰ ভাষা-সাহিত্য চর্চাৰো মাধ্যম ।।****

মানসী বৰা